সোঁৱৰণীৰ এখিলা: মা (অভিজিত মেধি)

সৰুকালিৰ কথা, হাজোৰ ঘৰত আমাৰ সাতজনীয়া পৰিয়ালটো ৰজন জনাই থকা দিনৰ৷ মা-দেউতাৰ উপৰি মোৰ দুজন দাদা আৰু দুজনী বাইদেউ, মই মাৰ পেটমোচা সন্তান৷ ঘৰৰ সৰু কাৰণেই দাবি ধমকি বেছি খালেও, আদৰো পাইছিলো সকলোতকৈ বেছি৷ যিবোৰ কাৰণত ডাঙৰ কেইটাই আগতে মাৰ হাতত গৰু পিটন খাই পাইছে, একে ধৰণৰ ভুলত মোক সামান্য গালি দি সামৰি থোৱা হৈছিল৷ সেইকাৰণে চাগে মোৰ এটা অঁকৰা আদৰুৱা ভেম এটা গঢ়ি উঠিছিল৷ মই খাই ভাল নোপোৱা তৰকাৰী, জিকা বা মূলাজাতীয়, ভাতৰ পাতত দেখিলে ভেম পাতি খোৱা পাতৰ পৰা উঠি যাওঁ৷ মায়ে আকৌ আলু বা কণী ভাজি মোক ভাত খুৱাই৷ কেতিয়াবা আকৌ গধূলি ৰোহ ঘৰত পৰি, মই টোপনিত লালকাল দিওঁ৷ মোৰ টোপনি ইমান গভীৰ (এতিয়াও) যে এবাৰ শুলে মোক জগোৱাৰ সাধ্য কাৰো নাই৷ পিছে মাজৰাতি ভোকত যেতিয়া সাৰ পাওঁ, দেখো ভাত সাজ বিছনাৰ কাষতে বাঢ়ি থোৱা আছে৷ চুপচাপ খাই শুই থাকো৷ মই মেট্ৰিক দিয়ালৈ মাৰ কাষত শুইছিলো৷ ঠাণ্ডাৰ দিনবোৰত বাকীবোৰক ভাল লেপকেইখন দি উঠি, দুখন পাতল কম্বল ৰৈ যায়৷ মায়ে সেইদুখন কম্বল হাতেৰে চিলাই এখন ডাঠ কম্বল কৰি লৈছিল৷ পুহ-মাঘৰ ঠাণ্ডাত, মাৰ হাতখন সাৱটি, সেই কম্বলখন লৈ মাৰা টোপনিত কিমান যে আমেজ আছিল, তাৰ বিৱৰণ দিব পৰাকৈ মই ভাষাৰ চহকী নহয়৷ গৰমৰ দিনবোৰ বৰ বেয়া পাইছিলো, তাতে আমাৰ গাওঁবোৰত গধূলি কাৰেণ্টৰ লুকাভাকু(এতিয়াও হাজোত কাৰেণ্ট প্ৰায়ে নাথাকে, কিন্তু ইনভাৰ্টাৰৰ কৃপাত অনুভৱ নহয়)৷ কাৰেণ্ট নথকা ৰাতিবোৰত, মাৰ ভাগৰতেই কিজানি, বিচনীখন চাৰি পাকমান মাৰিয়েই চকু টনাটনি কৰে৷ মই লাহেকৈ খোচ মাৰি দিলে আকৌ বিচিব লয়৷ তাহানিৰ সেই দিনবোৰত ৱাছিং মেচিন, ফ্ৰীজ, পানী উঠুৱা পাম্প ইত্যাদি ঘৰত নাছিল৷ ঘৰৰ সকলো কামৰ দায়িত্ব আছিল মাৰ৷ শিক্ষক দেউতাৰ সীমিত উপাৰ্জনত কাম কৰা মানুহ ৰখাৰ বিলাসিতা সম্ভৱ নাছিল৷ কুঁৱাৰ পানী উঠাই কাপোৰ ধোৱা, বাচন ধোৱা, ৰন্ধা বঢ়া কৰা, চোতাল-বাৰী চাফা ৰখা, ঘৰ মচা, টকা-পইচাৰ হিচাপ ৰখা ইত্যাদি সকলো কামৰ উপৰিও গধূলি ল’ৰা-ছোৱালী কেইটাক পঢ়োৱাৰ দায়িত্বও আছিল মাৰ৷ দেউতা ইংৰাজীৰ শিক্ষক, ইংৰাজীখিনি শিকোৱাৰ বাদে বাকী বিষয়কেইটাৰ গুৰুভাৰ মাৰ মূৰত৷ পাঁচোটা ল’ৰা-ছোৱালী ডাঙৰ কৰাৰ কষ্ট, আজিৰ এটা বা দুটা সন্তানৰ উৎপাতত মুখ মেলি দিয়া আধুনিক অভিভাৱকৰ সপোনৰো অগচৰ৷ কিন্তু মায়ে পাৰিছিল, মাৰ দেহত যেন দহোটা হাতীৰ বল, সকলো বোজা টানিব পাৰিছিল৷

আমি ল’ৰা-ছোৱালী কেইটা পঢ়া শুনাত একেবাৰে বেয়া নহ’লো; মেট্ৰিক পাছ কৰি এটা এটাকৈ চহৰত হোষ্টেলত থাকি পঢ়িব গুচি আহিলো৷ একেবাৰে শেষত যেতিয়া মই কলেজ পালো, ঘৰখন খালী হল৷ বাইদেউ দুজনীৰ বিয়া হ’ল, দাদা দুজন চাকৰিৰ সূত্ৰত ঘৰ এৰিব লগা হ’ল৷ ময়ো অটো কোম্পানী এটাত চাকৰি পাই অসম এৰি তামিলনাডু উঠিলো৷ ঘৰত এতিয়া মা আৰু চাকৰিৰ পৰা অৱসৰ পোৱা মোৰ দেউতা৷ মাৰ দিনটোৰ কষ্টবোৰ কমিল৷ দাদায়ে চাকৰি পোৱাৰ পিছত ঘৰত ফ্ৰীজ, ৰঙীন টিভি, ৱাছিং মেচিন আহিল, ময়ো চাকৰি পোৱাৰ পিছত ইটো সিটো বস্তু সুমুৱালো৷ কিন্তু এটা সময়ত পাঁচোটা ল’ৰা, -ছোৱালীৰ “মা“ “মা“ চিঞৰত আজৰি নোপোৱা মানুহজনীৰ এতিয়াৰ খালী খালী ভাবটো চাগে দূৰ কৰিব নোৱাৰিম৷ মাৰ ফুৰা-চকা কৰাৰ, নাতিকেইটাৰ লগত সময় কটোৱাৰ বৰ মন, কিন্তু হাজোৰ ঘৰৰ পৰা লৰচৰ হব নোখোজা দেউতাৰ কাৰণে বহু সময়ত আহিব নোৱাৰে৷ কেতিয়াবা দেউতাৰ ওপৰত খং উঠিলে ফোন কৰি কয়- “বাপেৰৰ লগত নাথাকো, এইবাৰ আহিলে মোকো লৈ যাবি৷ “মুখেৰেহে কয়, কামটো নহয়৷ কিছুদিন আগত মা আৰু দেউতা চেন্নাই আহিছিল, মোৰ পত্নীৰ প্ৰসৱৰ ঠিক আগে আগে৷ নাৰ্ছিং হোমত মোৰ ল’ৰাৰ যতন যিমান মায়ে ল’লে, তামিল নাৰ্ছকেইজনীয়ে চাগে তাৰে এক শতাংশও লোৱা নাছিল৷ কেঁচুৱা লৈ চেন্নাইৰ ঘৰত ওভতাৰ পিছত মায়ে এদিন এনেয়ে ধেমালিৰ সুৰত ক’লে- “পোণাটো মোৰ লগত হাজোলৈ লৈ যাওঁ দে, তাতে ডাঙৰ কৰিম৷“ ময়ো “হয় দে“ বুলি সামৰি থলো৷ কিন্তু মাৰ সেই ধেমালিৰ হাঁহিটোত কিমান যে শূন্যতা লুকাই আছিল, মই নুবুজাকৈ নাথাকিলো৷ কেঁচুৱাটো কোলাত লৈ কোৱা মাৰ কথাষাৰৰ আঁৰত যে আমাক হাজোৰ ঘৰত ডাঙৰ কৰা ক্ষণবোৰৰ স্মৃতি, সেইটো মায়ে খুলি নকলেও ওলাই পৰিছিল৷ মা-দেউতা তিনিমাহ থাকি হাজো গুচি গলগৈ৷ সদ্যহতে মোৰ পত্নী আৰু কেঁচুৱাও এতিয়া তাতে আছে৷ কেইটামান দিন হাঁহি ফুৰ্তিত যাব৷ কিন্তু তাৰ পিছত আকৌ সেই উৰুঙা উৰুঙা চাৰি বেৰ৷ ভালৰো ভালখিনি সকলোকে বিলাই বিলাই অৱশেষত ৰিক্ত এখন হৃদয়৷ ভাবি দুখ লাগে৷

মোৰ মাৰ কথাবোৰ ভাবি থাকোতে আৰু এজনী মাকৰ কথা মনলৈ আহিল৷ বিহাৰৰ সৰু গাঁও এখনৰ পৰা অহা মোৰ প্ৰাক্তন সহকৰ্মী এজনৰ বিধবা মাক৷ আৰ্মীত কাম কৰা দেউতাকজন মোৰ বন্ধু কেঁচুৱা থাকোতে ঢুকাল৷ সাত- আঠবছৰ আগত, তামিলনাডুৰ হচুৰ চহৰত থাকোতে লগ পাইছিলো, সময়ৰ আচোৰ পৰা মানুহজনীৰ মুখৰ সৰল ভাবটো তেতিয়াও ম্লান হৈ যোৱা নাছিল৷ মোৰ সহকৰ্মীৰ কথাই কথাই গেঙেৰি মাৰি উঠা এটা স্বভাৱ, এদিন চুপাৰমাৰ্কেটত কিবা এটা কথাত মোৰ সন্মুখতে মাকক গেঙেৰি মাৰি উঠিল৷ হাঁহিমুখীয়া হোজা মানুহজনীৰ মুখখনে কান্দো কান্দো কৰিলে৷ কথাটোত মোৰো বেয়া লাগিল যদিও লোকৰ পাৰিবাৰিক কথাত মাত নিদিলো৷ মই চাকৰি সলাই হচুৰ এৰি চেন্নাই উঠিলো, কিন্তু ইমান দিনৰ পিছতো মানুহজনীৰ কন্দনামুৱা মুখখন পাহৰিব পৰা নাই৷ যোৱা দেওবাৰে গম পালো যে একমাত্ৰ ল’ৰাৰ চাকৰিৰ কাৰণে তামিলনাডুত বাস কৰিব অহা মাকজনী ল’ৰাৰ বিয়াৰ পিছত বিহাৰলৈ গুচি গল৷ বিহাৰৰ সৰু গাঁৱৰ সেই অকলশৰীয়া মাকজনীৰ কিদৰে যায় বাৰু দিনবোৰ, একমাত্ৰ পুতেকৰ চিন্তাত তেওঁৰ জানো টোপনি আহে? মোবাইলত মেচেজ টাইপ কৰিব নজনা বুঢ়ী মাকজনীয়ে পুতেকলৈ বুলি চিঠি লিখে নেকি? এই কথাবোৰৰ উত্তৰ মোৰ ওচৰত নাই৷ মই কোনো কবি নহয়, মা নামৰ কিছু অনুভৱ শব্দৰে বন্ধাৰ সাৰ্থকতাও মোৰ নাই, তথাপি এটি কবিতাৰে সামৰিলো৷

~ বুঢ়ী আইৰ চিঠি~
মোৰ আচলৰ সোণ,
এইবেলি দেউতাৰাৰ তিথিত
যেনেতেনে ঘৰলৈ আহিবি,
মোৰ হিয়াৰ জপনা খুলি
চোতালত ক্ষন্তেক জিৰাবি৷
মই বাৰাণ্ডালৈ ঢপলিয়াই আহিম
ধপ ধপ তোৰ খোজৰ আলোড়নত এপলক জীয়াম,
চকুলোৰ বাট নেওচি তোক নয়নভৰি চাম৷
ব্যস্ত তোৰ জীৱনত
কেতিয়া জানো লিখা আছে মোৰ হাতৰ এসাঁজ!
বোৱাৰীৰ এলেহুৱা চৰুত
অৱহেলিত হৈছে নেকি তোৰ ভোকৰ যতন?
এচি-ৰ বতাহত বিচাৰি পাইছনে
বাঁহৰ বিচনীৰ মৰম?
বেবেৰিবাঙ সংশয়বোৰ জোক হৈ কলিজাত লাগিল,
সংশয়বোৰক সুৰুঙা দিবলৈ
মোৰ হাতত এতিয়া বহু সময়
এতিয়া নাই স্কুল ফীজৰ নামত
দুপইচা গোটোৱাৰ সংঘৰ্ষ,
জিৰণি পৰত বুটাম লগাবলৈ
এতিয়া নাই তোৰ পুৰণি চোলা৷
এতিয়া মাথো জৰাজীৰ্ণ ঘৰৰ উকা বেৰত
মোৰ শূন্যতাৰ প্ৰতিধ্বনি৷
মা মা বুলি কৰা দাবীবোৰৰ আশাত
বাটত চকু পাৰি ৰৈ আছো, নহাকৈ নাথাকিবি৷
– ইতি
তোৰ মা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments