সোঁৱৰণীৰ এটি-দুটি মিঠা অনুভৱ (অনামিকা বৰা)

 

দৃশ্যপট – ১

অনন্যাৰ ঘৰ এখন সৰু চহৰত। চহৰখনত এটাই মাত্র চিনেমা হল। তাইৰ মাক-দেউতাক দুয়ো চাকৰিয়াল। ব্যস্ততাৰ বাবেই হওক বা চিনেমা হলটোৰ অৱস্থাৰ বাবেই হওক তাই বা তেওঁলোকে হলত চিনেমা চাই পোৱা নাই কেতিয়াও। ঘৰতেই টিভি-ত বা চি-ডি আনি যি চায় সেয়াই। গতিকে হলৰ বিষয়ে জ্ঞান একেবাৰে শূণ্য অনন্যাৰ। পিছত মেট্রিক পৰীক্ষা সুখ্যাতিৰে পাচ কৰি তাই পঢ়িবলৈ গ’ল গুৱাহাটীলৈ। এদিন হোষ্টেলৰ বান্ধৱীকেইজনীয়ে হলত চিনেমা চাবলৈ লগ ধৰাত তাই একেকোবতে মান্তি হ’ল। কাৰণ তাই হলত চিনেমা চাই পোৱা নাই আগতে, সেয়ে বৰ মন আছিল এবাৰ গৈ চোৱাৰ। সেইমতেই যেনেতেনে বেলকনিৰ টিকট সংগ্রহ কৰি হলৰ ভিতৰত সোমাল আটিকেইজনী। সোমাই যাওঁতে অনন্যাই দেখিলে বহুত আগত বহিও মানুহে চিনেমা চাইছে। তাইৰ খুব খং উঠিল। বান্ধৱীকেইজনীৰ আগত হুলস্থুল লগাই দি ক’লে তাই, “আমি ইমান টকা দি টিকট কাটি ইমান পিছত বহিম কিয়। ব’ল আগত বহোগৈ।” লগৰ কেইজনীয়ে মনে মনে থাকিবলৈ কৈছে যদিও তাই নাথাকে মনে মনে। তাই আগত বহি ওচৰৰ পৰাই চিনেমা চাব। তেহে ভালকৈ দেখিব। উপায়ন্তৰ হৈ বান্ধৱীকেইজনীয়ে তাইক মুখত সোপা দি বাহিৰলৈ উলিয়াই আনিলে আৰু বুজালে ফার্ষ্ট ক্লাচত বহি চোৱা আৰু বেলকনিত বহি চোৱাৰ পার্থক্য। বান্ধৱীহঁতৰ বুজনিত সৈমান গৈ যেনিবা অনন্যা সোমাই গ’ল বেলকনিলৈ চিনেমা চাবলৈ। তেহে ৰক্ষা বান্ধৱীহঁতৰ।

দৃশ্যপট – ২

এটা কণমানি ল’ৰা। নাম তাৰ তুনু। আজিকালিৰ টিভি, চিডিৰ যুগৰ সৰু ল’ৰা। টিভিৰ বিভিন্ন চিৰিয়েলবোৰ আৰু অসমীয়া ভিচিডি তেজীমলা, চম্পাৱতী আদি চিত্রনাট্যবোৰ ঘৰতে উপভোগ কৰিছে সি। তেনে কিছুমান কাহিনী চাই মাহীমাক নামৰ চৰিত্রটিৰ প্রতি এটা ধাৰণা কৰি লৈছে সি মনতে। যি কি নহওক, তাৰ জন্মদিন আহি আছে। সেয়ে এদিন জন্মদিনৰ উপহাৰ তাৰ পচন্দমতেই দিবলৈ বৰদেউতাক আৰু পেহীয়েকে লগ ধৰিলে তাক বজাৰলৈ। সেইমতেই ধুনীয়াটি হৈ ওলাল সি। বজাৰত তাৰ পচন্দমতেই ইটো-সিটো কিনাৰ পিছত এইবাৰ জোতা কিনিবলৈ সোমাল সি। জোতাৰ দোকানত পেহীয়েকে মন কৰিছে তাৰেই সমবয়সীয়া যেন এটা ল’ৰালৈ বাৰে বাৰে চাই আছে সি। চকুত তাৰ অনুকম্পা সেই সৰু ল’ৰাটোৰ প্রতি। সি মাকৰ লগত আহিছে। পেহীয়েকে সুধিলে কি হ’ল। তুনুৱে একো নাই হোৱা বুলিয়েই ক’লে পেহীয়েকক। কিবা এটা ক’বলৈও যেন ভয় তাৰ। বজাৰ-সমাৰ কৰাৰ শেষত ঘৰ পালেহি তিনিওটা। ঘৰ আহি পাইহে তুনুৰ মুখ খুলিল, তাকো মাকৰ আগত। আহিয়েই সি মাকক ক’লে, “জানা মা, আজি নহয় মই মাহী মা দেখিলোঁ বজাৰত।” সকলো অবাক। কথা বা কি! তাক সুধিলত সি ক’লে যে, জোতাৰ দোকানত সৰু ল’ৰা এটাই যিবোৰ জোতা পচন্দ কৰিছে কিনিবলৈ মাকে বাৰে বাৰে মানা কৰিছে। তাক কিনিবলৈ দিয়া নাই এযোৰো জোতা। তাৰ মাহী মাক আছিল আকৌ, সেই কাৰণে দিয়া নাই ল’বলৈ, সি বিচৰা বস্তুটো। ঘৰত গৈ চাগে তাক মাৰিব মাকে। আশংকা তাৰ। দেখিলে নে বাৰু মাহী মাকৰ সংজ্ঞা! কোনোমতে হাঁহি সামৰি বুজাই দিয়া হ’ল যেনিবা তুনুক, সেই ল’ৰাটোক মাকে জোতা কেইযোৰ ল’বলৈ নিদিয়াৰ সম্ভাব্য কাৰণবোৰ। পিছে সি পতিয়ন গ’ল নে নগ’ল, বুজি পোৱা নগ’ল।

দৃশ্যপট – ৩

মৰমে স্কুলীয়া শিক্ষা শেষ কৰি নতুনকৈ কলেজলৈ গৈছে। বৰ শান্ত-শিষ্ট ল’ৰা সি। কলেজত আকৌ নবাগত আদৰণি সভা হোৱাই নাই। গতিকে এদিন সিও চকুত পৰিল স্নাতক শ্রেণীৰ বাইদেউ কেইজনীমানৰ। মাতিলে এদিন মৰমক বাইদেউ কেইজনীয়ে চিনাকি হ’বলৈ। চা-চিনাকি হৈ গ’ল। তাৰপিছত এজনী বাইদেৱে হঠাৎ সুধিলে তাক, “চাইকেল চলাব জানা?” সি ক’লে, “জানো বাইদেউ।”
আকৌ সুধিলে, “মটৰ চাইকেল চলাব?” “জানো।” সি পুনৰ ক’লে।
“ঠিক আছে। তেনেহ’লে তুমি মটৰ চাইকেল চলাই দেখুওৱা আমাক।”
“ইয়াত বাইদেউ?”
“অঁ, কিয় সৰুতে চাইকেল নোহোৱাকৈয়ে চাইকেল চলোৱা নাছিলা জানো? তেনেকৈয়ে আৰু! এতিয়া বাৰু এই বেঞ্চখনকেই লোৱা। এইখনকেই মটৰ চাইকেল বুলি ভাবি চলোৱা।”
উপায় নোহোৱা হৈ মৰমে বেঞ্চখনতে বহি মুখেৰে শব্দ কৰি মটৰ চাইকেল চলোৱাত লাগিল।
বাইদেউ এজনীয়ে বাধা দি ক’লে, “তেনেকৈ নহয় দেই। একেবাৰে আৰম্ভণীৰ পৰা। মানে তুমি মটৰ চাইকেল ষ্টার্ট কৰাই নাই দেখোন। কেনেকৈ চলিব? আৰু ৰাষ্টাও কিন্তু বৰ ভীৰ দেই……।”
মৰমে বুজি পালে বাইদেৱেনো কি ক’ব খুজিছে তাক। সেয়ে সি আৰম্ভ কৰি দিলে মুখেৰে…. “ঘেৰেক ঘেৰেক….. ঘেৰেক ঘেৰেক….. ভু…… ভু…… পিট পিট….. পিট পিট…. ভু…… ভু…… ভট ভট…… তেল শেষ হ’ল বাইদেউ……।”
“হয়নে… হ’ব দিয়া, গম পালোঁ তুমি সঁচাকৈয়ে মটৰ চাইকেল চলাব জানা। বঢ়িয়া, এতিয়া যোৱা ক্লাচ কৰাগৈ।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক