সোণটো (বিভা বড়ো)

সোণটো

বিভা বড়ো

 

বিয়াখন ঠিক হোৱাৰ পিছত দুয়োৰে মাজত প্ৰেম ভাব গঢ়ি উঠিছিলে। কইনা বি.এ পাছ কৰি দুবছৰ মান ঘৰত এনেয়ে আছে, দৰা চৰকাৰী ডাঙৰ বিষয়া। দুয়োৰে মাজত মিলা-প্ৰীতি দেখি দুয়োটা পৰিয়ালৰ লোকে বিয়াখন সোণকালে পাতি দিয়াটোৱে মংগল বুলি শীঘ্ৰে পাতি দিলে। বিয়াৰ দিনা কইনাৰ মাকে দৰাক মূৰত হাত ফুৰাই আদৰেৰে ক’লে – “বোপাই, একেজনী ছোৱালী, ডাক্তৰ -ইঞ্জিনিয়াৰ ঢেৰ আহিছিল, কিন্তু তোমাকেই বিশ্বাস কৰি ছোৱালীজনীক গোটালোঁ, ভাল দৰে ৰাখিবা”। “ডাক্তৰ-ইঞ্জিনিয়াৰ যদি আহিছিলেই মোলৈ কিয় দিলে”- মাকৰ আগত কব নোৱাৰা কথাষাৰ পত্নীক কৈ পতিয়ে মনৰ ক্ষোভ আঁতৰাইছিল।

ডাক্তৰ–ইঞ্জিনিয়াৰ এই শব্দদুটাই যে ছোৱালীজনীৰ বৈবাহিক জীৱনত ধুমুহাৰ সৃষ্টি কৰিব মাকৰ কল্পনাৰ বাহিৰত আছিল। তেওঁলোকৰ প্ৰেমৰ স্বাক্ষৰ ‘সোণটো’ তেওঁলোকৰ মাজলৈ সোণকালেই আহিল। সময় যেন দ্ৰুত গতিত আগবাঢ়ি গল আৰু বাঢ়ি গল দুয়োৰে মাজৰ মনোমালিন্য। বিয়াৰ পিছত ১৮ টা বছৰ পাৰ হৈ গ’ল কণমানিটোও বৰ এটা হ’ল, অশান্তি কিন্তু বাঢ়ি গৈয়ে থাকিল। সূত্ৰপাত যিকোনো হ’ব পাৰে, আনকি পাকঘৰৰ বেঙেনা এটাও হব পাৰে।

কাজিয়াখন এনেদৰে আৰম্ভ হয় –

পতি– “ সোণটো, এয়া লোৱা তোমালোকৰ (তেওঁলোক একেটা ঘৰতে বেলেগে থাকে। পতি তলৰ মহলাত আৰু পত্নী ওপৰ মহলাত থাকে।) সপ্তাহৰ বজাৰ। এই লিষ্টখনত মাৰাৰ চহীটো লৈ আনা, নহ’লে পিছত কব এইবোৰ বজাৰ মই দিয়া নাই”। অকণমান পিছত পত্নীয়ে ক’ব– “ সোণটো সোণটো, দৌৰি আহা চোৱাচোন এই বেঙেনাটোৰ ভিতৰত পোক। যোৱাচোন দেউতাক দেখুওৱাগৈ আৰু লগতে বেলেগ এটা বেঙেনা আনি দিবলৈ কবা”। সোণটো দোধোৰ–মোধৰত পৰে। কাক কি ক’ব লাগে থিৰাং কৰিব নোৱাৰে। মনত অনবৰতে এটা ভয়। ঘৰৰ বাতাবৰণ কেতিয়া কোন সময়ত বেয়া হৈ যায় ঠিকনা নাই।

সোণটোৰ পৰীক্ষাৰ নম্বৰ কমি আহিবলৈ ধৰিছে। পতিৰ মতে মাকৰ লগত থাকি সোণটোৰ মূৰটো বেয়া হল গতিকে তেওঁ নিৰ্দিষ্ট কৰি থোৱা সময়ত তাক পঢ়ুৱাবলৈ বহাই লয়। সোণটোৰ ওপৰত কাঢ়া নিৰ্দেশ সি পৰীক্ষাত 90% পাবই লাগিব। সোণটোৰ সেই নিৰ্দিষ্ট কৰি থোৱা সময়ৰ মাজত মাকে তাক অইন এঠাইলৈ যাবলৈ লগ ধৰে। সোণটোৰ খেলিমেলি লাগি যায়, সি কি কৰিব? দুজনৰ এজনক অসন্তুষ্ট কৰা মানেই কাজিয়া। সোণটোৰ আজি কালি কেৱল মাত্ৰ নিজৰ কোঠাটোৰ ভিতৰৰ আৱদ্ধতাখিনি ভাল লাগে। খেল, ধেমালি,  বন্ধু-বান্ধৱ, পৰিয়াল, মৰম এইবোৰ তাৰ বাবে লাহে লাহে নুবুজা সাঁথৰ হৈ পৰিছে। পত্নীয়ে খঙৰ ভমক কমাবৰ কাৰণে ৰৈ যোৱা ভাত-দাইল-তৰকাৰীবোৰ প্ৰায়ে তললৈ পেলাই দিয়ে উদ্দেশ্য উচ্ছিষ্ট বোৰৰ ছিটিকনি দেৱালত পেলাই তলৰ মহলাত থকা পতিৰ মনত অশান্তি দিয়া। ইয়াৰ উত্তৰ পতিৰ নিচেই সহজ। তেওঁ উচ্চস্বৰত সোণটোক ওপৰ মহলাৰ পৰা মাতি পঠিয়াই আৰু নিৰ্দেশ দিয়ে – “ সোণটো এইবোৰ চুৱা এতিয়াই নিজ হাতে পৰিষ্কাৰ কৰা আৰু মাৰাক কবা যিমান বাৰ তেওঁ তললৈ চুৱা পেলাব সিমান বাৰ তুমি এইবোৰ এইদৰে পৰিষ্কাৰ কৰিব লাগিব”।

সোণটোৱে নিৰৱে ঠাইডোখৰ পৰিষ্কাৰ কৰি আঁতৰি আহে। ওলাবলৈ ধৰা চকুলো ৰোধ কৰিবৰ কাৰণে গা-ধোৱা কোঠাত সোমাই দুচকুত পানী মাৰিবলৈ ধৰে। তাৰ মনলৈ এটাই ভাব আহে, তাৰ এনে কি ভুল হৈ গ’ল যাৰ কাৰণে আজি সি ইমান শাস্তি ভূগিব লগা হৈছে।

মানসিক ৰোগী আৰু অ-প্ৰাকৃতিক স্বভাৱৰ অধিকাৰী বুলি পতি– পত্নী দুয়ো ইজনে আনজনৰ বিপক্ষে পাৰিবাৰিক আদালতত গোচৰ তৰিছে আৰু গোচৰটোৰ এতিয়াও মীমাংসা হোৱা নাই। আদালতত সোণটোক লৈ চলা টনা আজোৰাখনত সোণটোৰ মনটো কিন্ত নিঃশেষ হৈ যাবলৈ ধৰিছে। জীৱনসংগীৰ ওপৰত সোণটোৰ কোনো ধাৰণা নাই। জীৱনসংগী যদি তাৰ দেউতাক– মাকৰ দৰে হয়, তেন্তে সোণটোৰ ওচৰত বিয়াৰ কোনো মূল্য নাই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments