‘সোণালী নৈ’ সোৱণশিৰিৰ পাৰে পাৰে (এটা অসমাপ্ত যাত্ৰা) – আব্দুচ চাজিদ

দিন এক ৷৷ ৩১.১০.২০১৫
জিলেলে জিলেলে…

 

কাৰেং ট্ৰেভেলছৰ এ.এছ.০১জি.চি.২৪৬৫ নং মাৰ্ক’ পল’ ষ্টাৰবাছ আলট্ৰাৰে ডিফুৰ পৰা গুৱাহাটীলৈ ওলাইছোঁ৷ আমাৰ ১০-১৭ এপ্ৰিল ২০১৫ৰ ভাৰতৰ অন্তিম পূবপ্ৰান্তমুখী যাত্ৰীবাহিনীটোৰ নাম দিছিলোঁ টীম মাৰ্ক’ পল’৷ মাৰ্ক’ পল’ আছিল ইটালীৰ ভেনিচৰ সদাগৰ, পৃথিৱীৰ প্ৰথমগৰাকী পৰ্যটক৷ এতিয়া ৰ’দ পৰি বাহনখনৰ শৰীৰত জিলিকিছে সংকৰ ধাতুৰে কটা এই দুটা শব্দ- মাৰ্ক’ পল’৷ দেখিয়েই কিবা এটা ভাল লাগি গ’ল৷ সেই সফল যাত্ৰাটোৰ পাছৰ আনন্দদায়ক উপলব্ধিটো দুনাই যেন জাগ্ৰত হৈ উঠিল আৰু অন্তৰখন উৎসাহেৰে ভৰি পৰিল৷

এইবাৰ পিছে সেইটো দল নহয়৷ ব্যৱস্থাপকো অন্যহে৷ এই ট্ৰিপটোৰ দায়িত্ববাহী আয়োজক জয়ন্তদা, মানে জয়ন্ত শৰ্মা৷ জয়ন্তদাক ‘টমাচ কুক’ বুলিম নে ‘হিপ্পি’ বুলিম এতিয়াই একো ক’ব নোৱাৰিছোঁ৷ সম্প্ৰতি গুৱাহাটী নিবাসী মানুহজনে একালত ডিফুত জনস্বাস্থ্য কাৰিকৰী বিভাগত সহকাৰী অভিযন্তা হিচাপে চাকৰি কৰিছিল যদিও তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা এই পৰ্যন্ত নাই৷ ইফালে তেওঁ গুৰিব’ঠা ধৰা এড্‌ভেন্সাৰ দলটোত টীম মাৰ্ক’ পল’ৰ কেৱল মইহে প্ৰৱেশ ঘটাইছোঁ৷ তাকো অৰূপদাৰ ইচ্ছা, মৰম আৰু মধ্যস্থতাতহে৷ নিজৰ বলত মুঠেই নহয়৷

আনহাতে গুৱাহাটীমুখী এই বাছযাত্ৰাত মোৰ সহযাত্ৰীস্বৰূপে গাত গা লাগি বহি যাবলগীয়াজনো আকৌ অৰূপদা নহয়, প্ৰদীপদাহে৷ জয়ন্তদা, অৰূপদাহঁতৰ অন্যতম বন্ধু প্ৰদীপ কুমাৰ সিংহ৷ এই প্ৰদীপদাই কেইদিনমানৰ পূৰ্বে ইনাৰ লাইন পাৰ্মিট প্ৰস্তুত কৰিবৰ বাবে মোৰ পৰা ফটো আৰু ঠিকনাৰ প্ৰামাণিক তথ্যৰ সৈতে ভ্ৰমণ প্ৰস্তুতিৰ অগ্ৰিম হিচাপে নগদ ধন ১০,০০০ চমজি লৈছিল৷ আৰু জয়ন্তদাৰ হাতত জমা দিছিলগৈ৷ পঞ্চাশোৰ্ধ, ৰেগুলাৰ জিম কৰা, শক্তিশালী পেশী আৰু সুস্থিৰ মনৰ স্ফূৰ্তিবাজ মানুহ প্ৰদীপদা৷

হাতত এডাল কাঠৰ নৱনিৰ্মিত ৱাকিং ষ্টিক লৈ গাড়ীখনৰ ভিতৰলৈ তেওঁ সোমাই আহিল৷ শ্লীপিং বেগ, শ্লীপিং মেটসহিত মস্ত আৰু মজবুত ৰাক্‌চেক্‌টো ভায়েক এজনে কঢ়িয়াই আনি ধাচ্‌কৈ আসনৰ ওপৰতে পেলালেহি৷ মোৰটোৰ দৰেই কাষৰে অন্য এটা চিটৰ তললৈ সেইটোও ঠেলি ঠেলি সুমুৱাই দিলোঁ৷ তাৰ পাছত আমি আগতেই বুক কৰি ৰখা এক-দুই নম্বৰ আসনত দুয়ো একেলগে বহি ল’লোঁ৷

দিনৰ ঠিক ১২.১৫ বজাত ড্ৰাইভাৰে ইঞ্জিন ষ্টাৰ্ট দিলে৷ বিদায় জনাবলৈ বাছষ্টেণ্ডলৈ দদায়েকৰ সৈতে ল’ৰা-ছোৱালীহাল আহিছিল৷ সিহঁতলৈ চাই দুহাত জোকাৰি দিলোঁ৷ পৰিষ্কাৰকৈ সিহঁতেও বোধ হয় নাজানে আমি ক’ত কি কৰিবলৈ ওলাইছোঁ৷ আমি নিজেও নাজানো আগন্তুক দিনত ক’ত থাকিম, কি খাম৷ সন্মুখত মাথো অনিশ্চয়তা৷ তেনেকুৱাকৈয়ে হৈ যায় প্ৰকৃতিৰ মাজলৈ প্ৰত্যেকটো দুঃসাহসিক যাত্ৰা৷ আৰু তাতেইতো আচল মজা৷ তাতেই জীৱনৰ বিৰল আনন্দ, হেৰাই যোৱাৰ আনন্দ!

বাছখনে ডিফু চহৰ এৰিলে কি নেৰিলে, এইফালে আমাৰ মাজত আৰম্ভ হৈ গ’ল সন্মুখৰ দুঃসাহসিক পদযাত্ৰাটোক লৈ মনত খুন্দ খাই থকা অলেখ জল্পনা-কল্পনাৰ আদান-প্ৰদান৷ মাঞ্জা, বকলীয়া পাৰ হ’লোঁ যদিও একেটা বিষয়কে পাগুলিয়াই পাগুলিয়াই ওৰে বাট কথা-বতৰা চলি থাকিল৷ উত্তেজনা শাম নাকাটিল কোনো মুহূৰ্ততে৷

নগাঁও টাউনত সোমাই বিয়লি ৫.০০ বজাত আমি খানাপাৰাত উপস্থিত হ’লোঁ৷ ফোনযোগে কৈ ৰখামতেই প্ৰদীপদাৰ চিনাকি অট’ৰিক্সা এখন যথাস্থানত হাজিৰ হৈ থাকিল৷ ফ্লাই অ’ভাৰৰ দাঁতিত গাড়ীৰ পৰা নমাৰ পাছতে মুন ডেকা নামৰ চালকজনে দুয়োকে কঢ়িয়াই লৈ গ’ল ছয়মাইল এলেকাৰ শিৱ মন্দিৰ পথত থকা প্ৰদীপদাৰ ভনীয়েকৰ বাসগৃহ অভিমুখে৷

ৰাক্‌চেক্‌কেইটা চ’ৰাঘৰৰ ভিতৰত থৈয়ে প্ৰদীপদাৰ কেমেৰাটোৰ বাবে প্ৰয়োজন হোৱা নতুন বেটেৰীৰ সন্ধানত দুয়ো বাহিৰ ওলাই আহিলোঁ৷ গুৱাহাটীৰ আকাশখন ফৰকাল নাছিল৷ তেনেকুৱাতে ধূলিৰ ওৰণি ঠেলি ক’ৰ পৰা জানো সৰি পৰিল সপোন যেন এজাক বৰষুণ! শীতলতা এটায়ো সন্ধিয়াটোক চুই গ’ল৷ প্ৰকৃতিৰ কি খেয়াল! এক্লেমেটাইজড্‌ হোৱাৰ সুযোগটো মহানগৰীৰ জি.এছ. ৰ’ডৰ ফুটপাথতেই যেন আৰম্ভ হৈ গ’ল আমাৰ! ইফালে ফুটপাথত চলিছে আমাৰ সাময়িক পদযাত্ৰা! অসমৰ এই সমতলৰ পৰাই উঠিমগৈ অৰুণাচলৰ পাহাৰ৷

তাকচিঙৰ ফালে বৰফ পৰে বুলি কোনোবাই কৈছিল৷ সঁচা-মিছা গম নাপাওঁ৷ নাহৰলাগুনৰ পৰা জিৰো হৈ ডাপৰিজো, ডাপৰিজোৰ পৰা তালিহা, চিয়ুম, নাচ্ছো৷ তাৰ আগলৈ লিমেকিং৷ সেইখিনি পৰ্যন্ত আপেক্ষিক অৱস্থান অংক কৰি উলিয়াব পাৰি৷ তাৰ পৰা তাকচিং কেইকিল’মিটাৰ হ’ব সদ্যহতে জনাৰ উপায় নাই৷ কাৰণ ৰাস্তাই নাই! গাণিতিক অৱস্থান অনুসৰি সীমান্তৱৰ্তী ঠাই তাকচিঙৰ অক্ষাংশ ২৮ডিগ্ৰী২৩’৫৮” আৰু দ্ৰাঘিমাংশ ৯৩ডিগ্ৰী৮৯’১৯”৷ জনসংখ্যা ৫৯২৷ ২৮৪ মুনিহ আৰু ৩০৮গৰাকী তিৰোতা৷ নাহ নামৰ অৰুণাচলৰ সবাতোকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ মানুহে অঞ্চলটোত বসতি কৰে৷ সদ্যহতে হাতত মজুত থকা তথ্যও ইমানেই৷ বাকীখিনি কল্পনা৷ কি আছে কি নাই গ’লেহে দেখিম, বুজিম, লেখিম৷

এঠাইত ৰৈ প্ৰদীপদাই গৰম গৰম চিঙৰা আৰু গজা কিনিলে৷ ঘূৰি গৈ সেইবোৰেৰেই চাহ একোকাপকৈ খোৱা হ’ল৷ ৭.০০ বজাত বগাৰঙী মহিন্দ্ৰ বলেৰ’ এখনেৰে আহি ওলাল আমাৰ অন্যতম সহযাত্ৰী অমৰ ইংহি ৷ দুদিনৰ আগৰেপৰাই তেওঁ মহানগৰীত বাহৰ পাতি আছে৷ মহানগৰীৰ অনাহূত যানজঁটৰ পৰা হাত সাৰিবলৈ অকণমান আগতীয়াকৈয়ে অমৰ, প্ৰদীপদা আৰু মই গুৱাহাটী ৰে’লৱে ষ্টেচন অভিমুখে ৰাওনা হ’লোঁ৷ জয়ন্তদাৰ সৈতে প্ৰদীপদাই ফোনেৰে যোগাযোগ ৰক্ষা কৰি থাকিল৷ বাহিৰে বাহিৰে পাণবজাৰৰ আনন্দ হোটেলত সোমাই ভাতকেইটা মোকলাই একেবাৰে আজৰি হৈ লোৱা হ’ল৷ তাৰ পাছত ষ্টেচনৰ পাৰ্কিঙত ৰ’লোঁগৈ৷

১৫৬১৭ নং উজনিমুৱা গুৱাহাটী-নাহৰলাগুন ইণ্টাৰচিটি এক্সপ্ৰেছেৰে আমি অৰুণাচল প্ৰদেশৰ নাহৰলাগুনলৈ যাত্ৰা কৰিম৷ আমি মানে আমি ১০জন৷ গুৱাহাটীৰ জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য, দীপক দাস আৰু মৃণাল শৰ্মা; ডিফুৰ অৰূপ কলিতা, প্ৰদীপ কুমাৰ সিং, অমৰ ইংহি আৰু মই; ফৰিদাবাদৰ বৰুণ শ্বেওকান্দ আৰু দেৱিন্দৰ শৰ্মা৷ শেষৰ দুজনে নতুন দিল্লীৰ পৰা বিমানযোগে পুৱাতে উৰণ আৰম্ভ কৰি আগবেলাতেই মিটিং পইণ্টত সুকলমে অৱতৰণ কৰিছেহি৷ প্ৰদীপদা আৰু ময়ো বাছেৰে আজি আহি আছোঁ ডিফুৰ পৰা৷ ইফালে দেউতাকৰ কেম’ থেৰাপীৰ কাৰণে অৰূপদা আগতীয়াকৈয়ে গুৱাহাটীত আছেহি৷ সময় হৈ অহাৰ লগে লগে এড্‌ভেন্সাৰ ট্ৰিপটোৰ এজন-দুজনকৈ আটাইবোৰকে সোঁশৰীৰে দেখা পোৱা গ’ল৷

ট্ৰেইনখন আগৰে পৰাই প্লে’টফৰ্মত ৰৈ আছিল৷ আমাৰ ক’চ নম্বৰ বি.২৷ প্লে’টফৰ্ম নম্বৰ ৩৷ টীম লীডাৰ জয়ন্তদাই ফোনযোগে প্ৰদীপদাক সেয়া জনাই দিছিল৷ ডবাত সোমাই বয়-বস্তুবোৰ থান-থিত লগালোঁ৷ জয়ন্তদা-অৰূপদাহঁতো আহি পালে৷ বিদায় সম্ভাষণ জনাবলৈ তেওঁলোকৰ বন্ধু কেইজনমানো ষ্টেচনলৈ আহিছিল৷ সকলোৰে উপস্থিতিত পৰিৱেশটো আকৰ্ষণীয় আৰু হাস্যমধুৰ হৈ উঠিল৷ তেতিয়াহে সম্বিৎ হ’ল যে আমি দলবান্ধি ক’ৰবালৈ ওলাইছোঁ৷

নিশা ৯.৩০ বজাত ৰে’লখনে গা লৰালে৷ অৰূপদা আৰু প্ৰদীপদাৰ বাদে বাকীসৱৰ সৈতে মোৰ পোনপটীয়া পৰিচয় বা বাৰ্তালাপ নাই৷ অমৰ ডিফুৰে ওচৰা-উচৰি বাসিন্দা হ’লেও ঘনিষ্ঠতা তিমান নহয়৷ আনহাতে জাৰ্মানী-পাগল পুতুলদাৰ ঘৰত ব্ৰাজিল-১৪ বিশ্বকাপৰ ধামখুমীয়াত জয়ন্তদাক দেখা পাইছিলোঁ যদিও মুখামুখি বা কথা-বতৰা কদাপি হোৱা নাই৷ ২০১২ চনত অজ্ঞাত স্থানত আলফাৰ মুখ্য সেনাধ্যক্ষক লগ ধৰিবলৈ গৈ নিজেই সংবাদ শিৰোনাম হৈ পৰা সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য দলত আছে বুলি শুনি আছোঁ, তেওঁৰ কিতাপ ‘পৰেশ বৰুৱাৰ সন্ধানত’ দুবাৰকৈ পঢ়িছোঁ যদিও ব্যক্তিগত দেখাদেখি, জনাজনি এই পৰ্যন্ত নাই৷ বাকী ৰোৱা সদস্যকেইজন আকৌ মোৰ বাবে সম্পূৰ্ণই অচিনাকি৷

দলীয় ভাবনাৰে সম্পৃক্ত সদস্যবৰ্গৰ মাজত প্ৰাৰম্ভিক চা-চিনাকিৰ উপৰি বেছ কিছুপৰ ধৰি ভাগে ভাগে ৰসাল, চিৰিয়াচ সব ধৰণৰে গপ চলিব ধৰিলে৷ ঢং ঢং শব্দ কৰি ৰে’লগাড়ীখন শৰাইঘাট দলঙৰ ওপৰেৰে পাৰ হ’ল৷ অলপ পাছতে গুৱাহাটীখন অদৃশ্য হৈ পৰিল৷ অন্য যাত্ৰীসকলৰ সুবিধা-অসুবিধালৈ মন কৰাটো সহযাত্ৰীৰ কৰ্তব্য৷ সোনকালেই আমি নিজৰ নিজৰ বাৰ্থত উঠি লাইট নুমুৱালোঁ৷

মোৰ আপাৰ বাৰ্থ৷ গাৰু-কম্বল আজুৰি লৈ চলন্ত বিছনাত মহা আৰামত বাগৰ দিলোঁ যদিও মনটোক ভাবোন্মাদেৰে উত্তেজিত কৰি ৰাখিলে নাহৰলাগুন, জিৰো, ডাপৰিজো, তালিহা, চিয়ুম, নাচ্ছো, লিমেকিং, তাকচিং, ট্ৰেকিং, টেণ্ট, শ্লীপিং বেগ, এয়াৰ পিল’, ৱাকিং ষ্টিক আদি সন্মোহনকাৰী সাংগীতিক শব্দবোৰে৷ কোনেও গম-গতি নোপোৱাকৈ ব্লেংকেটখনৰ তলতে ম’বাইলটো উলিয়ালোঁ৷ কাণ এখনত প্ৰায় লগাকৈ ৰাখি সীমান্ত শেখৰৰ ‘জিলেলে জিলেলে’টো দুবাৰমান একেৰাহে শুনি ল’লোঁ৷ ‘যাবগৈ লাগিব মই অৰুণাচললৈ…’৷ তেনেকৈয়ে থাকি থাকি কোন টলকতনো টোপনিত বুৰ গ’লোঁ ক’ব নোৱাৰোঁ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments