সোণোৱালী দিন… (চন্দন তামুলী)

যৌথ পৰিয়ালৰ মাজত ডাঙৰ হোৱা বাবে সকলোৰে সান্নিধ্য উপভোগ কৰিবলৈ পাইছিলোঁ৷ এটা কথা মনত পৰে, যেতিয়া সপোন কি বস্তু জনা নাছিলোঁ, তেতিয়া ভাবিছিলোঁ ডাঙৰ হ’লে, গাড়ীৰ কনডাক্টৰ হ’ম৷ ইয়াৰ মূল কাৰণ হ’ল, আমাৰ ঘৰৰ
পাছফালে এখন চকা নথকা গৰু গাড়ী আছিল৷ তাত আমি সকলোৱে গাড়ী গাড়ী খেলিছিলোঁ৷ মই তাত কনডাক্টৰ হৈছিলোঁ৷ সাঁচি গছৰ পাত পইচা বুলি তুলিছিলোঁ৷ সেই সময়ত আমি গাঁৱৰ ৰাষ্টাইদি গাড়ী গ’লে পাছে পাছে দৌৰিছিলোঁ৷ তেলৰ গোন্ধটো লৈ বহুত আনন্দ পাইছিলোঁ৷ গাড়ীৰ মাত দূৰত শুনিলেই ৰাষ্টালৈ ভিৰাই দৌৰ মাৰিছিলোঁ৷ অৱশ্যে মাহেকত তিনি-চাৰিখনমানহে গাড়ী গৈছিল৷ গাঁৱৰ সেই সময়ত কাৰো ঘৰত গাড়ী থকাৰ মনত নপৰে৷ অৱশ্যে আমাৰ সকলোৰে এখন গাড়ী আছিল সেইখন হ’ল ঢকুৱাৰ গাড়ী৷ এইখন খুব জনপ্ৰিয় আছিল৷ দুটা বা এটা উঠোঁ, আন এটাই টানি নিয়ে৷ বাঁহৰ গাড়ীখনৰ কথা এতিয়াও মাজে মাজে মনত পৰে৷ বাঁহৰ গাড়ী মানে, ৩/৪ ফুটমানৰ বাহঁৰ টুকুৰা এটা কাটি আগটো ফালি লৈ তাত এটা বাহঁৰ চকা লগাই দিয়া হয়৷ যেতিয়া অলপ ডাঙৰ হৈ আহিলোঁ, স্কুল যোৱাৰ কথা আহি পৰিল৷ ঘৰত উৎপাত কৰি থকাতকৈ স্কুল যোৱাই ভাল৷ স্কুললৈ যোৱাৰ দিনা বুট কল খুওৱা ব্যৱস্থা আছিল৷ বুট কল মানে- বুট আৰু চকা কল৷ এটা চেনি কল ৫/৬ টুকুৰা মানকৈ কাটি দিছিল, সেয়ে আছিল চকা কল৷ আমাৰ গৰ’খীয়া ল’ৰাৰ ভোজ বৰ জনপ্ৰিয় আছিল৷ সাধাৰণতে কাৰোবাৰ ঘৰত ছোৱালী বিয়া নোহোৱাকৈ থাকিলে গৰখীয়া ভোজ বেছিকৈ খাবলৈ পাইছিলো৷ শুনিবলৈ বেয়া বা “নাপায়” যদিও এটা কথা কওঁ, আমি মনে মনে বিয়া নোহোৱাটোকে আশা কৰিছিলো, আৰু কিছুপৰিমাণে সফলো হৈছিলো৷ যি কি নহওক এনেকুৱা সকাম মাহেকে পষেকে ২/৩ টা মান থাকেই৷ সেই সময়ত পিথো খেলা, টাং গুটি খেলা, টেঙা বল খেলা আনন্দ আছিল সুকীয়া৷
বহুদিন হ’ল পকা ধানৰ গোন্ধ পোৱা নাই, কেঁচা নৰাই ভৰি কটা নাই, চেঁছো খান্দি পোৱা নাই, লেছেৰি বুটলি পোৱা নাই, দাৱনিৰ লগত বহি ৰাবাৱ টেঙা খাই পোৱা নাই।নাই৷ কথাবোৰ মনত পৰিলে এতিয়া সপোন সপোন লাগে।

(২)

শৈশৱৰ বহু সৰু সৰু কথাই মাজে মাজে মনতো দোলা দি থাকে৷ সৰুকালত আমাৰ গাঁৱত কুঁহিয়াৰ খেতি প্ৰচুৰ পৰিমাণে আছিল৷ অৱশ্যে আমাৰ ঘৰত কুঁহিয়াৰ খেতি নাছিল৷ লেকেটা গুৰ আপুনি যদি খাইছে, তাৰ সোৱাদ সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই৷ এই কুঁহিয়াৰ পেৰা কামটো অলপ দীঘলীয়া হয়৷ কুঁহিয়াৰ কাটি, জুকিয়াই, শালত পেৰি, ৰস উলিয়াই, পগাই গুৰ ওলোৱালৈ কাৰবাৰতো অলপ অমনিদায়ক হয়৷ অৰ্থনৈতিকভাৱে ইমান লাভজনকো নহয়৷ যি কি নহওক, আমি ওচৰচুবুৰীয়াক এই কামবিলাকত সহায় কৰি দিছিলোঁ৷ আমাৰ উদ্দেশ্য আছিল লেকেটা গুৰকণ খোৱা৷ কুঁহিয়াৰ সাধাৰণতে গৰুগাড়ীৰে অনা হৈছিল৷ পথাৰৰ আলি কাটি লিক্ বনাই গৰুগাড়ী চলাই অনাৰ মজাই বেলেগ! কুঁহিয়াৰ পেৰি উলিওৱা ৰসৰ লগত বৰাচাউল সিজাই খোৱাৰ আমেজতো এতিয়াও মনত পৰে৷ ইয়াৰ লগত বেল সিজাই খাবলৈকো মজা লাগে৷ লেকেটা গুৰকণ পোৱাৰ পাছত সকলো কষ্ট সাৰ্থক হোৱা যেন অনুভৱ হয়৷
বাৰিষাকালত টোকনী পুখুৰী সিঁচি মাছকেইটা মাৰ হাতত তুলি দিয়াৰ মজাই বেলেগ৷ তুহঁগুৰি অলপ পুখুৰীত দি থৈ ২/৩ ঘণ্টামানৰ পাছত সিঁচা হয়, যাতে পথাৰৰ মাছবিলাক আহি পুখুৰীত সোমায়৷ পথাৰত আলিদিয়া, মৈত উঠা, ঘাঁহ কটা, পথাৰত জেওৰা দিয়া আদি কামবিলাক উপভোগ কৰিছিলোঁ৷
তৃতীয় শ্ৰেণী মানত পঢ়ি থকা দিনৰ পৰা বজাৰত বিভিন্ন বস্তু বিক্ৰী কৰিবলৈ লৈছিলোঁ৷ বিশেষকৈ, ঘৰৰ বাৰীত হোৱা নেমুটেঙা, ভোটজলকীয়া, কল, হাহঁৰ কণী, পাৰচৰাই, পাণ ইত্যাদি৷ দেউতাৰ কোনো চাকৰি নাছিল বাবে দেওবৰীয়া সাপ্তাহিক বজাৰখন বৰ গুৰুত্বপুৰ্ণ আছিল৷ ৰাতিপুৱা শুই উঠি হাঁহৰ গৰম হৈ থকা কণী কেইটা বুটলি অনাৰ আনন্দ সুকীয়া৷ কণীকেইটা আনি টেকেলীত অলপ তুহগুৰি দি থৈ দিওঁ৷ দেওবাৰে বজাৰলৈ লৈ যাওঁ৷ লাই শাকৰ গুটি অলপ মিঠাতেল দি মোহাৰি লওঁ আৰু কেৰাচিন তেলৰ সাঁফৰ খনত লৈ এসাঁফৰ এসাঁফৰকৈ ভাগ কৰি বিক্ৰী কৰিছিলো৷ মোক কাজিনেমুৰ বেপাৰী বুলি বহুতে চিনি পাইছিল, কিয়নো কাজিনেমু সকলোতকৈ বেছি বিক্ৰী কৰিছিলোঁ৷ ধনিয়া, লাইশাক, পালেং আদি বিক্ৰী কৰি যি পইচা পাওঁ, তাৰে ঘৰুৱা প্ৰয়োজনীয় বস্তু অনাৰ পাছত যি হাতত থাকে বেৰৰ চুঙাত বা টেমাত সাঁচি থৈছিলোঁ৷ সেই পইছা স্কুলৰ পৰীক্ষাৰ ফিজ্ বা পুজাৰ খৰচ হিচাপে ব্যৱহাৰ কৰিছিলো৷ কেতিয়াবা কেতিয়াবা নিজৰ প্ৰয়োজনীয় কাপোৰ নিজে দেওবৰীয়া বজাৰৰ পৰা কিনি লৈছিলোঁ৷ আমি কাপোৰ প্ৰয়োজন অনুসৰিহে লৈছিলো৷ পুজা বা বিহু বুলি কাপোৰ লোৱা নহৈছিল৷ পূজাৰ সময়ত বেৰৰ চুঙা কটাৰ আনন্দ আছিল সুকীয়া৷
সেই দিনবোৰ সচাঁকৈ বৰ সুন্দৰভাৱে উপভোগ কৰিছিলোঁ আৰু এনে আভিজ্ঞতাই কিছু পৰিমাণে আত্মনিভয়শীল আৰু আত্মবিশ্বাসী হবলৈ আনুপ্ৰেৰণা যোগাইছিল৷ এই সৰু সৰু আভিজ্ঞতাই জীৱনৰ গতি পথত আগবাঢ়ি যাওঁতে কিছু পৰিমাণে হলেও সহায় হয় যেন অনুভৱ হয়৷
****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments