সোণোৱালী শৈশৱৰ ৰং (শাৰদা শ্ৰেষ্ঠ)

সোণোৱালী শৈশৱৰ ৰং

শাৰদা শ্ৰেষ্ঠ

কাৰ্য্যালয়লৈ খৰখেদাকৈ আহি আছোঁ…ৰাতিপুৱাৰ খদমদম সকলোতে। কাৰো কাকো চাবলৈ সময় নাই। সকলো যেন ব্যস্ততাৰ দৌৰৰ অংশীদাৰ….ময়ো। এনেতে হঠাত্ দেখিলোঁ এটি শিশু ৰাস্তাৰ এটা চুকত থিয় হৈছে এক অদ্ভুত ভংগীত। মই তাৰ পৰা মোৰ চকুহাল আঁতৰাই আনিব খুজিও আনিব নোৱাৰিলোঁ। সি এক অদ্ভুত ধৰণে মূৰটো এবাৰ সোঁফালে ঘূৰাইছে, আৰু এবাৰ বাওঁফালে। আকৌ একোবাৰ বুকুত মূৰটো গুজিবলৈ যত্ন কৰিছে। ক্ষণিকৰ বাবে থমকি ৰ’বলৈ মই বাধ্য হ’লো। বিস্ময়ত তালৈ চাই ভাবিলো, “ই কৰি আছে কি ?” এপাকত তাৰ চকুহাললৈ চালোঁ, দেখিলো সি এফালে মন্ত্ৰমুগ্ধ হৈ চাই আছে। তাক দৃষ্টিক অনুসৰণ কৰি সি যিফালে চাই আছিল সেই ফাললৈকে ময়ো চাই পঠিয়ালোঁ। দেখিলোঁ – ৰাস্তাটোৰ সিফালে এডৰা অকণমান ঘাঁহনি। তাত এজনী নিপোটল মুগাবৰণীয়া গাই গৰু…তাই ঘাঁ খাবলৈ এৰি মূৰটো এবাৰ সোঁফালে ঘূৰাইছে,এবাৰ বাওঁফালে ঘূৰাইছে, মূৰটো উৰাই ঘূৰাই একোবাৰ নিজৰ গাটোকে চেলেকিছে,কেতিয়াবা আকৌ নিজৰ ডিঙিৰ ভিতৰলৈকে মূৰটো সোমোৱাবলৈ চেষ্টা কৰিছে। অপলক নেত্ৰেৰে চাই আছে অকণমানি শিশুটোৱে আৰু তাইৰ দৰেই যেন অভিনয় কৰিবলৈ চেষ্টা কৰি আছে। মাকে কি কামত তাক পঠিয়াইছিল তাক পাহৰি সি গাইজনীৰ সৈতে ধেমালিত মগ্ন। তাৰ আৰু গাইজনীৰ কাণ্ডকাৰখানাবোৰ ময়ো ক্ষন্তেক ৰৈ উপভোগ কৰিলো, ক্ষণিকৰ বাবে ময়ো পাহৰিলোঁ মোৰ ব্যস্ততা। শৈশৱৰ ধেমালিবোৰ সঁচাই মনোৰম….সোণোৱালী …..কি স্বৰ্গীয় আভা থাকে তাত ! মই আলফুলে তাৰ মূৰত হাত বুলাই দিলো….যেন তাৰ চুলিখিনৰ মাজত বিচাৰি চালো এবাৰ মোৰ হেৰুৱা শৈশৱ ! হঠাত্ সম্বিত ঘূৰি আহিল – ধেত্, মোৰ দেৰী হৈ গ’ল …..পুনৰ দৌৰ দিলো মই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments