সোণৰ অসম : এক সোণালী ঐতিহ্যৰ পম খেদি – জ্যোতিৰূপম দত্ত

সোণ, এক উজ্জ্বল হালধীয়া, কোমল ধাতু৷ অতীজৰে পৰা সোণ এবিধ অতি মূল্যৱান ধাতুৰূপে চিহ্নিত হৈ আহিছে৷ সোণক ৰাজকীয় ধাতু হিচাপেও গণ্য কৰা হয়৷ বিভিন্ন ৰাজকীয় মুদ্ৰা, আ-অলংকাৰ আৰু অন্য বিশেষ কাৰুকাৰ্যত ব্যৱহাৰ হোৱা এই দুষ্প্ৰাপ্য ধাতুবিধ এসময়ত অসমতো পোৱা গৈছিল৷ এসময়ত অসমৰ বিভিন্ন অঞ্চলত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্ৰাকৃতিকভাৱে উপলব্ধ সোণৰ নিষ্কাশন প্ৰক্ৰিয়া চলিছিল৷ আজিও পৃথিৱীৰ অতি কম সংখ্যক অঞ্চলতহে সোণৰ ব্যৱসায়িক উৎপাদন হয়৷ গতিকেই আমি গৌৰৱেৰে কব পাৰো যে আমাৰ জন্মভূমি এই ভুখণ্ড এসময়ত যথাৰ্থতেই ‘সোণালী অসম’ আছিল৷

বিভিন্নজনৰ বুৰঞ্জীমূলক লেখাৰ প্ৰসংগত অতীজৰ অসমৰ এই সোণালী অধ্যায়ৰ কথা পোৱা যায়৷ এগৰাকী সুযোগ্য অসম সন্তান বিৰিঞ্চি কুমাৰ বৰুৱাৰ এক গৱেষণামুলক গ্ৰন্থ ‘A Cultural History of Assam, 1951’ত বৰ্ণিত তথ্য অনুসৰি অসমৰ স্বৰ্ণযুগৰ ইতিহাস বহু প্ৰাচীন৷ ৱিলফ্ৰেড হাৰ্ভি স্ক’ফ (Wilfred Harvey Schoff, 1874–1932) নামৰ এজন প্ৰখ্যাত বুৰঞ্জীবিদে তৰ্জমা কৰা প্ৰথম শতিকাৰ গ্ৰীক গ্ৰন্থ ’পেৰিপ্লাছ অৱ দ্য এৰিথ্ৰিয়ান ছি’ৰ বৰ্ণনা অনুসৰি সেইসময়ৰ কামৰূপ বা অসমৰ ভুখণ্ডৰ পৰা নিষ্কাশিত কৰা সোণ ত্ৰিপুৰা হৈ গংগা অৱৱাহিকাৰ আশে পাশে থকা ব্যৱসায়িক কেন্দ্ৰ সমূহলৈও গৈছিল৷ পুৰণি কামৰূপৰ পালবংশীয় ৰজা জয়পালৰ সময়ৰ এখন শিলালিপি অনুসৰি প্ৰহাস নামৰ এজন নৈষ্ঠিক ব্ৰাহ্মণক ৰজাৰ নিজৰ দেহৰ ওজনৰ সমান সোণ (প্ৰায় ৯০০ স্বৰ্ণমুদ্ৰা) তথা বহু ভু-সম্পত্তি দান কৰাৰ কথা পোৱা যায়৷ ব্ৰাহ্মণজনে ৰজাৰ এই দান অৱশ্যে প্ৰত্যাখ্যান কৰিছিল৷ এয়া ১০৮৭ চন মানৰ কথা৷ ১৩শ শতাব্দীৰ এজন পাৰ্ছিয়ান ইতিহাসবিদ মিনহাজ আল-ছিৰাজ জুজজানিয়ে ৰচনা কৰা ‘তাবাকাত-ই-নাছিৰি’ত সন্নিবিষ্ট তথ্য অনুসৰি সেই সময়ৰ কামৰূপ ৰাজ্যৰ এটা মন্দিৰত সোণ আৰু ৰূপৰ বহুকেইটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছিল৷ ‘তাবাকাত-ই-নাছিৰি’ৰ বৰ্ণনা অনুসৰি এই মন্দিৰটোৰ ভিতৰত দেখা পোৱা সোণেৰে নিৰ্মিত এটা প্ৰকাণ্ড মূৰ্ত্তিৰ কথা বিশেষভাৱে উল্লেখযোগ্য৷

নৈৰ বালিৰ পৰা সোণ উলিওৱা পদ্ধতিঃ অসমৰ ভূমিৰ পৰা উৎপাদিত স্বৰ্ণৰ প্ৰথম বিৱৰণ হিচাপে অৰ্থশাস্ত্ৰত বৰ্ণিত কামৰূপৰ ‘সুৱৰ্ণকুণ্ড’ৰ কথাকেই কোৱা হয়৷ প্ৰাচীন কামৰূপ ৰাজ্যত হিমালয়ৰ পৰা বৈ অহা নৈৰ বালিৰ পৰা প্ৰচুৰ পৰিমাণে সোণ আহৰণ কৰাৰ কথা কৌটিল্যৰ অৰ্থশাস্ত্ৰতো সন্নিবিষ্ট হৈছে৷ বংগৰ চুবেদাৰ মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত মোগল বাহিনীৰ সৈতে অসমলৈ অহা চাহাবুদ্দিন তালিছ নামৰ লেখকজনে ৰচনা কৰা ‘ফাথিয়া-ই-ইব্ৰিয়া’ নামৰ গ্ৰন্থখনত আহোম ৰাজত্বৰ সেই সময়চোৱাত নৈৰ বালি ধুই সোণ কমোৱা কামত প্ৰায় দহ সহস্ৰাধিক লোক ব্যস্ত থকা বুলি উল্লেখ কৰা হৈছে৷ দৰাচলতে আহোম ৰাজত্বৰ সময়চোৱাতেই নৈৰ বালিৰ পৰা সোণ নিষ্কাশন কৰা পদ্ধতিৰ বহুলভাৱে ব্যৱহাৰ হৈছিল৷ সেই সময়ত ব্ৰহ্মপুত্ৰৰ উপৰিও দিহিং, ভৰলী, সোৱণশিৰি, ডিক্ৰং, দিচৈ, ডিবং, জাঁজি, ধনশিৰি আদি নৈৰ বালিত সোণৰ চেঁকুৰা মিহলি হৈ আছিল৷ চুতীয়াসকলৰ শাসনকালতো নৈৰ পৰা সোণ সংগ্ৰহ কৰা প্ৰথা চলিত আছিল৷ চুতীয়াসকলে আহোমৰ সৈতে হোৱা যুদ্ধত বশ্যতা স্বীকাৰ কৰাৰ পিছত চুতীয়া ৰাজ্যৰ পৰা লাভ কৰা সা-সামগ্ৰীৰ তালিকাত সোণৰ হাতীৰ মূৰ্ত্তি, মেকুৰীৰ মূৰ্ত্তি, মুকুট আদি থকা কথাই চুতীয়া সকলৰ দিনতো সোণৰ আহৰণ হৈছিল বুলি গণ্য কৰা হয়৷ কছাৰী ৰাজ্য আৰু পাহাৰৰ নগাসকলেও নৈৰ বালি ধুই সোণৰ চেঁকুৰা আহৰণ কৰা পদ্ধতিৰ বিষয়ে জানিছিল৷

আহোম ৰাজত্বৰ কালছোৱাত সোণোৱালসকলে নৈৰ বালিৰ পৰা সোণ নিষ্কাশন কৰা পদ্ধতিৰ বিষয়ে বেণুধৰ শৰ্মা ৰচিত ‘মণিৰাম দেৱান’ গ্ৰন্থখনত বিতংকৈ বৰ্ণনা কৰা আছে৷ অভিজ্ঞ সোণোৱালসকলে নৈৰ বালিচট পৰীক্ষা কৰি সোণৰ চেঁকুৰা থকাৰ উমান পালে সেই ঠাইখিনিত সোণ কমাবলৈ আৰম্ভ কৰি দিছিল৷ সোণোৱালসকলে গোট বান্ধি একেলগে নৈৰ বালি ধুই সোণ কমোৱাত ব্যস্ত হৈছিল৷ এখন কাঠৰ দুৰুণীত এগোটকৈ মানুহে বালিৰ পৰা সোণ কমোৱাত লাগিছিল৷ চাৰিজনকৈ সোণোৱাল পাইকক এক গোট বোলা হৈছিল৷ ইয়াৰ উপৰিও এজন অভিজ্ঞ লোকে সমগ্ৰ সোণ কমোৱা কামত দিহা-পৰামৰ্শৰে সহায় কৰিছিল৷ তেখেতক ওজা বোলা হৈছিল৷

বেণুধৰ শৰ্মা ৰচিত ‘মণিৰাম দেৱান’ গ্ৰন্থত বৰ্ণিত বৰ্ণনা অনুসৰি বালিৰ পৰা সোণ নিষ্কাশন কৰা পদ্ধতিটোত প্ৰথমতে বাঁহৰ জোঙা মাৰি এডালেৰে বালিত ভিতৰলৈ খুঁচি মাৰিডালৰ আগত লাগি অহা বালিখিনি পৰীক্ষা কৰা হয়৷ বালিত সোণৰ চেঁকুৰা থকাৰ উমান পালেই নৈৰ সুঁতিটোত ভেটা দিয়া হয়৷ ভেটা দি সোণৰ চেকুৰা থকা বালিখিনিৰ ওপৰেৰে পানী বাগৰিবলৈ দিয়া হয়৷ পানীয়ে ওপৰৰ তৰপ ধুই তলৰ সোণৰ চেকুৰা মিহলি হৈ থকা বালিৰ তৰপ উলিয়াই দিয়ে৷ ইয়াৰ পাছত ভেটাটো ভাঙি দি পানীখিনি আকৌ আগৰ দৰে ববলৈ ধৰে৷ এগোটত থকা চাৰিজন সোণোৱাল পাইকৰ এজনে বালি খানে, এজনে বালি ধোৱে, দুজনে লেহেতীৰে বালি কঢ়িয়াই কাঠেৰে তৈয়াৰ কৰা দুৰুণীখনলৈ আনে৷ তাৰ পাছত ফুটা কলহৰ বিন্ধাৰে লাহে লাহে পানী ঢালি বালিবোৰ ধুই থাকোতে দুৰুণীৰ তলত সোণ মিহলি বালিবোৰ জমা হয়৷ এইবাৰ দুৰুণীখনৰ এমুৰত থকা তিনি আঙুলিমান বহল ফুটা এটাৰ তলত কৌপাত এখন মেলি দি সোণৰ চেঁকুৰা মিশ্ৰিত হৈ থকা বালিখিনিৰ ওপৰত আকৌ পানী ঢলা হয়৷ এইবাৰ বালিখিনি ফুটাটোৰে ওলাই যাওতে সোণৰ চেঁকুৰাবোৰ কৌপাতখনত লাগি ধৰে৷ এনেদৰে কৌপাতত লাগি ধৰা সোণখিনি এৰুৱাই চুঙাত ভৰাই থোৱা হয়৷ এনেদৰে চুঙাত সংগ্ৰহ কৰা সোণৰ চেঁকুৰাবোৰ আকৌ এবাৰ দুৰুণীত ঢলা হয়৷ এইবাৰ দুৰুণীত থকা সোণৰ চেকুৰাখিনিৰ লগতে ৰহ (জুলীয়া ধাতু-পাৰা) মিহলাই পানী ঢালি দিয়া হয়৷ এতোলা সোণৰ বিপৰীতে এক অনা অনুপাতত ৰহ ঢলা হয়৷ পানী দিয়া মাত্ৰকে সোণখিনি লদা বান্ধিবলৈ ধৰা আৰম্ভ কৰে৷ এইবাৰ সোণৰ লদাটো তুলি আনি শামুকৰ খোলাত ভৰাই লৈ সেই খোলাটো নাহৰ গছৰ খৰিৰে জুইত পোৰা হয়৷ তাপত ৰহখিনি উৰি যায় আৰু শামুকৰ খোলাটো চুণ লৈ পৰিবৰ্তন হয়৷ ইয়াৰ পাছত জুইত পোৰা সোণখিনি পানীত পেলাই সোণৰ বিশুদ্ধতা নিৰূপণ কৰা হয়৷ পানীত ডুব গলে সোণখিনি বিশুদ্ধ বুলি জানিব পাৰি৷ ডুব নগৈ ওপঙি থকা সোণত আন পদাৰ্থ মিশ্ৰিত থকা বুলি ধৰা হয়৷ সোণৰ লদাৰ বৰণ চকচকীয়া কৰিবলৈ লোণ মিহলি পানীৰে বোকামাটি কৰি লেও দি লদাটো জুইত পুৰিলে সোণৰ চিকচিকিয়া বৰণ ওলাই পৰে৷

এই পদ্ধতিৰ উপৰিও কিছুমানে পাহাৰ-পৰ্বতৰ জুৰি-নিজৰাৰ পানীৰ ধাৰে চুই থকা কৌপাত সংগ্ৰহ কৰি, কৌপাতবোৰ জুইৰে পুৰিও সোণ উলিয়াইছিল৷ কিছুমানে পাহাৰীয়া নৈৰ কাষৰ গৰাৰ পৰা শেলাই, বন আদি খহাই লৈ, সেইবোৰ ধুইও সোণ উলিয়াইছিল৷ সোণোৱালসকলে এনেদৰে সংগ্ৰহ কৰা সোণৰ এক অংশ কৰ হিচাপে ৰাজভৰাললৈ সোধাব লগা হৈছিল৷ ইয়াৰ উপৰিও ৰাজঘৰীয়া বিষয়ববীয়াসকলকো সোণৰ ভাগ দিব লগা হৈছিল৷ আহোম ৰজাসকলৰ উদ্যোগত সোণ সংগ্ৰহৰ লক্ষ্যৰে সোণোৱালসকলক বিভিন্ন নৈৰ পাৰে পাৰে সংস্থাপন কৰা হৈছিল৷ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত বাৰৰ পৰা বিশহেজাৰ সোণোৱাল সোণ সংগ্ৰহ কাৰ্য্যত ৰত আছিল৷ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত সোণোৱালসকলৰ সংখ্যা প্ৰায় ষোল হেজাৰ আছিল৷ হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ত বৰ্ণিত এক পৰিসংখ্যামতে চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত বিশ হেজাৰৰো বেছি সোণোৱালে এই বৃত্তিৰেই জীৱন নিৰ্বাহ কৰিছিল৷ গৌৰীনাথ সিংহৰ দিনতো প্ৰায় ষোল হেজাৰ সোণোৱালে ৰজাঘৰলৈ সোণৰ যোগান ধৰিছিল৷ জয়ধ্বজ সিংহৰ ৰাজত্বকালত সোণোৱালসকলে ৰজাঘৰলৈ এবছৰত যোগান ধৰা সোণৰ পৰিমাণ আছিল প্ৰায় পাঁচ হেজাৰ তোলা৷ ৰাজেশ্বৰ সিংহৰ দিনত এই পৰিমাণ বছৰি প্ৰায় ছয়ৰ পৰা সাত হেজাৰ তোলা হৈছিলগৈ৷ পিছলৈ নানা কাৰণত এই পৰিমাণ কমি আহি গৌৰীনাথ সিংহৰ ৰাজত্বৰ সময়ত বছৰি চাৰিহেজাৰ তোলা হৈছিল৷

সোণৰ অলংকাৰ সমূহঃ অতীজৰে পৰাই অসমত সোণৰ অলংকাৰৰ বহুল ব্যৱহাৰ আছিল৷ সূক্ষ্ম কাৰুকাৰ্য্য কৰা সোণৰ অলংকাৰৰ প্ৰাচীন বিৱৰণ হিচাপে কামৰূপৰ অধিপতি ভাস্কৰবৰ্মাই কনৌজৰ নৃপতি হৰ্ষবৰ্ধনলৈ পঠিওৱা উপহাৰসমূহৰ কথাকেই কব পাৰি৷ ৰজা হৰ্ষবৰ্ধনৰ ৰাজসভাৰ এজন প্ৰখ্যাত সভাসদ বানভট্টই ৰচনা কৰা হৰ্ষচৰিত্ৰত উল্লেখ থকা ‘অভোগছত্ৰ’ নামৰ এটা বিশেষ ছাটিৰ বিৱৰণ পোৱা যায়৷ উৎকৃষ্ট শুকুলা পাটৰ কাপোৰেৰে সেই সময়ৰ কামৰূপ ৰাজ্যৰ শিল্পীয়ে বিশেষভাৱে তৈয়াৰ নানা এই ছাটিটো বিভিন্ন মণি, মুক্তা, বাখৰেৰে সুসজ্জিত আছিল৷ ইয়াৰ উপৰিও সপ্তম শতিকাৰ আশে পাশে অসমত প্ৰণয়ন হোৱা কালিকাপুৰাণত গলপতা, বাজু, হেমহাৰ, কুণ্ডল, কিংকিনী, কিৰীটি আদি প্ৰায় চল্লিছবিধ বিভিন্ন অলংকাৰৰ বৰ্ণনা পোৱা যায়৷

পাছৰ সময়ত আহোম ৰাজপৰিয়াল তথা বিষয়াসকলে পৰিধান কৰা আ-অলংকাৰৰ বিশদ বিৱৰণ বিভিন্ন বুৰঞ্জী আদিত পোৱা যায়৷ আহোম ৰাজত্বৰ কালছোৱাত পুৰুষ-মহিলা উভয়েই বিভিন্ন অলংকাৰ পৰিধান কৰিছিল৷ হলিৰাম ঢেকিয়াল ফুকন ৰচিত ’আসাম বুৰঞ্জি’ত আহোম ৰাজত্বৰ কালচোৱাত অসমৰ লোকসকলে পৰিধান কৰা বিভিন্ন অলংকাৰৰ বিষয়ে উল্লেখ কৰা হৈছিল৷ এই তালিকাখন উল্লিখিত অলংকাৰসমূহ হ’ল – বাখৰাম আঙঠি, বাখৰপতা খাৰু, পটিয়া খাৰু, গেজেৰা খাৰু, মৰাগুটীয়া মণি, সোণ-পোৱাল মণি, বিৰি, জোনবিৰি, বাখৰাম বিৰি, গলপতা, চন্দ্ৰহাৰ, থুৰিয়া, কৰিয়া, কেৰু, অন্তি, লোকাপাৰ, মকৰকুণ্ডল, মাদলি, কটীসূত্ৰ, গামখাৰু, পেচান্দাৰ, বাজু৷

আহোম ৰজাসকলে পৰিধান কৰা কিছু অলংকাৰৰ নাম – কৰ্ণভুষা, কৰ্ণবালা, মকৰকুণ্ডল, হংসকুণ্ডল, লোকাপাৰ, বাজু, আঙুঠি, মতাখাৰু, কংকন, শিৰপেছ, কল্কি, কিৰীটি, মুকুট, নেপূৰ, গেজেৰা, চন্দ্ৰহাৰ, উজণ্টি বাকৰুৱা নৱৰত্ন, গামখাৰু, বাখৰুৱা বালা, উকা বালা আদি৷

আহোম ৰাজত্বৰ কালচোৱাৰ সম্ভ্ৰান্ত মহিলাসকলে পৰিধান কৰা কিছুসংখ্যক অলংকাৰ হ’ল

আঙুঠিঃ চিৰিপতা, শেনেপতা, জেঠীনেজীয়া, পাৰচকুৱা, মৰা নেজীয়া, পদুমকলি, বাবৰিবছা, মাছবাকলীয়া, হীৰাপতা আদি৷

খাৰুঃ বাখৰুৱা খাৰু, উকা খাৰু, মুঠিখাৰু, গামখাৰু, সঁচৰুৱা খাৰু, পটীয়া খাৰু, মগৰমুৰী খাৰু, গোটা খাৰু, কঙ্কণ, বাখৰুৱা ডলীয়া খাৰু, মিনা কৰা ডলীয়া খাৰু আদি৷

কাণৰ অলংকাৰঃ নেজেপতা জাংফাই, উকা জাংফাই, বাখৰুৱা সোণৰ থুৰীয়া, বাখৰুৱা ৰূপৰ থুৰীয়া, বৰৈগলা কেৰু, বৰৈগলা দীঘল কেৰু, কাণফুল, কৰ্ণবালা আদি৷

ডিঙিৰ অলংকাৰঃ জোনবিৰি, ঢোলবিৰি, ঢৰীয়াবিৰি, শিলিখাবিৰি, পাৰচকুৱা বিৰি, গেজেৰা, বেনা, ডুগডুগী, সাতসৰী, থোপামণি, চিপাতমণি, গলপতা, ফুটিমণি, চন্দ্ৰহাৰ আদি৷

ইয়াৰ উপৰিও সম্ভ্ৰান্ত মহিলাসকলে নাকত নাকফুলি, নাকফুটি, বাহুত বাজু, ভৰিত নেপূৰ, কঁকালত কৰধ্বনি, কঁকালী, ঘাগৰ, শিৰত শিৰপতা, কপালত কপালী, খোপাত সোণ-ৰূপৰ ফুল আদি পিন্ধিছিল৷

বৃটিছ বিষয়া F.C. Henniker ৰচিত ১৯০৫ চনত প্ৰকাশ হোৱা The Gold and Silver wares of Assam নামৰ এক গৱেষণামুলক গ্ৰন্থত অসমৰ অলংকাৰ সমূহৰ বিষয়ে বিশদভাৱে আলোকপাত কৰা হৈছে৷ এই গ্ৰন্থখনত সেই সময়ৰ কাছাৰ, চিলেট, গোৱালপাৰা, কামৰূপ, শিৱসাগৰ, লখিমপুৰ, মণিপুৰ আৰু খাছী-জয়ন্তীয়া পাহাৰৰ বাসিন্দাসকলৰ মাজত প্ৰচলিত অলংকাৰসমূহৰ বিস্তাৰিত বিৱৰণ প্ৰকাশ কৰা হৈছিল৷ গ্ৰন্থখনত বৰ্ণিত তথ্য অনুসৰি ১৯০১ চনৰ পিয়লমতে বৃহত্তৰ অসমৰ এই অঞ্চলসমূহত সোণ আৰু ৰূপৰ অলংকাৰ প্ৰস্তুত কৰা শিল্পৰ সৈতে জড়িত থকা লোকৰ সংখ্যা হ’ল – ১৪, ৯৫৬ জন৷

অসমীয়া অলংকাৰ প্ৰস্তুত কৰা কেন্দ্ৰ হিচাপে যোৰহাট অঞ্চলৰ শিল্লীসকল প্ৰসিদ্ধ আছিল৷ বিশেষকৈ সোণৰ মিনা কৰা অলংকাৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যোৰহাটৰ শিল্পীসকলৰ অতি নিপুণ আছিল৷ উল্লেখযোগ্য যে যোৰহাট সেই সময়ৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল৷ ইয়াৰ উপৰিও নামনি অসমৰ বৰপেটা অঞ্চলৰ স্বৰ্ণশিল্পীসকলো উত্তম বিধৰ স্বৰ্ণালংকাৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰসিদ্ধ আছিল৷ অসমীয়া স্বৰ্ণশিল্পৰ চমকপ্ৰদ উত্থানৰ মুলতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰো বহু অৱদান আছে৷ স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত সুদূৰ ৰাজস্থানৰ পৰা কিছুসংখ্যক স্বৰ্ণশিল্পী অসমলৈ অনা হৈছিল৷ একেদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতো বেনাৰসৰ পৰা কেইঘৰমান স্বৰ্ণশিল্পী অসমলৈ আনি মাটি-বাৰী দি ইয়াতেই নিগাজীকৈ বাস কৰাৰ সুবিধা কৰি দিয়া হৈছিল৷ কালক্ৰমত এইসকল স্বৰ্ণশিল্পীৰ হাতৰ পৰশত এই শিল্পটোৱে জীপাল হৈ উঠি দেশী-বিদেশী লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লৈছিল৷

এসময়ত অসমৰ মাটিৰ পৰাই সোণোৱালসকলে সোণৰ কণিকা বুটলি আনি ৰাঁজভৰাল চহকী কৰা পদ্ধতিবোৰ কালৰ সোঁতত হেৰাই গ’ল৷ পিছে অসমীয়া শিল্পীসকলে নিজ হাতেৰে গঢ়া বিভিন্ন আটকধুনীয়া অলংকাৰৰ চাহিদা এতিয়াও আছে৷ অসমীয়া শৈলীৰ সোণ-ৰূপৰ মিনা কৰা, বাখৰ খটোৱা অনুপম কাৰুকাৰ্য্যখচিত অলংকাৰে এতিয়াও বহুতকে আকৃষ্ট কৰে৷ ■■

 

প্ৰসংগ পঞ্জী:
১৷ ’আসাম বুৰঞ্জি’, হলিৰাম ঢেকিয়াল ফুকন, প্ৰকাশ–১৮২৯ খ্ৰীষ্টাব্দ, পৃষ্ঠা-১১৪
২৷ A Cultural History of Assam, প্ৰকাশ-১৯৫১, বিৰিঞ্চি কুমাৰ বৰুৱা, পৃষ্ঠা-৯৫
৩৷ ‘মণিৰাম দেৱান’, বেণুধৰ শৰ্মা, পৃষ্ঠা – ২৯৭
৪৷ আহোমসকলৰ পুৰণি সাজপাৰ আৰু অলংকাৰ, চিন্ময়ী বুঢ়াগোঁহাঞি, বুৰঞ্জীয়ে পৰশা ৰংপুৰ-ৰংপুৰ তিনিশ বছৰ উদযাপন স্মৃতিগ্ৰন্থ, প্ৰকাশ-১৯৯৯, পৃষ্ঠা-২০৭৷
৫৷ The Gold and Silver wares of Assam, F.C. Henniker, প্ৰকাশ-১৯০৫, পৃষ্ঠা-২
৬৷ ‘আহোমৰ দিন’, হিতেশ্বৰ বৰবৰুৱা

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক