সোণৰ খাৰু নালাগে মোক! (উৎপলা কৌৰ)

ৰাতিপুৱাৰ পৰা পেটটো বেয়া আৰতিৰ। কালি দুপৰীয়া খোৱাখিনিয়েই হজম হোৱা নাই। উগাৰি আছে। তাকো পঁচা পঁচা! আচলতে গোটেই ৰাতি টোপনি নাহিল তাইৰ। সেইকাৰণে আগদিনা দুপৰীয়া খোৱা ভাতকেইটাও হজম হোৱা নাই! কথাটো ভাবিলেই পেটতে হাত ভৰি লুকায় তাইৰ। কাণ দুখন গৰম হৈ আহে। নিজৰ কলিজাৰ ঢপঢপনি নিজেই শুনা পায়! নাভাবোঁ বুলিও ভাবি ভাবি তাই মন্দিৰা বৰমাৰ ঘৰলৈ বুলি বাট বুলিলে। বৰমাই বদহজম হ’লে ক’লা নিমখেৰে আদা জাৰি দিয়ে। তেওঁ জাৰি দিয়া আদা খালে আধাঘণ্টাতে বদহজম ভাল হৈ যায়।

বৰমাই নিজেই দৰ্জাখন খুলি দিলে কলিংবেলৰ শব্দত। তাইক শোৱনি কোঠাতে বহিবলৈ লৈ গ’ল আৰু নিজে চিলাই মেচিনটোত বহিল…আগৰ পৰাই কিবা চিলাই আছিল হ’বলা! ইটো সিটো কথা পাতিলে দুয়ো। বৰমাহঁত গাঁওখনৰ সন্মানীয় মানুহখিনিৰ মাজৰ এঘৰ। আৰ্থিকভাবে সচ্ছল। আচলতে ক’লা নিমখ অকল তেওঁলোকৰ ঘৰতে থাকে কাৰণে সকলোৱে প্ৰথমে তেওঁ জাৰি দিয়া আদা খাবলৈ ঢাপলি মেলে। বৰমাৰ শাহুৱেক হিৰণ আইতাই জৰা-ফুঁকা কৰি মানুহক ঘৰুৱা দৰৱ দিছিল। পেটৰ বিষৰ, বদহজমৰ, মাহেকীয়া নিয়মীয়া হোৱাৰ… হঠাৎ মেচিনৰ চকাটো সোঁহাতেৰে ধৰি ৰখাই বৰমা উঠিল আৰু তাইক ক’লে “বল! পাকঘৰলৈ যাওঁ।” তাই বৰমাৰ পাছে পাছে পাকঘৰলৈ আগবাঢ়িল। যাওঁতে দুৱাৰৰ ওচৰতে থকা টেবুলখনৰ ওপৰত চচমা এযোৰেৰে হেঁচা দি থোৱা পঞ্চাশ টকীয়া নোটখন সাউৎকৈ বুকুৰ মাজত ভৰাই ল’লে। আচলতে সেইখনত তেতিয়াৰ পৰা চকু পৰি আছিল তাইৰ! এইবোৰ কামত তাই সৰুৰে পৰা পাকৈত। কেতিয়াও ধৰাও পৰা নাই। কিন্তু এইবাৰহে……কথাষাৰ মনত পৰাত বুকুত প্ৰকাণ্ড কাঁহৰ ঘণ্টা এটা ঢংকৈ বাজি উঠিল… ঘণ্টাটোৰ কঁপনি বহু দেৰিলৈ হাত-ভৰিকেইটাত অনুভূত হৈ থাকিল তাইৰ।

আদাৰ টুকুৰাটো মিহি মিহিকৈ কাটি থাকোঁতে বৰমাই কৈ আছিল, “এই জৰা-ফুঁকাবিলাক একো নহয় আচলতে বুইছ। ক’লা নিমখৰ লগত আদা নিজে কাটি খালেও তহঁতে পেটটো ভাল পাবি।”
কথাবোৰ ভালকৈ তাইৰ কাণত নোসোমালেই।
………………
আদা চোবাই চোবাই তাই চম্পাহঁতৰ গেট খুলি সোমাই গ’ল। বাৰান্দাতে মিনতি বৰমা আৰু চম্পা বহি আছিল। তায়ো গৈ চম্পাৰ কাষতে …..
“ইমান বেয়া লাগে অ’ তোৰ কাণফুলি আৰু খাৰুযোৰৰ কথা ভাবিলে চম্পা। যিয়ে চুৰ কৰিছে নহয়, ভগবানে দিব তাক! তোৰ ইমান কষ্টৰ বস্তু চুৰ কৰা, মহাপাপে চুব। কালি গধুলি আমাৰ বাবুৰ বাপেকে গাড়ীলৈ যাওঁতে এজেগাত চোৱাইছে… বোলে ভালকৈ বিচাৰিলে ঘৰতে পাবি হেৰুৱা বস্তু!”
“মই জানোৱেই কোনে ………” চম্পাৰ কথা আধাতে শেষ কৰিবলৈ বাধ্য কৰি বৰমাই টান মাতেৰে ক’লে, “যা চাহ দুকাপ কৰগৈ।”
চাহ নাখাওঁ বুলি লাহে লাহে উঠিল তাই…
…বৰমাৰ বোৱাৰী অংগনবাদী স্কুলৰ মাষ্টৰণী। চন্দনদাৰ পত্নী। ঘৰতে স্কুলখন চলাই আছে। তাই সহায়িকা। মিনতি বৰমা তাইৰ সম্পৰ্কীয়। কালি চুপাৰভাইজাৰ বাইদেও আহিছিল। বাইদেও আহিলেই খানা হয়। কালি মাংসভাতৰ লগত তাৰ আগৰবাৰৰ খানাৰ কুকৰ্ম লগ লাগি তাইৰ বদহজম হৈছে…ৰাতিৰ টোপনি হৰিছে…একমাত্ৰ ল’ৰাটোৰ কথা-বতৰা বোজা যেন লগা হৈছে!

চম্পা ইয়াত থকা কেইবাবছৰো হ’ল। গাভৰু ছোৱালী। নিজৰ বিয়ালৈ বুলি দুই-এপদ সোণৰ গহনা গঢ়াইছে তাই নিজৰ দৰমহাৰ পইচা গোটাই… পিন্ধি পিন্ধি সিহঁতক দেখুৱায়! আৰতিৰ মনটো দেই যায় বেলেগৰ কামকৰা ছোৱালীয়ে সোণৰ গহনা পিন্ধা দেখিলে। তাইকো বিয়াত শকত নেকলেচ দিছিল ঘৰৰ পৰা। মাকৰ পুৰণা সোণ! এতিয়া নাই। বেচি দিলে ৰাজুৱে।

সৰুতে মাতৃহাৰা হোৱা আৰতি ককাক আইতাকৰ লগত ডাঙৰ হৈছিল। মাক নোহোৱা ছোৱালী বুলি সকলো কথাতে তাইক লাই দিছিল আইতাকে। এবাৰ স্কুলত পঢ়ি থাঁকোতে ৱিংচাং পেন এটা চুৰ কৰিছিল পিংকিৰ বেগৰ পৰা। স্কুল ছুটীৰ পাছত সঁকিয়াবলৈ অহা পিংকিৰ মাকক চুই কিলাব হে বাকী আছিল আইতাকৰ। অথচ
পেনটো আইতাকক দেখুৱাইছিল তাই। সেই ঘটনাৰ পাছত চুৰ কৰিবলৈ তাইৰ সংকোচ নহৈছিল। পেনটো, পইচাটো, লিপষ্টিকটো, ঘড়ীটোৰ পৰা চেফটীপিনটোৰ লৈকে! নতুনকৈ বিয়া পাতি নিজৰ চাকৰি কৰা ঠাইত দেউতাকে সংসাৰ পাতিছিল। তাইৰ নামত দিয়া পইচাকিটা ডেকা স্কুলৰ পঢ়া-শুনাখিনিকে সম্পূৰ্ণ নকৰা কৰ্মবিমুখ খুৰাককেইজনৰে ভৰা ককাক-আইতাকৰ সংসাৰৰ জোৰা-তাপলি মাৰোঁতেই শেষ হৈছিল! সৰু সৰু বস্তুৰ অভাৱ তাই শৈশৱত চুৰ কৰিয়েই পুৰাইছিল। যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁ নিদিওঁতেই তাই চেঙেলীয়া ল’ৰাচামৰ মাজত প্ৰিয় হৈ পৰিছিল। আইতাকৰ ছত্ৰছায়াত থাকি একেলগে দুই তিনিজনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল। আইতাক তাইৰ লগত ইমান শিথিল কেনেকৈ হৈছিল? তাই মাতৃহীনা কাৰণে? নে দেউতাকে তাইৰ কাৰণে পঠিওৱা পইচাকেইটাৰ কাৰণে? এটা সময়ত নিজৰ গাড়ী চলোৱা ৰাজুৰ লগত তাইৰ হিয়া দিয়া নিয়া হৈছিল। পইচা আছিল ৰাজুৰ। তাইক দৰকাৰী সকলো বস্তু কিনি দিছিল। দিনটো ভাড়া মাৰি আহি গধূলি অন্ধকাৰ বাৰান্দাত তাইৰ সৈতে একাত্ম হৈছিল। তেনেকৈ থকা ছমাহৰ পাছত কইনা হৈ ৰাজুৰ ঘৰ সোমাইছিল। এবছৰৰ পাছত ল’ৰাৰ মাক হৈছিল। বিশ বছৰ নৌহওঁতেই তাইৰ গোঁসানীহেন মুখৰ ৰং উৰি গৈছিল। চকুৰ তলত কৃষ্ণপক্ষৰ জোনে ঘৰ পাতিছিল। ল’ৰাৰ দ্বায়িত্ব, ৰাজুৰ মোহভংগ! সৰু সৰু অভাৱৰ কাৰণে তাৰ মুখলৈ চাই থাকিও চৰ-গোৰৰ বাহিৰে একো নোপোৱা হ’ল!

কিন্তু মাউৰা হোৱাই তাইৰ বাবে এসময়ত আশীৰ্বাদ হ’ল। নতুনকৈ হোৱা অংগনবাদী স্কুলতে তাই সহায়িকা হিচাপে নিযুক্তি পালে! বৰদেউতাকৰ ল’ৰা চন্দনদাক তাইৰ ভগৱান যেন লাগিল! সামান্য হ’লেও, নিয়মীয়া নহ’লেও নিজৰ পইচা! চাকৰিটো হোৱাৰ পৰা ৰাজুৱেও কিছু সমীহ কৰি চলা হ’ল। তাইৰ কথা শুনে, মাৰ-পিটো নকৰে বেছি। কিন্তু তাইৰহে স্বভাবটো সলনি নহ’ল! তাইৰ পচণ্ডৰ বস্তুটো নিজৰ কৰি নোলোৱালৈ শান্তি নাই! চম্পাৰ খাৰু কাণফুলিযোৰ!! উঃ!!!
……
পোন্ধৰদিন আগৰ খানাটোত তাই চম্পাৰ পাছে পাছে তাইৰ কোঠাটোত সোমাইছিলগৈ।
“তোৰ কাপোৰবোৰ ক’ত থৱ তই চম্পা?”
বিচনাৰ তলৰ কাৰ্টুনটো টানি আনি চম্পাই দেখুৱালে,
“ইয়াতে!”
“ইহঁতে তোক ভাল বাকচ এটাও দিয়া নাই নে ইমানদিনে? গহনাবোৰ ক’ত থৱ?”
ৰুমালৰ সৰু টোপোলা এটা কাপোৰৰ মাজৰ পৰা আনি দেখুৱালে তাই! সেইদিনাই সুবিধা বুজি বুকুৰ মাজত সোমাই ৰুমালৰ টোপোলাটো তাইৰ ঘৰ পালেগৈ। ইমানদিনৰ হেঁপাহ পূৰ হ’ল। চাকৰণীৰ সোণৰ গহনাৰ কি কাম? দুদিনমান গা বেয়া বুলি টলকা মাৰি এদিন আকৌ চম্পাহঁতৰ ঘৰ পালেগৈ। আলেঙে আলেঙে সকলোকে লক্ষ্য কৰিলে। কোনেও তাইক সন্দেহ কৰা নাই! যেন একোৱে হোৱা নাই! মনটো পাতল লাগিল। পুনৰ
নিজৰ সহায়িকা কামত মন দিলে তাই।

কালি হোৱা খানাটোত খোৱা-বোৱাৰ কামবোৰৰ শেষত সকলোৱে ৰ’দত বহিছিল। আৰতিয়ে তামোল কাটিছিল। চম্পাই দমকলৰ পাৰত বাচন মাজিছে। পিছফালে। চন্দনদাৰ বৌৱে নতুনকৈ হোৱা ল’ৰাকণক মেৰিয়াই লৈ কোমল ৰ’দত বহিছে। বেলেগ বেলেগ কথাৰ মহলা মাৰি থাকিল। মাজতে বৰমাই ক’লে …
“আমাৰ চম্পা যে ইমান দুষ্ট হৈছে… কথা-চথা ভালকৈ নুশুনা হৈছে… ৰাতি এপৰলৈ নুশুৱে…… এইবাৰ মাজনীক কওঁতে তাই সৰু কেমেৰা এটা কিনি দিছে। তেনেই অকমাণি, বুতাম এটাৰ সমান! সেইটো এটা চুকত চম্পাৰ ৰূমত লগাই দিছে চন্দনে… তাই অৱশ্যে গম নাপায়… পৰহিলৈ মাজনী আহিব তাইৰ লেপটপ নে কি সেইটো লৈ… তেতিয়াহে গম পাম তাই ৰাতিখন কি কৰি থাকে… মই যে কেমেৰা-চেমেৰা কি সেইবোৰ একেবাৰে বুজিয়েই  নাপাওঁ…… আমাৰ দিনত ৰিল ভৰাই ফটো উঠা……”

তামোল কাটি থকা হাতখন থমকি ৰ’ল আৰতিৰ। গম নোপোৱাকৈ কাণদুখন গুমগুমাইছে…গৰম
গৰম লাগিছে! ল’ৰাটো স্কুলৰ পৰা আহি পাব বুলি তাই সোনকালে বিদায় ল’লে।……
…………
জীৱনত প্ৰথমবাৰৰ বাবে আৰতিয়ে আইনাখনত নিজকে দেখি বিতৃষ্ণা অনুভৱ কৰিলে। তাই ভাবিছিল তাই মনে মনে চুৰ কৰে! কোনেও ভূ নাপায়! কিন্তু কেমেৰাত যে তাই বন্দী হৈ গ’ল! কাইলৈ ৰাস্তাৰে গ’লে সকলোৱে ফিচিঙা-ফিচিং কৰিব! চুৰুণী আহিছে! চুৰুণী আহিছে! নতুবা তাই কাৰোবাৰ ঘৰলৈ গ’লে নজৰ দি থাকিব তাইৰ ওপৰত! জোনবাইৰ নেদেখা পিঠিখন পোহৰলৈ আহিব এতিয়া! ধৰা পৰিলে এইখন ঘৰত পুনৰ কাম কৰিবলৈ কেনেকৈ আহিব?

…………
চন্দনদাৰ কেচুঁৱাটোৰ জ্বৰ। বৌৱে স্কুল আহিব পৰা নাই… স্কুল কৰি খবৰ ল’বলৈ গ’ল আৰতি। স্কাৰ্ফৰ তলৰ পৰা ৰূমালৰ টোপোলাটো উলিয়াই জোতা থোৱাৰ ৰেকখনত কোনেও গম নোপোৱাকৈ পেলাই দিলে। তাৰপাছত চাহ খালে… ল’ৰাটিক ওমলালে… বৌয়েকৰ লগত বহুত কথা পাতিলে…
মনৰ মাজত ক্ষণে ক্ষণে গধূৰ হৈ পৰা শিলটো এৰি থৈ আহি নিজকে ফাগুণৰ কমোৱা তুলা যেন লাগিল তাইৰ!
…………
পোণাকণলৈ চুৱেটাৰ গুঁথি গুঁথি বহি থকা বৰমাকে ক্ৰমান্বয়ে দূৰলৈ গৈ থকা আৰতিৰ অৱয়বটোলৈ চাই মিচিকিয়াই হাঁহি ভাবিলে… বেচেৰী অভাৱী মাউৰা ছোৱালী!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক