সোণৰ চামুচ মুখত লৈ — খজেন ডেকা

“সোণৰ চামুচ মুখত লৈ”—অসমৰ প্ৰথম গৰাকী ভূতত্ববিদ ডঃ প্ৰনৱজ্যোতি ডেকাৰ বিক্ষিপ্ত আত্মজীৱনী। প্ৰথমেই কৈ লোৱা ভাল হ’ব যে, মই কোনো গ্ৰন্থ সমালোচক নহয়। এজন সাধাৰণ পঢ়ুৱৈ মাত্ৰ। ভাল পঢ়ুৱৈ নহয়। মানে মাজে মাজে দুই এখন কিতাপ পঢ়ো। কিন্তু এইবাৰ মনস্থ কৰিছো যে মাহটোত অতি কমেও দুখন কিতাপ পঢ়িম। ইতিমধ্যে মই চাৰিখন কিতাপ পঢ়ি শেষ কৰিছোঁ। তাৰে ভিতৰত “সোণৰ চামুচ মুখত লৈ” – এখন। এইখন এখন ব্যতিক্ৰমধৰ্মী আত্মজীৱনী। ব্যতিক্ৰমধৰ্মী বুলি এই কাৰণেই কোৱা হৈছে- লেখকে জীৱনত লাভ কৰা বিচিত্ৰ অভিজ্ঞতাবোৰ ভালেই হওক বা বেয়াই হওক খাৰংখাচকৈ প্ৰকাশ কৰিছে। কোনো ক্ষেত্ৰতে সত্যৰ অপলাপ কৰা নাই। আপোচ কৰা নাই কোনো ক্ষেত্ৰতে। মই জীৱনত প্ৰথম আত্মজীৱনী পঢ়িছো ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ। তাৰ পিছত হোমেন বৰগোহাঞিৰ ধুমুহা আৰু ৰামধেনু আৰু মোৰ হৃদয় এক যুদ্ধক্ষেত্ৰ। হোমেন বৰগোহাঞিৰ মোৰ হৃদয় এক যুদ্ধক্ষেত্ৰখন পঢ়ি ভাৱ হৈছিল- তেওঁৰ দৰে জীৱনৰ সঁচা কথাবোৰ ইমান খোলোচাকৈ প্ৰকাশ কৰিব পৰা দ্বিতীয়জন ব্যক্তি নাই। কিন্তু এইখন আত্মজীৱনী পঢ়াৰ পিছত মোৰ ভুল ভাঙিল। তেওঁতকৈ বেছি খোলাখুলিকৈ লিখিছে ড: প্ৰনৱজ্যোতি ডেকাই। আচলতে মই যে মাজে মাজে মোৰ নিজৰ সঁচা কথাবোৰ ফেচবুকত লিখি থাকো – মোৰ লেখাবোৰত হোমেন বৰগোহাঞিৰ আত্মজীৱনীৰ প্ৰভাৱ আছে। সেই বুলি মই তেওঁলোকৰ দৰে লেখক নহয় কিম্বা মই যে এজন সৰুসুৰা লেখক সেইটোও নহয়।
ওপৰত উল্লেখ কৰিছোঁ যে লেখকে কথাবোৰ খাৰাংখাচকৈ লিখিছে বুলি। এই খাৰাংখাচ লেখাৰ পৰা সাৰি যোৱা নাই তেওঁৰ পিতৃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম গৰাকী অসমীয়া ন্যায়ধীশ হলিৰাম ডেকা, মাতৃ আৰু তেওঁৰ বায়েকহঁতো । বায়েকহঁতক শাখিনী বায়েক বুলিও উল্লেখ কৰিছে। ভালটোক ভালেই বুলিছে আৰু বেয়াসকলক বেয়া বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাই। আত্মজীৱনীখনৰ ঠায়ে ঠায়ে তেওঁ দেউতাককো কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ এৰা নাই। দেউতাকে ১১ টা সন্তান জন্ম দিয়াক লৈয়ো তেওঁ খোলাকৈ দেউতাকৰ ওচৰত বিষোদগাৰ প্ৰকাশ কৰিছিল। তেওঁ টকাৰ অভাৱত উচ্চশিক্ষাৰ বাবে আমেৰিকালৈ যাবলৈ সুবিধা পায়ো যাব পৰা নাছিল। এই প্ৰসংগত তেওঁ লিখিছে —
“তাকে পিতায়ে জানি মোক সুধিলে– নগ’লি কিয় আমেৰিকালৈ Invitation পাইও।
: মোৰ হাতত টকা নাছিল। সাত হাজাৰ টকা লাগিল হয় স্ক’লাৰশ্বিপৰ টকা পাওতে পাওতে।
: মোক নক’লি কিয় টকাৰ কথা ?
: তোৰটো তই চম্ভাল। মোৰটো মই চম্ভালিম। তোৰ এতিয়াও এগাল সৰু সৰু ল’ৰা-ছোৱালী আছে ডাঙৰ কৰিবলৈ। মোক তই নাচালেও হ’ব।”
অৱশ্যে তেওঁ পিতাকৰ ভাল গুণসমূহো অস্বীকাৰ কৰা নাছিল। তেওঁ এঠাইত উল্লেখ কৰিছে- মোৰ ব্যক্তিগত মূল্যাংকনত পিতৃ হলিৰাম ডেকা, মানুহ হিচাপে ভাল আছিল। কিন্তু বিশেষ দূৰদৃষ্টি সম্পন্ন নাছিল।
বহু শিক্ষকে লেখকক ছাত্ৰ জীৱনত টিউচন দিবলৈ পিতৃ হলিৰাম ডেকাক পৰামৰ্শ দিছিল। কিন্তু লেখকে এই কথাৰ বিৰোধিতা কৰি কৈছিল —- মাষ্টৰবোৰক tution লাগে সেয়ে টকা থকা মানুহবোৰক এনেধৰণৰ কথা কয়।
মোৰ কথা শুনি পিতাই স্তম্ভিত হোৱা বুলি ক’লে কমাই কোৱা হ’ব। অলপ দেৰী ৰৈ ক’লে—যিখন বুদ্ধিৰ খেল তই এতিয়া দেখুৱালি, তেনে বুদ্ধিৰ ল’ৰাই নিজে নপঢ়িলে, কাৰো বাপেকৰ সাধ্য নাই তাক পঢ়োৱাৰ। মই তোক কথা দিলো, আজিৰ পৰা তোৰ পঢ়াশুনা সম্বন্ধে মই কোনো কথাই নকও।
পিতাই বাদ বাকী জীৱন নিজৰ কথা ৰাখিছিল। মই B.Sc. দিবলৈ পুৱাই ঘৰৰ পৰা ওলোৱাৰ কালত প্ৰাতঃভ্ৰমণ কৰি ঘূৰি অহা পিতাই বাটত লগ পাই সুধিলে, “ইমান পুৱাই ক’লৈ ওলালি ? ”
“পৰীক্ষা দিবলৈ যাওঁ”
“কিহৰ পৰীক্ষা” ?
“B.Sc.”
“Honours লৈছ ?”
“আছে”
“কিয়নো Honours ল’ব গ’লি, তোৰতো Honours নাথাকেই।”
“দেখা যাওকচোন”
উল্লেখযোগ্য যে সেইবছৰ(1959) ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনাৰ্চ বিষয়কে ধৰি সকলো বিষয়ত লেখকে সৰ্বোচ্চ নম্বৰ পাইছিল।
এনে অনেক পাৰিবাৰিক কথা সন্নিবিষ্ট হৈ আছে “সোণৰ চামুচ মুখত লৈ”ত। ১৯৫৯ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত এম.এচ.চি. পঢ়াৰ পৰা ৰাচিয়াত পিএইচডি কৰিবলৈ যোৱালৈকে অনেক ঘাট-প্ৰতিঘাট আৰু অভিজ্ঞতাৰে পুষ্ট হৈ আছে লেখকৰ জীৱন। গ্ৰন্থখন পঢ়িলে গম পোৱা যায় কোনো লুক-ঢাক নকৰাকৈ এই অভিজ্ঞতাবোৰৰ কথা লেখকে গ্ৰন্থখনত উল্লেখ কৰিছে। ৰাচিয়াৰ পৰা ঘূৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত ৪৫০ টকা মাহিলি দৰমহাত অধ্যাপক ৰূপে যোগদান কৰি লাভ কৰা তিতা-মিঠা অভিজ্ঞতাৰ কথাও উল্লেখ আছে গ্ৰন্থখনত। পৰীক্ষাসমূহত কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ নম্বৰ সাল-সলনি কৰি পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ দৰে বহু গোপন কথাও লিপিবদ্ধ হৈ আছে আত্মজীৱনীখনত। এনে ঘটনাৰ লগত জড়িত সকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে লেখকে।
অসম আৰু অসমীয়া মানুহৰ চকু চৰহা গুণৰ বিষয়েও হজম কৰিব নোৱাৰা কিছুমান কথাও খোলাখুলিকৈ উল্লেখ কৰিছে তেওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত সহকৰ্মী আৰু কৰ্তৃপক্ষৰ দ্বাৰা বৈৰিতাৰ সমুখীন হোৱা বুলি উল্লেখ কৰি তেওঁ লিখিছে—এই বৈৰিতাৰ কাৰণ আছিল ঈৰ্ষা। সঘনে শুনিব লগা হৈছিল বিভিন্নজনৰ মুখৰ পৰা, “আপোনাৰ লগত কিয় তুলনা কৰে আমাক, after all you were born with a golden spoon in your mouth”. তেওঁ অকল এগৰাকী ভূতত্ববিদেই নাছিল, তেওঁ আছিল নামজ্বলা ৰত্ন বিশেষজ্ঞও। ৰত্ন বিশেষজ্ঞ হিচাপে তেওঁ বিভিন্ন কোম্পানী আৰু ৰত্ন ব্যৱসায়ীৰ পৰা বিভিন্ন অফাৰ পাইছিল। সেইটো কৰা হ’লে তেওঁ জীৱনত সোঁৱে-বাঁৱে বহুত টকা আৰ্জন কৰিব পাৰিলেহেঁতেন। অথচ তেওঁ এটা সদায়েই আকালো নাই ভঁৰালো নাই জীৱন কটাইছিল। বি.এচ.চি. ফাইনেল পৰীক্ষাত লেখক বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হোৱা কথাটোত বহুতে অহেতুক সন্দেহ প্ৰকাশ কৰিছিল। পৰীক্ষা নিয়ন্ত্ৰক ৰত্ন বৰুৱা, নিজৰ মাহীয়েক, বাপকৃষ্ণ চৌধুৰী আৰু বিনয় তামুলীয়েও সন্দেহ কৰিছিল বুলি স্পষ্টকৈ উল্লেখ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
লেখকৰ ভাষাৰে পঢ়ক এই কথাখিনি –“মই চাইকেলৰ পৰা নামিয়েই ক’লো,– আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিছি।”
“পাছ কল্লি না ?”
“পাছ কৰছু. মাহী, মই ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট হৈছু।”— মাহী সেই পিনেই থৰ লাগিল, তাৰ পাছত সুধিলে, “তোৰ বাইপে কিমান টকা খৰচ কৰলাক তোক ফাৰ্ষ্ট কৰাতে ?” —— এইবাৰ মোৰ থৰ লগাৰ পাল —-সিটো পিতাইহে জানবো মোক কোৱা নাই।
“—- আবেলি কটন কলেজৰ গণিত বিভাগৰ দুগৰাকী অধ্যাপক বাপকৃষ্ণ চৌধুৰী আৰু বিনয় তামুলী আমাৰ ঘৰলৈ আহিল মোক অভিনন্দন জনাবলৈ। —বাপু তোমাৰ মাৰ্কশ্বিটখন দিয়াচোন। — ট্ৰে এখনত চাহ মিঠাই আনি অতিথি কোঠাত সোমাও যে কটন কলেজৰ দুই পণ্ডিত শিক্ষকে পৰীক্ষাত পোৱা মোৰ নম্বৰ অধ্যয়ন কৰাত ব্যস্ত। বাপকৃষ্ণ চৌধুৰীয়ে মন্তব্য দি আছে, মই শুনিছিলো ইয়াক প্ৰেকটিকেলত বহুত নম্বৰ দি ফাৰ্ষ্ট কৰিছে, নহ’লে ই ফাৰ্ষ্ট হ’ব লগা ষ্টুডেন্ট নাছিল। প্ৰেকটিকেলত ই বেছি নম্বৰ পোৱা নাই, থিয়ৰিত এই পাইছে নম্বৰ। Geology ৰ বহীতো ইয়াতে গুৱাহাটীত নাচায়, কলিকতা-খড়গপুৰ examiner এ এই নম্বৰ দিছে। ইহঁতে নম্বৰ বঢ়াও বুলি বঢ়াব নোৱাৰে। ”
“কথাটো কি হৈছে বুজিছে,” বিনয় তামূলীয়ে বাপকৃষ্ণক সান্ত্বনা দি ক’লে, “নতুন চাবজেক্টতো অলপ বেছি বেছি নম্বৰ নিদিলে, কিয় ল’ৰাই পঢ়িব ? ই ইউনিভাৰচিটিত ফাৰ্ষ্ট হোৱা ল’ৰা নহয় সেইটো ময়ো জানো।” —- মই, “হ’ল যদি মাৰ্কশ্বিটখন দিয়ক বুলি বাপকৃষ্ণৰ হাতৰ পৰা মাৰ্কশ্বিটখন লৈ ৰুমৰ পৰা ওলাই গ’লোঁ আৰু তেখেত দুজন যোৱাৰ সময়ত ওলাইও নাহিলো, বিদায়ো নিদিলোঁ।”
এনে অনেক বিচিত্ৰ, তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণিত হৈছে গ্ৰন্থখনত। গ্ৰন্থ পঢ়ি মোৰ অনুভৱ হৈছে- কৰ্মজীৱনত তেওঁ কৰ্ত্তব্যপৰায়ণ আৰু সৎ আছিল। আড়ম্বৰহীন জীৱন-যাপন কৰা এই গৰাকী ব্যক্তিৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰিব লাগিব তেওঁৰ আত্মজীৱনী “সোণৰ চামুচ মুখত লৈ’। নিশ্চিতভাৱে ক’ব পাৰি এই গ্ৰন্থখন অসমীয়া সমাজ জীৱনৰ এক ঐতিহাসিক দলিল। মই ইয়াত লেখকৰ কথাৰ উদ্ধৃতিৰে পাঠকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবেহে বিনম্ৰ প্ৰয়াস কৰিলোঁ। এয়া কোনো গ্ৰন্থ সমালোচনা বা পৰ্য্যালোচনা নহয়।
বান্ধৱৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ৬১৬ আৰু মূল্য ৪৬০.০০ টকা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক