“সোণ হৰিণৰ চেঁকুৰ” (অনামিকা বৰুৱা)

“সোণ হৰিণৰ চেঁকুৰ” অনুৰাধা শৰ্মা পূজাৰীৰ নৱতম উপন্যাস| প্ৰথম প্ৰকাশ ২০১২| প্ৰকাশক ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডা: ৰবীন্দ্ৰ মোহন শৰ্মা: চন্দ্ৰ প্ৰকাশ| উপন্যাসখন প্ৰথমে প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী সম্ভাৰত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল|
উপন্যাসখনৰ পাতনিতে আছে “চুইচাইড নোট” নামৰ প্ৰণৱ কুমাৰ বৰ্মনৰ অৰ্থবহ কবিতাটো| যিয়ে শিঞৰি উঠাকৈ ঝংকাৰ তোলে মন-মগজুত| মাক-দেউতাকে নিৰ্ধাৰণ কৰি দিয়া উচ্চতাক চুব নোৱাৰাৰ অৱসাদত ভাগৰুৱা সন্তানে নিজেই এক অন্য উচ্চতা বাচি লয়, য’ৰ পৰা আৰু কোনোদিনে নামি আহিব নালাগিব| কোনেও নমাই আনিব নোৱাৰিব!…..

বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ চিৰা-চৰিত ঘটনাৱলীকে সুন্দৰকৈ নিজস্ব দক্ষতাৰে দাঙি ধৰিছে লেখিকাই| তৰুণ প্ৰজন্মৰ প্ৰত্যাশা, ভাৱাবেগ, উচ্চাকাংক্ষা, হতাশা আদি প্ৰতিটো অনুভুতিকে তুলি ধৰাৰ চেষ্টা কৰা হৈছে উপন্যাসখনত| উন্নতিৰ নামত নামহীন প্ৰতিযোগিতাৰ দৌৰত কিদৰে মোহাচ্ছন্ন হয় এচাম অভিভাৱক! কিদৰে ভুলুণ্ঠিত হয় একো একোখন কোমল অন্তৰ| চুৰমাৰ হৈ যায় হেজাৰ সপোন| নিজৰ ইস্পিত আকাংক্ষা পূৰণ কৰাৰ দাবীত নিজ সন্তানক মাথোঁ প্ৰতিদ্বন্দী সজাইছে| নিজৰ সন্তানৰ যোগ্যতা নাজানি তাৰ মনটোৱে কি বিচাৰে তাক নুবুজি জোৰ কৰিয়ে তাক সুমুৱাই দিয়া হয় পঢ়া-শুনাৰ নামত প্ৰগতিৰ দৌৰত| আৰু জ্ঞাতে অজ্ঞাতে সিহঁতবোৰেও অংশগ্ৰহণ কৰি পাহৰি যায় আত্মীয়তাৰ গোন্ধ| সিহঁতবোৰ হেৰায় যায় আভিজাত্যৰ ভেমত| আত্মকেন্দ্ৰিক হৈ স্বাৰ্থপৰতাৰ কবলত পৰি ছিঙি পেলায় তেজৰ সম্পৰ্ক| মহানগৰীৰ জীৱন| য’তে যি হওক গতানুগতিকভাৱেই চলে ইয়াৰ জীৱন| ইয়াত যেন সকলো সহজলভ্য| ফুটপাথৰ চাহকাপৰ পৰা আততায়ীৰ হাতৰ মৃত্যুলৈকে! কাৰো ক’তো কোনো প্ৰতিক্ৰিয়া নাই| সকলো চিষ্টেমৰ বলি| এটা মৃত্যুক লৈ সংবাদ মাধ্যমৰ টনা-আঁজোৰা চলে| হালধীয়া সাংবাদিকে সংবাদ বিচৰাৰ নামত ব্যক্তিগত জীৱনৰ অতীতক লৈ হেতালি খেলে| শব্দৰ মায়াজালে ভেঙুচালি কৰে মানুহৰ আবেগক! উপন্যাসখনে একেলগে বহুকথাই কৈ গৈছে| প্ৰতিটো চৰিত্ৰৰ বুকুতে লুকাই আছে একো একোটা কাহিনী| ইয়াত প্ৰতাৰণা আছে, বিফলতা আছে, দুৰ্য্যোগ আছে কিন্তু তাৰ মাজতো প্ৰেম আছে, আশা আছে, প্ৰতিশ্ৰুতি আছে| জীৱন আছে| আৰু আছে আমাৰ চিৰ চেনেহী অসম আৰু আমাৰ আতিথ্য প্ৰীতি গুণটোৰ স্বাভিমান| সৰল অন্তৰৰ বহি:প্ৰকাশ আৰু তাৰ সন্মান| লেখিকাৰ নিজৰ ভাষাৰে—
নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক-যুৱতী,
কিশোৰ-কিশোৰীৰ হাতত,
যি সকলে জীৱনৰ পৃথিৱী জয় কৰিব খোজে,
গান গাব খোজে মুক্ত পখীৰ দৰে,
যি পৰীক্ষাৰ নম্বৰেৰে নোজোখে নিজৰ যোগ্যতা,
অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব লগা হ’লেও যি,
আত্মহত্যাৰ কথা নাভাবে,
যি ভাবিব পাৰে নিজেই নিজৰ প্ৰেমিক বুলি,
যি বিচাৰে নিজৰ উপস্থিতিৰে পৃথিৱীখন সুন্দৰ কৰিবলৈ,
মাথো তেওঁলোকৰ বাবে,
”সোণ হৰিণৰ চেঁকুৰ”

মূল চৰিত্ৰ শেখৰ| এজন ২০/২১ বছৰীয়া চফল ডেকা| উচ্চশিক্ষাৰ বাবে কটনত পঢ়িবলৈ গৈছে| সি যেতিয়া মেট্ৰিকত নব্বৈ শতাংশ পাই পাছ কৰিছিল, মাকে মূৰত হাত ফুৰাই কৈছিল-’তই নিজে কি ভাব সেয়াহে ডাঙৰ কথা বাচা, আমি সহায়হে কৰিব পাৰিম| পঢ়া কালছোৱাত আগলৈ কিমান টকা ঘটিম সেই ভাবি নপঢ়িবি| জীৱনত সকলো পাব পাৰ, সুখ পাবলৈহে টান| সন্তানৰ সুখেই আমাৰ পৰম সুখ|’ চোকা ল’ৰা শেখৰ| সকলোতে আগৰণুৱা| তথাপি যেন কিছুক্ষেত্ৰত দোমোজাত পৰে সি| দ্বিধা আছে তাৰ| প্ৰণামীক ভালপায়| কিন্তু এই ভালপোৱাৰ স্বত:স্ফুৰ্ত প্ৰকাশ সি মানি লোৱা নাই| তাইৰ কাজলবিহীন আজলী চকু দুটা আই-লাইনাৰেৰে আঁকি পেলোৱাৰ পাছত, তাইৰ ঢৌ খেলোৱা চুলিটাৰি কাটি ষ্ট্ৰেইট্‌ কৰি পেলোৱাৰ পাছত তাৰ বুকুখনে হাহাঁকাৰ কৰি উঠিছিল| স্মৃতি হৈ আহিছিল প্ৰণামীক প্ৰথম দেখাৰ কথা| তথাপি কেতিয়াবা প্ৰণামীৰ মুখৰ ৰংবোৰ মচি শেখৰৰ চুমা খাবলৈ মন যায় উদ্দামভাৱে| কেতিয়াবা ক’বলৈ মন যায় তুমি কেৱল মোৰ বাবে নগ্ন হোৱা, পৃথিৱীৰ সকলো পৱিত্ৰতাৰে| শেখৰে এনিশা উজাগৰে থাকি এদিন লিখি পেলাইছিল-
এখন ৰঙা নদীয়ে
তোমাক ঢাকি আছে
পৱিত্ৰ পতাকাৰ দৰে
তোমাৰ নগ্নতা
ধৰিত্ৰী মোৰ
এখন আকাশৰ দৰে
হাওলি
তোমাক চুমা খাম
মাধৈ মালতী হৈ বগাম
তোমাৰ শৰীৰেৰে
সূৰ্য্যৰ প্ৰখৰতাৰ ফালে চাই ক’ম
ভালপাওঁ
তোমাক ভালপাওঁ…
কিন্তু ভালপালেও প্ৰণামীয়ে শেখৰৰ বাবে প্ৰকৃতি হ’ব নোখোজে| প্ৰণামীয়ে ক্ষমতা বিচাৰে, প্ৰতিপত্তি বিচাৰে, প্ৰাচুৰ্য্য বিচাৰে| তাৰবাবেই তাই দিল্লীলৈ যায়গৈ মাইক্ৰ’বায়ল’জি পঢ়িবলৈ|

:এমিলি এটা ব্যতিক্ৰমী চৰিত্ৰ| সুদূৰ ইংলণ্ডৰ পৰা উপৰিপুৰুষ মি. ৰবিনছনৰ ডায়েৰী পঢ়ি অসম চাবলৈ আহিছে| ৰবিনছনৰ ডায়েৰীত থকা ’স্বৰ্গৰ দুৱাৰমুখ’ গুৱাহাটী আৰু ব্ৰক্ষ্মপুত্ৰৰ সৌন্দৰ্য্য বিচাৰি আহিছে| উপৰিপুৰুষৰ প্ৰতি থকা শ্ৰদ্ধা এইয়া| কৃতজ্ঞতা প্ৰকাশ| এমিলিয়ে কেৱল ইতিহাস বিচাৰি অহা নাই| হাড়ে হিমজুৱে অনুভৱ কৰিবলৈ যত্ন কৰিছে ৰবিনছনৰ পৰশ পৰা অসমখনক| সামগ্ৰিকভাৱে অসমৰ এটা সম্যক ধাৰণা দিয়াত পাৰ্য্যমানে সহায় কৰিছে শেখৰে| সমগ্ৰ গুৱাহাটী ঘূৰাইছে| চিটি বাছত উঠাইছে| তাৰ নিজৰ ঠাই তেজপুৰলৈকো নিছে| বুৰঞ্জীৰ অধ্যাপিকা মলিনা বাইদেউৰ আতিথ্যই এমিলিক আবেগিক কৰি তুলিছে| এমিলিৰ যুক্তিপূৰ্ণ কথা ৰুচিবোধ ব্যৱহাৰ বন্ধুত্বসুলভ অন্তৰঙ্গতাই শেখৰৰ বুকুত কামনা-বাসনাৰ পৰিবৰ্তে জগাই তুলিছ শ্ৰদ্ধা, ভালপোৱা, বিশ্বাস| একো নভবাকৈয়ে শেখৰে কৈ পেলাইছিল গ্ৰেজুৱেচনৰ পিচত সি চাকৰি নকৰে| সি খেতি কৰিব| কলৰ বাৰী পাতিব দেউতাকৰ ষোল্ল বিঘা মাটিত| এয়া চাগে তাৰ অবচেতন মনৰ সপোন!

:শিৱানী এটা দুৰ্বল চৰিত্ৰ| প্ৰিন্সিপাল দেউতাকৰ সন্মান ৰখাৰ জোখাৰে অধিক পাৰ্চেণ্টেজ পাব নোৱাৰি আত্মহত্যা কৰে| সিদ্ধাৰ্থৰ আকূল প্ৰেমেও তাইক বান্ধি ৰাখিব নোৱাৰিলে| আচলতে শিৱানীয়ে আত্মহত্যা কৰা নাই| মাক দেউতাকে তাইক মৃত্যুৰ মুখলৈ ঠেলি দিলে| শিৱানীৰ মৃত্যু আমাৰ সমাজ ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাৰ কৰুণ পৰিণতি|

:কিশলয় চোকা ল’ৰা| কেমেষ্ট্ৰিত অনাৰ্ছ লৈ পঢ়ি এজন ভাল অধ্যাপক হোৱাৰ মন| ফটোগ্ৰাফিত চখ আছে| চিনেমা কৰাৰো হাবিয়াস আছে| কিন্তু দেউতাকে নিৰ্দেশ দিছে-’ঘৰলৈ আহ| এতিয়া একো সিদ্ধান্ত নলবি| মেডিকেল তই পঢ়িবই লাগিব| বাছনি পৰীক্ষাৰ বাবে সাজু হ| ছেকেণ্ড অপছন্‌হে ইঞ্জিনীয়াৰিং|’ ৰঞ্জন, নবাব দিগ্বিজয়হঁতৰ দৰে ল’ৰাবোৰে কলেজীয়া জীৱনৰ পৰাই ৰাজনৈতিক জীৱনৰ কুচ্‌কাৱাজ আৰম্ভ কৰে| সুবিধা বুজি অনৈতিক কাৰ্য্য একোটাকো প্ৰাপ্য সজায় ল’ৰা-ছোৱালীবোৰক বিপথে পৰিচালিত কৰে| ছলে বলে কৌশলে নোৱাৰিলে দাবী ধমকিৰে হ’লেও সিহঁতৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰে|

:প্ৰসেনজিত শেখৰৰ বন্ধু| দৰিদ্ৰতাৰ সৈতে সহবাস কৰিও দেউতাকৰ অহেতুক আদৰ্শ প্ৰীতি সহ্য নহয় তাৰ| এসময়ত ভাল গান গাইছিল| কিন্তু ভাঙৰ নিচাত পৰি কোনোমতে জীৱনটো পাৰ কৰিব খোজে| নিজৰ ওপৰতেই যেন অনীহা তাৰ! কটনৰ হোষ্টেল এৰি সম্পৰ্কীয় ককায়েক এজনৰ লগত থাকিবলৈ লোৱাৰ পৰা প্ৰসেনে প্ৰত্যক্ষ কৰিছে অন্য এখন পৃথিৱী| ঘোচৰ টকা, ৰাতি জুৱা-মদ, হয়্তো মাজে মাজে বেশ্যা গমন| দাদাকৰ বন্ধুবোৰ দেখি মূৰ ঘূৰাই যায় প্ৰসেনৰ| পঢ়া-শুনা কৰাৰো ইচ্ছা নোহোৱা হৈ যায় তাৰ| এই প্ৰসেনেই এদিন অকপটে শেখৰৰ আগত দাঙি ধৰিছিল তাৰ গোপন বেথাৰ একাংশ| কিদৰে সি কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত জেঠায়েকৰ ছোৱালী ৰিণি বা’ৰ হাতত প্ৰথমবাৰৰ বাবে হেৰুৱাইছিল তাৰ কৌমাৰ্য অনিচ্ছাকৃতভাৱে|

:জীৱনৰ প্ৰথম প্ৰেম ৰাজদীপক লৈ সপোন দেখিছিল বিদিশাই| কিন্তু ৰাজদীপে বিদিশাৰ প্ৰেম বিচৰা নাছিল, বিচাৰিছিল বিদিশাৰ শৰীৰটো| সেয়ে ভোগ কৰাৰ পাছতেই ভীৰুৰ দৰে মনে মনে পলায়ন কৰিছিল ৰাজদীপে| নিজৰ স্বাৰ্থত তাইক আগবঢ়াই দিয়া মামাকৰ ল’ৰা ৰমেনে তাইকহে জগৰীয়া কৰিছিল ছোৱালী হৈ নিজে কিয় সাৱধান নহ’লি বুলি| প্ৰথম প্ৰেমৰ প্ৰতাৰণাক সহ্য কৰিব নোৱাৰি বলিয়া হৈ উঠিল বিদিশা| পুৰুষৰ সমানেই স্বাধীন হ’ব খুজি স্বেচ্ছাই বাচি লৈছে এটা ধ্বংসমুখী জীৱন| শৰীৰৰ সুখ কেৱল পুৰুষৰ একচেতিয়া অধিকাৰ বুলি ভবা মনোভাবক যেন প্ৰত্যাহ্বান জনাব খুজিছে শৰীৰটো ব্যৱহাৰ কৰি!

:মৈত্ৰীৰ দেউতাকৰ হাৰ্ট এটেক হৈছিল, আৰ্টাৰি ব্লক হোৱাৰ বাবে অপাৰেচনৰ দৰকাৰ হৈছিল| সকলো খৰচ মোমায়েকে বহন কৰাৰ অজুহাততে এদিন মাতাল হৈ আহি তাইক ধৰ্ষণ কৰিছিল| তাইৰ বয়স তেতিয়া মাত্ৰ দহ বছৰ| কিন্তু সেই দুৰ্বল পৰিস্থিতিত মান-সন্মানৰ ভয়ত সকলো কথা গাপ দিয়া হ’ল| তাইৰ চিকি‍ত্সাৰ খৰচো মোমায়েকেই দিলে| দিন যোৱাৰ সকলোৱে কথাবোৰ পাহৰি পেলালে| কিন্তু যোৱা সাত বছৰে মৈত্ৰীয়ে বুকুত এই জীয়া ঘা টুকুৰা লৈয়ে আছে| মাকে মোমায়েকক ক্ষমা নকৰিলে| তাইয়ো নকৰে| মোমায়েকে ক্ষমা খুজিলেই যেনিবা তাই পোৱা কষ্টা জানো লাঘৱ হ’ব? পুৰুষৰ প্ৰতি হয়্তো এই ঘৃণা মৈত্ৰীৰ মনত সৰ্বদা থাকি যাব| তথাপি তাই জীয়াই থাকিব|

:ওখ-ক্ষীণাংগী আল্পনা প্ৰিয়ম দুৱৰাৰ ঘৰ গোলাঘাটৰ বাদুলিপাৰ নামৰ ভিতৰুৱা ঠাইত| সন্দিকৈ কলেজত আহি ভৰ্তি হোৱাৰ পিছত নৱাগত আদৰণী সভাত কোনোবা স্থানীয় টিভি চেনেল এটাই বাৰে বাৰে তাইৰ ফ’কাছ কৰিলে| সকলোৱে তাইৰ শৰীৰটো মডেলিঙৰ বাবে উপযুক্ত বুলি শলাগিলে| এই আল্পনাই সময় থাকোতেই তীৰ মৰাই ভাল বুলি দুদিনৰ চিনাকী তাইৰ শুভাকাংক্ষী বুলি ভবা বিকিৰ সৈতে গুচি গৈছে ঘৰত কাকো একো নজনোৱাকৈ এখন কল্পনাৰ পৃথিৱীৰ সন্ধানত|

:নীৰাৰ মাহীয়েকৰ ছোৱালী সীমাই দিল্লীত কামত সোমাইছে| কলেজীয়া কালত ’লিভ্‍ টুগেদাৰ’ কৰা বন্ধু বৰুণৰ সৈতে আকৌ একেলগে থাকিবলৈ এটা ঘৰ ভাড়ালৈ লৈছে| বিয়া কিন্তু নাপাতে| এই লৈ সীমাৰ ঘৰত বিৰাট আপত্তি| নীৰায়ো বেয়া পাইছে কথাটোত| কিন্তু সুলেখাৰ প্ৰশ্ন পুৰুশৰ ’ভাৰ্জিনিটি প্ৰুফ’ কিদৰে কৰিব পাৰি? প্ৰচণ্ড তৰ্ক-বিতৰ্কৰ মাজতে সুলেখাই উদঙাই দিছে তাইৰ ৰক্তাক্ত কলিজা| মাকক বৈধ ভাৱে বিয়া পতাৰ পাছতো দেউতাকৰ আৰু দুগৰাকীকৈ উপপত্নী আছিল| আইতাকক আটাইতকৈ ভালপোৱা সুলেখা ঠৰ লাগিছিল শুনি যেতিয়া অসুখত পৰি তাইৰ একমাত্ৰ ভায়েকটো ঢুকাওঁতে আইতাকে ভগৱানক প্ৰশ্ন কৰিছিল ল’ৰাটো মাৰি কিয় তেওঁলোকৰ বংশটোক নিবংশ কৰিলে| কিয় তাৰ ঠাইত সুলেখাকে মাৰি নিনিলে?

: শেখৰে কৈছিল বন্ধুত্বৰ কোনো জেণ্ডাৰ নাথাকে| কিন্তু শেখৰ আৰু এমিলিৰ বন্ধুত্বক কলংকিত কৰিব খুজিলে তাৰেই একাংশ বন্ধুৱে| সকলোৱে ভাবে প্ৰেম মানে শৰীৰৰ সম্পৰ্ক| তাতে এমিলি বিদেশীনি!
:আব্বাছক ছাত্ৰাবাসৰ গেটৰ ওচৰতে গুলিয়াই থৈ গ’ল কোনোবা অচিনাক্ত আততায়ীয়ে| কোনে মাৰিলে কিয় মাৰিলে পুলিচে একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলে| আব্বাছৰ মৃত্যুৱে হোষ্টেলৰ বাসিন্দা প্ৰতিজন ল’ৰাৰ মাক-দেউতাককে শংকিত কৰি তুলিলে| আব্বাছৰ মৃত্যুক লৈ ছাত্ৰ সংগঠনে শ্লোগান দিলে, দোকান বজাৰ বন্ধ কৰিলে| বাতৰি কাকত, চেনেলবোৰে তিনিদিনমানলৈ দিনে নিশাই খবৰ দিলে| আব্বাছৰ জীৱনৰ সৈতে সম্পৰ্ক নথকা অলীক কল্পনাৰে লিখা কথাও কিছুসংখ্যক বাতৰি কাকতত ওলাল| এটা ব্যক্তিগত চেনেলৰ বাতৰিত আব্বাছৰ পাকিস্তানীৰ মৌলবাদীৰ সৈতে সংযোগৰ তথ্য দাঙি ধৰিলে| এয়াই নহয় আব্বাছৰ ৰহস্যময়ী নাৰীৰ সৈতে বিশেষ সম্পৰ্কৰ সূত্ৰ এটাও দাঙি ধৰিলে তেওঁলোকে| তাৰ বাহিৰে আন একো নহ’ল| আব্বাছৰ মৃত্যু এটা স্মৃতি হৈ গ’ল|

অসমৰ এই আগশাৰীৰ কলেজখনত উচ্চ শিক্ষা ল’বলৈ আহিছিল শেখৰ, আব্বাছ, কিশলয়, ৰাজেশ, ভূৱন, প্ৰসেনজিত, শশাংকহঁতৰ দৰে আৰু বহুতো| তাৰ মাজৰ কোনোবাটো হয়তো সফল হ’ব অথবা বিফল হ’ব| কিন্তু সফল হৈ যদি বাহিৰলৈ গৈ আৰু উভতি নাহে? ভূৱনৰ ককায়েক দুজনৰ দৰেই পাহৰি যায় যদি প্ৰিয়জনৰ পৰিচয়? তথাপি জীৱন আগবাঢ়ে…
ধোঁৱা আৰু ছাইৰ মাজেৰে উৰা মাৰিব খোজা
মই এটা ফিনিক্স পখী
নিজৰ হাড় জ্বলাই সাজিছো
সপোনৰ দিকচৌ বাট
তেজৰ গোটমৰা চেঁকুৰাৰে
ৰং দিছো অপ্ৰাপ্তিৰ
দুকোঠলীয়া ঘৰটোত
প্ৰেম আৰু আশা
ইয়াৰ বাহিৰেনো আছে কি?
ভাঙিছো পাতিছো
আকৌ ভাঙিছো
আকাশৰ ফালে মুকৈ
দীঘল জখলা সাজিছো
স্বৰ্গদেউ চুকাফাৰ দৰেই
এই জখলাৰে এদিন নামি আহিবা
তুমি
সদায় বেয়া দিন নেযায় দিয়া
আমাৰ শুকান মাটিতো গজিব শইচ
সোণোৱালী
মই ইমান বেয়াও নহয়
তুমি যিদৰে ভাবিছা
প্ৰেম আৰু আশা
দুকোঠলীয়া ঘৰটোত বন্দী কৰি ৰাখিবলৈকে
মই বেয়া হৈছো তোমাৰ বাবে
মোক এৰি নিদিবা
এদিন ফিনিক্স পখী হৈ উৰা মাৰিম আকাশলে
তোমালৈ থৈ যাম সুৰুযৰ এচমকা
ডাৱৰীয়া বতৰত ৰিহাত মেৰিয়াই ল’বা!!!
:এমিলিয়ে শেখৰক সুধিছিল-’হোৱাট ইজ ইয়ৰ ছাউণ্ড অব্‌ ছউল?’
:নাথিং| সি কৈছিল| আচৰিত হৈছিল এমিলি|….খং, ক্ষোভ, প্ৰতাৰণা, ঘৃণাৰ প্ৰাবল্যত প্ৰতিশোধ ল’বলৈ গৈ ধ্বংসৰ গৰাহত ভৰি দিয়া বিদিশাক প্ৰায় জোৰ কৰিয়েই মৈত্ৰীয়ে লৈ গৈছিল ৰবীন্দ্ৰ ভৱনত নাটক চাবলৈ| নেথেনিয়েন হথৰ্নৰ পৃথিৱী বিখ্যাত ’স্কাৰলেট লেটাৰ’ৰ নাট্যৰূপ| এখন মাত্ৰ নাটকেই জোৱাৰ তুলিলে বিদিশাৰ অশান্ত মনত| সুখী হৈছিল মৈত্ৰী সিদিনা|

আৰু বহুত কথা আছে উপন্যাসখনত| একৈশ শতিকাত ভৰি দিয়াৰ পাছতো মানুহ সঁচা অৰ্থত মুক্ত আৰু স্বাধীন নহয়| সকলোৱে কথাবোৰ মাথো ভাবে আৰু কয়| কিন্তু সেইবোৰ কৰি দেখুওৱাৰ সাহস কাৰো নাই| অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহটী| কটনৰ দৰে কলেজত পঢ়া প্ৰাপ্তবয়স্ক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ ভাণ্ডাৰ বিশাল| অনুভৱ পুৰঠ| তথাপি অনিশ্চিত ভৱিষ্যতৰ আশংকাত সকলোৱে মাথো দৌৰে| ক’লৈ সেয়া কোনেও নাজানে| হোষ্টেলীয়া জীৱনৰ সোৱাদ, বন্ধু মহলৰ বাক-বিতণ্ডা, মনৰ ভাষা, শৰীৰৰ ভাষা, সমাজ ব্যৱস্থা, শিক্ষাৰ ভুল প্ৰণালী, অভিভাৱকৰ দ্বায়িত্ব, স্বত:স্ফুৰ্ত হৃদয়ৰ অনুভৱ, ৰাজনৈতিক মেৰপেচ এই সকলোবোৰ মিলি উপন্যাসখনক সুখপাঠ্য কৰি তুলিছে| মাজে মাজে দিয়া কবিতা কেইটাই আৰু সুৱগা চৰাইছে| বৰ্তমান যুগৰ ডেকা-গাভৰুৰ দোদুল্যমান মনৰ পথাৰখনৰ এক স্পষ্ট খতিয়ান এয়া| শেখৰো আজিৰ যুগৰ ডেকা| কিন্তু শেখৰে সহজ পন্থাৰে জীৱনক বিচাৰিছে| ৰেচৰ ঘোঁৰা হৈ দৌৰিব খোজা নাই| ৰঙীন চশমাৰ ফাঁকেৰে পৃথিৱীখনক চাব খোজা নাই| শেখৰে এমিলিক কৈছে-’আমাৰ বাবে ভালপোৱা আৰু যত্নৰ নাম-মা; ভালপোৱা আৰু ভয়-সমীহৰ নাম-দেউতা: ভালপোৱা, সহায় আৰু সহানুভূতিৰ নাম-ভনী: ভালপোৱা, কাজিয়া আৰু বুজা-বুজ্জিৰ নাম-ভাই বা ককাই: ভালপোৱা আৰু জীৱনৰ নাম-পত্নী: কিন্তু ভালপোৱা, যত্ন, ভয়-সমীহ, সহানুভূতি, কাজিয়া, বুজা-বুজি আৰু জীৱনৰ সকলো সংমিশ্ৰনৰ নাম এটা| সেয়ে হৈছে-বন্ধু| গতিকে ভাল বন্ধুতকৈ ডাঙৰ সম্বন্ধ একো নাই| মই তোমাৰ বন্ধুত্ব্ৰৰে চহকী হ’বলৈ পাই ধন্য| কাৰণ তেজ-মঙহ বা ধৰ্মৰ নামত শপত নোখোৱা সম্পৰ্ক সকলোতকৈ পবিত্ৰ আৰু স্থায়ী| ইয়াত বিচ্ছেদ নাথাকে|’
মানুহৰ মন নামৰ বিমূৰ্ত এই অদৃশ্য বস্তুটোক মানুহে নিজেই চিনি নাপায়, নিয়ন্ত্ৰণ কৰি ৰখাতো দূৰৈৰ কথা| তথাপি জীৱন চলে এনেদৰেই তাৰ নিজস্ব গতিত| কলেজৰ শেষৰ দিনা মানে শেখৰহঁতৰ ফেয়াৰৱেলৰ দিনা শেখৰ কবিতাত সুৰ দি অৰ্ণৱে গাইছিল-
নীলা চিঠিখন উৰি গৈ
আকাশত হেৰাল কেনি
তোমাৰ মাত বতাহৰ বোকোচাত
উঠি গ’লগৈ কেনি
জোনাকৰ চোতালত
খেপিয়াই ফুৰো মই
জানোচা পাওঁ
হেৰোৱা জোন
মুঠি মুঠি তৰা সিঁচি
মাতো তোমাক নিতৌ
এবাৰ আহা সোণ
মই জানো,
জানো সেই
নিজান দুপৰীয়া
সোণাৰু হালধীয়া
কাঢ়ি নিলা গোপনে
মোৰ প্ৰতিবিম্ব
এতিয়া মই অকলশৰীয়া
নীলা চিঠিখন…
আকাশত হেৰাল কেনি….
কলেজৰ পৰা ওলায় উদ্দেশ্যবিহীনভাবে ঘূৰি ফুৰিলে শেখৰে| ভাল লগা নাই তাৰ একো| শূন্যতাই আগুৰি ধৰিছে তাক| কলেজ শেষ কৰি কি কৰিব সি ভাবি উলিয়াব পৰা নাই| অন্যমনস্ক হৈয়ে শেখৰে চাইবাৰ কাফেত সোমাল| অনলাইনত এমিলিক পাই ভাল লাগিল| এমিলিয়ে আকৌ শেখৰত মনত পেলাই দিলে সি পাতিম বুলি কোৱা কলবাৰী খনৰ কথা| এইবাৰ শেখৰ দৃঢ়পতিজ্ঞ| সি গ্ৰেজুৱেচনৰ পাছত দেউতাকৰ ষোল্ল বিঘা মাটিত কলবাৰীয়েই পাতিব| স্থিৰ সিদ্ধান্তটো লৈ শান্ত মনেৰে ফাইনেল পৰীক্ষাত বহিবলৈ সাজু হ’ল শেখৰ……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক