সোপাধৰা (মলিন মজুমদাৰ)

এহতীয়া কুঠাৰখনেৰে বাৰীৰ সীমাৰ সিপাৰলৈ হাউলি থকা পাকৰি গছ ডালৰ ডাঙৰ ডালটোত তিনিটা কি চাৰিটা ঘাপ মাৰিছিলহে সি, তেনেতেই চিঞৰটো কাণত পৰিল তাৰ। স্পষ্টকৈ বুজিব নোৱাৰিলেও চিঞৰটো সিহঁতৰ ঘৰৰ ফালৰ পৰা অহা যেনেই লাগিল মহেন্দ্ৰৰ। বতাহৰ সোঁত ওলোটা বাবে ঘপিয়াবলৈ এৰি অলপ পৰ কাণ উনায়েই সি ঘৈণীয়েক বতাহীৰ হিয়াভঙা কান্দোনৰ শব্দ শুনিবলৈ পালে। অজান বিপদৰ আশংকাৰে বুকুৰ ঢপঢপনি লৈ সি একেলৰে যেতিয়া ঘৰ পালেহি তেতিয়ালৈ চুবুৰিৰ মানুহ সিহঁতৰ পদূলিত উবুৰি খাই পৰিছে। তাক দেখাৰ লগে লগে বতাহী তাৰ গাত উবুৰি খাই পৰিল আৰু তাৰ বুকুত ভুকুৱাই চিঞৰিবলৈ ধৰিলে। অজ্ঞান হৈ পদূলিৰ বকুলজোপাৰ তলত পৰি থকা মাকৰ মূৰত হেমকান্তৰ ঘৈণীয়েকে তেল-পানী দি বিচি আছে। অবিন্যস্ত চুলি আৰু গাৰ কাপোৰেৰে তাৰ গাত খামুচি ধৰি বতাহীয়ে যেতিয়া তাক মাইনুক সোপাধৰাই নিয়াৰ কথা ক’লে সি সৰগ পৰা মানুহৰ নিচিনাকৈ থৰ হৈ ৰ’ল। চকুৰ আগত ভাহি উঠিল তিনিবছৰীয়া জীয়েক মাইনুৰ কোমল মুখখন।

ৰাতিপুৱা চাহ -জলপান খাই মাক আৰু বতাহী পিছ চোতালত তাঁতত নতুন কাপোৰ লগাবলৈ বাতি কাঢ়িবলৈ লৈছিল। মাইনুৱে সুতাত আউল লগাব বুলি বতাহীয়ে তাইক বাপেকৰ লগত থাকিবলৈ কৈছিল। সি আকৌ বাৰীৰ পূব সীমাত থকা পাকৰি গছডালৰ সীমা পাৰ হৈ দধি মণ্ডলৰ মাছ পোহা পুখুৰীৰ ওপৰলৈ হাউলি পৰা ডালটো কাটিবলৈ ওলাল। কেইবাদিনো হ’ল মণ্ডলে তাক ডালটো কাটিবলৈ কোৱা। কালি মণ্ডলে অলপ টানকৈয়ে কৈছে। এনেয়েও বাৰীত মহৰ প্ৰকোপ, তাতেই সি গছত উঠি লৈহে হাউলি থকা ডালটো কাটিব লাগিব। গছৰ তলত মাইনুকনো এৰিব কেনেকৈ? তাতেই মহৰ উপৰিও সেই দীঘলবিধো ঘপহকৰে ওলাব পাৰে। সেয়ে সি মাইনুক পদূলিৰ বকুলজোপাৰ তলতে খেলি থাকিবলৈ দিলে। তলসৰা বকুলফুলবোৰৰ সৈতে খেলি তাই বৰ ভাল পায়। এনেয়েও তাই গাড়ী-মটৰলৈ ভয় কৰে, ৰাস্তাত নুঠেগৈ। সিতো পটকৰে আহিবই। এটা ডালহে কাটিব লাগে ! আগে পিছেও মাইনুক এনেকৈ বকুলৰ তলত খেলিবলৈ দি সি গৰু-ছাগলী এৰাল দি আহেগৈ। থাকে, তাই তেনেকৈয়ে খেলি থাকে। পিছে তাৰ সেই ভুলেই যে আজি কাল হ’ব পাৰে সি ভবাই নাছিল। ৰাস্তাৰ সিপাৰৰ অৱলা খুড়ীয়ে হেনো স্পষ্টকৈ দেখিছে – আদহীয়া মানুহ এজনে মুখখনত টিপা মাৰি ধৰি হাত ভৰি আচাৰি থকা মাইনুক চাৰিচকীয়া গাড়ী এখনত তুলি মুহূৰ্ততে উধাও হোৱা। অৱলা খুড়ীয়ে চিঞৰ বাখৰ কৰে মানে গাড়ী কোনোবা লংকা পালেগৈ। গাড়ীৰ নম্বৰো জানিব পৰা নগ’ল। চিঞৰ বাখৰ কৰি খুড়ীটি বতাহীহঁতৰ পদূলি পায়মানে ডেকা ল’ৰা কেইজনমান মটৰ চাইকেল লৈ গাড়ীখন যোৱা দিশে বিচাৰি গ’ল। দুজনমান গ’ল পুলিচ থানালৈ। বতাহী পাগলীৰ নিচিনা হৈ ৰাউচি জুৰিবলৈ ধৰিলে। হিয়াৰ আমঠু নাতিনীজনীক সোপাধৰাই নিয়া বুলি শুনা মাত্ৰেই আইতাক অজ্ঞান হৈ পৰিল।

“মই আগতেই কৈছিলোঁ – আমাৰ এইখন এতিয়া আৰু সেই আগৰ গাঁও হৈ থকা নাই। আগৰ সেই সৰু শিলদিয়া ৰাস্তাটোৰ ঠাইত ভুটানলৈ যোৱা এই হাইৱেটো নিৰ্মাণ কৰাৰ পাছত বহুত কিবা কিবি সলনি হ’ল। দৈনিক কত ৰকমৰ গাড়ী-মটৰ, কত ধৰণৰ মানুহ অহা-যোৱা কৰে, সৰু ল’ৰা-ছোৱালীবোৰক আগৰ নিচিনাকৈ ৰাস্তাই-পদূলিয়ে অকলে ওলাবলৈ নিদিবি। কেতিয়াবা কিবা নহ’বৰ ঘটনা হ’ব। পিছে কোনে শুনিব ! হৰি হৰি! ইমান মৰমলগা ছোৱালীজনী ঐ; হে, ঈশ্বৰ, তাইক ৰক্ষা কৰা হে প্ৰভু। ভগবানক খাট অ’ মহেন” – ধনেশ্বৰ দাইটিৰ কথাখিনি শুনি মহেন্দ্ৰৰ সম্বিৎ ঘূৰি আহিল। বতাহীক এৰি সি প্ৰথমে ৰাস্তালৈ আহিল, কিছু সময় মাইনুক লৈ যোৱাৰ ফালে চাই আ-আ কৈ চিঞৰ কেইটামান মাৰি কিছুদূৰলৈ দৌৰি গ’ল আৰু তাৰ পাছত মানুহবোৰে — দৌৰি লাভ নাই, ডেকাবোৰে বিচাৰি গৈছে বুলি কোৱাত ঘূৰি আহি বকুলতলৰ মাইনুৱে খেলি থকা ঠাইত বহি পৰিল। তলসৰা বকুলফুলবোৰৰ মাজে মাজে মাইনুৰ সৰু সৰু আঙুলিৰ আঁক-বাঁকবোৰৰ চুই চুই সি সেইভাগেই দৰক লাগি ৰ’ল।

সেইযে হাত-ভৰি আচাৰি থকা মাইনুক কোনোবাই গাড়ীত তুলি নিয়া দেখিছিল অৱলা খুড়ীয়ে, তাৰ পাছত আৰু মাইনুক দেখা নগ’ল। খবৰটো টেলিভিচনত ওলাল, বাতৰি কাকততো ওলাল, কিন্তু মাইনুক বিচাৰি পোৱা খবৰহে ক’তো নোলাল। পুলিচেও একো সুং-সূত্ৰ উলিয়াব নোৱাৰিলে। ঘৰখন তেনেই মৰিশালিৰ নিচিনা হৈ পৰিল। মাক আৰু বতাহীৰ চকুলৈ সি চাব নোৱাৰা হ’ল । অনবৰতে এক অপৰাধবোধ আৰু মানসিক পীড়াই তাৰ চকুৰ টোপনি কাঢ়ি নিলে। এনেয়েও কৃষ্ণ বৰ্ণৰ, হটঙা আৰু চুলি ঠৰঙা মানুহ। এতিয়া খীণাই গালৰ হনু ওলাই, চকু গাঁতত সোমাই কেইবাদিনৰো নুখুৰোৱা দাঢ়িৰে দেখিবলৈ কিবা ধৰণৰ হৈ পৰিল সি। বতাহীও শুকাই খীণাই গ’ল। বুকু সুদা হৈ গ’ল তাইৰ। চকুৰে ঘৰৰ চুকে কোণে, চোতালে পদূলিয়ে যেন মাইনুকে বিচাৰি থকা হ’ল — যেন এই ওলাবহি হৃদয় জুৰোৱা মিচিকিয়া হাঁহিটো মাৰি। খাওঁতে শোওঁতে মাইনুৰ স্মৃতিয়ে খেদি ফুৰা হ’ল দুয়োকে।

মহেন্দ্ৰই মুখেৰে মাতিব নোৱাৰে, জন্মৰ পৰাই বোবা। মাথো আ-আ কৈহে মাত ওলায়। ঘটনাটোৰ বাবে সি নিজকে জগৰীয়া কৰিলেও এই এক বিড়ম্বনা তাৰ — মনৰ দুখবোৰ, পীড়াবোৰ কাৰোবাৰ আগত বুজাই ক’ব পৰা হ’লেও! বতাহীৰ পৰাতো একপ্ৰকাৰ পলাই ফুৰিছে সি ; এইকাৰণে নহয় যে তাৰ মুৰ্খামিৰ বাবে বতাহীয়ে তাক উপহাস কৰিব, বৰং এইকাৰণেহে যে সি বতাহীৰ শোকাৰ্ত চকু-মুখলৈ চাব পৰাকৈ, চাই সান্ত্বনা দিব পৰাকৈ নিজেই ইমন সুস্থ-সবল নহয়। সি নিজেই সৰু ল’ৰা-ছোৱালী বুলিলে পাগল। শ্ৰম কৰি খোৱা পাহুৱাল, খামি ডাঠ মানুহ হ’লেও কিন্তু তাৰ মনটো শিশুৰ দৰে কোমল। মাইনুক হেৰুৱাই সি বতাহীকো সান্ত্বনা দিব পৰা নাই, নিজকো চম্ভালিব পৰা নাই। চুবুৰিৰ শিশুবোৰলৈ চালেই সি মাইনুক দেখা হ’ল। সৰু ছোৱালী দেখিলেই মাইনু বুলি একোলা ল’বলৈ মন যোৱা হ’ল তাৰ।

হয়তো কাৰোবাৰ পৰা, কিহবাৰ পৰা পলাবলৈকে যেন ঘটনাটোৰ এমাহমান পাছত সি দুবছৰ আগতে আধিলৈ অনা গাইজনী ঘূৰাই দিয়াৰ আচিলাৰে দীঘলডঙাৰ সখিয়েকৰ ঘৰলৈ যাবলৈ ওলাল।
*****
দৈশিঙৰী হৈ চৰাইমাৰী, ডুমুনী আৰু নিকাচি আৰু মাজে মাজে সৰু সৰু আন গাঁ‌ও কিছুমান পাৰ হৈ গাইজনী লৈ দিনটো বাট বুলি মহেন্দ্ৰ যেতিয়া সখিয়েকৰ ঘৰ পালেগৈ তেতিয়ালৈ বেলি পাতত বহিছে। পিছে যি মানসিক অশান্তিৰ পৰা সি পলাই ফুৰিব খুজিছিল, সখিয়েকৰ ঘৰ পাই যেন বাঢ়িলহে। সখিয়েক আৰু তাৱৈয়েকৰ হা-হুমুনিয়াহ, আমৈয়েক আৰু সখিয়েকৰ পত্নীৰ এসোঁতা কন্দা-কটা শুনি তাৰ শোক আকৌ উজাই আহিল। সখিয়েকৰ মৰমলগা চাৰিবছৰীয়া জীয়েক আইমনিক দেখি, তাইৰ মৰমসনা কথা-বতৰাবোৰ শুনি মাইনুৰ স্মৃতিয়ে তাক পাগল কৰি তুলিলে। তাৰ কোটৰগত চকু আৰু দাঢ়িৰে ভৰ্তি গোমোঠা মুখখন দেখি ওচৰ চাপিব নোখোজা আইমনিক তাৰ সাৱটি ধৰি থাকিবলৈ মন গ’ল, একোলা ল’বলৈ মন গ’ল। বহু কষ্ট কৰি ৰাতিটো কটাই সি পুৱাতেই ঘৰলৈ খোজ ল’লে। বাছেৰে নিকাচি-মুছলপুৰ-পাঠশালা- আনন্দবাজাৰ হৈ ঘৰলৈ গ’লেও সন্ধিয়াহে ঘৰ পাবগৈ। তাতকৈ সি অহা ভিতৰুৱা গাঁৱলীয়া চমু বাটেৰেই ওভটনি যাত্ৰা আৰম্ভ কৰিলে।

সখিয়েকৰ ঘৰৰ পৰা যিমানেই আঁতৰি আহিছে সিমানেই যেন আইমনিৰ চকুহালে মাইনুৰ ৰূপ ধৰি খেদি আহিছে তাক। নিজৰ ওপৰতেই ধিক্কাৰ জন্মিল তাৰ। মাইনুক, আইমনিক একোলা ল’বৰ মন গ’ল তাৰ। মাইনুক যেন ক’ব —- এবাৰ আহচোন আই, উভতি আহ; আৰু কেতিয়াও অকলে নেৰো তোক। মা -আইতাৰ ব্যস্ত হ’লে মই কামলৈ যাওঁতেও বোকোচাত বান্ধি লৈ যাম, তথাপি অকলে নেৰোঁ, এবাৰ উভতি আহচোন আই। তোক কোনে লৈ গ’ল আইজনী ? কেনে আছ তই ? মা-আইতাৰ জীয়াতে মৰাৰ নিচিনা হৈছে, তোৰ চিন্তাত খাৱন-শোৱন নোহোৱা হৈছে। মোৰ বিলৈ দেখিছনে আই ? এবাৰ, মাত্ৰ এবাৰ ক্ষমা কৰি দে আই । আহচোন উভটি, ক’লৈবা গ’লিগৈ, কোনেইবা লৈ গ’ল, ক’লৈ বা লৈ গ’ল – – – – কথাবোৰ ভাবি ভাবি নিজৰ মাতেৰে, মুখেৰে দুৰ্বোধ্য ভাষাত বেল বেলাই মহেন্দ্ৰ আগবাঢ়িল, ঘৰলৈ বুলি।
*****
বাৰিষাৰ ভৰ দুপৰীয়া। গাঁওখনৰ বেছিভাগ বয়সিয়াল মানুহ খেতি পথাৰত। ল’ৰা-ছোৱালীবোৰ স্কুলত। গজেনহঁতৰ পথাৰত বোকা দিছে। ৰোৱনী কেইবাগৰাকীও। তাৰে দুগৰাকীৰ আকৌ তামোলৰ লগত ক’লা ধপাত নহ’লে জুতি নালাগে। তামোলত জুতি নাপালে আকৌ ৰোৱাত জুতি লাগিবনে ? গতিকে গজেনে পথাৰত চাহ-পিঠা দি আহি গাত চোলাটো সুমুৱাই ল’লে। কোচাই লোৱা পানী গামোচাখনৰ খোচনি খুলি ঠিক কৰি ল’লে আৰু চাইকেলখন লৈ তিনিআলিৰ দোকানলৈ ধপাত আনিবলৈ গ’ল। চক্ৰৰ দোকানৰ পৰা বিড়ি এটা লৈ গজেনে দোকানৰ পিছফালে আহি বিড়িটো জ্বলাই ল’লে। বিড়িটোত দুটামান হোপা মাৰি সি দোকানৰ আগফাললৈ চালে, গাঁৱৰ কোনোবা বয়োজ্যেষ্ঠ মানুহ ওলায়হি নেকি বুলি। তেতিয়াই সি দেখিলে মানুহজন – ক’লাকৈ, হটঙা, দীঘল দাঢ়ি, ঠৰঙা চুলিৰে, চকু দুটা গাঁতত সোমোৱা । মানুহজনে দোকানৰ আগত পাৰি থোৱা বেঞ্চখনত পুতলা এটা লৈ বহি থকা চক্ৰ দোকানীৰ কণমানি জীয়েকজনীলৈ একেথিৰে চাই আছে। মানুহজনৰ চাৱনিটো অদ্ভুত যেন লাগিল গজেনৰ। বিড়িটো পেলাই সি আগফাললৈ আহিল। চক্ৰ দোকানীক ক’লা ধপাতৰ পাত কেইটামান দিবলৈ কৈ গজেনে মানুহজনক আঁৰ চকুৰে লক্ষ্য কৰি থাকিল। এইবাৰ মানুহজনে চক্ৰৰ দোকানৰ পৰা কেইটামান চকলেট কিনিলে আৰু তাৰে দুটা চক্ৰৰ জীয়েকক যাঁচিলে —

মাত-বোল নকৰাকৈ অথনিৰ পৰা ৰ-লাগি চাই থকা ছোৱালীজনীক চকলেট যঁ‌চাত গজেনে হেই হেই কৈ চিঞৰি উঠিল, “নিদিব হেৰি, সৰু ছোৱালী, দাঁত বেয়া হ’ব, তাতেই আপুনিনো কোন তাইক চকলেট দিবলৈ?”

গজেনৰ কথা শুনি মানুহজনে মুখেৰে একো উত্তৰ নিদি গুচি গ’ল। মানুহজনৰ আচৰণত গজেন আচৰিত হ’ল। মানুহজনৰ অদ্ভুত চাৱনিটোৰ কথা চক্ৰ দোকানীক বুজাই আগলৈ সাৱধান হ’বলৈ কৈ কাগজেৰে নুৰিয়াই দিয়া ক’লা ধপাতখিনি লৈ গজেন চাইকেল লৈ ঘৰ মুৱা হ’ল। কিছুদূৰ গৈয়েই সি সেই মানুহজনক গৈ থকা দেখিলে। চাইকেলৰ গতি ধীৰ কৰি কাষেৰে পাৰ হৈ যাওঁতে সি মন কৰিলে মানুহজনে মুখেৰে অদ্ভুত ভাষাৰে কিবা কিবি বেল-বেলাই গৈ আছে। ‘স্ক্ৰু ঢিলা চাগৈ’ — গজেনে ভাবিলে। ঘৰলৈ গৈ চাইকেলখন থৈ পানীৰ কেটলিটো আৰু কটা তামোলৰ টোপোলাৰে সৈতে ধপাতখিনি লৈ গজেন পথাৰলৈ গ’ল।
*****
ঘটনাটো প্ৰথমতে দেখিছিল তাৰিণীৰ মাকে। দুবছৰীয়া নাতিনীয়েকজনী কাষৰ ঘৰৰ পাঁচবছৰীয়া ল’ৰাটোৰ সৈতে পদূলিত খেলি আছিল। তাৰিণীৰ মাকে ভাত ৰান্ধিবলৈ বুলি খৰি থোৱা চাঙখনৰ পৰা খৰি নিবলৈ আহোঁতেই দেখিলে – সেই নাতিনীয়েকজনীকে এজন অচিনাকি, অদ্ভুত ধৰণৰ মানুহে দুহাতেৰে তুলি লৈ চকলেট এটাৰ বাকলি গুচাই খুৱাবলৈ লৈছে। তেওঁ দেখিলে ল’ৰাটোৰ হাততো চকলেট। মানুহজনৰ চিৰি চেহেৰা আৰু দৃশ্য দেখি তেওঁৰ গাত কঁপনি উঠিল।হয় হয় — সোপাধৰাই হ’ব। টিভিত দেখুৱাই আছে নহয়, সোপাধৰা ওলাইছে বুলি। ভাগ্যে মই খৰি নিবলৈ বাহিৰলৈ আহিছিলোঁ বুলিহে — কথাষাৰ ভাবিয়েই তাৰিণীৰ মাকে চিঞৰিবলৈ ধৰিলে — “সোপাধৰা, সো পা ধ ৰা , কোন ক’ত আছা ঐ, আমাৰ মাজনীক ধৰিলে ঐ- -”

তাৰিণীৰ মাকৰ চিঞৰ শুনি মানুহ গোট খাবলৈ বেছি পৰ নালাগিল। যেয়ে যেনেকৈ আছিল দৌৰি আহিল। ওচৰৰে এঘৰত তাচ খেলি থকা ডেকা কেইজনমান আৰু নাতিদূৰৰ এঘৰত চুলাই খাই থকা দুজনমানো আহিল।

কোনে প্ৰথমতে মাৰিছিল হিচাপ নাই, যাৰেই মন গৈছে চৰটো, ভুকুটো, গোৰটো শোধাইছে। মানুহজন বাগৰি পৰিছে। কিবা ক’ব খুজিছে, পৰা নাই। আ আ কৈ কিবা কিবি অংগী-ভংগী কৰি আছে। কৰুণাৰ মাক অলপ ধীৰ মতিৰ মানুহ। তেখেতে মাৰিবলৈ বাধা দি ক’লে, ” মানুহজন পলাব নোৱাৰে নহয়, মাৰপিটখন নকৰিবি দেও, বহুত হ’ল। দেখা নাই, তেজ বতিয়াই গৈছে। বোলো সোধহ’কচোন, ক’ৰ মানুহ, কি কথা, কিয়বা তুলি লৈছিল মাজনীক।”

“এ হৈছে আৰু বৰমা, দেখা নাই, মুখেৰে নামাতে। কতবাৰ সুধিছোঁ, নিৰ্ঘাত সোপাধৰাই হয়, নহ’লে চকলেট লগত লৈ ফুৰেনে ? বাটৰ কেঁচুৱা হাতত তুলি লয়নে ? বোবাৰ ভাও ধৰিছে, দুপালিমান আৰু ভালকৈ দিবহে লাগে, তেহে যদি সৈ কাঢ়ে। আগতেবা কিমান ল’ৰা-ছোৱালী চুৰ কৰিছে !” —— কৰুণাৰ মাকৰ কথালৈ কোনেও কেৰেপকে নকৰিলে। মাৰ-পিট দেখি সহ্য কৰিব নোৱাৰাকেইজন আঁতৰ হ’ল। দুজনমান চেঙেলিয়াই মানুহজনৰ হাত দুখন বান্ধিও পেলালে, পলাব পৰা অৱস্থাত নাই, তথাপি। তাৰ পিছতো আবেলিলৈ পথাৰৰ পৰা আহি পোৱা দুই এজনেও সোপাধাৰা চাই গ’ল। সাৰ-সুৰ নোহোৱাকৈ মানুহজন পৰি আছে, বুকুখন উঠা নমা হৈ আছে মাথো । তথাপি দুই একে দুই এটা গোৰ মাৰি হেঁপাহ পলুৱালে – এইবোৰক শেষ কৰি দিব লাগে, জ্বলাই দিব লাগে- – – ।

অজান এখন গাঁৱত কোনোবা দুষ্টই অপহৰণ কৰি নিয়া মাইনুৰ পিতৃ মহেন্দ্ৰ এইদৰে পৰি থাকিল নিজেই সোপাধৰা নাম লৈ। সন্ধিয়া হওঁ‌ হওঁ। আৰক্ষীৰ লোক এতিয়াও আহি পোৱা নাই, হয়তো আহি পাব এতিয়াই। সাংবাদিকো আহিব, কেমেৰাও আহিব আৰু এটা বাতৰিও হ’ব — অমুক গাঁওত ৰাইজৰ দ্বাৰা এজন সোপাধৰা ——

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক