সোৱণশিৰি লৈ মনত পৰে (মৃদুল মজিন্দাৰ বৰুৱা)

সোৱণশিৰিৰ নৈপৰীয়া
গাভৰু আছিল তাই…..!
সোৱণশিৰিৰ বালিত যেতিয়া তাই
সোণ বাচিছিল..
নাৱৰীয়াবিলাকৰ চকু থৰ হৈছিল
তাইৰ..
পুৰঠ কলাফুলত…..!!

জংকীৰ দেশৰ পানৈ আছিল
তাই..
তাইৰ টনা চকুযোৰিৰ
চাৱনিত..
প্ৰাণ পাই উঠিছিল
সোণাৰু কেশৰ
আৰু
বহুতো বনৰীয়া ফুল…..!!

কঁকালত কলচি লৈ
মথাউৰিয়েদি উজাই
আহোঁতে..
কিমান যে বাটৰুৱাৰ
দিক হেৰাইছিল…..!!
মেঠনি মৰা বুকুখনেদি বৈ অহা
তৰলতাৰ বাবে..
আমাৰ দৰে কিমানৰ যে
যৌৱন নষ্ট হৈছিল…..!!

ঐনিতমৰ সুৰ বাগৰি
পৰিছিল..
তাইৰ যৌৱন দেহাৰ
খলা বমাত…..!
ডাঙৰী কঢ়িয়াই লৈ ফুৰা
তাইৰ..
লাহী ককালৰ তামোলৰ খোচত
যৌৱন বন্দী কৰিব

বিচাৰিছিল
নপামৰ ডেকাচাঙে…..!!

আস..
সোৱণশিৰি্লৈ মনত পৰে…..!!

আজিও আছে সেই
সোৱণশিৰি…..!
(আগতকৈ বহল হ’ল )

কিন্তু..
নাই..
সেই নৈপৰীয়া জংকীৰ
গাঁওখন নাই…..!!
নাই সেই উন্মত্ত যৌৱনৰ
অধিকাৰিণী পানৈ..
আজি একো নাই…..!!

ক’লৈ গ’ল বাৰু…..??

আজি..
সেই মথাউৰিতে বহি
ভাবি আছোঁ
সেই কথা…..!

সময়ৰ সোঁতে সকলো
সলনি কৰি দিয়ে…..!!

নহয়নে….?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments