সৌদাগৰ : বিয়াৰ বজাৰ (-মল্লিকা কলিতা)

প্ৰথমেই সমূহ পঢ়ুৱৈক জনাবলৈ বিচাৰোঁ যে মই কোনো চিনেমা সমালোচক নহওঁ । সাধাৰণ চিনেমাপ্ৰেমী দৰ্শকহে । উল্লেখিত চিনেমাখন আমাৰ ভাললগা চিনেমাৰ ভিতৰত এখন, আৰু ধাৰণা কৰিব পাৰি চিনেমাখনে নিৰুৎসাহী নকৰে চিত্ৰপ্ৰেমী দৰ্শকক । ৪৬তম অস্কাৰ বটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা শাখাত ভাৰতৰ ‘অফিচিয়েল এন্ট্ৰি’ লাভ কৰিছিল যদিও পিছত বিতাৰিতও হৈছিল । পৰিচালনা তথা চিত্ৰনাট্য প্ৰখ্যাত বোলছবি পৰিচালক, কলা নিৰ্দেশক সুধেন্দু ৰয়ৰ, যিয়ে তিনিবাৰকৈ শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ ‘ফিল্ম ফেয়াৰ বঁটা’ লাভ কৰিছিল মধুমতী(১৯৫৯), মেৰে মেহবুব(১৯৬৪), আৰু চাগিনা(১৯৭৫)ৰ বাবে । ৰাজশ্ৰী প্ৰডাকচনৰ বেনাৰত প্ৰসিদ্ধ প্ৰযোজক তাৰাচন্দ্ৰ বাৰজ্যাত্যৰ দ্বাৰা নিৰ্মিত । তেখেতৰ দ্বাৰা নিৰ্মিত কেইখন মান চিনেমা হ’ল দোষ্টি, জীৱন মৃত্যু, উপহাৰ, পিয়া কা ঘৰ, চাৱন কো আনে দো, সাৰাংশ আদি । সংগীত ৰবীন্দ্ৰ জৈনৰ । নৰেন্দ্ৰনাথ মিত্ৰৰ বাঙালী কাহিনী ‘ৰস’ৰ আধাৰত বোলছবিখন নিৰ্মাণ কৰা হৈছে, মুছলমান সমাজকলৈ । ডায়লগ পি. এল. সন্তোষীৰ(ৰাজ কুমাৰ সন্তোষীৰ দেউতাক) । চিত্ৰগ্ৰহণ দীলিপ ৰঞ্জন মুখাৰ্জীৰ, সম্পাদনা মুখতাৰ আহমেদৰ আৰু কৰিঅ’গ্ৰাফী সত্যনাৰায়ণৰ । বাজেট আছিল ৭.৫০লাখ আৰু ই মাত্ৰ ৫লাখৰ হে ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল । দৈৰ্ঘ্য ১৩১মিনিট । মুক্তি লাভ কৰিছিল অক্টোবৰ ২৬, ১৯৭৩চনত ।

কাহিনী সহজ-সৰল গাঁৱৰ পটভূমিক লৈ । ‘মোতি’(অমিতাভ বচ্চন) খেজুৰৰ ৰস সংগ্ৰহ কৰোঁতা; সেই ৰস পগাই মিঠা গুৰ প্ৰস্তুত কৰে তাৰ ব্যৱসায়ৰ অংশীদাৰ ‘মাজুবী’(নুতন)য়ে, তাই তৈয়াৰ কৰা গুৰৰ, বজাৰত চাহিদাও বেছি । মাজু এগৰাকী বিধৱা । মোতি প্ৰেমত পৰে আকৰ্ষণীয় ‘ফুলবানো’(পদ্মা খান্না)ৰ । কিন্তু ফুলৰ দেউতাক ‘শ্বেখ চাহাৱে’(মুৰাড) পাঁচশ টকা ‘মেহেৰ’(মুছলিম সমাজত ছোৱালীৰ বিয়াৰ দাম) নিৰ্ধাৰণ কৰে, যি মূল্য মোতিৰ বাবে সুদূৰপৰাহত । তাইক কিনিবলৈ, মোতিৰ লক্ষ্যত, উদ্দেশ্যত উপনীত হ’ৱলৈ মাজুবীক চলাহী কথাৰে ভুলাই মোতিয়ে বিবাহৰ প্ৰ্স্তাৱ আগবঢ়ায় । তাইক বিয়া কৰায় মাত্ৰ এটা ঋতুৰ বাবে, সি যাতে তাইৰ কামৰ বেতন দিৱলগীয়া নহয় । মোতিয়ে খৰতকীয়াকৈ পাঁচশ টকা (মেহেৰ) আৰ্জন কৰিবলৈ খেজুৰৰ গছ বেছিকৈ ধাৰে লয়, খেজুৰৰ ৰসৰ টেকেলি বেছিকৈ ঘৰলৈ আহিবলৈ ধৰে । অতি সোনকালে কামিলা মাজুৰ সহযোগত মোতি নিজৰ লক্ষ্য পাৰ কৰে আৰু নিৰ্লজ্জ ভাৱে মাজুক পৰপুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি মিছা অপবাদেৰে ‘তালাক’ দিয়ে । ফুলক আকোঁৱালি লয়, কিন্তু ফুল কুমলীয়া গাভৰু ঘৈণীয়েকে মোতিৰ আশাত চেঁচা পানী ঢালে । কোনো পধ্যেই বয়সীয়াল কিন্তু কৰ্মঠ, ঘৰধৰা মাজুৰ কাষ চাপিবলৈ অসমৰ্থ হয় । প্ৰথমবাৰৰ বাবে ব্যৱসায়ত লোকচান হয়; ইমান দিনৰ, বছৰৰ খ্যাতি-যশস্যা মাটিৰ লগত মিহলি হৈ যায় মোতিৰ । মাজুবীয়ে এজন বিপত্নীক ‘নাদিৰ’(ত্ৰিলোক কাপুৰ)ৰ ল’ৰা-ছোৱালীৰ মাক হ’বলৈ বিয়াত বহে । শেষত অপমানিত মোতি তাৰ আগৰ ঘৈণীয়েকৰ ওচৰলৈ যায় দুটা ৰসৰ টেকেলি সহ, মাজুৰ পৰা সহায় ভিক্ষা মাগে নতুন আৰম্ভণিৰ বাবে ।
মোতিৰ ভূমিকাত অমিতাভৰ চতুৰতা, পাষণ্ডী, কূটিলতা ভৰা অভিনয়ে নিশ্চিত ৰূপে আপোনাক আকৰ্ষণ কৰিব । অৱশ্যে ছৱিখনৰ আৰম্ভণিতে অমিতাভৰ ওঁঠৰ ‘হৰ হচীন চিজো কা ম্যে তলবগাৰ হু…..(কিশোৰ কুমাৰ)’ গানটোৱে মোতিৰ চৰিত্ৰৰ অংকণ সুন্দৰভাৱে কৰিছে । গতিকে যিকোনো পৰ্য্যায়লৈ যাব পাৰে মোতি, ধুনীয়া বস্তুটো নিজৰ কৰি পাবলৈ । মোতিয়ে বজাৰ দখলৰ বাবে মাজুৰ হাতত ধৰিবও পাৰে, প্ৰয়োজন পূৰা হোৱাৰ পিছত বাহিৰ কৰিও দিব পাৰে । মোতিয়ে ‘মেহেৰ’ৰ প্ৰথম কিস্তি দিবলৈ ফুলৰ দেউতাকৰ সন্মুখত কোৱা কথাকেইষাৰে দৰ্শকক মোতিৰ প্ৰতি ঘৃণা কৰিবলৈ বাধ্য কৰাব । ‘জব তক প্যেৰো মে ৰস হ্যে, অঔৰ বদন কো চৰদী লগতী হ্যে, তব তক মাজুবী মেৰে ঘৰ মে হ্যে । দক্ষিণ কী হাৱা জ্যেচে হী চলেগী মাজুবী কো চাথ উৰা কে লে জায়েগী’!! ‘চুপাৰষ্টাৰ’ অমিতাভৰ সচঁৰাচৰ দেখিবলৈ পোৱা মছলা’ চিনেমাৰ পৰা আতঁৰত, নৃত্য, দৰ্শকক চমক সৃষ্টি কৰিব পৰা গানৰ পয়োভৰ নথকা এইখন ‘অভিনয় সৰ্বস্ব’ চিনেমা । ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ পাঁচবাৰৰ বিজয়ী শক্তিশালী অভিনেত্ৰী নুতনে সৌদাগৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ষষ্ঠবাৰৰ বাবে মনোনীত হৈছিল । এই খন চিনেমাৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটা ‘বি এফ জে এ’ৰ পৰা পাইছিল তৃতীয় বাৰৰ বাবে । নুতনে মাজুৰ কৰুণতা, দুৰ্দশা, পীড়া, শূণ্যতা, আটাইখিনি নিখুত ৰূপত ফুটাই তুলিছে বলিষ্ঠ অভিনয়শৈলীৰে । মাজুৰ সৈতে প্ৰত্যেকগৰাকী দৰ্শকে একাত্মবোধ কৰিব । আনগৰাকী অভিনেত্ৰী পদ্মা খান্নাৰ অভিনয়ো যথাযথ । তেওঁক বিন্দু, হেলেন আদিৰ পিছৰ ‘কেবাৰে নৰ্ত্তকী’ আৰু খলনায়িকাৰ চৰিত্ৰত দেখা পোৱা যায় । পৰৱৰ্ত্তী সময়ত ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত ‘কৈকেয়ী’ চৰিত্ৰত দেখা পাইছিলোঁ ।
নাৰী পণ্য সামগ্ৰী, নাৰীৰ কোনো মূল্য নাই । ফুলৰ দেউতাকে জীয়েকৰ দাম বিয়াৰ বজাৰত পাঁচশ টকা নিৰ্ধাৰণ কৰাটোকে সূচায় নাৰীৰ গুৰুত্ব । চিনেমাখনত কেইটামান খুৱেই অন্তৰস্পৰ্শী দৃশ্যাংশ আছে০০০
১: বজাৰত ফুলে প্ৰস্তুত কৰা গুৰ বিক্ৰী নোহোৱাত অন্য ব্যৱসায়ী বোৰে মোতিক ঠাট্টা-মস্কৰা কৰা আৰু জনশূণ্য বজাৰত মোতি গুৰখিনি আগত লৈ বহি থকা ।
২: মোতি হতাশগ্ৰস্ত হৈ খেজুৰ গছত ওলমি থকা মাটিৰ টেকেলিবোৰ পাত্থৰ মাৰি ফুটাই পেলোৱা । খালি হাতে ঘৰলৈ আহোতে ফুলে যেতিয়া সোধে ৰস ক’ত, মোতিয়ে কৈ উঠে ‘খতম হো গয়া, মেৰে লিয়ে ৰস কা মৌচম খতম হো গয়া’ । ফুলে দেউতাকৰ ঘৰলৈ যাব বিচাৰোঁতে, মোতিয়ে “কেতিয়া যাবলৈ বিচাৰ” বুলি তাইক ওলোটাই সোধে ।
৩: শেষৰ দৃশ্যাংশত মাজুৰ বৰ্তমানৰ গিৰিয়েকৰ ঘৰত দুই টেকেলি ৰস লৈ উপস্থিত হোৱা আৰু মাজুক সেই ৰসেৰে গুৰ প্ৰ্স্তুত কৰিবলৈ অনুৰোধ জনোৱা । পিছে পিছে আহি মাজুৰ ঘৰত উপস্থিত হয় ফুল আৰু শুনি থাকে কথোপকথন । ফুলবানোৱে মাজুক ‘আপা’ মানে বাইদেউ বুলি আঁকোৱালি ধৰিছে । মাজুৰ গিৰিয়েকে যেতিয়া কয়-“ হুক্কাৰ জুই নুমাই গ’ল চাগে”, তেতিয়া মোতিয়ে কৈ উঠে ‘‘আগ অভি বুঝী নহী’’ । কিছু প্ৰশ্ন, কিছু ৰহস্যময়তাৰ মাজত এৰি দিয়ে আমালৈ । সমাপ্তি সকলোৰে বাবে সন্তোষজনক নহবও পাৰে । মাজুৱে সকলো খ্ং-ৰাগ-বিদ্বেষ আঁতৰাই আনন্দেৰে অতীতৰ তিক্ততাক পাহৰি পেলোৱা দৃশ্য হজম কৰিবলৈ অলপ হ’লেও কষ্ট হ’ৱ । মাজুক ক্ষমাদায়িনী নাৰী ৰূপে দেখুৱাইছে । যাৰ ক্ষোভ-দুখ আছে, লগতে কোমলমতীয়া অন্তৰও আছে । নহ’লেনো ‘নাদিৰ’ৰ ল’ৰাই ফুলৰ গুৰখিনি তিতা বুলি থুৱাই দিওঁতে মাজুৱেও অকণমান মুখত ভৰাই চাইছে আৰু সোৱাদ খিনি লৈ চকু চলচলীয়া হৈ পৰিছে ।
আটাইকেইটা গানৰ ৰচয়িতা স্ংগীত পৰিচালক ৰবীন্দ্ৰ জৈন । গানকেইটা সুমধুৰ আৰু এতিয়াৰ প্ৰজন্মকো আকৰ্ষিত কৰি আহিছে । বিশেষভাৱে লতা ম্ংগেশকাৰৰ ওঁঠত ‘ধুপ হো, ছায়া হো, তেৰা মেৰা সাথ ৰহে’’, আশা ভোঁচলেৰ ‘ চজনা হ্যে মুঝে চজনা কে লিয়ে’’ আৰু মান্না দে’ৰ কন্ঠত ‘দূৰ হ্যে কিনাৰা’ উল্লেখনীয় ।
(তথ্যৰ বাবে ইণ্টাৰনেটৰ সহায় লোৱা হৈছে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক