সৌ ৰ’দটুকুৰা – পাপৰি বৰ্মন

আনদিনাখনৰ দৰেই আজিও বসন্ত দাসক একমাত্ৰ বোৱাৰীয়েক ৰত্নাই কাপোৰসাজ সলনি কৰাই দি চোতালখনৰ এটা মূৰে উমাল কৰি তোলা অকণমানি এটুকুৰা ৰ’দত পাৰি থোৱা আৰামী চকীখনত বহুৱাই দিলে৷ পুহমহীয়া জাৰত ৰ’দত বহি গাত উম লোৱাৰ মজাকণয়ে বেলেগ৷ ৰত্নাৰ ব্যস্ত জীৱনত এতিয়া সময় উলিওৱা ইমান কঠিন যে তাই এনেহেন পুহমহীয়া জাৰত ৰ’দৰ উম লব বিচাৰিলেও নোৱাৰে৷ ৰত্নাই লোভেৰে ৰ’দটুকুৰালৈ চালে৷ এটুকুৰা ৰ’দ৷ কি আকৰ্ষণ, ঠিক চুম্বকীয় গতিৰ দৰেই৷ পুহমহীয়া নিহালিত গৰম কাপোৰৰ তলৰ ঠাণ্ডাক পৰাজয় কৰা সেই উম৷ ইছ, সেই আমেজকণো এৰিব লগা হয় অতিবাহিত জীৱনৰ ব্যস্ততাত, ঠিক উমাল ৰ’দটুকুৰাৰ দৰেই৷

সৰুতে মনত থকাৰ পৰা ঠাণ্ডাৰ দিনবোৰত দুডাল বেণীগুঠি ৰঙা ফিটা মাৰি ঘৰৰ চোতাল বা কোঠাত এটুকুৰা ৰ’দ বিচাৰি ঘূৰি ফুৰিছিল তাই৷ ৰত্নাহঁ‌তৰ তিনিজন ভাই ককাইয়েকৰ মাজত তাই নুমলীয়া আছিল৷ ডাঙৰ ককায়েক দুজনে ৰাতিপুৱা প্ৰথমে ওলোৱা ৰ’দটুকুৰাত অলপ পিঠিখন পাতি দিলেও ৰত্না গৈ পালে তাইৰ বাবেই ৰ’দৰ উমখিনিও মৰমৰ একমাত্ৰ ভনীয়েকৰ বাবেই বিসৰ্জন দিছিল৷ কিন্তুু ৰত্নাতকৈ ডেৰ বছৰৰ ডাঙৰ ককায়েকজনে ৰত্নাৰ লগত ৰ’দ টুকুৰাৰ বাবেই এনেকৈ কাজিয়া কৰিছিল যে ঘৰৰ জেষ্ঠজনৰ মধ্যস্থতাত জৰুৰী হৈ পৰিছিল৷ ঘৰখনৰ মানুহৰ কৃপাত যেতিয়া ৰত্নাই বেতৰ মূঢ়াটো পাৰি ৰ’দৰজাকৰ উমত বহিবলৈ পাইছিল, তেতিয়া তাই চিঞৰি চিঞৰি অসমীয়া পদ্যবোৰ পঢ়ে৷ ঘৰখনৰ একমাত্ৰ জীয়েকৰ পঢ়াৰ প্ৰতি ধাউতি দেখি ঘৰৰ জ্যেষ্ঠসকলে সন্তোষ লভে৷ চিঞৰি চিঞৰি ওলোৱা মাতটো অনুক্ৰমে সৰু হৈ গৈ যেতিয়া নাইকিয়া হয় তেতিয়ালৈ পুহমহীয়া বেলিটোৱে সকলোকে সমানে মৰমৰ উমেৰে আৱৰি ৰাখে৷ সেই ৰ’দজাকতে মাকে চোতালত ৰ’দাই থয় সিহঁতৰ পথাৰৰ সোণগুটিবোৰ৷ মাকে আখলত গ’লে ৰত্নাক ৰিঙিয়াই কৈ যায়, “ধানবোৰ চাবিচোন৷ পাৰচৰাইয়ে খাব“।

ৰত্নাই কেৱল পাৰচৰাইক হে নে চোতালৰ ৰ’দজাকত উমলি থকা বা নাঁচি থকা প্ৰত্যেকটো চৰাইক অকণমাণি ধান খোৱাৰ পৰা বিচলিত নকৰে৷ কিন্তুু মাক বা ঘৰৰ আন মানুহক চোতাল বা ঘৰৰ বাৰান্দা বা যিটো কোঠাৰ পৰা চোতালখন দেখি তালৈ অহা শব্দ শুনিলে দীঘল বাঁ‌হৰ মাৰিডালেৰে চৰাইবোৰক “চুই, চুই“কৈ মুখেৰে শব্দ তুলি খেদি দিয়ে৷ ৰত্নাৰ ঠাণ্ডাৰ দিনবোৰ অতি প্ৰিয়৷ সূৰুজটোৰ সৈতে মিতিৰালি কৰি ৰত্নাই এটুকুৰা ৰ’দৰ উম বিচাৰি তেতেলী, জলফাই বা বগৰীত কামোৰ দিয়ে৷ তাৰ মাজতে চোতালৰ এমূৰে থকা ঢেঁকীঘৰৰ কাষৰ যিকণ জেগা থাকে তাতে চুবুৰীৰ সমনীয়াৰ লগত চোতালত আঁ‌চ টানি শিলগুটি এটা এখন ভৰি দাঙি আনখন ভৰিৰে চিটিকাই “কুট্ট কুট্ট“ খেলে৷

“অঁ, গৈছো“, বুলি ৰত্না দৌৰি ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ ৰত্নাৰ পুহমহীয়া ৰ’দজাক দেখিলে বহুত কথাই মনত পৰি যায়৷

*****

“আইও, দেহাজনী“ বুলি তাইক বুকুৰ মাজত সুমুৱাই লোৱা, কোনোদিন ঘৰৰ জ্যেষ্ঠজনক মূৰ তুলি কথা নোকোৱা তাইৰ মৰমৰ খুৰাকজনে সৌজাক ৰ’দতে …. ককায়েকক এখন হাতেৰে ঠেলি মাৰি দি কৈছিল, “গাঁৱৰ ৰাস্তাটোৰ ঠিকা মই কেনেকৈ কৰো, কিয় লাগে? দেশৰ চিন্তা কৰি মুধাফুটা লেকচাৰ মাৰিলে কি মোৰ তিৰি-ছলি পোহ যাব নেকি? আপুনি মোৰ ঠিকাভিত্তিক কোনো কামতে মাত নামাতিব৷ মই জানো এই ঠিকাটো পাবৰ বাবেই মই কিমানজন চৰকাৰী বিষয়াক মেনেজ কৰিব যাওঁ‌তে নিজৰ সাঁ‌চতীয়া টকা ভাঙিছো“ ৰত্নাহঁ‌তৰ দেউতাক আৰু খুৰাকৰ মাজত যিখিনি চেনেহ, মৰম, মিলাপ্ৰীতি আছিল সেইসকলোখিনিতে সিদিনাখনৰ পৰা এখন পুহমহীয়া ডাঠ কুঁ‌ৱলীৰ চাদৰে আৱৰি ৰাখিছিল৷ কোনো বেলেগ মানুহে সেই চাদৰখন ফালি চোৱাৰ উপায় নাই দুই ভায়েকৰ মাজত অভিমান কিমান, মৰম কিমান! কিছুমান অনুভৱ নুবুজে কোনেও, নিজেওঁ৷ দুয়োজনৰ গোমোঠা মুখত অলপো পোহৰ নাহিল৷ সেইদিনাও‌, যিদিনা ৰত্নাৰ দেউতাকে মণ্ডল আনি চোতালখনৰ মাজতে মাটিখিনি জোখ মাখ কৰি দুভাগ কৰি দিছিল৷ ৰত্নাৰ আইতাকে পুখুৰীৰ পাৰৰ ৰ’দত উমাল হৈ থকা শাকনিবাৰীত পালেং শাক চিঙাৰ কাইদাৰে সেউজীয়া চাদৰৰ আচলখন চকুলোৰে তিয়াইছিল৷ ডাঙৰ বোৱাৰীয়েকে সৰুজনীৰ হাতখনত খামুচি কৈছিল, “ তই চিন্তা নকৰিবি৷ ককাইয়েৰে ঘৰত নাথাকা সময়খিনিত আমি লগ হৈ থাকিম৷ নাকান্দিবি আমি আছো৷ “ ৰত্নাই বুজা নাছিল একো, ঘৰখনত নো কি হৈছে! প্ৰধান ৰাস্তালৈ যোগাযোগ থকা সিহঁতৰ ঘৰৰ সন্মুখৰ গাঁ‌ৱলীয়া ৰাস্তাটো পকি হবলৈ যাওঁ‌তে যে খুৰাকক দেউতাকে গালি দিলে সেইটো তাই বুজিছিল৷
ৰত্নাৰ ককাকে দেউতাকক সমৰ্থন কৰিছিল৷ “ এৰা, আদৰ্শ থিক ডাঙৰ পোনাৰ৷ মোৰ লৰা সি৷ “ যিজন লৰা আদৰ্শবান নহল তেওঁক চোতালখনৰ সিটো ভাগলৈ উলিয়াই দিছিল৷ দিন যোৱালৈ কেৱল আজোআইতাকৰ দৃষ্টিহীন চকুত দৃষ্টিপাত হৈছিল সৰু পোণা যে আৰু বেচিকৈ আদৰ্শহীন বিশৃংখল হৈছিল৷ সদায় খুন্দনাত তামোল খুন্দি খাই থকা আজোআইতাকে সিদিনা খনৰপৰা অকলে অকলে অহৰহ তামোল খুন্দি খুন্দি বিৰবিৰাই বকি আছিল, “ তহঁতবোৰে চিন্তা নকৰিবি৷ ইহঁত দুটাক মই জানো, সৰুৰ পৰাই ঠেহ পেচ৷ দুদিন গ’লে ঠিক হ’ব৷“ একো ঠিক নহ’ল৷ কিছুদিন যোৱাৰ পিছত আজোআইতাকে আৰু বেছিকৈ প্ৰলাপ বকি থাকিল৷ “ ঠিক হ’ব সকলো “, “ ডাঙৰ পোণা, তোৰ ভাগৰ টেকেলি পিঠা অলপ তাক দে “, “ ডাঙৰ পোণা, মৰম কৰি বুজাবিচোন তাক “, “ হো ল, দহপইচা, দুয়ো কিবা কিনি খাবি, সৰু পোণাক বেছিকৈ দিবি “৷ আজোআইতাকে তামোল খোৱা বাদ দিলে৷ নিগাজীকৈ বিছনাখন ল’লে৷ তামোল খুন্দা খুন্দনাৰ “খুটং খুটং“ শব্দৰ লগত আইতাকৰ প্ৰলাপৰ শব্দবোৰো হেৰাই গল, ঠিক মাঘমহীয়া মেজিৰ জুইৰ অন্তিম লেলিহান শিখাৰ দৰেই৷ শিখাবোৰ ধোঁ‌ৱালৈ ৰূপান্তৰিত হৈ যায়৷ মেজিৰ জুইৰ সেই কলা ধোঁ‌ৱাবোৰে কুঁ‌ৱলী ফালি ফালি আকাশলৈ উৰি যায়৷ মেজিৰ জুইয়ে উম দিয়ে পুৱাই গা ধুই মেজিৰ সন্মুখত শৰাই আগবঢ়াই, ভোগালী বিহুৰ পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু আৰু মাহ কৰাই উছৰ্গা কৰা বিহুবলীয়া ৰাইজক৷ কোনেনো জুই নেদেখে, তথাপি নামঘৰৰ বাকৰিত মেজিৰ জুইৰ উম বিচাৰি হেতা ওপৰা কৰে৷ মেজিক কেন্দ্ৰ কৰি ৰত্নাইও হেতা ওপৰা কৰে৷ যোৱাবছৰ মেজিটো দেখাবলৈ মানুহৰ ভীৰ থেলিও খুৰাকে কান্ধত উঠাইছিল তাইক৷ এইবছৰ দেউতাকে আজুৰি টানি আনিছিল, ছাঁ‌ পৰিব নিদিয়ে বেয়া খুৰাকৰ৷ “ চাওঁ আঁ‌তৰি দে৷ আপাৰ গাত তোৰ ছাঁ‌ পৰি আছে৷ ৰ’দ পৰিব দিওঁ‌ চাওঁ৷ “, মাকৰ মাতত ৰত্নাই ঘূৰি চাইছিল৷ “ আপা৷ আপা “, ৰ’দত মুৰা এটা পাৰি বহি থকা ৰত্নাৰ মূৰত আজোআইতাকৰ আচলখন লাগি গৈছিল৷ মাক আৰু আইতাকে তেওঁক ডাঙি আনি পুহমহীয়া ৰ’দত বহাই দিয়ে৷ কাপোৰবোৰ সলনি কৰি দিছিল৷ ৰত্নাই চাই আছিল, “ আপা, অ আপা, খুন্দা তামোল অলপ খাবি নেকি “৷ আজোআইতাকে নামাতে, মৌন৷ পকা সুমথিৰা হেন গোল মুখখন ৰূপান্তৰিত হৈছিল শুকান গোল নেমুটোৰ দৰেই৷ কেৱল চকু দুটা অসুখী আত্মাৰ ৰূপ লৈ টহ টহকৈ তৰাৰ দৰেই জিলিকি আছিল৷ চাই থাকে তাই আপালৈ, এইয়া আঁ‌উসীৰ আকাশত দুটা তৰা; খুব উজ্জ্বল নহয় কিন্তুু উজ্জ্বল৷ ৰত্নাই তাইক বুঢ়ী আইৰ সাধু কোৱা মৰমৰ আপাক জীৱনৰ প্ৰথমবাৰৰ বাবেই ৰ’দটুকুৰা এৰি দিয়ে৷ আজি আপাৰ ভাগত ৰ’দটুকুৰা কম পৰে৷ আন সম্পত্তিৰ দৰেই ৰত্নাহঁ‌তৰ চোতালখনত পৰা ৰ’দটুকুৰাও দুভাগ হল৷ আধা ৰ’দ খুৰাকৰ ভাগত পৰে, আধা ৰত্নাহঁ‌তৰ ভাগত৷ বাঁ‌হৰ বেৰখনৰ সিটো পাৰে ৰত্নাৰ খুৰাক, খুৰীয়েক আৰু অকণমানি কেচুৱাটো “ বুমন “৷ মনত ৰৈ যায় দৃশ্যবোৰ তাইৰ৷ এতিয়া তাই নিজৰ শহুৰেকৰ লগতো তেনেকুৱা আদৰ যত্ন কৰে৷ আইতাকৰ আঁ‌চল তিতি থাকে আনে সুধিলে কয় ৰ’দত ওলালে চকু পোৰে, সেয়ে চকুপানী ওলাই৷ খুৰীয়েকৰ পানীকেচুৱাই ৰ’দত উম লয়৷ ৰত্নাৰ মাকে বুদ্ধি কৰি চুলি আঁ‌চোৰা চলেৰে খুৰীয়েক ঘৰৰ ভিতৰলৈ গলে বুমনক চাই থাকে৷ সি খিনাইছেনে, শকত হৈছে৷ দেউতাক, ডাঙৰ পোণা, সৰু পোণা নাথাকিলে সিহঁতে কথা পাতে৷ বাঁ‌হৰ জেওৰাখনৰ ইপাৰ-সিপাৰ৷ খুৰীয়েকেৰ অজলা চকুত এইয়া ৰঙাজৱা ফুলে৷ নিৰ্বাশিত হয় তেওঁ এটা গোটৰ পৰা চিটিকি গৈ অকলশৰীয়াকৈ৷ আজিকালি তেওঁৰ প্ৰিয় মাছ, মাংসই ডিঙিত সোপা দিয়ে৷ গিৰিয়েকলৈ চায়৷ বাহিৰত একচ্ছত্ৰী সম্ৰাটৰ ভিতৰখন কিন্তুু ফোপোলা ৷ ইপিনে ৰত্নাৰ মাকে চল পালে শহুৰেক আৰু গিৰিয়েকক বুজাই, “ উদণ্ড সি৷ ঘৰৰ লৰা এনেকৈ পেলাই দিব নেকি? “ আৰু আইতাক! আইতাকে আজিকালি উশাহবোৰ দুভাগত ভগাই লয়৷ এভাগ ডাঙৰ পোণালৈ, আনভাগ সৰু পোণালৈ৷

*****

ৰত্নাৰ ককাক চুবুৰিৰ ওচৰৰ এল পি স্কুলখনৰ প্ৰধান শিক্ষক আছিল৷ আগৰেপৰা ৰত্নাহঁ‌তৰ খেতি মাটিবোৰত ধানখেতি, মাহ খেতি, সৰিয়হ খেতি হয়৷ ককাকে অৱসৰ পোৱাৰ পিছত ভাল খেতিয়কে হৈ পৰিল৷ ৰত্নাৰ দেউতাকে গোৱালপাৰাৰ সৈনিক স্কুলৰ আৱাসগৃহত থাকি পঢ়িছিল যদিও ঘৰৰ খেতিপথাৰখন ইমানেই ভাল পাইছিল যে উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত পঢ়ি তাৰ পৰা সুখ্যাতিৰে পাচ কৰি ঘৰলৈ উভতিছিল৷ কিছুদিন যোৱাৰ পিছত নিজৰ জিলাৰে কৃষি বিভাগত চৰকাৰী অভিযন্তা হিচাপে কাম কৰি আছিল৷ ভাগ-বতৰাৰ পিছত পুহমহীয়া এটা দিনত আপা ঢুকাই থাকিল৷ সৰু পোণা আৰু ডাঙৰ পোণাই বাঁ‌হৰ বেৰখনৰ দুয়োপাৰে ৰাউচি জুৰিলে৷ শোকে ৰ’দালে, নিয়ম মানি থকা তিতি থকা ককাকো ৰ’দালে৷ ৰ’দ দিয়ে৷ উম লয়৷ কৰ্ম যায়৷ অহমিকা স্বভাৱে কিন্তুু ককাক, দেউতাক আৰু খুৰাকৰ মনটোক ৰ’দাবলৈ এযুগ গল৷ ছমাহৰ পিছত আইতাকে উশাহ এৰে৷ ৰত্নাৰ মাকে জাউৰিয়ে জাউৰিয়ে গালি পাৰে দেউতাকক, “ আপোনাৰ আদৰ্শই কাল হল৷ মোক অকলশৰীয়া কৰিলে৷ সৰু পোণাক মা কিমান মৰম কৰিছিল৷ সি নাবান্ধিলে ৰাস্তাটো আনে কি এৰি দিলে হয় দূৰ্ণীতি কৰিবলৈ! দূৰ্ণীতি তো দূৰ্ণীতিয়ে হয়৷ সুখৰ ঘৰখন উজাৰিলে আপুনি৷ সমাজখনৰ সকলো দূৰ্ণীতি শেষ কৰকচোন, যেতিয়া সকলো শেষ হব৷ সৰুপোণা নিজে নিজেই ভাল হব৷ “

*****

বুমন তেতিয়া তিনিবছৰীয়া৷ ৰত্নাই নলবাৰীৰ এম এন চি কলেজত কলা শাখাত নামভৰ্তি কৰে৷ সেই সময়ত এম এন চি কলেজৰ কলা শাখাত স্থানপ্ৰাপ্ত ছাত্ৰীৰ সংখ্যাই নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনে৷ ককাকে অতীতত ৰত্নাই আগুৰি থকা চোতালখনৰ ৰ’দত বহি বাতৰি কাকত পঢ়ে৷ আগৰ দৰেই তেওঁ দৃঢ় নাথাকে৷ প্ৰায়ে তললৈ মূৰ দোৱাই খোজ কাঢ়ে৷ প্ৰাতভ্ৰমণ কৰিলে ভুলতেও সৰু পোণাৰ ঘৰৰপিনে খোজ নলয়৷ বাঁ‌হৰ বেৰৰ ঠাইত এতিয়া শিলৰ বোলডাৰৰ এখন প্ৰকান্দ বেৰ৷ সৰু পোণাৰ ঘৰ তিনিমহলীয়া হল৷ সৰু পোণাক চাবলৈও এতিয়া ককাকে নিজৰ মূৰটো ভালেখিনি ডাঙিব লাগে৷ পিছে ককাকৰ চকুত সৰু পোণা আৰু তাৰ ঘৰটো চোৱাৰ কোনো ইচ্ছা নাথাকে৷ তাতোকৈ তেওঁ সৰু পুতেকে বনোৱা ৰাস্তাবোৰ চাই, “ ইচ, এবছৰতে ভাঙি গল, দূৰ্ণীতি ৷ গল সমাজখন৷ শেষ৷ “ ককাকৰ শব্দবোৰ স্পষ্ট৷ বাটৰুৱাৰ কাণত বাজে৷ সৰু পুতেকে ক’লা হৈ ৰয়৷ ককাকে বেৰৰ কাষত গৈ চিঞৰে, “ দূৰ্ণীতি, দূৰ্ণীতি “৷ শব্দবোৰে ঘূৰি আহি ককাকৰ বুকুতে ৰাস্তা কাটি সোমাই৷ খুৰাকে নুশুনে৷ সি ভাল কথা নুশুনা ভাল ক’লা হল৷ ককাকৰ মনত পৰে সৰু পোণা এদিন এইখন হাতৰ এইটো আঙুলিত ধৰিয়ে খোজ কাঢ়িছিল৷ পোণ, দৃঢ় খোজ আছিল তাৰ৷ ভালকৈ পঢ়িছিল৷ এ পি এচ চি ক্লিয়াৰ কৰিবলৈ ককাকক পইচা খুজিছিল, দেউতাককো৷ কোনেও সঁ‌হাৰি নিদিলে৷ তুষাৰ বুদ্ধিদীপ্ত এজন যুৱক বুদ্ধিভ্ৰষ্ঠ হল৷ টকা ঘটিবলৈ দশোদিশে দূৰ্ণীতিৰ আশ্ৰয় ললে৷ যেন এ পি এচ চি ক্লিয়াৰ কৰিব নোৱাৰা দুখত ৰঘুমালাৰ দৰেই দূৰ্ণীতিক বিয়পাই দিলে সি৷

ৰত্নাই তেতিয়া উচ্চ মাধ্যমিক পৰীক্ষাত দ্বিতীয় স্থান লৈ এম এন চি কলেজতে অসমীয়া সন্মানীয় বিষয় হিচাপে লৈ পঢ়িবলৈ আৰম্ভ কৰে৷ তাইৰ তিনিজন ককায়েকে সুখ্যাতিৰে বিভিন্ন বিষয়ত উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছিল৷ তেনেতে এদিন দেউতাকক টেলিফোনযোগে কোনোবাই কৃষি বিভাগৰ নামত অহা চৰকাৰী টকা বিচাৰিলে৷ দেউতাকে উত্তৰ দিলে, “ চৰকাৰী টকা আহিছে দুখীয়া খেতিয়কৰ নামত৷ সিহঁতক খেতি কৰিবলৈ কিছুমান সুবিধা লাগে৷ কেন্দ্ৰীয় চৰকাৰে দিয়া সুবিধাখিনি আপুনি কেনেকৈ কাঢ়ি নিয়ে৷ বেয়া কথা৷ দূৰ্ণীতি৷ “

“দূৰ্ণীতি“, শব্দবোৰ নুবুজেচোন কোনেও৷ বেয়া বুলি বুজাই কওঁ‌তাজনৰ ওচৰতে পুনৰ উভতি আহে৷ সিদিনা পুনৰ “ ৰং দে বসন্তী “ চিনেমাখন চাই উঠিছিল ৰত্নাই৷ “দূৰ্ণীতি“, ব্যৱস্থাত সোমাই আছে৷ দূৰ্ণীতিক ৰখাবলৈ যোৱা দেউতাকক এনেকুৱা এটা পুহমহীয়া দিনতে আজিৰপৰা ছয় বছৰ আগতে প্ৰধান হাইৱে ৰাস্তাত দৌৰিব দি কোনোবাই পিছপিনৰ পৰা গুলিয়াই মাৰিছিল৷ বহুকেইখন বাতৰি কাকতে, দূৰদৰ্শনে দেউতাকক জীয়াই ৰাখিছিল৷ পিছত শেষ, কি মিডিয়া! উফ, দেউতাকৰ হত্যা এটা গৰম খবৰয়ে হৈছিল৷ তপত গৰম জুইয়ে দিন গলে ঠাণ্ডা হয়, উম কমে৷ মিডিয়াতো উম কমিল৷ এনেকৈয়ে অপৰাধী মুক্ত আকাশৰ তলত ঘূৰি ফুৰিল৷ ককাকৰ কাষত বহি তেওঁৰ ঘৃণাৰ সৰু পোণাই কান্দি কান্দি কৈছিল, “ তোৰ আদৰ্শৰ বাবেই দাদাক হেৰুৱালো৷ পিতাই তইয়ে বেয়া৷ “

ডাঙৰ পোণাৰ শেষ উশাহৰ লগত ককাকে কাহানিওঁ‌ আৰু দূৰ্ণীতি শব্দটো মুখেৰে উচ্চাৰণ নকৰিলে৷ দেশ নিপাত যাওঁ‌ক, সকলো অন্ধ হওঁ‌ক, তেওঁৰ কি হব! তেওঁৰ ডাঙৰ পোণা তেওঁৰ আদৰ্শক জয় কৰি নিজে উশাহৰ নিশাহৰ ওচৰত পৰাজয় হৈ থাকিল৷

******

আজি ৰত্নাই পুহমহীয়া ৰ’দত বহি থকা শহুৰেকক ভাত খুৱাই দি কৈ গল, “ দেউতা জীৱাই থকাহেঁ‌তেন মোক এনেকুৱা লৰাৰ লগত বিয়া নিদিলে হয়৷ আপুনিয়ে কওঁকচোন পিতাই আপোনাৰ লৰাই বাৰু সৎ পথত চলিছেনে? আপুনি কিয় নুবুজায় তেওঁক? “ বসন্ত দাসে নিৰ্বিকাৰে থাকে৷ ৰত্নাই পুনৰ কৈ যায়, “ দেউতাক হত্যা কৰাৰ পিছত ভাবিছিলো সুচিন্তা, আদৰ্শ সকলো পাহৰি যাম৷ পিছে আপোনাৰ লৰাই আনি দিয়া ভেটি খোৱা টকাৰ খাদ্যবস্তুও মোৰ হজম নহয়৷ পেটত নহয়, বুকুত৷ বুকুত বিষ হয়৷ নোৱাৰোচোন মানি লবলৈ৷ দেউতাই উশাহ হেৰোৱা কাঁ‌ইটীয়া পথটো মোৰো প্ৰিয় হল৷ দেউতা ঢুকুৱাৰ পিছত আমাৰ চলিবলৈ খুব কষ্ট হৈছিল৷ খুৰাই টকা যাচিলেও মা নলয়৷ দাদাহঁ‌তেও এ পি এচ চি ৰ আশা নকৰি খেতি কৰি ভাল খেতিয়ক হম বুলি আগবাঢ়িছিল৷ সিহঁতকেইটাৰ এতিয়াৰ অৱস্থা সমাজখনে ভালে দেখিলে৷ কিন্তুু মই ভাৱো সিহঁতকেইটা খুব সাহসী৷ নিজে বাইক কিনিব নোৱাৰা দিনত চাইকেল চলাই ধানখেতি, সৰিয়হ খেতি কৰিব লাজ নকৰা অসমীয়া সিহঁত৷ মোৰ ককাইদেউ তিনিজনে মোৰ বাবেই আদৰ্শ৷ আচলতে সংস্কাৰ তেজত থাকে নে পৰিৱেশত! মই দুয়োটা পালো৷ “

বসন্ত দাসে ৰত্নালৈ চাই তাইৰ মূৰত হাত বুলাই কলে, “ ভুল আমাৰ আছিল৷ এটা লৰা বুলি তাক কোনো কাৰণতে বাধা নিদিলো৷ এতিয়া ভাৱো আই, সি টকা ঘটিবলৈ বেয়া কামবোৰ কৰিও ক্ষান্ত থকা নাই৷ দূৰ্ণীতিৰ দৰেই ভয়াবহ ৰঘুমালাজোপা বিয়পি পৰাত অৰিহণা যোগাইছে৷ সি অসৎ উপায়ে টকা ঘটা দেখি আন অস্থিৰ মানুহৰো দেশৰ আইনৰ ওপৰত ভয় নহোৱা হব৷ “

*****

কিছুদিন যোৱাৰ পিছত এদিন দুপৰীয়া ঘৰলৈ আৰক্ষী আহিল৷ শাহুৱেকবিহীন ঘৰখনত ভোগালী বিহুৰ বাবেই যোগাৰ কৰি, সকলো পিনে দায়িত্ব চম্ভালি থকা ৰত্নাই পুলিচ দেখি অলপ আচৰিত হল৷ শহুৰেক বসন্ত দাসে ৰত্নালৈ চাই সন্তোষৰ হাঁ‌হি মাৰি কলে, “ ৰঘুমালাজোপাৰ অত তত সিচঁ‌ৰিত পোখাবোৰ কাটিবৰ হল৷ সেয়ে ভাৱিছো প্ৰথমে নিজৰ ঘৰখনৰ পৰাই শুভকামটো আৰম্ভ কৰো নেকি? “

*****

ৰত্নাৰ চকুৰ কোণত ৰৈ যোৱা পানীদুটোপাল আজি ধ্ৰুৱতৰা হৈ জিলিকিছিল দুটা কাৰণত৷ প্ৰথম বেমাৰী শহুৰেকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু আনটো নিজৰ স্বামীয়ে দূৰ্ণীতিৰ লগত সহবাস কৰোঁতে পোৱা উচিত শিক্ষা৷ পিছদিনাখন স্বামীৰ জামিন হৈছিল, তেওঁৰে বন্ধুৰ সহায়ত৷ ঘৰলৈ আহি “বুঢ়া“ বুলি বসন্ত দাসক খেদি আহোঁতে ৰত্নাই আগভেটি ধৰিছিল৷ বসন্ত দাসে তেতিয়া শান্তভাৱে পুহমহীয়া উমান ৰ’দত বুকুখন ৰ’দাইছিল৷ দেখিলে বুজা টান তেওঁ আচলতে মনটো নে শৰীৰটো ৰ’দাইছিল৷ তেওঁ ৰত্নাৰ দৰেই সুচিন্তাৰ বোৱাৰী এজনী পাই খুবেই সুখী হৈছিল৷ সুস্থ চিন্তাত লিংগ নাথাকে৷ ৰত্নাৰ দৰেই সুস্থ মানসিকতা দেশখনৰ বাবেই ডাঙৰ মানৱ সম্পদ৷ তেখেতে চকীখনত ধৰি থিয় দিওঁ‌তে ৰ’দত নিজৰ দেহৰ ছাটো দেখি নিজলৈ গৌৰৱান্বিত হৈছিল৷ “ এৰা, মৰাৰ আগতেতো সৰু হলেওঁ‌ ভাল কাম এটা কৰিলো৷ “

******

ৰত্না দৃঢ় আছিল৷ তাইৰ এতিয়াও বহুত কাম কৰিবলৈ বাকী আছে৷ প্ৰথম কামটোৰ বাবেই ওলাই যাওঁ‌তে তাই শহুৰেকৰ ভৰি চুই সেৱা জনাইছিল৷ স্বামীয়ে শুনাকৈ কৈ গৈছিল, “ মোৰ দেউতাক হত্যা কৰা ফাইলটো পুনৰ খুলিম৷ “

সুচিন্তা আৰু আদৰ্শ লগত হোৱা যুদ্ধত কুচিন্তা আৰু অসৎ উপায়ৰ পৰাজয় হৈছিল৷ ৰত্নাই গঢ়িবলৈ ওলাই যোৱা নতুন সমাজখনত দূৰ্ণীতিক সকলোৱে কবৰ দিছিল কোনোকালে পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতিৰে৷

*******
সমাপ্ত

( প্ৰায় ছয় বছৰ আগতে দুস্কৃতিকাৰীয়ে এজন কৃষি বিষয়াক হত্যা কৰিছিল৷ এই গল্পটো তেখেতৰ আদৰ্শৰ ওচৰত সমৰ্পণ কৰিলো৷ বিতৰ্ক নিবিচাৰো৷ মাথো এধাৰি তপত চকুলোৰে মই অকবৰ মজিয়াত তেখতেক শ্ৰদ্ধা জনালো )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক