স্কুলীয়া দিনৰ এটি স্মৃতিৰ আঁত ধৰি (জ্ঞান জ্যোতি হাজৰিকা)

চন ১৯৯২-৯৩৷ তেতিয়া মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ৷ আজৰি সময়ত (যদিও সেই দিনবোৰত ব্যস্ততাৰহে অভাৱ আছিল) পঢ়িবলৈ দেউতাই বহুতো সাধু-কথাৰ কিতাপৰ লগতে অন্যান্য শিশু-আলোচনী গোটাই আনি দিছিল৷ সেই সময়ত বিভিন্ন সাধুৰ ভাৱ সাগৰত বুৰ গৈ থকাৰ লগতে শিশু আলোচনী সমূহৰ নানান ৰহঘৰাই শৈশৱটো উমাল কৰি তুলিছিল৷ দেউতাই আনি দিয়া ন-পুৰণি শিশু আলোচনীবোৰৰ মাজত পাই পঢ়া এটা ধেমেলিয়া কবিতা আছিল “পালোৱান”৷ বালিজানৰ তপন বৰুৱা নামৰ লেখক জনৰ এই কবিতাটো সেইকেইদিন দিনে ৰাতিয়ে আওঁৰাই আছিলো৷ কিন্তু সময়ৰ লগ লগে পাহৰণিৰ গৰ্ভত মোৰ মনৰ মণিকোঠৰ পৰা ক্ৰমাৎ হেৰাই গৈ শেষত কবিতাটোৰ কবিজনাৰ নামটোৰ লগতে কবিতাটোৰ মাত্ৰ কেইষাৰী মানহে মনত থাকিলগৈ৷ পৰৱৰ্ত্তী সময়ত কবিতাটো পুনৰ এবাৰ পঢ়াৰ হেঁপাহত বহুতো বিচাৰ খোচাৰ কৰিও নোপোৱাত অৱশেষত যোৰহাটৰ পৰা প্ৰকাশিত শিশু আলোচনী “মৌচাক” ৰ সম্পাদক শান্তনু তামুলী দেৱৰ পৰা কবিতাটোৰ স্ৰষ্টা তপন বৰুৱা দেৱৰ ভ্ৰাম্যভাষৰ নম্বৰটো সংগ্ৰহ কৰি তেখেতৰ লগত যোগায়োগ স্থাপন কৰিলো৷ সেই সময়ত মই কলকাতাত অধ্যয়নৰত৷ বৰুৱা দেৱৰ লগত চিনা পৰিচয় হৈ তেখেতৰ পৰা কবিতাটো সংগ্ৰহৰ চেষ্টা চলোৱা হৈছিল যদিও বহু কাৰণত সেয়া সম্ভৱপৰ হৈ নুঠিলগৈ৷ অৱশেষত এই বছৰৰে ডিচেম্বৰ মাহৰ প্ৰথম ভাগত মোৰ পৰীক্ষাৰ অন্ত পৰাত বন্ধু এজনৰ সৈতে অধ্যয়নস্থলী কলকাতাৰ পৰা ৰাওনা হ’লো বন্ধুজনৰ জন্মস্থান সুদূৰ গহপুৰ অভিমুখে৷ গহপুৰৰ বন্ধুজনৰ ঘৰত এৰাতি কটাই পিছদিনা পুৱা যাত্ৰা কৰিলো গহপুৰৰ পৰা নাতি দূৰৈত অৱস্থিত বালিজান অঞ্চললৈ কবি তপন বৰুৱাৰ গৃহাভিমুখে, তেখেতৰ সান্নিধ্য বিচাৰি৷

ইমান বছৰে বিচাৰি ফুৰা কবিতাটো সেইদিনা পুনৰ পঢ়িবলৈ পাই উত্‍ফুল্লিত হ’লো৷ লগতে বৰুৱা দেৱৰ অন্যান্য কবিতা সমূহ পঢ়িও আপ্লুত হ’লো৷ মোৰ আগমণৰ উদ্দেশ্য আৰু মোৰ উত্‍সাহ দেখি তেখেতে নিজহাতে কবিতাটো পুনৰ বাৰ এখন কাগজত লিখি মোৰ হাতত তুলি দিলে৷ সদা হাস্যময় কবিজনৰ বিষয়ে আৰু তেখেতৰ ৰচনাৱলীৰ বিষয়ে জানিব

লৈ পাই নথৈ আনন্দিত হ’লো। অসমীয়া শিশু সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বৰুৱাদেৱৰ বিষয়ে বহু নজনা কথা সম্ভেদ পালো, সেই সময়খিনিতে।

শিশু সাহিত্য জগতখনত যোৱা দুটাদশতকৈও অধিক কাল ধৰি ৰস-ৰচনাৰ এক অতুলনীয় অৱদান আগবঢ়াই অহা কবি, সাহিত্যিক তথা কাৰ্টুনিষ্ট তপন বৰুৱা দেৱৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ বালিজান অঞ্চলৰ এখন অখ্যাত

গাঁও চাৰিখেলিয়াত৷ শৈশৱত পখিলাৰ পিছে পিছে খেদি ভাল পোৱা অত্যুত্‍সাহী ৰঙিয়াল তপন বৰুৱাদেৱ কৈশোৰৰ পৰাই শিশু-সাহিত্যৰ প্ৰতি আকৃষ্ট আছিল৷ স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চাত মনোনিৱেশ কৰা তেখেতৰ লিখনি বোৰ আছিল শিশু কেন্দ্ৰিক আৰু ধেমেলীয়া৷ পেছাত শিক্ষক তপন বৰুৱাদেৱে শিক্ষকতাৰ পাতনি মেলিছিল ১৯৮৭ চনত ওচৰৰে জকাপৰা প্ৰাথমিক বিদ্যালয়ত৷ সেই সময়ত ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত শিশু আলোচনী সঁফুৰাত কবি হিচাপে বৰুৱাৰ প্ৰথম কবিতা প্ৰকাশ পায়৷ পিছলৈ শিশু-সাৰথি, অকণিৰ অগ্ৰদূত, মুকুতা আদি বিভিন্ন শিশু আলোচনীত তেখেতৰ কবিতা প্ৰকাশ পায়৷ লগতে অসম বাণী, আমাৰ অসম আদি বাতৰি কাকততো তেখেতৰ কবিতা প্ৰকাশ পাইছিল৷ অবিকল নামৰ শিশু আলোচনী খনত তেখেতে এজন কাৰ্টুনিষ্ট হিচাপে ভূমুকি মাৰে৷

তেখেতৰ কবিতা সমূহ মুলতঃ শিশুৰ মনঃস্তত্বৰ লগত জড়িত আৰু হাস্যৰসৰ সমাহাৰ দেখা যায়৷ বৰুৱাদেৱে সমাজত প্ৰচলিত বিভিন্ন সাধুকথা, খুহুতীয়া কথাৰ আলমত সু-সংগঠিত শব্দৰ সমাহাৰেৰে অতি নিপুণ ভাৱে শিশুৰ মনত খাপ-খুৱাকৈ কবিতা সমূহ ৰচনা কৰিছিল৷ তেখেতৰ প্ৰায়বোৰ কবিতাতে অসমীয়া ভাষাৰ কেতবোৰ লুপ্তপ্ৰায় শব্দৰ সংযোজন দেখা যায়৷ তেখেতৰ কবিতাৰ মাজেৰে প্ৰকাশ পোৱা অসমীয়া ভাষাৰ অনুৰূপ শব্দৰ গাঁঠনি মন কৰিব লগীয়া৷

শিশুৰ উপযোগী ধেমেলীয়া পদ্য, লিমাৰিক আদিৰ মাজেৰে বৰুৱা দেৱে যোৱা দুটা দশক ধৰি পাঠকৰ মনত এক সুকীয়া আসন দখল কৰি আহিছে৷ তেখেতৰ ৰচনা সমগ্ৰৰ ভিতৰত বচা বচা কিছুমান কবিতাৰ দুটি সংকলন ইতিমধ্যে প্ৰকাশ পাইছে, সেয়া হৈছে- “সৰু সৰু কবিতা”(প্ৰকাশঃ ২০০৯, পুথিতীৰ্থ) আৰু “কঁঠালগুটীয়া”(প্ৰকাশঃ ২০১৩, অকণিৰ সাহিত্য সভা)৷ তেখেতৰ আৰু এখন কবিতা পুথি “ডেমপেহা” ইতিমধ্যে প্ৰকাশৰ পথত৷

বৰুৱা দেৱে মই বিচাৰি যোৱা সঁফুৰাত পূৰ্বে প্ৰকাশিত কবিতা “পালোৱান” আৰু “ভয়” ৰ লগতে তেখেতৰ প্ৰকাশিত কবিতা সংকলন “কঁঠালগুটীয়া” মোৰ হাতত অতি মৰমেৰে তুলি দিয়াৰ মূহুৰ্ত্তটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷ বৰ্ত্তমান সাহিত্য জগতত শিশু সাহিত্যৰ অভাৱৰ হেতু খেদ প্ৰকাশ কৰাৰ লগতে “সাহিত্য ডট অৰ্গ”ৰ শিশু সাহিত্য বিশেষ সংখ্যাৰ প্ৰচেষ্টাক আশাসুধীয়া বুলি উ
ল্লেখ কৰাৰ লগতে ওলগণি তথা শুভেচ্ছা জ্ঞাপন কৰে৷ ইয়াৰ ওপৰিও সাহিত্য জগতৰ বাবে “সাহিত্য ডট অৰ্গ” এক ইতিবাচক প্ৰচেষ্টা বুলি ভূয়ঁসী প্ৰশংসা কৰাৰ লগতে “সাহিত্য ডট অৰ্গ”ৰ দীৰ্ঘায়ু কামনা কৰে৷

(সম্পাদকীয় টোকা: সৰুৰে পৰা হয়তো ‘তপন বৰুৱা, বালিজান, শোণিতপুৰ’ এই শব্দকেইটা সকলোৱে শুনি আহিছিলো, বিশেষকৈ শিশু আলোচনী ‘সঁফুৰা’ পঢ়া সকলে। এগৰাকী প্ৰচাৰবিমুখ শিশু সাহিত্যিক তপন বৰুৱাদেৱ পৰিচিত এগৰাকী ধেমেলীয়া পদ্য লেখক হিচাবে। অসমীয়া শিশু সাহিত্যলৈ নীৰৱে অৱদান আগবঢ়াই অহা এই গৰাকী সাহিত্যিকক লগ ধৰি সাহিত্য ডট অৰ্গৰ বাবে এটি লেখা প্ৰস্তুত কৰা বাবে জ্ঞান জ্যোতি হাজৰিকালৈ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ’ল।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক