স্কুলৰ ইটো সিটো (নন্দিতা খাখলাৰী)

১) বিদ্যালয় খনত তৃতীয় ঘণ্টাৰ পিৰিয়ড আৰম্ভ হৈছে ।চতুৰ্থ শ্ৰেণীত শিক্ষক অহা নাই।গাঁৱলীয়া বিদ্যালয়। ছাত্ৰ ছাত্ৰীৰ হুলুস্থুলত ভগা বিদ্যালয়ৰ চাল উৰি যোৱাৰ উপক্ৰম । অৱশেষত হেডমাষ্টৰ কলিতা ছাৰ চেকনি জোকাৰি সোমাই আহিল ।দেখা মাত্ৰকে শ্ৰেণীকোঠা ভয়ত কাঁহ পৰি জীন গৈছে । খঙত ৰঙা পৰি যোৱা চকুকেইটা ডাঙৰ কৰি সুধিলে, –

‘কিহৰ ক্লাচ আছে তহঁতৰ? ‘
‘ বিজ্ঞান ‘
কিছুদেৰি সকলোৰে ওপৰেৰে ছাৰে চকু ফুৰালে । দূৰ্ভাগ্য আছিল আটাইতকৈ অঘাইটং মুন্নাৰ। দেখা মাত্ৰকে তাক ঠিয় হবলৈ কোৱা হল।

‘ ক বিজ্ঞানৰ বানান ক।’
মুন্না ওঁঠ কামুৰি নিশ্চুপ ।
‘ক বুলিছো নহয় ‘, ছাৰৰ ৰঙা চকুকেইটা আৰু ৰঙা হৈ উঠে ।
‘ ছাৰ মানে…… ‘ব’ ত ইকাৰে বি, গ……….. ‘
‘ তাৰ পিছত? ‘
‘ তাৰ পিছত ছাৰ….. ‘
‘ কবি নে কোব খাবি?’
‘ তাৰ পিছত মানে ছাৰ…… ‘গ’ ৰ ওপৰত দুটা কেকোঁৰা কেকোঁৰা আলু আৰু ‘ণ’!!!

২) মাহীৰ ছোৱালী এজনী গাৱলীয়া হাইস্কুল এখনৰ শিক্ষয়িত্ৰী । গাঁও মানে একেবাৰে জকাইচুক। নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ বহীবোৰ চাবলৈ তাschoolor itu xituই ঘৰলৈ লৈ আহিছে । দেখি এনেই চকু ফুৰাবলৈ মন গল। প্ৰশ্ন আহিছে,
‘ বাখ্যা কৰা – ৰাইজে নখ জোকাৰিলে নৈ বয়’

উঃ ” যিবিলাক মানুহে কাৰো লগত নিমিলে, কথা-চথা নাপাতে, সিবিলাক মানুহক কায়ো (কোনেও) ভাল নাপায় । সিবিলাক মানুহক কায়ো মেল-মিটিঙত নামাতে। শেষত সিবিলাক মানুহ গলাত জুৰী লাগাই মুৰি থাকে (ডিঙিত জৰী লগাই মৰি থাকে)। ইয়াকে কয় ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’।”

৩) একেখন স্কুলৰে ঘটনা । নৱম শ্ৰেণীৰ ছাত্ৰ নিতাই চাৰি বছৰে একেটা শ্ৰেণীতে ফেইল মাৰি আছে । শিক্ষকে হাজাৰ চেষ্টা কৰিও তাক পাছ কৰাব পৰা নাই।ইপিনে চাৰি বছৰে তাক একেটা শ্ৰেণীতে দেখি দেখি সকলোৰে এলাৰ্জী নিচিনা হৈ গৈছে ।গতিকে শিক্ষক সকলে মিলি সিদ্ধান্ত ললে যে এইবাৰ তাক এনেই দশম শ্ৰেণীলৈ পাছ কৰাই দিয়া হওঁক । মেট্ৰিকত যেতিয়া ফেইল কৰিব, অন্ততঃ সি আৰু স্কুল আহিব নালাগে ।কথা মতেই কাম । ৰিজাল্ট ওলাল । নিতাই পাছ। কিন্তু তাকে দেখি, নিতাইত কৈ অলপ কম গাধ মানে দুবাৰ মান কৈ ফেইল কৰা কেইটা হিংসাত জ্বলি উঠিল । প্ৰতিশোধ লবলৈ ৰাতি গৈ হেডমাষ্টৰৰ কোঠাৰ দুৱাৰত ডাঙৰ ডাঙৰকৈ লিখি থৈ আহিল,

” বান্দৰ কাৰ্তিকে (হেডমাষ্টৰৰ নাম) মুখ চাই ফাচ (পাছ) কৰাই দিয়ে ।.. ল।”

৪) আঠবছৰীয়া লৰাটো । কিন্তু সংসাৰৰ নজনা কথা একো নাই। গাঁওখনত কাৰ ছাগলীয়ে কেইটা পোৱালি দিছেৰ পৰা আৰম্ভ কৰি, কাৰ লৰাৰ কোন ছোৱালীৰ লগত লিলিমাই, কোন শাহুৱেকে বোৱাৰীক ধৰি মাৰে, কোন বোৱাৰীৰ আকৌ সাত মাহ চলি আছে, সকলো তাৰ জিভাৰ আগত । কথা কলে শেষ নাই। এদিন বাইদেৱে তাক ধৰি আনি সুধিলে,

‘ তই ইমান ডাঙৰ ডাঙৰ কথা কৈ ফুৰ যে, কিতাপৰ পদ্য এটা মাতচোন ।’
সি তপৰাই উত্তৰ দিলে,

“অংক খান জট-পট
ইংৰাজী খান টান,
ঘন্টা ইস্কুলত পঢ়াত কৰি
প্ৰেম কৰাই ভাল “!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments