স্তব্ধ প্ৰহৰ — নমি গগৈ

”অ’ই বগী, বগী ঐ।”
জেওৰাৰ সিপাৰে সম্পৰ্কীয় বৰদেউতাকৰ জীয়েকৰ লগত ঘিলা খেলি থকা ছোৱালীজনীক মাকে চিঞৰি মাতিলে।
”কেলেইনো মাতি থাক অ’? তোৰ পৰা মুঠেও শান্তি নাই। কাম-বন সামৰিয়েচোন আহিছোঁ।”
বিৰক্তিভৰা মাত এটাৰে বগীয়েও চিঞৰিলে।
”গিলানটো লৈ তেলিৰামৰ দোকানলৈ যাচোন। কেৰাচিন তেল আহিল নে কি খবৰ কৰি আহগৈ।”
মাকৰ কথা শুনি সাউৎকৈ জেওৰাখন পাৰ হৈ বগী ঘৰ পালেগৈ। মাকৰ পৰা টকা দহটা আৰু গিলানটো হাতত লৈ পদূলি ওলাওঁতে কিবা এটা মনত পৰাত চোমনিত থকা আইতাকৰ ঘৰলৈ বুলি খোজ দিলে বগীয়ে।
”আই বুঢ়ী। ঐ আই বুঢ়ী। শুই আছ নে কি?”
বাঁহৰ দুৱাৰখন থেলি বগী সোমাই গ’ল। বগীৰ আইতাকে গুৰ অকণৰ সৈতে ৰঙা চাহ এবাটি খাওঁ বুলি মজিয়াতে বহিছিল।
”আহ বগী। হোঁ গুৰ অকণ খা।”
নাতিনীয়েকৰ ফালে গুৰ অকণ আগবঢ়াই দিলে তামোলীখটীয়ানী বুঢ়ীয়ে।
”তোৰ কেৰাচিন তেল আছে নে? নাই যদি বটলটো দে। মই তেলিৰামৰ দোকানলৈ যাওঁ। তেল আহিছে যদি লৈ আহিম।”
গুৰকণ মুখত ভৰাই বগীয়ে ক’লে।
”ৰ’ তেনে! মই চাহটোপা খাই লওঁ।”
চাহ খাই উঠি আইতাকে দিয়া পাঁচ টকাটো আৰু চিচাৰ বটলটো লৈ বগী দৌৰ ল’লে।
”লাহেকে যা ঐ মৰতী। পৰিলে দাঁত মুখ সমান হ’ব। মাৰে মোকে খেদি আহিব।” পাছফালৰ পৰা তামোলীখটীয়ানী বুঢ়ীয়ে চিঞৰিলে।

দৌৰি যোৱা বগীলৈ চাই বুঢ়ী পিৰালিতে বহিল। মাতলৈ বোললৈ বগীয়েই বুঢ়ীৰ লগ। জীয়ৰীকালতে কানীয়াটোলৈ আহি মাক নোহোৱা ল’ৰা-ছোৱালীকেইটাক সাৱটি ধৰিলেহি জয়মতীয়ে। বিয়াৰ পাছত জয়মতী তামোলীখটীয়ানী হ’ল। পেটৰ পোৱালি নহ’ল জয়মতীৰ। এটা ল’ৰা আৰু চাৰিজনী ছোৱালীক ডাঙৰ কৰোঁতে সেইটো কথা মনতো নপৰা হ’ল। ছোৱালীকিজনী বিয়া হ’ল। নিজৰ সংসাৰত ব্যস্ত। বুঢ়ীৰ ওচৰলৈ বছেৰেকৰ বিহুত এবাৰ আহে। ল’ৰাটো ঠিকেই আছিল। বিয়া পতাৰ পাছত বোৱাৰীয়েকৰ লগতহে বুঢ়ীৰ নপতিল। হ’লেও যুঁজ বাগৰ কৰি তেনেকৈয়ে আছিল তামোলীখটীয়ানী বুঢ়ী। নাতিটোৰ জন্মৰ শুধি-সবাহৰ পাছতে যুদ্ধখন ডাঙৰ হ’ল। কাজিয়া লাগি বুঢ়ীয়ে এবছৰমান ভতিজাকৰ লগতে থাকিল। যোৱা ব’হাগত ভতিজা বোৱাৰীয়েকৰ লগতো এখুন্দা লাগিলত বুঢ়ীক পুতেক-ভতিজাকে লগলাগি চোমনিখনতে একোঠলীয়া ঘৰ এটা সজাই দিলে। চাউল-পাত যি লাগে সম্পৰ্কীয় ভতিজাকেই দিয়ে এতিয়া। ৰাতি ৰাতি লগ দিবলৈ বগী আহে। পুৱা সোনকালে উঠি ঘৰলৈ গৈ বন সামৰি বগী স্কুললৈ যায়।
”ওপৰৱালাই সোনকালেই মাৰি নিলেই হয়। কণা গোঁসাইজনাই নেদেখেই নহয়।”
বৰকে দুখ লাগিলে তামোলীখটীয়ানী বুঢ়ীয়ে নেদেখাজনক গালি পাৰে।
”বহিছ বৰমা।”
কাষৰঘৰৰ ইন্দ্ৰই কঠীয়া নিছে পথাৰলৈ। ভাদমহীয়া বেলিটোৰ আবেলিতো বৰ চোক। বুঢ়ী ভিতৰ সোমাল।

হেঁহ হেঁহ কৰি ফোঁপাই আছে আইতাকজনীয়ে। কাঁহি কাঁহি অৱস্থা নাই। পুৰণা ফটাচাদৰ এখনত সামান্য গৰম হৈ থকা ফুটছাঁই অলপ মেৰিয়াই তামোলীখটীয়ানীৰ পিঠি সেকিছে বগীয়ে। কাতিমহীয়া দীঘল ৰাতিটো নাযায় নুপুৱায়। শেহনিশালৈ বুঢ়ীৰ টোপনি আহিল। একেখন কঁঠাকে গাত লৈ আইতাকক সাৱটি বগীও শুলে।

ঠাণ্ডাদিন আহিলে আইতাকৰ হাঁপানী উক দিয়ে। বগীৰ মাক-বাপেকহালৰ সেইবোৰ খবৰ নাই। বগীৰ খং উঠে। একো ক’বও নোৱাৰি মাকক। বেছিকৈ ক’লে মানুহজনীয়ে বাঢ়নীটাৰ লৈ জৰৌপকে কোবাই দিয়ে জীয়েকক।

সন্ধিয়া হ’ব আৰু! গেঁৰ ধৰা ধাননিৰ মাজৰ সৰু আলিটোৰে সুখী সুখী ভাৱেৰে বগীয়ে আইতাকৰ ওচৰলৈ খোজ দিছে।
গাঁৱৰ হস্পিটেললৈ আকৌ ডাক্তৰ আহিছে। কালিলৈ আইতাকক তাই লৈ যাব তালৈকে।
”আহিলি বগী।”
নঙলা খোলোঁতেই আইতাকে চিঞৰিলে তাইক।
আঠ নৌ বাজোঁতেই ভাত-পানী খাই আইতাক নাতিনীয়েক চাঙত উঠিল।

গাঁৱৰ কুকুৰজাকে ৰাউচি জুৰিছে। এই শব্দটোত বগীৰ ভয় লাগে। ইন্দ্ৰৰ ঘৰৰ ভঁৰালৰ গাধৈত দুটা মেকুৰীৰ মাজত দুৰ্বাদল কাজিয়া। কুকুৰ-মেকুৰীৰ মাতত বগীৰ বুকু ঢুকঢুককৈ কঁপিছে। গাটো কিবা সিৰিককৈ উঠিছে তাইৰ। দাং খাই উঠা হাতৰ নোমবোৰ মোহাৰি মোহাৰি বিছনাতে বহিল বগী। গাৰুৰ তলৰ পৰা জুইশলাটো উলিয়াই টিপচাকিটো জ্বলাই দিলে। চাকিৰ শিখাটো অলপকৈ কঁপি উঠিল। চাকিৰ পোহৰ সৃষ্ট ছাঁবোৰক কিবা দৈত্য দৈত্য লাগিল বগীৰ। সদায় থকা ঘৰটো কিবা যেন জয়াল! বগীৰ তেনেকুৱাই লাগিল। বিছনাৰ তলত চৰিয়াটোও নাই! ইফালে-সিফালে চালে তাই। ভিতৰলৈ অনাই নহ’ল হ’বলা চৰিয়াটো!
”আই বুঢ়ী। ঐ আই বুঢ়ী। উঠচোন। মোৰ মুতিব লাগিছে।”
চেপা মাতেৰে আইতাকক মাতিলে বগীয়ে। কুকুৰজাকৰ চিঞৰ বাঢ়ি আহিছে। বগীৰ ভাৱ হ’ল কোনোবা যেন তাইৰ পাছফালে ৰৈ আছে!
”আই বুঢ়ী উঠ আক’।”
সাৰু সুৰ নোহোৱা আইতাকক বগীয়ে জোকাৰি দিলে। নাই! তামোলীখটীয়ানী বুঢ়ীৰ খবৰেই নাই। আইতাকৰ চেঁচা গাটোত কাপোৰখন ভালকৈ দিওঁতেই সাউতকৈ দুৱাৰমুখৰ পৰা কোনোবা আঁতৰি যোৱাৰ দৰে লাগিল বগীৰ।
বাহিৰলৈ যোৱাৰ আশা বাদ দি মূৰে গায়ে কাপোৰ লৈ তাই শুই থাকিল।

নিয়ৰত জুৰুলি-জুপুৰি হৈ ফোঁপাই জোপাই নিজৰ ঘৰটো চেৰাই দৌৰি আহি বৰদেউতাকৰ ঘৰৰ পিৰালিত উঠোঁতেই বগী লুটি খাই পৰিল। পোহৰ হ’বলৈ তেতিয়াও অলপ বাকী আছিল।
”আই বুঢ়ী মৰিল ঐ বৰপাই!”
হুঁচ আহিলত বগীয়ে ক’লে।
”মৰিল? কি কথা কৱ?”
বগীৰ সম্পৰ্কীয় বৰদেউতাক অবাক।
”ৰাতি মুতিবলৈ আই বুঢ়ীক তিনিবাৰ তুলিছিলোঁ। এবাৰো নুঠিল। একেবাৰে শেষৰ বাৰ নাকৰ ফুটাত হাতখন দি চালোঁ বতাহ ওলোৱা সোমোৱা কৰাই নাই। চাকিটো নুমুৱাই কাপোৰখন টান মাৰি মূৰে গায়ে অকলে লৈ মই শুই থাকিলোঁ। সাৰ পাই ইমান ভয় লাগিল দৌৰি ইয়াত ওলাইছোঁহি।”
বগী আকৌ বেহুঁচ হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক