স্তব্ধ সময়( – জ্যোতি সংগীতা দত্ত )

এতিয়া, চৌপাশ শান্ত

এতিয়া, বতাহজাকে কেঁকাইছে

ক’ৰবাত এখিলা গছপাত সৰিছে

 

বাৰীৰ চুকত বিহফুল ফুলিছে

জঠৰ নিৰ্যাস টানি টানি কোঙা হৈছে সেলেঙী গধূলিটো

 

এজাক শিল-মানুহে জোনটো পুৰিছে

সাঙীতে পেলাই থৈ আহিছে হৃদয়

 

তজবজীয়া আকাশখন উমি উমি জ্বলিছে

উত্তাপত মানুহবোৰ গলিছে

গলি গলি নোহোৱা হৈছে

 

আইতা,

ৰাতিটো বৰকৈ সেমেকিছে

তিতি তিতি উৱলি গৈছে

ক’ৰবাত এটা সাধুকথা কুৰুকি কুৰুকি লুকাইছে

 

(আইতা ! আজিৰ দিনটোও কাইলৈ হেৰাই যাব, আমিবোৰ ইমানেই সাময়িক ! আমিবোৰ ইমানেই সৰু সময়ৰ ওচৰত !)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক