স্ত্ৰী: দান নহয়, প্ৰাপ্তিও হয় ( মূল: মহাদেৱী বৰ্মা, অনুবাদ: ৰেখা ৰাণী বেজবৰুৱা)

 ( মূল ৰচনা মহাদেৱী বৰ্মাৰ स्त्री – दान ही नहीं, आदान भी )

      সম্ভ্ৰান্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ উপায়হীনতা, তেওঁলোকৰ বিধবা জীৱনৰ দুদৰ্শা সমাজৰ সকলোৰে বাবে পৰিচিত৷ এওঁ‌লোক শূন্যৰ মূল্যৰ দৰে, পুৰুষৰ লগত থাকিলে সকলোখিনি পায়, কিন্তু পুৰুষ অবিহনে একো নাই৷ এওঁ‌লোকৰ জীৱনৰ কিমান যে অভিশাপ এই সম্বন্ধৰ পৰাই আৰম্ভ হয়, এই কথাটো কোনেনো নাজানে৷ কিন্তু আচৰিত কথাটো হ’ল এই মূল দোষ বোৰ আতঁৰাবলৈ কেৱল ন্যূনতম চেষ্টাহে কৰা হয়৷Stree_Rekharani Bezbaruah

যি কেইগৰাকী মহিলাৰ পাপবোৰে সমাজ জীৱন কলংকিত কৰে, যাৰ লজ্জাহীনতাই জীৱনক লজ্জিত কৰে, ইয়াৰে বেছিভাগ দোষ-দুদৰ্শাৰ মূল কাৰণ অৰ্থহীনতা৷ জীৱনৰ আৱ্যশক সুখ সুবিধাবোৰৰ অভাৱে মানুহক মানুহ হিচাপে বেছিদিন জীয়াই থাকিব নিদিয়ে, এই সত্য প্ৰমাণিত কৰিব পৰা বহুত উদাহৰণ দেখিবলৈ পোৱা যায়৷ সেই পৰিস্থিতি কেনেকোৱা হব, য’ত জীৱনৰ বাবে মানুহক মনুষ্য জীৱনৰ সকলো গৰিমা হেৰুৱাব লগা হয়, তেনেকুৱা পৰিস্থিতিৰ কল্পনা কৰাও বহুত কঠিন যেন অনুভৱ হয়৷ মহিলাসকলে পৰাধীনতাৰ কাৰণেই ইমানখিনি ত্যাগ কৰিব লগা হৈছে আৰু এই পৰাধীনতা মূলত: অৰ্থৰ কাৰণেই হয়৷ যেতিয়ালৈকে মহিলা এগৰাকীৰ সন্মুখত এনেকুৱা সমস্যাৰ সৃষ্টি নহয়, যি সমস্যাৰ কাৰণে কোনো বিশেষ পথৰ পথিকতা স্বীকাৰ কৰিব লগা নহয়, তেতিয়ালৈকে জীৱনৰ সকলোতকৈ মূল্যৱান সামগ্ৰী নিজস্ব সত্তাক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰে৷ এই কাৰণেই এওঁলোকে কঠোৰতকৈ কঠোৰ, পাপীতকৈয়ো পাপী পুৰুষৰ মলিন ছত্ৰছায়াত থাকিয়ে নিজক গৌৰৱাম্বিত অনুভৱ কৰে৷ লাগিলে এওঁলোকে জহি-খহি শুকাই যোৱা আশ্ৰিত সতা ডালৰ দৰে জীয়াই থাকিবলৈ ভাল পায়, কিন্তু এইখন সুন্দৰ পৃথিৱীত নিজৰ জীৱন নিজাকৈ আগুৱাই লৈ যোৱাত সূখী অনুভৱ নকৰে৷ সমাজখনে এওঁলোকৰ জীৱনধাৰাক এনেকোৱাকৈ ব্যৱস্থিত কৰিছে যাৰ কাৰণে এওঁলোক পুৰুষ অৱিহনে জীৱনৰ সামান্য সুখ-সুবিধা খিনিও নাইকিয়া হৈ পৰে৷ এনেকুৱা পৰিস্থিতিত পৰি হতাশাগ্ৰস্থ হৈ তেওঁলোকে যি পথ বিচাৰি লয়, সেই পথ তেওঁলোকৰ লগতে সমাজৰ বাবেও ঘাতক স্বৰূপ হৈ পৰে৷

আধুনিক সমাজ ব্যবস্থাত মহিলা সকলে নিজৰ লক্ষ্য যি যি দিশত স্থিৰ কৰিছে তাৰ ভিতৰত আৰ্থিক স্বাৱলম্বিতাই সকলোতকৈ আগ স্থান পাইছে৷ মহিলা সকলে ইমান দিনৰ অনুভৱৰ পৰা জানিব পাৰিছে যে সামাজিক মান্যতাপ্ৰাপ্ত জীৱ হিচাপে থাকিবৰ বাবে তেওঁলোকৰ দানৰ আৱশ্যকতাৰ প্ৰয়োজনেই নহয়, প্ৰাপ্তিৰো প্ৰয়োজন সমানেই আছে, যাৰ অবিহনে তেওঁলোকৰ জীৱন জীৱন হৈ নাথাকিব৷ এওঁলোক আত্ম নিবেদিত অনুৰাগহীন তপস্বিনীয়ে নহয়, এগৰাকী অনুৰাগময়ী পত্নী আৰু ত্যাগময়ী মাতৃ ৰূপে মানৱী হয় আৰু আগলৈ থাকিব৷ এনেকুৱা স্থিতিত মহিলাসকলে সকলো সুখ-সুবিধা, সুখময় অনুভূতিৰ অধিকাৰী হোৱাৰ প্ৰয়োজন, যিয়ে জীৱনৰ পূৰ্ণতা প্ৰদান কৰে৷

নিজৰ ঘৰতেই পুৰুষ সকলে যি বনবাস দি স্থিৰতা প্ৰদানৰ প্ৰয়াস কৰিছে, তেনেকুৱা সাধনাৰ বাবে বন হে উপযুক্ত স্থান৷

আজিৰ পৰিৱৰ্তনশীল সামাজিক স্থিতিত মহিলাসকলে কেৱল সেই আদৰ্শৰ দ্বাৰাই সুখী হৈ নাথাকিব, যাৰ সকলো ৰং তেওঁলোকৰ অশ্ৰুৰে বৈ যায়, সকলো শীতলতা দুখত উত্তাপিত হৈ যায়৷ সমাজ ব্যবস্থাই যদি নিজ ইচ্ছাৰে মহিলাৰ অৰ্থ সম্বন্ধী বৈষম্যতাৰ ওপৰত গুৰুত্ত নিদিয়ে, পৰিবৰ্তন অথবা সংশোধনৰ আৱশ্যকতাক বুজি নাপায়, তেনে পৰিস্থিতিত মহিলাসকলৰ বিদ্ৰোহ এক দিশাহীন ধুমুহাৰ গতিবেগৰ দৰে হৈ পৰিব আৰু নিৰন্তৰ ধ্বংসৰ অবিহনে সমাজৰ একো উন্নতি নহব৷ এনেকোৱা পৰিস্থিতি মহিলাৰ কাৰণেও সুখৰ নহব আৰু সমাজৰ বাবেও সৃজনাত্মক নহব৷

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments