স্থানান্তৰ (দেৱব্রত গগৈ)

জীৱন ৰংপি যাবগৈ , সেয়ে মাটিৰ মানুহকেইটাক মাতি পঠিয়াইছে । মাটিৰ মানুহ মানে মাটিৰ দালাল । নিজৰ মাটিখিনিও নিজৰ ইচ্ছামতে বেচিব নোৱাৰা হ’ল , এই দালাল কেইটাৰ উৎপাতত । আচলতে জীৱন ৰংপিৰ নিজৰ মাটি নহয় , নিজৰ ঘৰৰ , বংশৰ বা জাতিৰ মাটি । ৰংপিৰ কথা বাদ তেওঁৰ দেউতাক , ককাক বা আজোঁ-ককাকেও হয়টো নাজানে এই মাটিখিনি কাৰ পৰা কিনা হৈছিল । হয়টো , তেওঁলোকৰ গুচি যোৱা আঠটা বা দহটামান প্ৰজন্মৰ হাড় এই মাটিখিনিতে সোমাই আছে । আজিকালি যে কয় খিলঞ্জীয়া নে ভূমিপূত্ৰ , সেই তেনেকুৱা কিবা এটা হেনো ৰংপিহঁত । পিছে ৰংপিহঁত কি হয় , সেইটো লৈ ৰংপিহঁত নিজেই দোমোজাত । অঞ্চলটোত যেতিয়া কম জন-বসতি আছিল , তালৈ গাড়ী-বাছ বাদেই ৰিক্সাও নগৈছিল । অৱশ্যে ৰিক্সাবোৰ নোযোৱাৰ কাৰণ তেতিয়াৰ সদ্য-যৌৱন প্ৰাপ্ত জীৱন ৰংপিহঁতেই আছিল । ভাড়া যদি পঞ্চাছ পইচা হয় , জীৱনহঁতে দিয়ে ১৫ পইচা , উঠিব আকৌ দুটাৰ ঠাইত তিনিটা , তাতে বাটৰ যি দুৰৱস্থা । বেচেৰা ৰিক্সাৱলা কেইটাই ভয়তে একো নামাতে । দুই –এটাই অৱশ্যে প্ৰতিবাদ কৰি ৰংপিহঁতক গালি পাৰে – “ তাহাঁত অচমীয়াচব বদমাছ …” জীৱনহঁতৰ কম ভাড়াতে ৰিক্সাত উঠি অহাৰ আনন্দকণ নাইকীয়া হৈ যায় – “ কি কলি ? আমি অসমীয়া মানুহবোৰ বদমাছ হয়” ? ৰংপিহঁতে খেদা মাৰি যায় তাক । “ সেই কি কৰিছ ? মানুহটোক কেলেই মাৰিবলৈ লৈছ” — সেইয়া জীৱনৰ সৰু খুড়ায়েক‌ । “চা চোন খুড়া , সি আমাক সবকে বদমাছ বুলি কৈছে” — জীৱনহঁতে খুড়াকক অভিযোগ দিয়ে । “তহঁতি কমকৈ কেলেই পইছা দিছ ? পইছা নাথাকিলে নুঠিবি ৰিক্সাত । এনেকৈ মানুহ মাৰিলে ঠাইখনৰ বদনাম হব , ভাল মানুহ কোনো নহা হ’ব ইয়ালৈ ।মাটিও নিকিনিব ইয়াত কোনেও । সেই ডাক্তৰ ছাৰহঁতৰ আগত এই বেয়া কামবোৰ কৰি দেখুৱালে কি ভাবিব তেওঁলোকে” ? — নতুনকৈ বহা শৰ্ম্মা ডাক্তৰৰ ঘৰৰ ফালে দেখুৱাই খুড়াকে জীৱনহঁতক বুজাইছিল । শৰ্ম্মা ডাক্তৰে বা ঠাইখনলৈ পাছত অহা মানুহবোৰ যেনে উকীল প্ৰদীপ শইকীয়া , অধ্যাপক অজিত তালুকদাৰ বা গড়কাপ্তানী বিভাগৰ অভিযন্তা নাৰায়ণ বৰ্মণহঁতে তাহাঁতৰ বিষয়ে কি ভাবিছিল তাক গম পাবলৈ জীৱন ৰংপি বা তাৰ খুড়াকহঁতে বেছিদিন অপেক্ষা কৰিব লগা নহৈছিল । ৰাজধানীখন পাহাৰৰ পৰা ভৈয়ামলৈ অহাৰ সমানে সমানে ৰাজধানীত চাকৰি কৰা মানুহবোৰো নামি আহিছিল , যেন পাহাৰৰ পৰা নামি অহা মানুহৰ এখন নৈ । হয় , মানুহৰ নৈ ,পিছে এই নৈখনে লগত একো লৈ অনা নাছিল , বৰঞ্চ এৰি থৈ আহিছিল আন এজাক মানুহক , যিখিনি আমাৰ মাজত সোমাবলৈ লৈও আঁতৰি গুচি গৈছিল নিজৰ এক সুকীয়া পৰিচয় আৰু সুকীয়া ৰাজ্য এখন লৈ ।
পাহাৰৰ পুৰণা ৰাজধানীখনৰ পৰা গুচি অহা এই মানুহজাককে প্ৰয়োজন হ’ল মাটিৰ , মহানগৰীত থিতাপি লবলৈ । লগতে আহিল চৰকাৰে প্ৰয়োগ কৰা চিলিং আইন । নিৰ্দ্দিষ্ট পৰিমাণতকৈ কাৰো ওচৰত বেছিকৈ মাটি থাকিব নোৱাৰিব । নহলে চৰকাৰে নিজৰ কৰি লব । জীৱনৰ দেউতাক-খুড়াকহঁতে তৱধ মানিলে । সাতামপুৰুষীয়া এই মাটিবোৰ আইনৰ সুৰুঙাৰে হাতৰ পৰা ওলাই যাব এতিয়া । জীৱনৰ এতিয়াও মনত পৰে কেনেকৈ দেউতাকহঁতে মানুহ মাতি মাতি নিজৰ মাটিবোৰ বিক্ৰি কৰিছিল । পানীৰ দৰত । গ্ৰাহক বেছিভাগেই আছিল সেই পাহাৰৰ পুৰণা ৰাজধানীখনৰ পৰা নামি অহা মানুহবোৰ , শৰ্ম্মা , বৰঠাকুৰ , শইকীয়া , বৰুৱা ,গোঁহাই , বৰ্মণ , হাজৰিকা , কলিতাহঁত ।
ভবেন টেৰণৰ ঘৰ জীৱনহঁতৰ তেতিয়াৰ বৃহত বাৰীখন পাৰ হৈ পায় । সম্বন্ধত জীৱনৰ বৰ-দেউতাক । ডাঙৰ আলিবাটটোৰ একেবাৰে কাষত ভবেন টেৰণৰ আৰু এটুকুৰা মাটি আছিল । নতুনকৈ অহা মানুহজাকে ভবেন টেৰণক ধৰিলে , আলি-কাষৰ মাটি টুকুৰা নামঘৰ পাতিবলৈ লাগে । অভাৱী ভবেনে ইতিমধ্যে গ্ৰাহক এজন লগাইছিল ,বিক্ৰীৰ বাবে । “ইমান , ভাল কাম এটাৰ বাবে বিছাৰিছে মাটিখিনি , দি দে” – একেই সৰল মনৰ জীৱনৰ দেউতাকে সম্বন্ধীয়া ককায়েকক বুজালে । আজিৰ দিনত ভবেন টেৰণৰ পৰিয়ালৰ কোনো নাই মহানগৰীত । সেই নামঘৰটোত মানুহ এজনৰ পুৰণা কলা-বগা ফটো এখন অৱশ্যে ওলমি আছে । তাত লিখা আছে “ ভূমি দাতা – ভবেন টেৰণ” ।
কেৱল ভবেন টেৰণৰ পৰিয়ালেই নহয় , অঞ্চলটোত লাহে লাহে কমি আহিল জীৱন ৰংপিহঁতৰ মানুহবোৰ । এসময়ত প্ৰায় ডেৰশ পৰিয়ালেৰে ভৰি থকা ঠাইখনত জীৱনহঁতক লৈ মাথোন সাতঘৰ মানুহ থাকিলগৈ । নতুনকৈ অহা মানুহবোৰ লাহে লাহে পুৰণা হল । ইতিমধ্যে ঠাইখনে গাঁৱৰ চৰিত্ৰ কেতিয়াবাই এৰিছিল আৰু দ্ৰুতগতিত মহানগৰীৰ আঢ়্যৱন্ত এলেকাৰ স্বীকৃতি পাবলৈ আগবাঢ়িছিল । ধন , শিক্ষা আদি সমলবোৰ নথকাৰ বাবে জীৱনহঁতৰ সেই দ্ৰুতগতিত ভাৰসাম্য ৰাখিব পৰাটো অসম্ভৱ প্ৰায় হৈ পৰিছিল । নতুন মানুহবোৰে নতুনকৈ সজাই লোৱা সু-উচ্চ দালানবোৰৰ আগত, জীৱনহঁতে যেনেতেনে সজাই লোৱা সৰু সৰু কোঠালিৰ অসম আৰ্হিৰ ঘৰবোৰেও যেন কঁপি উঠিছিল এক অজান শংকাত , জীৱনহঁতৰ দৰেই ।
“ এই যে ট্ৰাইবেলচব কৰ পৰা আহিল, গোটেই ঠাইখনেই বেয়া কৰি পেলাইছে , অকল মদ খোৱা আৰু কাজিয়া কৰা , বেলেগ কাম নাই আৰু ইহঁতৰ , কেনেবাকৈ খেদাব লাগিব ৰব ” — অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া তৰুণ ভুঞাই প্ৰাতঃভ্ৰমণৰ লগৰী প্ৰদুত শৰ্ম্মাক কথাখিনি কৈ কৈ জীৱন ৰংপিৰ ঘৰৰ আগৰে পাৰ হৈ গ’ল । কথাখিনি জীৱনৰ কাণত পৰোতে বুকুখন মোঁচৰ খাই গল । দুটামান উতনুৱা ডেকাই মদ খাই হুলস্থুল কৰিলেই সকলোবোৰ মদপী হয় জানো । পৰিবেশ আৰু সুবিধা নোপোৱাৰ বাবে কমকৈ শিক্ষিত হোৱা জীৱনহঁতৰ এই ল’ৰাখিনিয়ে যে কিবা এটা নোপোৱাৰ হতাশাত ভুগিছে তাক বাৰু কোনে বুজিব ?
সৰুতে ৰাতি বৰষুণ দিলেই জীৱন আৰু বাকী ককাইভাইকেইটা বিছনাতে উচপিচাই থাকে , ডাঙৰ আলিটোৰ কাষত থকা বৰ খালটোত মাছ ধৰিবলৈ । জীৱনৰ এই বিয়লি বেলাত জীৱন ৰংপিৰ পুনৰ মন গৈছে তেনেকৈ মাছ ধৰিবলৈ । “ইয়াৰ পৰা অলপ আঁতৰলৈ যাও বল” – ভাড়া গাড়ী চলোৱা পুতেকক জীৱনে ক’লে । “ নহলে আমাৰ তালৈকে যাওগৈ বলক” – বোৱাৰীয়েকে মাজতে মাত দিলে । মানে বোৱাৰীয়েকহঁতৰ স্বায়ত্বশাসিত অঞ্চলত পৰা গাঁৱখনলৈ । “ নাই তালৈ গলে , দিগদাৰ হব , আমি অসমীয়াৰ বাদে একো কব নাজানো , আৰু তোমালোকৰ তাত অসমীয়া ক’লে মানুহবোৰে বেয়া পাই” – জীৱন ৰংপিয়ে বোৱাৰীয়েকৰ প্ৰস্তাৱটো নাকচ কৰিলে । “তেনেহলে অতুলহঁত যলৈ গৈছে তালৈকে যাওঁ , ইয়াৰ পৰা বেছি দুৰও নহয় আৰু মোৰ কামৰও সুবিধা হব” – পুতেকে শেষত উপায় এটা উলিয়ালে ।
জীৱন ৰংপিহঁতে নাজানে তেওঁলোকৰ মানুহবোৰ কেতিয়া আহিছিল ইয়ালৈ , কিন্ত তেওঁলোক যে যাবগৈ সেইটো গম পাইছে । পাছৰ কামবোৰ সোনকালে হ’ল । দালাল কেইটা আহিলে , লগতে গ্ৰাহকও আহিল , শেষত মাটিৰ মালিক , মাটিৰ দালাল সকলোৱে নিজৰ নিজৰ ভাগৰ ধন লৈ গুচি গল । ঠাইখনলৈ নতুন মানুহ আৰু এজন আহিল । যেনেকৈ জীৱন ৰংপিহঁত নতুন ঠাই এখনত নতুন মানুহ হ’লগৈ । মহানগৰীৰ পাৰ্শ্ব্ৱ্তী এলেকা এইটো । চাৰিওফালে দ’ পিতনি । জীৱন আৰু পুতেকে লাগি-ভাগি থাকিব পৰা উপযোগী মাটি এখিনি বাচি লৈ ঘৰ সাজিবলৈ ল্’লে । দ’ ঠাইখনত মাটি ভৰাই ওখ কৰোতেই পুৰণা মাটি বেচি পোৱা টকা বহুত গ’ল । হলেও মনে বিচৰা ঠাইখন যেন জীৱনে আকৌ পালে । ওচৰতে সেয়া জীতেন হান্চে , ললিত ফাংচ , অবিৰ বসুমতাৰীহঁতে ঘৰ পাতিছে । সকলোৰে কাহিনী প্ৰায় একে । সময়ে মহানগৰীৰ পৰা উচ্ছেদ কৰা এজাক মানুহ । যিয়ে নেকি এৰিব নোৱাৰে মহানগৰীৰ সোৱাদ লগতে আকৌ তেওঁলোকক লাগে প্ৰকৃতিৰ নিবিড় সান্নিধ্য ।
জীৱন ৰংপিহঁতৰ নতুন ঠাইখন লাহে লাহে মানুহ থকাৰ বাবে উপযোগী হৈ আহিল । চৰকাৰী লাইট , পানী আহিল । শুনিছে অহাবছৰ পৌৰনিগমৰ অধীন হব হেনো । ভালেই খৱৰ । মানুহও বহুত বাঢ়িল । নানান তৰহৰ মানুহ । কোনোবা যদি ওচৰতে থকা ৰেল-ষ্টেচনটোৰ মজদুৰ , কোনোবা এঘৰ আকৌ বৰপেটাৰ পূৰ্ব্-বংগীয়মূলৰ ৰিক্সা-চালক ।
জীৱনে শুই নাতিয়েকটোৰ কাষতে বহি আছিল । কালিৰে পৰা তাৰ জ্বৰ । হঠাতে হাতীৰ চিঞৰত জীৱন উচপ খাই উঠিল । সাৰ পাই ভয়তে নাতিয়েকটোৱে কান্দি দিলে । বোৱাৰীয়েকজনী ল’ৰি আহিল – “দেউতা আমাৰ ঘৰ ভাঙিবলৈ আহিছে , গভমেন্টৰ মানুহে , আমি হেনো গভমেন্টৰ মাটিত ঘৰ সাজিছো , কি হব এতিয়া আমাৰ ……..” – জ্বৰীয়া পুতেকক কোলাত তুলি জীৱন ৰংপিৰ বোৱাৰীয়েক ভয়তে কঁপিবলৈ ধৰিলে ।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

ভাল লাগিল। তোমাৰ পৰা আৰু আশা কৰিলো।

সুৰুজ বিকাশ বৰুৱা।

Hiranya Gogoi.
7 years ago

Dukh lagil bohut.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক