স্থায়ী অন্তৰা – বন্তি শেনচোৱা

চকা পাটত বহাৰ আয়োজন৷

দিনটোৰ পৰিক্ৰমা শেষ কৰাৰ সমুদায় গৰিমা আৰু সন্তোষ বেলিটোৱে মেলো বুলিয়েই গোটেইখন আকাশতে উদাৰকৈ মেলি ধৰিছে৷ পাগত উঠা মলা ধপাতৰ গোন্ধৰ নিচিনাকৈ ম’ ম’ কৈ বিয়পি পৰিছে তাৰ মহিমা৷ প্ৰতিটো আবেলিৰে নিজৰ এক গুৰু-গম্ভীৰ মহিমা আছে৷ দিনটো ভ্ৰমি শেষ কৰি মৰ্যাদা সহকাৰে বিদায় লোৱাৰ গাম্ভীৰ্য৷ গা-ভাৰী প্ৰকৃতিৰ নিৰ্মল গৰ্ব, ফলদায়িনী গছৰ উদাৰতা; পুৱতি মাকৰ বুকুৰ সুধা; বিলাই দি কেতিয়াও ৰিক্ত নোহোৱা ভঁৰাল৷

সোণতে সুৱগা চৰাই একোখন হাতেৰে কঁকালৰ ঢিলা পেণ্ট উজুৱাই খামুচি ধৰি গা-উদং এজাক ল’ৰা-ছোৱালীয়ে খলখলকৈ আবেলিটো তাল-উফাল লগাই গ’ল৷ কাৰোবাৰ বাৰীৰ লহপহীয়া বেঙেনাত মুখ শুদ্ধি কৰা চুৰুণী ছাগলীজনী খেদি নিছে সিহঁতজাকে৷ ভিৰাই লৰ ধৰা ছাগলীজনীক খেদি নিয়া কামফেৰা সিহঁতলৈ এতিয়া ৰগৰহে হ’লগৈ৷ ছাগলী পিছ পৰি ৰ’ল৷ সিহঁত জাক কোন তলকতনো আগবাঢ়িল৷  আগবঢ়াৰ বেগত তিন-তেলেঙনী খাই সিহঁতৰ আঁঠুৰ ছাল বখলি খালে৷ তেজ বিৰিঙিলে৷ তেও বুলিওচোন হাঁহি নেজামৰে৷ বেগ নকমে৷ ফোঁপনিৰ মাজে মাজে ঢৌ খেলি ওলাই অহা সিহঁতৰ কলকলনিয়ে দিওঁ বুলিয়ে আবেলিটোক এটা গান উপহাৰ দিলে৷

                  ০০০

একাণপতীয়াকৈ আহি আহি নঙলামুখ পাই তাই ৰৈ দিলেহি৷ এইপৰত নঙলাকেডাল খুলি থোৱাই নিয়ম৷ ক্ষন্তেকলৈ তাই চিন্তাত মগন হ’ল৷ আজিনো দেহি, কাৰ এনেকুৱা অ-পঁইতা আকলে ধৰিলে৷ কোনোবা অবোধ বালকে খেলাৰ ভমকতে সময় পাহৰি বন্ধকৈ থলে হ’বপায়৷ পিছে তাকে লৈ তাই এতিয়া দন্দুৰী তিৰোতাৰ দৰে আবেলি বেলিকা ৰৌজাল-বৌজাল এটা লগাবগৈনে?

দুখোজ হোঁহোকা-পিচলা কৰিয়ে তাই তৎক্ষণাত ভৱিষ্যৎ কাৰ্যপন্থা ঠিক কৰি ল’লে৷ তাৰো আগতে মনে মনে মুৰুখমতি অজান বালকক তাই নিজগুণে ক্ষেমা-দেমা কৰি দিলে৷

হিচাপত, ভৰিৰ ঠাইত ভৰি দি পিছুৱাই ল’লে তাই গোটেই দেহাটোকে৷

সুদক্ষ নৃত্য পটীয়সীৰ দৰে হঠাতে গ্ৰীবা ঘূৰাই এয়া তাই আগুৱাই আহিল আৰু মাজৰ নঙলাডালত মুখখন লগাই দি হুৰহুৰকৈ বাঁওফালে নিলে৷

ঘটংকৈ নঙলাডাল পৰাৰ শব্দতে আয়ে চকুহাল মেলিলে৷ মুখখনত হাঁহিৰ আভাস এটাই লগে লগেই আবেলিটোৰ লগত সখী পাতি পেলালে৷

“কাজলী হ’বপায়!”

“আৰুনো কাৰ কাম হ’ব? এনেকুৱা ধুনীয়াকৈ শুই আছিলা৷ দিলেহি নহয় তাই টোপনিকণ ভাঙি! ৰ’বলৈ সময় নাই তাইৰ৷ পিছে কাজলী বুলি তুমিনো জানিলা কেনেকৈ৷ শুইহে আছিলা?”

“তেনেকুৱা কথানো থাকেনে? চকু যোৰহে জাপ খাই থাকে৷ বাকী গোটেইখনেই চেতনতে নহয় জানো! মুদ খোৱা চকুৰেও চাব পাৰি নহয়— সেয়া বেলা ভাটি দিছে, কাজলী উভতিছে; বগলীয়ে বাঁহনি পোহৰ কৰিছে;  সিপাৰৰ গছৰ ছাঁ এইপাৰলৈ আহিছে৷ গোটেইখন দেখিয়ে থাকো নহয়৷”

পুতেকৰ কান্ধত ভৰ দি আই ধীৰে ধীৰে শোৱাৰ পৰা উঠিল৷

“নঙলা কিডাল বনকে থোৱাটো বাৰু কথানে? তাতে আকৌ তাই নতুনকৈ গা ভাৰী৷ ধৈইজ বোলা বস্তু এটা এনেয়েও ওপজাৰে পৰা চোন তাইৰ নায়েই৷ তাতে আকৌ ঘৰ ওপজা বুলিও এটা গপ৷ চাই আহগৈ কেনেকে আহিল৷”

“কেনেকে আহিব আৰু? মাজৰডাল খুলি তলৰ দুডালৰ ওপৰেদি সাউৎকৈ ডেও দি আহিব পায়৷ বন্ধ কৰি থ’লে বুলি৷ জানো তাই নহাকে বাহিৰতে থাকিল? আহিলেই৷”

“তহঁতৰ খালি বন্ কৰি থোৱাহে বন৷ খালি বনকে থৱ৷ খুলি থ’ব লাগে৷ খুলি দিব লাগে, তেহে৷ এৰা৷ বনকে থ’লেই জীৱৰ কষ্ট৷”

দুদিনমানৰ পৰা বন্ধা-খোলাৰ কথাষাৰত বৰকৈ জোৰ দিয়া যেন লাগিছে আয়ে৷ আগতকৈ আইৰ কথা কমি আহিছে৷ সৰহভাগ সময় মুদা চকুৰেই যায়৷ গমি-পিটি কথা হয়৷ তৰপা তৰপে অৰ্থ সৰে৷

“আধা টোপনিতে কালিও, পৰহিও তুমি বিৰবিৰকৈ তেনেকুৱা কিবা এষাৰ কৈছিলা৷”

“আৰু তই হ’বপায় কাণ উনাই আছিলি?” “তেনেকুৱা কথাও নহয়৷ কাণত পৰিলে আৰু৷ এনেকুৱা কথা শুনিলে আমি বিবুধিত পৰোঁ৷ কিহৰ কথা বা কোৱা তুমি৷”

“নুবুজিলে নুশুনিবি৷ পিতায়েৰৰ লগতহে কথা হৈছিলো৷ সমাজিকো নহয় হওঁতে, দিঠকতে৷ তিথিৰ আগে আগে আহেই নহয় দেখা এটা কৰিবলে৷”

“বছৰেকীয়া পাবলৈ এমাহৰো ওপৰ দিন বাকী৷ দেখিলাইনে সমাজিকত? নে আমাৰ হিচাপতহে কিবা বিজুতি?  তোমালোক দুটিকো মানিছো দেও৷”

“বিজুতি নাই লগা৷ ঠিকেই আছে৷ এমাহৰ আগতে দেখা দিছে; তহঁতলৈ সময় দিছে৷ যা-যোগাৰৰ কথা আছে৷ কমচোন বাৰু দে৷ ঠিকতে দেখা দিছে দিওঁতে৷ তহঁতে বা বলে পাৰনে নোৱাৰ?”

“নামৰৰ যোগাৰটো কৰিবলৈ নো কেতপৰ? আমি আছো নহয়৷ তোমাৰ সেয়া ভাৱনাৰ কথাই হ’ব

নেলাগে৷ পিতৃ সেৱা কৰাত হেনা-হোচা নকৰোঁ৷ সেয়া তোমাৰ জানিবলৈ বাকী আছেনে?”

“ভাৱনাও কৰিবলৈ নিদিয়নে৷ তেতিয়া হ’লেনো কৰিম কি? বাকী ৰ’লগৈনো কি? নিজেই ভাবি চাবিহক৷  একো নকৰি জীৱই দেহাত বন্দী হৈ থাকে কি বেজাৰত?”

“আকৌ ধৰিলানে আঁহফলা কথাত?”

“গাৰ জোৰেৰে বন্‌কে ৰাখিলে আঁহ ফাল নেখাবনে? আঁহ আছে যেতিয়া, ফাঁক ওলাবই৷ এমাডিমা ল’ৰাহঁতেই ঠাৰেচিঁয়াৰে দিওঁতেই বুজে, তহঁতৰনো এনে ডাঠ ছাল৷”

আইৰ মুখখন আকৌ উজলি উঠিল৷ কুঁহিয়াৰৰ বাৰীখনলৈ আঙুলিয়াই দেখুৱালে৷ তাত এজাকমান ল’ৰা-ছোৱালী৷

০০০

কুঁহিয়াৰ ডাল কাটি খাবলৈকে তাহাতৰ ধৰ্ম সংকট৷ জাকৰে কুঁহিয়াৰ খাবলৈ মন৷ বাৰীখনত মুঠেই এডাল পূৰঠ অঁকা কুঁহিয়াৰ৷ ৰসৰ ভৰতে হ’বপায়, মাটিত বাগৰি পৰিছে৷ মাজ গা-গছৰ পৰাই ঠন ধৰি পোৱালি কুঁহিয়াৰ এডালি গজি আছে৷ মাক গছডাল কাটিলে পুলিডাল কটা যাব যে!

“তাতকৈ কুঁহিয়াৰেই নোখোৱা ভাল নেকি৷” –পেট উলিয়াই-সুমুৱাই উশাহ-নিশাহ লৈ সিহঁতজাকে কয়৷

“নেকাটিলেও মাকজনী জহি-পমি নোহোৱা হ’বই, পৰুৱাৰ ভোজ হ’ব!” —দিহা দিয়ক চাৰি আয়েচোন সিহঁতলৈ আৰু এটা ডাঙৰ সংকটহে আঙুলিয়ালে৷ —পোৱালিকণৰ শিপা গজিছেনে?

“গজিছে, গজিছে৷ অকণ অকণ মাকৰ লগত, আৰু অকণ অকণ মাটিত৷” “তেনেহ’লে! মাকৰ লগত থকা শিপাবোৰ কাটি দে৷ পুলিকণক মাটি চপাই দে৷ ঠন ধৰি উঠিব৷ কষ্ট নেপায়৷” নল মৰি গজালি৷ সমিধান পাই থিতাদহে আটায়ে বাৰীলৈ লৰ ধৰিলে৷

তবজা মাৰি বহি থকা ল’ৰালৈ একোবাৰ চালে আয়ে৷ আইৰ চকুলৈ চায়ে চকু ঘূৰাই ললে তেওঁ৷ আয়ে কেবা তৰপীয়া কথা কৈছে৷ সি লাহে লাহে মূৰ নত কৰিলে৷ কেঁচুৱাৰ দৰে কোমল মাকৰ হাতখন হাতত তুলি ল’লে৷

“কি কষ্ট আই তোমাৰ?” “একো কষ্ট নাই৷ তহঁতে খালি বাটটো মুকলি কৰি দিয়া নাই৷ বান্ধি ৰাখিছ৷”

“আই, আই তেনে কথা ন’কবা৷ তুমি আমাক গুৰি ধৰি ৰাখিছা৷ তুমি আছা দেখিহে আমি আমি৷ ৷

“নহয়, তহঁতে মোক মুকলিকৈ দিয়া নাই৷ সেয়াই মোৰ আহুকাল৷” আয়ে হাঁহিলে৷ উদাৰ হাঁহি৷ পো

-পোৱালিয়ে বেঢ়ি-কুঢ়ি থকা মাকৰ পৰিপূৰ্ণ হাঁহি৷ ইমান পৰিপূৰ্ণ যে প্ৰাচুৰ্যই চকুলৈ পানী কঢ়িয়াই আনে৷

 ০ ০ ০

কটং কটংকৈ পচতীয়াৰ ডালটো আবদুৱা কটাৰীৰে টঙনিয়াই থাকোতেই গল খেকাৰি এটা মাৰি জপনাখনত হাত দিলেহি এজনে৷ তাৰ পিছত আৰু দুজনমান আহিল৷ এঘৰৰ পৰা ল’ৰাই কুঁহিপাঠ আওৰোৱাৰ মাত আহিছে৷

কানি-মুনি, মুনি-চুনি, দুপৰ৷ এই তিনি পৰ লোকৰ৷

“হাই-উৰুমি, কটং মটং কৰিবলৈ বেলেগ সময় নেপালি হ’পায় তই৷ বৰ আইৰ কাণ সজাগ৷ ফুট গধূলিতে গধুৰ৷ টোপনিতো নপৰে৷ আমনি-জামনিখন কৰনো কিয়?”

“এৰা, কথাষাৰ মন কৰা নহল৷ সময় বুলিও সময়নো পাওঁ ক’ত? আজিও আমি বাহিৰতে বহোঁ, নে কি?”

“হ’ব৷ অথন্তৰ এটা হৈছে৷ হওঁতে হয়ো, নহয়ো৷ হৰিভকত বিবুধিত পৰিছে৷ বৰআয়ে পথ মুকলি কৰি দিবলৈ ল’ৰাহঁতক ধৰিছে৷”

“অৰ্থাৎ?” “তাকেহে৷ সেই গতেৰেই পথ মুকলি কৰি দিব লাগে হেনো৷ সেয়া বৰজন কুৱাইদ’নহয়নে?”

“কুৱাইদ’ আহকচোন৷ কথাষাৰ শুনিছো৷ এতিয়া কি কৰোঁ বুলি ভাবিছে?” বাৰাণ্ডাৰ পৰা কাণ নোহোৱা বেঞ্চিখন চোঁচৰাই চোতাল পোৱালেহি কোনোবা এজনে৷ লাহে লাহে বেঞ্চি ভৰিল৷ দুই এটা মুঢ়াও বাহিৰ পালেহি৷

“ভকতসকলক ক’ত ক’ত পোৱা যায় এতিয়া৷ বাকী লগত বহি দিবলৈ পঞ্চনামৰ গোৱা-খোৱা দুই এজন ওলাব বাৰু আমি জনাৰ ভিতৰতে৷ এটা সময়ত ইয়াতে সকাম এখন পাতিবৰ জোখাৰে ভকত আছিলে৷”

 “এতিয়া পন্থাটোৱে খোপনি হেৰুৱাইছে৷ হ’লেও ভকত বিচাৰি পোৱা যাব দিয়াচোন৷ সেইলৈ ভাৱনা কৰিব নেলাগিবগৈ৷ ভকতি সোমোৱা মানুহ এতিয়াও আছে৷”

“খোপনি নোহোৱা বুলি ক’ব নোৱাৰি৷ পঞ্চনামৰ গোৱা-খোৱা ভকত হয়গৈ৷ পাছৰ খিনিলৈ উৰাব নোখোজে৷ দুঘৰমানত পুৰণি পুথি-পাঁজিও আছে৷ চৰ্চাহে হোৱা নাই৷”

“কুৱাইদ’ৱে এই অনীহাৰ গুৰিতে কথাটো কি বুলি ভাবা? এই পন্থাসমূহ টিকি থাকিবগৈনে? ” “তহঁতকো মই বাৰু কথা এটা সুধিছো৷ কিতাপ-পত্ৰ পঢ়া মানুহ দেখদেখকৈ কমি আহিছে, আটায়ে একেলগে মানিবলৈ টান পালেও সঁচা কথা৷ তাৰ গুৰিতেনো কি বুলি ভাব বাৰু? মানুহৰ জগত জানিবলৈ, লগতে নিজক জানি আত্মাৰ ভাৰ লাঘৱ৷ কৰিবলৈ হেঁপাহ নোহোৱা হ’লনেকি? নে সমুদায় লেখা-মেলা কৰা মানুহেই আগৰ চামৰ দৰে ভালকৈ লেখিব নোৱাৰা হৈ৷ থাকিল? এদিন কিতাপেই নোহোৱা হৈ যাবগৈ নেকি?”

“মানুহৰ আজৰি পৰত সংগ দিবলৈ জগতখনেই তোমাৰ-মোৰ বহা-কোঠাত, শোৱনি-কোঠাত বোন্দাপৰ দি বহি আছেহি৷ যাৰ যিহত ৰাপ ল’ব পাৰা, চাব পাৰা৷ তাৰ মাজতো যদি কিতাপ বৰ্তি থাকে, নিজৰ জহত থাকিব৷ ফেঁচালৈ যদি ফেঁচী, ইন্দ্ৰলৈ শশী৷”

“আজিকালি ভত্তি মাৰ্গবোৰেও মানুহক আকৰ্ষণ কৰিব পৰাকৈ নিয়ম-কানুনবোৰ শিথিল কৰি দিছে৷ একগোট হৈ আত্মাৰ ভাৰ লাঘৱ কৰিব পাৰা৷”

“…সবতে দুৱাৰ মুকলি কৰি দিয়াৰ ধল উঠিছে৷”

“আমাৰ আজিৰ আলোচনালৈকে চোৱা৷ আজিৰ পৰা দহবছৰৰ আগতে এনেকুৱা সকাম এখনৰ আয়োজন কৰাৰ কথাষাৰ উঠোতেই গাঁওখনেই দহোটামান ভাগ হৈ গ’লহেঁতেন৷ আৰু আজি? জীৱক শেষ ইচ্ছাত সহায় কৰিবলৈকে কোৱা, মানুহঘৰক৷ সহযোগিতা কৰিবলৈকে কোৱা, আমিবোৰে উজানত উজান দিছোনে নাই? তাকে লৈ দহোটা খেল কৰিবলৈ কোনো নেযায়৷”

“বাঁহপুলিয়ে গজি আহোঁতে মেঘখনকে ফুটা কৰি দিমগৈ বুলি ধিয়াই আহে৷ বয়স আৰু সময়ে গৰকিলে মূৰ দোৱাই ভাবস্থিৰে আকাশক সেৱাটো কৰে৷ আটাইবোৰৰে মুকলি আকাশলৈকে ধাউতিটো৷ নল-খাগৰিৰো৷ বৰ গছৰো৷”

আলোচনা ৰসাল হৈ উঠিল৷ চাহ-পানী আহিল৷ নানা জনৰ নানা মতে চাহ-পানীৰ সোৱাদেই সুকীয়া কৰি পেলালে৷ আওপাকে কাণ ধৰাত বৰজন কুৱাইদ’ৰ ফেৰ যে কোনেও নেপায়, সেই কথা জানিবলৈ হওঁতে কাৰো বাকী নাই৷

০ ০ ০

গুৰু গম্ভীৰ আলোচনা এটাই সন্ধিয়াটোক ওজন দিবলৈ আৰম্ভ কৰিলে৷ তাৰ প্ৰভাৱতে কাষৰ ঘৰত কোৰ্হাল এটা জীণ পৰি আহিলে৷ ঘৰটোৰ পৰা এখুজি দুখুজিকৈ মানুহটো ওলাই আহিল৷

“গহীন কিবা যেন লাগিছে৷ তাকে শুনো বুলিহে আহিলো৷”

“হেৰৌ, আটাইবোৰেই তোৰ দৰে পাতল পানী খাই ফুটুকানিত বাঘৰ গৰ্জন দিবলৈ হ’লেচোন আধ্যাই৷ শুনোতা নেথাকিবগৈয়ে৷”

ন-বোৱাৰীৰ দৰে মানুহটো বাঁওফাললৈ মূৰ দোৱাই বহি ৰ’ল৷ সি লাজ পাইছে৷

“এইটোনো বাঘ নে? সন্ধিয়াখনত তাৰনো কি চং ঢং নেচাবা৷ বাঢ়ৈটোকা চৰাইটোৰ লেখিয়াকৈ কি একে ঠাইতে ‘তই’ ‘তই’ ‘তই’ কৰি টুকুৰিয়াই আছিলি? চদকা দিবলৈ বহি!”

“ঘৰখনত কাণ সমনীয়া পুতেৰ আছে৷ নিজৰ মানটো নিজে আবুৰ নকৰিলে কালিলৈ সিহঁতে যদি উনৈশ-বিছ কৰে? ”

“এটুপি ধৰি আহি সি বাঢ়ৈটোকা চৰাইৰ দৰে টুকুৰিয়াই থাকিব৷ ‘তাই’ ‘তাই’ ‘তাই৷ গোটেই জগতখনৰ য’তবোৰ দোষ ভ্ৰান্তি সব ‘তই’ৰ৷ সি সন্ত৷ বোলো কিনো মাটিৰে গঢ়া সেই মানুহজনী জানো? কোনোদিনে উভতি এষাৰ কথা নকয়৷ সেই বলতে ই বাঘ হৈ দেখুৱাবলৈ চল পাইছে৷”

“ল’ৰাও সেই একে মাটি৷ ই পাষণ্ডই যিমানহে টুকুৰিয়াই থাকে, আলতীয়া মাটি হলে বাটলু হৈ তাৰ গালৈকে হানি হ’লগৈ হেঁতেন৷ টটা মাটি দেখিহে ৰক্ষা!

কাৰ দোষ? ‘তাই’ৰ! কোনে কৰিলে? ‘তাই’! তাই’! ‘তাই’! ‘তাই’!৷ এতিয়াযে জঁই পৰিছ গোটেইটো, আনিলে হ’বপায় পুতেৰে হাড়ক মাটি কৰি ঘটি৷

পুৱাতেই তৰা-নৰা ছিঙি আকৌ ল’ৰ ধৰিব৷ তেতিয়াতো তই বাঘ বিছনাতে থাক!

ইটোৱে এষাৰ সিটোৱে এষাৰ কওঁতে কওঁতে মানুহটো নিলাজী বনৰ দৰে জই পৰি নিমাতে  থাকিল৷

০০০

কাকতে-পত্ৰইহে যি পঢ়ি যি বুজিছো এই পন্থাসমূহৰ আয়ুসত চাউল নাই যেন লাগে৷ সৰু গোটেই হওক, বা বৰ গোটেই হওক লুকাই কৰা ভক্তি টিকিবনে?

গোপন বোলোতে কি গোপন আৰু কাৰ পৰা গোপন?

গুৰি শকত সত্ৰসমূহৰ ছত্ৰছায়াত নিকা সংহতিয়ে সু-সংগঠিত এখন চৰ্চাক্ষেত্ৰ পালে৷ বুজনসংখ্যক জনগোষ্ঠী কিন্তু ছেদেলি-ভেদেলি হৈ নিকা সংহতিৰ পৰা দূৰতে ৰ’ল৷ অসংগঠিত এইবোৰ চৰ্চাক্ষেত্ৰত আন একোটা ধৰণৰ ভক্তি মাৰ্গে গা কৰি উঠিল৷ প্ৰভাৱশালী আউনিআটি, বেঙেনাআটি, গড়মূৰ প্ৰভৃতি সত্ৰসমূহৰ ছায়াত নিকা সংহতি বলিষ্ঠ হ’ল৷ বাৰেঘৰ, মোৱামৰা, বুধবাৰী আদি কম প্ৰভাবশালী সত্ৰবোৰৰ আওপকীয় পৃষ্ঠপোষকতাত নহ’লেবা তেওঁসবৰ অগোচৰে এই পন্থাসমূহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঠাইভেদে স্বকীয় ৰূপত সৰু সৰু গোটত বৰ্তিবলৈ ল’লে৷

গোপনে মানে তেনেহ’লে প্ৰভাৱী মূল সুঁতিৰ পৰা গোপনে বা অগোচৰে৷ বুৰঞ্জী খুঁচৰি পুনৰপি চোৱাৰ সময় হেনো এইটো, হয়নে?

সময়ে মানুহৰ দৃষ্টিভংগী সলনি কৰে৷ ভিতৰপকীয়া কাম-সকামক আজিলৈকে অৰীতিয়া ব্যভিচাৰ, ইন্দ্ৰিয়াসক্তিৰ লগত যুক্ত কৰি কাকতে-পত্ৰই লেখি থকা দেখিছো৷

তাৰ মানেই এই বিষয়ে কিবা পালে তহঁতেও পঢ়িবলৈ এৰা নাই৷ সেইটোৱেই ধাউতি৷ ব্যভিচাৰ বা অনাচাৰৰ কথাই ধৰোঁ৷ আমি পিছে ব্যভিচাৰ ক’ত দেখিলো? কিহৰ আঁৰবেৰ দেখিলো?

 দুই-এক পুৰুষৰ আগলৈকে আমিবোৰে এই পন্থাৰ সকাম-নিকামবোৰ পাইছিলো৷ অৰ্থাৎ আমি সৰু চামৰ চকুৰ আগতে কাজ-সকামবোৰ কৰিছিলে৷

মুকলি চোতালত, মাৰল-ঘৰত নাতি-পুতিৰ সমন্বিতে গোপনীয় কথাটোৰ কি অৰ্থ? পো-পোৱালিৰ পৰা লুকাই-চুৰকৈ নহয়৷ পো-পোৱালিৰ মাজতে অসুন্দৰৰ চৰ্চা কোন জনগোষ্ঠীয়ে বা কোন মাৰ্গে কৰিব? তেনেহ’লে গোপনীয় কি?

কোৱাইদ’, অ-সুন্দৰ নহয় যদি কিহৰ ভয়ত নিয়ম-কানুনবোৰ মুজুৰা পৰিলে! চাবলৈ গলে পন্থাৰ বল কমাটো সঁচা৷ কাৰণ৷ কি হ’ব পাৰে?

পণ্ডিতৰোষ৷

পণ্ডিতৰোষ ৰাজৰোষৰ সমানেই দমনশীল৷ আকৌ ব্যভিচাৰ ঠায়ে ঠায়ে নোহোৱা বুলিও ডাঠি কোৱা টান৷ বৰ হাকিম কালিৰাম মেধিৰ লেখাৰ পৰা সেয়া ধৰিব পাৰি৷ মেধিৰ মতে তেওঁসবৰ পন্থাত গোপনীয়তা নোহোৱা নহয়৷ তেওঁ হেনো ভেশচন কৰি কৰি এই পন্থাৰ ভকতসৱৰ মাজত সোমাই

তেওঁলোকৰ মাৰ্গ প্ৰত্যক্ষ কৰিছিলে আৰু তাকে লিখিছিলে৷

কোনো ধৰণৰ পৃষ্ঠপোষকতা নোপোৱাকৈয়ে এই পন্থাসমূহে গা কৰি উঠিলে৷ পন্থাসমূহৰ বল পৰাৰ কথাটো কিমান সত্য গমি-পিটি চাব পাৰি৷ মোৱামৰীয়া, বাৰেঘৰ, বুধবাৰী আদি সৰু সৰু সত্ৰসমূহৰ অধীনত এতিয়াও এক কোটিৰো অধিক শিষ্য আছে৷ তাকে যেনিবা সৰু গোট৷ উজনিতো বহুত গোট; নামনিতো বহুত গোট৷

তাতোকৈ ডাঙৰ কথা খাটি-খোৱা মানুহৰ মাজতহে এনেবোৰ পন্থাই গা কৰিলে৷ কিয়? নিকা পন্থাসমূহৰ কাষ চাপিবলৈ এইচাম মানুহৰ সামাজিক স্থিতিয়ে নুকুলালে আৰু আকৃষ্টও নকৰিলে৷ কৰিলেও শৰণ ভজি চলাই নিয়াত জীৱিকা তেওঁলোকৰ বাবে অন্তৰায় হ’ল৷ গা-খাটি জীৱিকা অৰ্জন কৰা মানুহৰ মাজত নিকা-সংস্কৃতি দূৰৰ পাহাৰ হৈ ৰ’ল৷ কিন্তু বুকুৰ কুটুম নহ’ল৷

বৈষ্ণৱ সংস্কৃতিৰ শক্তিশালী মূল ধাৰাটোৱে চুব নোৱাৰা দূৰত্বত বিচ্ছিন্ন হৈ থকা জনগোষ্ঠীসমূহে সেই আপাহতে পন্থাসমূহত খোপনি ললে, প্ৰবৰ্তিও আছে৷  ভকতি সোমোৱা অনুষ্ঠানটি হওঁতে অ-ভকতসকলৰ পৰা আঁৰকৈ পাতে, তাকে গোপনীয়, অৰীতিয়া বুলিব পাৰে৷ নে কি কোৱা?

সেইমতে চালে দেখোন যেই কোনো পন্থা বা মাৰ্গত শৰণ বা ভজন লোৱা অনুষ্ঠান গোপনীয়৷ শৰণ লওঁতে হৰি ভকতসকলৰ বাদে বাকী আটায়ে শুনাকৈ গুৰুজনাই দীক্ষা দিয়েনে? আনকি এতিয়াৰ স্পৰ্শ চিকিৎসা ৰেইকীৰ ইনিচিয়েচন বা এটিউনমেণ্টও আচুতীয়াকৈ হয়৷ জৰুৰী নহয় যে সেই পন্থাত দীক্ষিত নোহোৱাসকলৰ পৰা নেদেখাকৈ শৰণ দিলেই সেয়া অনাচাৰ বুলি বিভূষিত হ’ব৷

এইবোৰ মাৰ্গৰনো উদ্দেশ্য কি? উদগতিৰ বাবে সংগঠিত একোটা চৰ্চাক্ষেত্ৰই৷ ভক্তি মাৰ্গসমূহৰো নিজৰ গীত-মাতৰ একোটা গূঢ়াৰ্থ আছে৷ গীত-মাতত অময়া ভকতি আছে; নৃত্যৰ ছন্দ আছে৷ গোষ্ঠীসমূহত ভিন্ন ৰূপত এই সংস্কৃতি বৰ্তি আছে৷

একো নোহোৱাকৈ শূন্যত একোটা মাৰ্গ বৰ্তি থাকিব পাৰেনে? কিহে বৰ আইক আজি দুপুৰুষৰ পিছত সেই মাৰ্গলৈ টানে?

বিস্তাৰেই মূল কথা৷ সৰু সৰু পুলি-পোখাৰো পৃথিৱী ভেদি আকাশ লংঘাৰে সপোন৷ ঠাইৰ ঠেহনি হলে বেঁকাকৈ হলেও মুকলিলৈ উধাব খোজে৷

কুৱাইদ’ৰ কথাহে সাৰবস্তু৷ মেঘখন চোৱাৰহে হেঁপাহটো৷ তেওঁ বুলি এই বিষয়তো চৰ্চা হ’ব লাগে৷

গোট, খেল আৰু সংস্কৃতিয়ে গা কৰাত ৰাজ পৃষ্ঠপোষকতা দলিয়াই পেলাব লগীয়া কথা নহয়৷ পৃষ্ঠপোষকতা নোপোৱা সত্ৰসমূহে শিচসকলক এই পন্থাসমূহ চৰ্চাত উদগনি নিদিলেও, হকাবাধাও নকৰিলে৷  বিশাল জনগোষ্ঠীৰ সৰহসংখ্যক লোকেই এই সৰু সৰু সত্ৰসমূহৰ অধীনত অ-সংগঠিত হৈ থাকিল৷

এওঁলোকৰ মাজত নিচাৰ প্ৰাদুৰ্ভাৱে স্বাভাৱিকতে সত্ৰসমূহক লাহেকৈ অস্বস্তিত পেলালে আৰু প্ৰকাৰান্তে গা এৰা দিবলৈ ধৰিলে৷ ক’ৰবাত ক’ৰবাত এৰাল ছিগা যেন হ’লগৈ৷

অসংগঠিত চৰ্চাক্ষেত্ৰ দেখোন সোঁত নোহোৱা পানীৰ নিচিনা৷ বেগৱতী সোঁতেহে সোনকালে সাগৰ চুবগৈ পাৰে৷

শ্ৰীৰামদেউ আদিতে বোলে আতাত ভজাই নাছিল৷ সঁচানে? বোলে অবিশ্বাসহে কৰিছিল৷ অবিশ্বাসেসে বিশ্বাসৰ ভেটিকে সবল কৰে৷ ইমান সবল হ’লগৈ যে এতিয়া “কৈছে শ্ৰীৰামদেৱে বুলিহে” গীত-বচন হয়৷ আতাৰ উল্লেখ বচনত নহয়েই৷

শ্ৰীৰাম দেউৰ               সাৰে মোৰ দেৱতা

             শ্ৰীৰাম দেউৰ সাৰ৷

ভক্তি তত্তৰ পৰা             নমাই চৈধ্য ৰস

         পাতিছে প্ৰেমৰে পোহাৰ৷৷

প্ৰেমৰ পোহাৰ পৰা           আহে এক আলি

            সৎসঙ্গ পুৰলৈ বাট৷

আলাক্ষ্যৰ কেৱলাই        নিলাক্ষত ঘেৰিছে

       জীৱকো লগাইছে পাক৷৷

গোপাল আতাই প্ৰৱৰ্তন কৰিলে, শ্ৰীৰামদেৱে বচন ৰচনা কৰিলে৷ নগাৰ নৰোত্তমলৈকে

সেই ভক্তি ৰস বিয়পিল৷ নগা আলি হ’ল৷ খৰিকটীয়া আলি হ’ল৷

জনগোষ্ঠীসমূহত আগৰে পৰাই সাঁজপানীৰ প্ৰচলন আছিল; ভকতি কৰোঁতে সেয়াই লাহেকৈ বিধিসম্মত হ’লগৈ৷

জোৰটোও ৰসপানীকণতহে বেছি হ’লগৈ৷ কালক্ৰমত খাটিখোৱা সম্প্ৰদায়ৰ বাবে সাজপানীয়েহে মূল যেন হ’লগৈ৷

এনে সময়তে জনগোষ্ঠীসমূহৰ শিক্ষা-দীক্ষাৰে আলোকিত হোৱা সেই নতুন চামৰ কাৰণে ৰসৰ প্ৰাদুৰ্ভাৱটো অস্বস্তিৰ কাৰণ হ’লগৈ৷ ক’ৰবাত ক’ৰবাত এই অস্বস্তিৰ গুণতে লুকাই-চুৰকৈ, আঁৰবেৰকৈ কৰোঁতে কৰোঁতে সমূলঞ্চে ভিতৰপকীয়া হৈ গ’ল৷ ব্যাপক ভিতৰপকীয়া৷

বিজ্ঞ মহলত কথাবোৰ আলোচনালৈ আহিল৷ গোপন পিঠিতহে পোহৰ পৰিল৷

এনেকুৱাও হ’ব পাৰে কথাটো যে মুখৰ জেউতিকণ চকুত নপৰিলেই৷

 ৰাজৰোষতো আছিলেই৷ পণ্ডিতৰোষত পৰিল এইবাৰ৷ সংকুচিত হ’ল৷ এতিয়া পণ্ডিতৰ যুগ৷ পণ্ডিতৰোষ ৰাজৰোষৰ সমান বলশালী৷ সঁজালি ধৰা পোন পুলি গছেও অনবৰতে চেপাকে খাই থাকিলে ভাঁজ-ভুজ ল’ব৷ স্বভাৱসিদ্ধ কথা৷

গছপুলিৰো পিছে মুকলি আকাশখন চোৱাৰহে হেঁপাহ৷ সেইষাৰিও স্বতঃসিদ্ধ কথা৷

০০০

আগবেলাটোত পানী বঢ়াৰ কোনো উমঘামেই নাই৷ থুপুৰী, বন-চুৰুণী ছোৱালীজনীৰ নিচিনাকে নিতাল মাৰি শুয়ে আছিল নৈখন৷ এহালিচা মাটিৰ সমান সমাৰ বোৱাৰ সময়তে দেওলগা নাচনীজনীৰ নিচিনাকে গছ-বিৰিখ সামৰি-সূতৰি ৰণ জিনিবলৈ ওলাল৷ ভাদমহীয়া থিয় দুপৰটোত অকলে তাই৷ ৰ’দে পুৰি আটিল কৰা মানুহটোক তাই ভাগৰ পলুৱাই দিবানিদ্ৰালৈ লৈ যাব৷ সেয়াই হেঁপাহ৷

বাঢ়নী নৈখন কাষ চাপি আহিছে৷ নাওখনো এই পাৰতে থাকিল৷ নৈখনে বিধি পথালি দিছে৷ কোনে জানে,  নৈৰো বা আকৌ কিহৰ হেঁপাহ৷

সাপৰ নেজ ছিঙি নিয়া সোঁতত ভাগৰুৱা মানুহটোক তাই গৰুৰ নেজত ধৰি নৈ পাৰ হোৱা চাই থাকিব পাৰিবনে? ওপৰত থিয় দুপৰৰ মেঘ৷ দেওধনী নচা নৈৰ বুকুত তাই৷ নৈৰ তলত তাই নজনা জগত৷ ধাউতি, ভয় আৰু অনভিজ্ঞতাই লেহুকা কৰা শৰীৰটো ব’ঠাপাতক খামুচি ধৰি কঁপি উঠিল৷ মানুহটোক তাই সিপাৰৰ পৰা নাৱেৰে লৈ আহিবলৈ ওলাল৷ ৷

কেতিয়ানো ব’ঠাপাত হাতত লৈ উজাবলৈ ধৰিলে৷ সপোনেই নে দিঠকেই? দোপত দোপ দি উজাইহে আছে৷  এইজোপা আধাখিনিলৈকে পানীত হিয়ালি-হিঁয়ালিকৈ থকা পঁচতীয়া নাৱৰ টিঙে মহটিয়াই নিলে৷ চ চকৈ ডাঙৰ শব্দ কৰি এইজোপা দোপৰ-বাঁহৰ পাত৷ আগ টিংটো পাৰ হৈ শব্দটো কাষ পাওঁতেই তাই মুখখন সিমুৱা কৰি দিলে৷

বাঁহপাতে কাটিব গাল৷

বাটলৈ হালি থকা চৈ দিয়া গৰু গাড়ীত বাঁহে কোবাই যোৱা শব্দটো এনেকুৱাই৷ তেতিয়ানো কিমান বয়স তাইৰ? বাকীবোৰ একোকে মনত নাই তাইৰ৷ কিজানি টোপনিয়াই আহিছিলে৷ গৰুগাড়ীৰ চৈত বাঁহৰ লেকেচিয়ে কোবাই যোৱাৰ শব্দত চেতন আহিল৷ তাইনো কলৈ আহিছে? কোনে তাইক কলৈ আনিছে? এই অহাৰ মানেনো কি? চৈ-দিয়া গৰুগাড়ী, আগতে কেতিয়াও নিপিন্ধা কাপোৰেৰে ঢাক খাই, কোনোদিন ভ্ৰমণ নকৰা বাটেৰে, ভাবনাৰে ঢুকি নোপোৱা দূৰলৈ এন্ধাৰে-মুন্ধাৰে ৰাগি লগা মানুহৰ নিচিনাকে আহি থকা?

তাইৰ কপালত যেনিবা আকাশৰ জোনটোহে জ্বলিছে৷ জ্বলা জোন নাকেৰে গুড়ি হৈ খহি পৰিছে৷

বাঁহপাতৰ ঝক্কৰণি আৰু নাই৷ তাইৰ হেঁপাহতে হয়ভৰ দি আগটিংটো নৈৰ ওফন্দি উঠা বুকুত গা-ঘঁহাই আগুৱাই গ’ল৷ চাকনৈয়াটো একাষৰীয়া হৈ বুৰ মাৰিলে৷ কোনোবাখিনিত নৈখনে খলখলাই হাঁহিলে৷ তাইকে দেখি হাঁহে নেকি? লাজতে তাই বঠা হাতত লৈ তলমুৱাকৈ থিয় দি আছে৷ ৷

মোৰ চকুলৈ চোৱা৷

তাই চাইছে৷ একো দেখা নাই৷ কিন্তু বুজাত অকনোকে আহুকাল হোৱা নাই৷

নৈ কঁপা দেখিয়ে নেকি সিপাৰৰ ওখ গছজোপাত কঁপনি উঠিছে৷ এয়া ভাললগাৰ কম্পন৷ এয়া প্ৰেমৰ তৰংগ৷ গছজোপাই কথা ক’ব পৰা নাই৷ হেঁপাহত তাৰ মাত হেন্দোলনি খাইছে৷ বতাহে বতৰাটো নৈখনক দিছে৷ গছজোপাই দুবাহু মেলি দিছে৷

তাইক মাতিছে, আহা৷

তাইক মাতিছে, আহা৷ কাষলে আহি নৈখনে বিশাল গছজোপাৰ চৰণ চুইছে৷ তালৈ মই মতা নাই৷ মোৰ বুকুলৈ আহা!

সৰু নৈখন উদ্বাউল হৈ গৈছে৷ মহিমাময় আহ্বান৷ কোনে মাতে? গছেই নে গছৰ মূধচত থকা আকাশে? এইয়া বতাহ নে তাইৰ কাণৰে ভ্ৰম৷ নৈয়ে বিৰিখৰ বুকু চুব কেনেকৈ? পাৰি নেকি? নে এয়া মুঠেই ছলনাহে৷ ৷ নৈৰ বুকুৱে সামৰিবহে জানে৷ জিৰণি নাই৷ বৈ গৈ থকাহে কাম৷ বোৱঁতী পানীৰ নল-খাগৰিৰে সখি পতা আৰু ওখ গছৰ গুৰি চুই যোৱাহে কাম৷ গছৰ বুকুত বান্ধোন খাব পাৰিনে? গছ কিবা সাগৰ নেকি? মোৰ বুকুলৈ আহা৷

০ ০ ০

ভৰুণ পানীত দোত দোপ দি সিপাৰ ধিয়াই গৈ থাকিল তাই৷ তেনেই উতনুৱা নাওখন৷ ভুটুঙাই শিহু এটা উঠি আহিলেই লুটি খাই পৰিব৷ কৰতৰ নিচিনা ধৰাল দাঁতৰ ঘঁৰিয়ালে পালে নাওখন সাউতকৈ দুচিৰা কৰিবলৈকো বেলি নেলাগে৷

তেনেকুৱা এখন নাওত উঠি তাই তাৰ দুৰ্নিবাৰ আকৰ্ষণক সঁহাৰি জনালে৷ ওভতগোৰে নচা পানীৰ চেহেৰাটোৱে তাইক ভয়ত যিমানে চমকালে, সিপাৰলৈ তাই সিমানেই উৰা মাৰি যাবলৈ খদমদম লগালে৷ ৰিহাখন কঁকালত আঁটি আঁটি পকালে তাই৷ কঁপনি উঠা হাত দুখনক তাই ব’ঠাপাতত গতাই দি মেঘ চুব খোজা নৈৰ বুকুৱেদি বগুৱাবাই গল৷ ওখ গছৰ তলত তাই অহালৈ হাত মেলি আছে সি৷ ৷ সোঁত ভেদি কাল খাই পাৰৰ ওপৰলৈ নৈৰ টিং বগুৱা বাই গ’ল৷

দুহাতেৰে গবা মাৰি ধৰিছে সি৷ আগলি কলাপাতো ইমানকৈ নকঁপে৷ সি ধাউতিটো পৰশি চাইছে৷ সাত সাগৰ তেৰ নদী পাৰ হৈ অহা এইকণ খামুচীয়া দেহ৷ তাইৰ গাল দুখনত গৰম ভাতৰ উম৷

গৰম ভাতৰ ধোঁৱাই খোৱা আলসুৱা মানুহজনীৰ গালৰ তপত খিনিহে যেন তাৰ চেঁচা পূৰঠ ওঁঠেৰে উমান ল’লে সি৷

আকাশে বিজুলী হৈ যেনেকৈ মাটি চুমে৷ গছে যেনেকৈ নৈৰ নাচোন চায়! মুকলি বতাহৰ পৰা লুকুৱাই, চুৰকৈ তাইৰ বাহুমূল চুই চাইছে সি৷

এয়া বাউসী নে নৈৰ পিছল গৰা?

লাজত তাই তলমূৰ কৰিছে৷ তাইৰ লাজতে উজান দি ওলমি আহিছে থুৰীয়া শকত কাণৰ লতি৷ থাউনি বিচাৰি তাৰ পিঠিত খেপিয়াই আছে তাই৷ খুব লাহে লাহে….

আই আই৷ মোৰ হাতত ধৰা৷ আই৷ চকু মেলি চোৱাচোন৷ তুমি কিবা কৈ আছা? তুমি সাৰে আছানে?

কৈছোঁ নেকি? সমাজিকেই হ’বলা৷ তেনেই লেউ-সেউ ছোৱালী এজনীয়ে নৈ এখন পাৰ হোৱা দেখিছিলো৷  ভাদমহীয়া নৈ৷ বহুদিনৰ আগতেও এবাৰ দেখা সমাজিকেই৷ নে দিঠকেই বা!

০ ০ ০

পিতাকৰ বছৰেকীয়া তিথিত মূৰ দোৱাবৰ হেতুকে ছোৱালীহঁতো আহি পাইছেহি৷ কেউজনী আইৰ কাষ চাপি আহিল৷ ৷ “কি কথা বতৰা হৈছা? আমাকো ভাগ নিদিয়া জানো?” “তহঁতক কেলেই? বেৰৰ মাটি, গোৰ মাৰি দিলোঁ, দূৰত পৰিলিগৈ৷ দূৰে দূৰে থাক৷”

আটাইকেইজনীয়ে মুখবোৰ এন্ধাৰমুৱা কৰি পেলালে৷ ককায়েকহঁতৰ বেথা লাগিল৷

 “কেলেইনো এনেকুৱাকৈ কোৱা? বেজাৰ পায়৷ তোমাকে আঁকোৱালি ধৰোঁ বুলিহে হামৰাও কাঢ়ি আহে৷”

“ইমানতো ধাউতি ভাললৈ নহয়৷ পুৰণিতে ইমানকৈ মজি থাকিলে নতুন শিপা কেতিয়া ধৰিবগৈ?” “তুমিও দেখোন তেনেকুৱা মাটিয়ে আছিলা, তেতিয়াহলে?”

“আছিলো, হওঁতে৷ আয়ে-বোপায়ে গোৰ মাৰি দিলে; তহঁতৰ বেৰত খামোচ মাৰি ধৰিলোহি৷ আলতীয়া মাটিৰ লেখীয়াই৷ ৷ কামোৰ মাৰি ধৰি থকা নাইনে আজিকোপতি?”

“তুমি সাৰুৱা মাটি, মোৰ আই৷ শতৰুৱেও মানি ল’ব৷ জীণ গলা৷ জীপাল কৰিলা৷”

“তেনেহ’লে? আগৰখনৰে মায়াত মজি নেথাকিলো বুলিহে পাৰিলো৷ কথাটো তেনেকুৱাই৷ উলিয়াই দিয়া ছোৱালীক এইঘৰৰ মায়াত মজাব নেপায়৷ চেনেহ বিঘিনি হ’বলৈ কেতেপৰ? তাহাঁতৰ ওফোন্দ লাগিলেই? মাত চোন৷”

“কত আৰু কাষ চাপিব এতিয়া৷ বৌয়েকহঁতৰ লগত কথা বলা মেলিবগৈ পায়৷”

“কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ৷ ৰঙ-ৰহইচ কৰক৷ পিছে চাব লাগিব যেন মঙহৰ টোপোলাহে দিয়া-দিই কৰে, লগন-ভগনৰ কথা দিয়া দিই কৰিলে হকা বধা কৰিব লাগিব৷ এতিয়া তই মুখিয়াল৷ চকু-কাণ মুকলি ৰাখিবি৷”

“এনেকুৱা কথাৰে কেলেই তুমি মোক ভয় খুৱাই থাকা৷ তুমি গছৰ মুঢ়া হৈ হলেও গোটেইখনৰে গুৰি ধৰি থাকিবা৷”

“সেইয়া আকৌ আপোনপেটীয়া কথা কলি৷ তই তোৰষাৰহে ভাবিছ, মোৰষাৰ ভাবিবলৈ অনীহা৷ বান্ধি নথ’বি৷  বান্ধি নথবি৷ জীৱই কষ্ট খোৱা কাম নকৰিবি, মোৰ বোপাই৷ মই বুলিলে মই, জীৱ বুলিলে জীৱ৷”

০০০

অৱশেষত আইৰ হেঁপাহক সন্মান জনাই পিতাকৰ বছৰেকীয়া তিথিৰ দিনাই বাট মোকলোৱা অনুষ্ঠানটোৰ আয়োজন আৰম্ভ হ’ল৷

নঙলা মুখতে তামুলী পীৰা আৰু কাষতে এবাল্টি পানী যতনোৱা আছে৷ আই-বাপসকলে তাতে ভৰি পখালি বাট বুলি চাদৰখন গৰকি গৈ আসনত বহিছেগৈ৷ খনীয়া কাপোৰ এখন দীঘলকৈ মাৰল ঘৰলৈ অহাৰ বাটতে পাৰি দিলে গিৰিহঁতে৷ লেখৰ ভকত কিজন খনীয়া কাপোৰ গৰকি পাৰহৈ যোৱাৰ পিছত গৃহস্থই চাদৰখন ভাৱস্তিৰে জাপি-কুঁচি নিজৰ মূৰত তুলি ললে৷ ঘৰৰ আটাইবোৰ পো-পোৱালিৰ মূৰত কাপোৰখনেৰে ভকতসকলৰ চৰণ ধূলি দি গ’ল৷

আইৰ কাষ পাই খনীয়া কাপোৰ হাতত লৈ ল’ৰা এক্ষন্তেক বিবুদ্ধিত পৰিল৷ এশ একুৰি গজ চাকিৰ পোহৰে মুখখনত ভৰ কৰিছেহি!

জপা কাপোৰ আইৰ ভৰিত থৈ পুতেক গুৰি কটা কলগছৰ দৰে হালি পৰিল৷ “আই! আই! আই!” “অগা-ডেৱা নকৰিবি৷ পথ মোকোলাই দে৷ পথ৷ পথ৷”

জোৰ লগোৱা বচন গাই আই দুগৰাকীয়ে চৰুলৈ জুই নিলে৷

স্বামী, লগৰ বন্ধুসৱে             খৰিকে লুৰিলে

            সঙ্গৰ বন্ধু সৱে ৰান্ধে৷

সঙ্গত বহি আছে                 সঙ্গৰ সাধুগুৰু

            অগনি জলিব লাগে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক