স্নেপশ্বটছ্ (ৰাজীৱ ৰঞ্জন)

(উভতি আহোঁতে চকুদুটাই আন্ধাৰ সহ্য কৰিব পৰা হৈছিলগৈ। মন কৰিলো গোটেই জেগাখিনিত অসংখ্য (১০০ৰ বেছি) ডেনড্ৰাইটৰ সৰু সৰু খালী টিউব। ল’ৰাকেইজনৰ ফালে ভালকৈ চাই বুজিবলৈ বাকী নাথাকিল। গোটেইবোৰে তাতে বহি ড্ৰাগছ্ খাই আছে। ইমানবোৰ সৰু সৰু ল’ৰা, ড্ৰাগছৰ কবলত!! জিকাৰ খাই উঠিছিল মনটো। দুখ-খং আৰু মিশ্ৰিত বহু অনুভূতিয়ে আহি আবৰি ধৰিছিল।)

স্নেপশ্বটছ্

১) অসমত যথেষ্ট ঠাণ্ডা পৰিছে। ছুৱেটাৰ, জেকেট, মাফলাৰ, টুপীকে ধৰি সক’লোবোৰ নিপিন্ধাকৈ সন্ধিয়া বাহিৰলৈ ওলোৱা অসম্ভৱপ্ৰায়। আমি মানে মই আৰু মোৰ চাৰি-পাঁচজন বন্ধু বহি আছো আমাৰ সোতৰ বছৰ ধৰি চলি অহা পাণদোকান আৰু ফাৰ্মাচীৰ সন্মুখৰ বাৰান্দাৰ আড্ডাত। সন্মুখত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায় ৩০ ফুট নিলগৰ সামৰিক বাহিনীৰ চিনাকী চেকপোষ্টটোত অচিনাকী নতুন মুখৰ কেইজনমান জোৱানে জুইৰ উত্তাপৰ সোৱাদ লৈ বহি আছে। সচৰাচৰ হোৱাৰ দ’ৰেই বিভিন্ন বিষয়ৰ আলোচনা চলি আছিল আমাৰ মাজত। হঠাতে এক বিকট শব্দত আমি গোটেইকেইটা জঁপিয়াই উঠিলোঁ। এনেকুৱা শব্দ এটাৰ অৰ্থ এটাই হ’ব পাৰে। দুৰ্ঘটনা। কিন্তু গোটেইকেইজনে হতবাক হৈ পৰিলো যেতিয়া দেখিলো শব্দৰ উৎসটো। এজন চেঙেলীয়া ডেকা। পিন্ধনত জীনছ আৰু ক’লা ছামৰাৰ জেকেট, মুখ ঢকা হেলমেট্ আৰু জোতা। পালছাৰ ২২০ চিচিৰ মটৰ চাইকেলখনৰ পাছৰ চকাটো শূন্যত উঠাই ঠাইতে ৩৬০ ডিগ্ৰী ঘূৰি তীব্ৰ বেগেৰে গুচি যোৱাৰ দৃশ্যটো চাই শিয়ঁৰি উঠিছিল দেহ-মন। হাঁড় কপোৱা ঠাণ্ডাত কিবা কাৰণত যদি ল’ৰাজনে পৰি যায় কি হ’ব, তাকে ভাবি ভাবিয়েই বহি পৰিছিলো বেঞ্চখনত। কাৰো মুখেৰে একো শব্দ ওলোৱা নাছিল বহু সময়।

২) তেজপুৰৰ হজৰাপুখুৰীৰ পাৰৰ ষ্টেডিয়ামত(?) ছাব্ জুনিয়ৰ আন্তৰাজ্যিক ভলীবল প্ৰতিযোগিতা। স্থানীয় ৰেঙনী ক্লাবৰ সৌজন্যত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ মুঠ ২৭ টা দলে অংশগ্ৰহণ কৰিছে। লোকে লোকাৰণ্য গোটেই খেলপথাৰখন। দেখি বৰ ভাল লাগিছিল। ৰেঙনি ক্লাবৰ তিনিজন অন্যতম মুখ্য সদস্য মোৰ বন্ধু। সিহঁতে কৰা কষ্টখিনি ওচৰৰ পৰা দেখি মনটো কেনেকুৱা লাগিছিল মই লিখি বুজাব নোৱাৰিম। সক’লো খেলুৱৈ তথা কৰ্মকৰ্তাৰ কাৰণে (মুঠ ১২০০ মান মানুহ) দিনে দুবেলাকৈ এসপ্তাহ খোৱা তথা শোৱাৰ ব্যৱস্থা অতি নিয়াৰিকৈ কৰিছিল ল’ৰা কেইজনে। ছোৱালীৰ শাখাত গুৱাহাটী আৰু নলবাৰীৰ মাজত ফাইনেল খেলখন হৈছিল। সৰু সৰু ছোৱালীকেইজনীৰ খেল চাই মনটো দেখোন দুখেৰেহে ভৰি পৰিছিল। ভৱিষ্যতে একোগৰাকী সুদক্ষ ভলীবল খেলুৱৈ হৈ পৰাৰ সম্পূৰ্ণ সম্ভাৱনা থকা ছোৱালীকেইগৰাকীৰ সপোনবোৰ সপোন হৈয়ে থাকিব নেকি? প্ৰতিযোগিতাত ল’ৰাৰ শাখাত বজালী আৰু ছোৱালীৰ শাখাত গুৱাহাটী জিলা দল বিজয়ী হয়। পিচত সক’লো খেলুৱৈৰ মাজৰ পৰা ৰাজ্যিক দলৰ কাৰণে খেলুৱৈ বাছনি কৰা হ’ল। তেওঁলোকে যি এতিয়া ৰাজস্থানত আন্তৰাজ্যিক ভলীবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি আছে।

৩)খেল চলি থকা অৱস্থাতে বাহিৰ ফুৰিবলৈ যাব লগা হ’ল। কোনোধৰণৰ ব্যৱস্থা চকুত পৰা অৱস্থাত নেদেখি ওলালোঁ ষ্টেডিয়ামৰ সীমাৰ বাহিৰৰ ৰাস্তাটোলৈ। খেলপথাৰৰ পৰা ৰাস্তাটোলৈ তেনেই অকণমান দূৰ, অলপ আন্ধাৰ। আন্ধাৰৰ মাজতে দেখিলো এজাক চেঙেলীয়া ল’ৰাই বহি চাধা-চিগাৰেটজাতীয় কিবা খাই আছে। অতি অশ্ৰাব্য কিছুমান কথা-বতৰাৰ ছিটিকনি আহি কাণত পৰিলহি। উভতি আহোঁতে চকুদুটাই আন্ধাৰ সহ্য কৰিব পৰা হৈছিলগৈ। মন কৰিলো গোটেই জেগাখিনিত অসংখ্য (১০০ৰ বেছি) ডেনড্ৰাইটৰ সৰু সৰু খালী টিউব। ল’ৰাকেইজনৰ ফালে ভালকৈ চাই বুজিবলৈ বাকী নাথাকিল। গোটেইবোৰে তাতে বহি ড্ৰাগছ্ খাই আছে। ইমানবোৰ সৰু সৰু ল’ৰা, ড্ৰাগছৰ কবলত!! জিকাৰ খাই উঠিছিল মনটো। দুখ-খং আৰু মিশ্ৰিত বহু অনুভূতিয়ে আহি আবৰি ধৰিছিল। খেলৰ অতিথি হিচাপে অহা আৰক্ষীৰ বহুকেইজন উচ্চপদস্থ বিষয়াৰ লগত অহা এজনক মাতি আনি কথাখিনি জনোৱা হ’ল। আৰক্ষীয়ে তাৰে দুজনমানক ধৰি লৈ যোৱা বুলি পাছত গম পালো।

৪)আমিবোৰ বাৰু ক’লৈ গৈ আছো? কি হ’বলৈ গৈ আছে আমাৰ চাৰিওফালৰ সমাজখন? বাতৰি কাকতত পালোঁ অসমত ২০১১ চনত মুঠ ১৭০০ ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। ১৭০০!!!!আৰু ৰুজু নোহোৱাকৈ কিমান ঘটনা থাকি গ’ল তাৰ হিচাপ?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক