স্নেপশ্ব’ট জীৱনৰ (- ৰক্তিম গোস্বামী)

 

(১)

 

‘দি গ্রেট মাইগ্রেচন’ আৰু এটা সহজ নিয়ম

“নঙলা মুখত ৰৈ আছিলি তই।
আহিম, নাহিম একো নকলি।
ময়ো ৰ’লো কিছুপৰ তোৰ ভাৱ নুবুজি।
মোৰ চকু জাপ গ’ল, পলকতে তই মোৰ শোৱণিকোঠা পালি।
মোৰ শেতেলী গ’লি অদৃশ্য হ’ল।
কৈ গ’ল ‘মোৰ বুকু মলিন হ’ল’।”

মেলা, ঠিক এখন মেলা। আনন্দ মেলা নহয়। পোহৰ পোহৰ সকলো।
মানুহ মানুহ চৌদিশ। আকাশ উজ্ৱল দুপৰ নিশালৈ ৰাতিৰ পাছত ৰাতি। দিনৰ
পোহৰত টোপনিৰ হুংকাৰ। পেটৰ তলিত ইক’ হয় ভোকাতুৰ নিগনি জাকৰ ক’ৰাচ।
তথাপিও চিন্তা কৰিবলগীয়া একো নাই। সকলো সহজভাৱে ল’লেই হ’ল। মই ‘হুটো’,
তই ‘টুটচি’। , কেতিয়াবা তই মোৰ ৰজা, কেতিয়াবা মই তোৰ ৰজা। কোনে
আমাৰ ৰাজপাট ভাঙে-পাতে তাক লৈ আমাৰ মতলব নাই। কেতিয়াবা মই তোৰ
তেজ খাম, কেতিয়াবা তই মোৰ তেজ খাবি। আমিবোৰ মিলা প্রীতেৰে চলো।
আমিবোৰ এনেকৈয়ে জীয়াই ঠাকিম। চিম্পল গিভ এণ্ড টেক পলিচি। এটা অতি
সহজ আৰু সৎ নিয়ম মানি চলো আমি।

পুৰণি ঘৰবোৰ ভাল নালাগে। আমি নতুন ঠাইলৈ যাম। নতুন ঘৰ সাঁজিম। কিন্তু
তাৰ আগতে তই মোৰ ঘৰ ছাই কৰিবি, মই তোৰ ঘৰ। মিলাই চলিব লাগে সদায়
এনেদৰে। মৰম বাঢ়ে। চকুৰ চিনাকী তেজৰ চিনাকী হয়। আমিবোৰে আচলতে
সময়ত দল পাতি থাকি ভাল পাঁও, দল পাতি যাও নতুন দুনীয়ালৈ। ‘দি গ্রেট মাইগ্রেচন’-
আজি আমাৰ, কালিলৈ সিঁহতৰ। বহুত হৈছে এনে ‘গ্রেট মাইগ্রেচন’ পৃথিৱীত।
নাঁভি খণ্ডনৰ কাবাড্ডী। তেজবোৰৰ স্বৰূপ এনেও ৭ বছৰৰ অন্তৰে অন্তৰে সলনি হয়।

দেৱীক নৰবলী দিলে দেৱী সন্তষ্ট হয় বোলে। কিমান নৰবলী আৰু কিমান দিনৰ
মুৰে মুৰে এই বলীৰ প্রয়োজন আমাৰ ধাৰণা নাই। কেতিয়াবা দেবীয়ে নিজেই
আয়োজন কৰে এই বলীৰ। স্থান বিশেষে ৮ লাখ বা তাৰো অধিক মানুহ অদৃশ্য
হৈছে একে ঠাইৰ পৰা। ইয়াৰ তুলনাত আমাৰ সংখ্যা এই ক্ষেত্রত এতিয়াও
তেনেই নগণ্য। বিধিৰ বিধান, জন্মিলে মৰিবও লাগিব। কিন্তু কোনে এই মৃত্যুৰ
দিন বাৰ কি স্বাৰ্থত নিৰূপণ কৰিব সেই বিষয়ে আমি একো নাজানো।

আমি উদাৰ। আমি কোনো জাতি, ধৰ্ম নামানো। আমি কেৱল গৈ থাকিম। কেতিয়াবা
‘হুটো’ আৰু কেতিয়াবা ‘টুটচি’ হৈ। কেতিয়াবা মৰি কেতিয়াবা মাৰি। আগতেই কৈছো
নিয়মটো পোনপটিয়া আৰু সহজ।

আমাক বিচাৰিলে ৰোৱাণ্ডা, উগাণ্ডা, জাৰ্মানী, পলেণ্ড, ইজৰাইল, বাংলাদেশ, গুজৰাট,
অসম সকলোতে সহজতে পাব। প্রকৃতিৰ বুকুত ধ্ৱংসৰ কঠোৰ আইন মানি চলা আমিবোৰ
চিৰসক্রিয় পৃথিৱীৰ অলিয়ে-গলিয়ে ।

(২)

হে স্বামী….নাৱৰ ভৰষা নাই ৰে….

গৈ আছো সুৰংগটোৰ সিটো পাৰ বিচাৰি। মাজে মাজে চকু চাট মৰা পোহৰ
এজাক। পোহৰ নহয়, এজাক বাদুলীৰ চকুৰ চিকমিকণিহে। খিকখিকাই হাঁহি
কাণে কাণে কৈ যায় ‘আমি ৰাতিৰ ৰজা, আমি গঢ়ো কাহানিও শেষ নোহোৱা
ৰাতিৰ সুৰংগ….. ‘।

….হঠাৎ সাৰ পালো। নাই, মই কোনো সুৰংগৰ মাজত নাই। নাই কোনো
বাদুলী মোৰ চাৰিওকাষে। কপালখন চুই চাই তিতি থকা পালো। অলপ ভয় খালো তাৰমাণে। ক’লৈ, কি বা বিচাৰি গৈছিলো। বাদুলীজাক কিয় আহে বাৰে বাৰে। মানুহ মৰিলে হেনো একেই অনুভৱ কৰে, মানে সুৰংগৰ মাজেৰে হেনো পোহৰ এটাৰ ফালে যায়। কোনোৱে কয় পোহৰটো হেনো পৰমাত্মা। নাই, নাই কি ভাবি আছো এইবোৰ। মুখৰ লগতে মগজুৰো লেকাম ৰাখিব লাগে।

‘সোণৰ সোলেং’ নে ‘সোণৰ শৰাই’ ?? নাই আজি বতৰ ধুনীয়া। ঠাণ্ডা বতাহ
জাকে খিৰিকী খোলাৰ লগে লগে গা-টো ধোৱাই নিলে। আজি পুৱাৰ গীত
নিশ্চিতই ‘বোৱা বোৱা দক্ষিণ মলয়া’ ।
আলস্যতাৰে আজি আকৌ এবাৰ সাঁতুৰিম জ্যোতি ককাইদেউৰ গীতৰ মিঠা নৈত। নিজক পঁকীৰ ভিতৰলৈ লৈ যাম।জ্যোতি ককাইদেউৰ গীত গাই থকা অবস্থাৰ কণমানি ‘মই’ টোক নিজেই আকৌ এবাৰ চাম। কি এক উৎসাহ, আনন্দ, শিহৰণকাৰী সেই দিনবোৰ। ‘..ইয়াৰ
পৰবৰ্তী প্রতিযোগী…’ বুলি নামটো মতাৰ লগে লগে এনে লাগিছিল যেন গোটেই
মানুহজাকে সকলো বাদ দি মোলৈ ৰ লাগি চাই আছে। এক বুজাব নোৱাৰা ভয়
ভয় লগা অথচ নিজকে হিৰ’ হিৰ’ লগা অনুভৱ। দেউতাই সাহস দিবৰ বাবে ধৰি
থকা মোৰ হাতখন, মই গীত গাই থাকোতে প্রথম শাৰীতে বহি, কেতিয়াবা
থিয়হি থকা দেউতাৰ আবেগ-শংকাত পোত যোৱা মুখখন।

কেনে এক ঐশ্বৰিক ধৰণে সোমাই আছিল জ্যোতি-বিষ্ণু নাম দুটি আমাৰ
সম্বন্ধবোৰৰ মাজত। পুৰস্কাৰ পালে গোটেই ঘৰখনত হোৱা আনন্দৰ পৰিবেশটো,
পুৰস্কাৰ নাপালে পোৱা পৰামৰ্শ, উদগণিবোৰ একোটা নিয়ৰৰ মুকুটাৰ দৰে
আজিও জিলিকি আছে মনৰ সেউজীয়া চোতালত। খূৰাদেউ তেজপুৰৰ ঘৰলৈ
আহিলে (সাধাৰণতে জাৰকালি আহে) জুই তাপ লৈ ৰাতি দুপৰলৈকে কৈ
গৈছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ অলেখ জানিবলগীয়া কথা। দেওবাৰৰ
পুৱাৰ আহাৰৰ পিছত সকলো ভতিজাক গোট খুৱাই শিকাইছিলে জ্যোতি -বিষ্ণু
ককাইদেউহতৰ গীতবোৰ এটাৰ পিছত এটাকৈ। মই খুৰাই শিকাই দিয়া
‘জননীৰ সন্তান জাগা’ গায় প্রতিযোগিতা প্রথম হৈছিলো। আনন্দত ৰাতি জলচা
হৈছিল। দেউতা-মা-বৰদেউতা-পেহী-বাইদেউ-দাদা কোনো বাদ পৰা নাছিল।
বিদ্যুতহীন সেই ৰাতিটোত বৰষুণৰ শব্দভেদি হয়তো বহু দূৰলৈ বিয়পি পৰিছিল
জ্যোতি -বিষ্ণুৰ গীতৰ গুঞ্জন। সেই গুঞ্জন, হাঁহিৰ খিলখিলনিত থকা সেই
অসমীয়াত্বৰ অনুভৱবোৰ কিমান অমূল্য আছিল তাক কোনোদিনে হয়তো
শব্দৰে বুজাব নোৱাৰিম।

সিদিনা কেইবাখনো দোকান বিচৰাৰ পাছত জ্যোতি-বিষ্ণু
ককাইদেউ গীতৰ বিচাৰি ফুৰা দুখনমান চি.ডি পালো । বজাৰৰ মাজেৰে খোজকাঢ়ি
আহোতে পাৰ হৈ আহিছিলো ‘পঁকী’।
আমি গোৱা গীতত ফুটা আনন্দৰ ঝংকাৰ কিবা দুখত যেন ম্লান হৈছিল পকীৰ ভিতৰত ।

‘জীলেবী বাঈ’ ৰিংট’নটোত উচপ খাই উঠিলো। খিৰিকীৰে চাই পঠিয়ালো- “হেল্ল’
মম মই বাইকত ক্লাচ শেষ কৰি মই টিনাক পিকআপ কৰি মাল্টিপ্লেক্সত ‘ট্রেন্সফৰমাৰ’ চাব যাম। আহোতে দেৰি হ’ব। এতিয়া বেছি কথা নাপাতো….” ভুভুভুভুভুভুওওও…..বুলি শব্দ কৰি প্রায় ১৬/১৮ বছৰীয়া ল,ৰাটো বতাহৰ দৰে মুৰ্হ্হূত্ততে নোহোৱা হ’ল। মোৰ পুৰণি ইকৰাৰ বেৰ খনত বাহিৰৰ পৰা উৰি আহি ধূলি অলপ পৰিলহি।

উঠি গৈ আন এটি প্রিয় গীত বজালো…ৰাভা দেৱৰ গীতটিৰ মাজত পুণৰ হেৰাই গ’লো দুচকু মুদী

“অ’
মোৰে নাৱৰ ভৰষা নাই ৰে
হে স্বামী….
নাৱৰ ভৰষা নাই ৰে….”

(৩)

শৃংখল

কথাবোৰ বুজি থাকোতেই সময়বোৰ পাৰ হ’ল। সৌ সিদিনা যেন প্রথম স্কুললৈ
গৈছিলো কান্দি কান্দি। ‘এইটো কৰিবি, এইটো নকৰিবি’ বুলি মা-পিতাইৰ নানান

বুজনি শিকনিৰে ভৰি থকা এটি কণমানি মগজু। পলকতে প্রথম দিনৰ ভয় পৰিবৰ্তন
হয় দুষ্টামিলৈ। চকুৰ চকুপানী সলনি হয় কাণৰ কাষেদি বৈ অহা ঘামৰ টোপাললৈ।

বয়স বাঢ়ে। কিতাপবোৰো বাঢ়ে। কিতাপবোৰৰ নতুন নতুন পৃষ্ঠাবোৰৰ মাজত
বুজা-নুবুজাৰ খেলিমেলিত উজুতি খাই বাঢ়ি আহে দিনবোৰ। অলপ বহল হয়
পৃথিবীখন। বহুত কথা নিজেই শিকীব পৰা হঁও। মা-দেউতাহতে কোৱা ভাল-বেয়াবোৰৰ
বহু পৰিমানে বিচাৰ কৰিব পৰা হঁও। সমানে বাঢ়ে মনে মনে খেলিবলৈ গৈ আৰু পঢ়া
টেবুলত বহিয়েই টোপনি মাৰি ঔ-কিল খোৱাৰ দৃশ্য। প্রতিটো দিনতে গম নোপোৱাকৈ
সাঁচি আহো অলেখ সৰু বৰ অভিজ্ঞতাৰ অনুভৱ। অমূল্য অনুভৱ।

শিকিয়ে আছো। ‘Life is all about learning’। মৃত্যুৰ অনুভৱলৈকে আমাৰ শেষ শিকা।
বয়সৰ সৈতে অনুভৱবোৰ হয়তো সেয়ে সলনি হয় অহৰহ। শৈশৱৰ চঞ্চলতা,
আৱেগময় যৌৱন, বাৰ্দ্ধক্যৰ গাম্ভীৰ্য্যতা- এই সকলোবোৰ জীৱন পাঠৰ একোটা
একোটা সুসংগঠিত অধ্যায়।

“আপোনাৰ ল’ৰা ডাঙৰ হ’ল কলেজ পালেগৈ।”- লাগিল খেলিমেলি তাতেই। মাটি কোমল।
কি আকাৰত বান্ধ খাব সি বা তাই। ঘৰৰ কাষৰ এটা ঘটনা-

নৱম শ্রেণীৰ পুত্র সন্তানে তামোল কটা কটাৰি খন দেউতাকৰ ডিঙিত লগাই সুধিছে-

“দেউতা জান দিবি নে বাইক দিবি?”

-ঘটনাটো জানি কি প্রতিক্রয়া কৰিম বুজি নাপালো। ঘটনাৰ কাৰণ বিচাৰোটে
মগজুত অত্যাধিক ক্রিয়া-প্রতিক্রিয়া হোৱাত কথাটোৰ বিষয়ে চিন্তা সাময়িকভাবে
বন্ধ ৰাখিলো। ল’ৰাটোৰ, মা-দেউতাক নে সময় অথবা গোলকীয় সমাজ কাৰ দোষ
বিচাৰ কৰিবলৈ ইতিমধ্যে যেন দেৰি হ’ল।

সন্তান ডাঙৰ হৈ অহাৰ লগে লগে হোৱা আনন্দৰ লগতে বান্ধ খাই থকা এৰাব
নোৱাৰা চিন্তাবোৰৰ সৈতে আমাৰ মা-দেউতাবোৰ। তাতে কলেজ গৈয়ে যদি নিজৰ
সন্তান কাৰোবাৰ প্রেমত পৰিছে বুলি গ’ম পায় তেতিয়া চিন্তাবোৰ নানান দুঃচিন্তাৰ
সমষ্টি হয়। যৌৱনৰ ধুমুহাই আৰু আত্মবিশ্বাসে আনহাতে সন্তানৰ মনত সদায় এই
অনুভৱ আনি দিয়ে যে “আমি যি কৰিছো সেইোৱে শুদ্ধ”। এখন এখন এখন কোনো কোনো এখন

এখন কোনোপক্ষই হাৰ মানিব নিবিচৰা এনে শীতল যুদ্ধ বহুতৰ ঘৰতে চলে। এনে
যুঁজৰ সঠিক পৰিণতি সময়ৰ হাতত থাকে। সময়ত যেতিয়া ‘ভাল লগা’ আৰু ‘ভাল
পোৱাৰ’ বিশাল প্রভেদ চকুৰ আগত নিজে আহি ধৰা দিয়েহি কথাবোৰ আকৌ
সহজ হৈ যায় যেন একো হোৱাই নাছিল। এক অদ্ভুত কেমেষ্ট্রিয়ে সদায় ক্রিয়া কৰি
আহিছে আমাৰ সম্বন্ধ আৰু মৰমবোৰৰ মাজত। জীৱনৰ এনে একোটা সোণালী
সন্ধিক্ষণৰ তিঁতা-মিঠা অনুভৱ আৰু অভিজ্ঞতাবোৰে কৰি তুলে জীৱন উপভোগ্য।

সময় প্রতি পলকতে দূৰন্ত গতিত উৰা মাৰে । চাই থাকোতেই এখন ঘৰৰ
ভিতৰতে বাঁহ লয় আন এখন ঘৰে। চকুৰ আগতে নিজৰ সন্তানৰ কোলাত আন
এটি সন্তান। কিমান শৃংখলাবদ্ধ সময়ৰ নিয়ম শিকাৰ নিয়ম। কিমান শৃংখলাবদ্ধ
সময়ৰ দায়িত্ব পৰ্য্যাবেশনৰ শৃংখল। মা-দেউতাৰ প্রম’শ্যন হয় ককা-আইটালৈ।
নষ্টালিয়াৰ এখন সেউজ পাহাৰত বাস কৰিব আৰাম্ভ কৰে মা-দেউতাই, পাতিবলৈ
আৰাম্ভ কৰে গোটেই জীৱনজোৰা এসাগৰ কথা।

কথাৰ প্রথমেই হয়তো মা- দেউতাই আত্ম তৃপ্তিৰে কৈ হাঁহে-

“চোৱ।চোন, সৌ সিদিনা কান্দি কান্দি স্কুললৈ যোৱা আমাৰ কণমানিটোৰ দুহাতত
আজি আমাৰ কণমানিটোৰ কণমানিটো ……।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments