স্নেপশ্বট : ভবিতা দাস

স্নেপশ্বট

ভবিতা দাস

(১)
কেতিয়াবা মোৰ চিনিয়ৰ জন নাথাকিলে অফিচিয়েল কামত মই ৰেলৰ ই টিকেট ৰিফাণ্ডৰ কাৰণে গুৱাহাটী ষ্টেচনত থকা ৰিজাৰভেছন কাউন্টাৰলৈ যাব লগীয়া হয়। মালিগাঁৱত থকা প্ৰধান কাৰ্যালয়ৰ কমাৰচিয়েল মেনেজাৰ চাৰৰ পৰা কেতিয়াবাই কাগজ পত্ৰ চহী হৈ আহিছে৷ কিন্তু ৰিজাৰভেছন কাউন্টাৰৰ পৰা আমাক সদায় উভতাই পঠিয়ায় “নাই আজি নহ’ব” বুলি। আমাৰ হিছাপ হোৱাই নাই ইত্যাদি বিভিন্ন কাৰণ দৰ্শাই থাকে৷ ইফালে ৰিফাণ্ড বিচাৰি কাষ্টমাৰবোৰে মোৰ মূৰটো গৰম কৰি দিয়ে৷ মইয়ো মিছা কবলৈ বাধ্য হওঁ। অহা সপ্তাহত পইছা আপোনাৰ একাউন্টত জমা হৈ যাব৷ নহ’লে আকৌ কামোৰ আৰম্ভ হয়। উস কি যে অসহ্যকৰ কাষ্টমাৰৰ গালি শপনিবোৰ। কোনোবাই ক’ব “মেৰে বচ্ছো কি বদ দোৱা লগেগি।“ হে হৰি ক’তে মৰোঁ মই! যোৱা শনিবাৰেও (১৬/৬/২০১২ ) মই যাবল’গীয়া হ’ল৷ সেইদিনা তেওলোকে ৰিফাণ্ড দিম বুলি কলে। মোৰ মনটো ভাল লাগি গ’ল। কিন্তু পিছমুহুৰ্ততে এজনে একাশৰীয়াকৈ মাতি নি কলে চাহ পানী খাবলৈ কিবা অলপ দি থৈ যাব। মোৰ খংটো টিচিংকৈ উঠি আহিছিল। ক’বলৈ মন গৈছিল আপোনালোকক চৰকাৰে কিয় দৰমহা দিয়ে? আৰু এয়া কি মোৰ নিজৰ পইছা নেকি। কোনোবা পেচেঞ্জাৰ যাত্ৰা কৰা নাই, ক’ৰবাত ট্ৰেইন বাতিল কৰা হৈছে- ৰেলৰ নিয়ম অনুসৰি যিমানখিনি পইছা যাত্ৰীজনে ঘূৰাই পাব লাগে সিমানখিনিহে ৰিটাৰ্ণ কৰিছে৷ কাকোৱেইটো এক পইছাও বেছিকৈ দিয়া নাই৷ বৰঞ্চ কমাইহে দিছে৷ কেতিয়াবা ট্ৰেইন বাতিল হৈছে যদিও যাত্ৰীজনে ৭২ ঘন্টাৰ ভিতৰত টি ডি আৰ (TDR Ticket Deposit Receipt) লগিং কৰা নাই, তেনে ক্ষেত্ৰত যাত্ৰীজনক এক পইছাও ৰিটাৰ্ণ কৰা নাই। আপোনালোকক চাহ পানী খুৱালে মোক কি অফিছৰ পৰা পইছা দিব নেকি? নাই তেও একো নকলোঁ। মনে মনে থাকি ৩,৯২,৯৩৮ হিছাপ কৰি হাতত লৈ ধন্যবাদ বুলি কৈ উভতি আহিলোঁ৷ চাহ পানী খাবলৈ এক পইছাও নিদিলোঁ৷ নাজানো ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ৷ ইয়াৰ পিছত আকৌ যদি ৰিফাণ্ডৰ সময়ত কিবা সমস্যাৰ সৃষ্টি কৰে ভাবিছোঁ মালিগাঁৱত থকা প্ৰধান কাৰ্যালয়ত অভিযোগ দিম।

(২)
ডিউটি থকা হেতুকে আজি দিনৰ ১১ বজাত ষ্টেচনৰ প্লেটফৰ্ম নং ১ত অৱস্থিত জন-আহাৰত উপস্থিত হৈছিলোঁ৷ গৈয়েই দেখিলোঁ জনআহাৰৰ দুৱাৰমুখতে এজনী ৫০-৫৫ বয়সৰ মানুহ এগৰাকীয়ে জনআহাৰত খাবলৈ যোৱা মানুহবোৰক ১০ টকা খুজি আছে৷ কাৰণ তাইৰ হাতত ৭ টকা আছে। আৰু ১০টকা পালে তেওঁ এসাজ নিৰামিষ ভাত খাবলৈ পাব। নাই, কোনেও দিয়া নাই। কোনোবাই গালি দিছে, কোনোবাই ওলাই যা বুলি কৈছে, কাৰোৱেই যেন মানুহগৰাকীৰ প্ৰতি ভ্ৰূক্ষেপেই নাই। দুৰ্ভাগ্যবশতঃ ময়ো আজি বেগটো মোৰ অফিচতে এৰি থৈ গৈছিলোঁ৷ অফিছৰ পৰা ষ্টেচনলৈ ৫-১০ মিনিটৰ বাট বাবে মই খোজকাঢ়িয়েই গলোঁ আৰু বেগটো নিয়াতো প্ৰয়োজনবোধ নকৰিলোঁ। কিন্তু তাতে গৈ মানুহগৰাকীক দেখিহে মনটো বেয়া লাগিল। ছেহ লগত যদি ১০ টকা এটাও থাকিলহেঁতেন মানুহগৰাকীৰ ভোক অলপ হ’লেও কমাব পাৰিলোঁহেঁতেন। কাউন্টাৰত বহা লগৰজনক কলোঁ- দি দিয়া অ’ খাবলৈ৷ তেওঁ ক’লে- নাই বাইদেউ নোৱাৰিম। এইগৰাকীক দিয়াৰ লগে লগে বাকী এনেকুৱা মানুহে আৰু ভিৰ কৰিব। কথাটো ভাবিব গলে হয়ো। কাৰণ ইয়াৰ পিছত হিছাপ মিলাব নোৱাৰিলে তেওঁ পকেটৰ পৰা ভৰিব লাগিব। তেনেতে দুজন সৈন্যবাহিনীৰ জোৱান সোমাই আহিল আৰু মানুহগৰাকীক মাতি লৈ আহিল৷ তেওঁলোকে মানুহগৰাকীক ১০ টকা হাতত নিদি ভাত এসাজৰ কুপন এখন দিলে৷ মানুহগৰাকীয়ে পৰম তৃপ্তিৰে ভাতসাজ খাই গ’ল৷ সৈন্যবাহিনীৰ জোৱান দুজনৰ মানুহগৰাকীৰ প্ৰতি আন্তৰিকতা দেখি মনটো ভাল লাগি গ’ল৷

এজন ১১-১২ বছৰীয়া কিশোৰ। বাৰে বাৰে জনআহাৰৰ দুৱাৰমুখত ৰুটি এটুকুৰা লৈ ভুমুকি মাৰি আছে। এবাৰ সুমাই, এবাৰ ওলাই৷ মই অলপপৰ ভালকৈ লক্ষ্য কৰিলোঁ। মনলৈ ভাৱ আহিল সি বাৰু কাৰোৱাৰ বস্তু-বাহানি চুৰি কৰিবলৈ আহিছে নেকি? নাই মোৰ ভ্ৰম ভাঙিবলৈ বেছি সময় নালাগিল৷ মানুহে এজনে চিকেন খাই এৰি যোৱা অৱশিষ্ট টুকুৰাটো লৈয়েই সি দৌৰ দিলে৷ মনটো আকৌ এবাৰ সেমেকি উঠিল। কিন্তু আমি কি কৰিব পাৰিম এওঁলোকৰ বাবে?

এগৰাকী নৱ-বিৱাহিতা যুৱতী৷ নাজানো ঘৰৰ মতত বিয়া হৈছিল নে প্ৰেম কৰি পলাই আহিছিল যুৱকজনৰ সৈতে৷ বিয়াৰ কিমানদিন হৈছিল সেয়াও গম নাপালোঁ৷ যুৱকজনে যুৱতীগৰাকীক বাথৰুমত যোৱাৰ সুযোগ লৈ সকলো বস্তু-বাহানি লৈ যুৱতীগৰাকীক ষ্টেচনতে এৰি পলাই গ’ল৷ বাথৰুমৰ পৰা ওলাই স্বামী আৰু বস্তু-বাহানি থোৱা ঠাইত বিচাৰি নাপাই তাইৰ হায়ৈ-বিয়ৈই কান্দোন আৰম্ভ। তাই এতিয়া যাব ক’লৈ।
চাৰিওফালে মানুহে আগুৰি কিবা কিবি সুধিছে। নাজানো সি ক’লৈ গ’ল- যুৱতীগৰাকীৰ কথা৷ যাক নিজৰ বুলি ভাবি গুচি আহিছিলোঁ তেওঁ ঠগিলে আজি। যুৱতীগৰাকীয়ে এতিয়া বাৰু কাৰোৱাক বিশ্বাস কৰিব পাৰিবনে?

(মোৰ কাহিনীৰ আটাইকেইটা ঘটনাই গুৱাহাটী ষ্টেচনত স্বচক্ষে দেখি অহা।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক