স্নেহ-বন্ধন (ৰূপাংকৰ চৌধুৰী)

পথাৰৰ পৰা গৰু-ছাগলীৰ জাকবোৰ ঘৰমুৱা হৈ আহি আছিল। বৰকাঁহ আৰু শংখধ্বনিয়ে চৌদিশৰ পৰিৱেশটোক এক বেলেগ মাত্ৰা প্ৰদান কৰিছিল। স্মিতাই গোঁসাই ঘৰত চাকি গছি  জ্বলাই প্ৰাৰ্থনা কৰি আছিল। সন্ধিয়া নামি অহাৰ এক আগজাননী৷ মৃন্ময় তেতিয়াও নিদ্ৰাদেৱীৰ কোলাত আছিল। গোঁসাইঘৰৰ পৰা অহা বৰকাঁহ আৰু শঙ্খৰ শব্দত সি চিঞৰি উঠিল-‘মা। ও মা।’
খুৰী মানে মৃন্ময়ৰ মাক সৰলা গোস্বামীয়ে সন্ধিয়াৰ বাতৰি চাবলৈ টিভিৰ সমুখত বহিছিল মাথোঁ। উধাতু খাই দৌৰি আহিল মৃন্ময়ৰ শোৱা ৰুমলৈ। আন্ধাৰ হৈ থকা কোঠাটোত বিজুলীচাকি জ্বলাই দিলে। মৃন্ময় পুনৰাই চিঞৰি উঠিল-‘না মা। পোহৰ মোৰ ভাল নালাগে। তুমি কাষলৈ আহা মা। মোৰ মুৰটো অলপ পিটিকি দিয়া।’
খুৰীয়ে মৃন্ময়ৰ শিতানৰ পিনে মুঢ়া এটা লৈ বহি ল’লে। দুয়োখন হাতেৰে তেখেতৰ একমাত্ৰ ল’ৰা মৃন্ময়ক মুৰ মালিচ কৰাত লাগিল। সাৰদা খুৰীৰ মনটো অতীতলৈ উৰা মাৰিলে…!!
“বেয়া পাইছোঁ তোমাক। তুমি সদায় দাদাক বেছিকৈ মৰম কৰা। মোক ইমান কম সময় দিলা মুৰটো পিটিকি। দাদাক হ’লে বেছিকৈ মুৰ পিটিকি দি থাকা তুমি।’
স্মিতাই অভিমান ভৰা কথা খিনি কৈ এখন হাতেৰে মৃন্ময়ৰ হাত এখন পিটিকাত লাগি গ’ল। কি যে হ’ব এই ছোৱালীজনীৰ! খুৰীয়ে বুজি নাপায়। নিজৰ জীয়েকজনীকে আজিলৈকে তেওঁ বুজিব নোৱাৰিলে। ঠেহ ধৰি থাকে। ককায়েকক সাৰদা গোস্বামীয়ে বেছিকৈ মৰম কৰা বুলি। কিন্তু মৃন্ময়ৰ প্ৰতি তাইৰ নিজৰ ভাগৰ মৰমখিনিত কিন্তু কোনো কৃপনালি নকৰে। কৃপনালি নকৰে তাক মৰমৰ প্ৰলেপেৰে আৱৰি ৰখাত।
সৰু ঠাইখনত সকলোৱে অৱগত তাইৰ ভাতৃস্নেহৰ বিষয়ে। কোনোবাই ককায়েককলৈ কিবা বিৰূপ মন্তব্য কৰাৰ আগতে এশবাৰ ভাৱে। এবাৰ সিহঁতৰ চুবুৰীয়া অশোকে তাইক দিছিল খবৰটো-‘অই স্মিতা। মৃন্ময়ক দুজনমান ল’ৰাই লগলাগি বেয়াকৈ পিটি আছে পথাৰত।’
তাই লগে লগে ঘৰৰ পুৰণি চাইকেলখনত হেণ্ডেলৰ মাজেৰে ভৰি সুমুৱাই ‘হাফ-পেডেল’ মাৰি মাৰি পথাৰ গৈ পালে। পথাৰত দুজন ল’ৰাই তাইৰ ককায়েকক বেয়াকৈ মাৰি আছে। কাষতে পোৱা এছাৰি এডাল হাতত লৈ তাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে। দুয়োজন তাইৰ ককায়েকৰ লগত একে শ্ৰেণীত পঢ়া। পিছ পিনৰ পৰা দুয়োকে বেয়া ধৰণেৰে পিটন দিলে। ল’ৰা দুজনক পিটি পিটি পহুখেদা দিলে তাই। মৃন্ময়কো ধমকি দি ক’লে-‘মই ভনীয়েকজনী হৈ কিমান বচাই থাকিম তোমাক?’
তাইৰ কথাত মৃন্ময়ে হাঁহে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৃন্ময় তেতিয়া। দৈনিক কছৰত কৰা তাৰ চেহেৰা দেখিলে সকলোৱে তাক নৱম-দশমমানত পঢ়া বুলিয়ে ভাৱে। বিদ্যালয় সপ্তাহত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ ওখ জাঁপ, দীঘল জাঁপ সকলোতে প্ৰথম। ফুটবলৰ শ্ৰেষ্ঠ খেলুৱৈ। পঢ়া-শুনাটো সমানে ওস্তাদ। গাঁওৰ সকলো অভিভাৱকে বিচাৰে তেওঁলোকৰ সন্তান মৃন্ময়ৰ দৰেই হওক। সকলোতে পাৰ্গত। খোলৰ যাদুকৰ বুলি মাতে সকলোৱে তাক। স্পষ্ট উচ্চাৰণেৰে সুললিত তাৰ কণ্ঠৰ বৰগীত শুনিবলৈ নামঘৰৰ চৌহদ মানুহেৰে থাহ খাই পৰে। সাৰদা খুৰীৰ চকু ভৰি পৰে পুত্ৰ স্নেহত। গৌৰৱ কৰে পিতৃহীন পুতেককলৈ তেওঁ।
মৃন্ময় আৰু স্মিতাৰ পিতৃ সাৰদা গোস্বামীৰ স্বামী ধীৰেণ গোস্বামী। সভা শুৱনি পুৰুষ। ওখ-পাখ, গুৰু-গম্ভীৰ মানুহ। ওঁঠ সকলো সময়তে ৰঙা হৈ থাকে তামোলেৰে। পেছাত আৰক্ষীৰ উপ-পৰিদৰ্শক আছিল। সেই অঞ্চলৰ সকলোৱে সন্মান কৰিছিল তেখেতৰ ব্যক্তিত্বক। মৃন্ময় আৰু স্মিতাকো তেখেতে শিকাইছিল নিয়মানুৱৰ্তিতাৰ পাঠ। মৰমলগাকৈ। যাৰ সহায়ত সিহঁত দুয়োজন হৈ পৰিছিল সকলোতে পাৰ্গত। কিন্তু তেখেতৰ মৰম লগা নিয়মৰ পাঠ বুজি পোৱা নাছিল সেই দানৱ কেইজনে। পথ-ভ্ৰষ্ট সেই পিশাচ কেইজনে। যাক তেখেতে দেখুৱাইছিল কঠিন কিন্তু সজ পথ। জংগলৰ পৰা ওলাই আহি দেশ আৰু জাতিটোৰ সেৱাত ব্ৰতী হ’বলৈ জনোৱা তেখেতৰ মৰমৰ আহ্বানেই যেন কাল হ’ল। নৃশংসভাৱে হত্যা কৰি তেখেতৰ মৃতদেহ পেলাই থৈ গৈছিল ৰাস্তাত।
সাৰদা গোস্বামীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। ক’লা ডাৱৰে যেন ছানি ধৰিছিল তেওঁলোকৰ আনন্দৰ পৃথিৱীখনত। আটোম-টোকাৰিকৈ গঢ় দিয়া সুখৰ সংসাৰখন যেন স্তব্ধ হৈ গৈছিল। এমাহমানলৈ তেওঁ ঘৰৰ ভিতৰত সোমাই আছিল। বিছনাত পৰি মাথোঁ কান্দিছিল। মনৰ শংকাত চাব পৰা নাছিল নিজৰ সন্তান দুটালৈ মুৰ দাঙি। এনেতে এদিন তেখেতক বুজালে-ৰমলা পেহীয়ে। ৰমলা পেহী সেই অঞ্চলৰ ৰাজহুৱা পেহী। বাল্য-বিবাহ হোৱাৰ কিছুদিন পিছতে ৰমলা পেহীৰ গিৰিয়েকে সিপুৰী পাইছিল হেনো। পেহীয়ে সাৰদা খুৰীক বুজালে-‘মন বান্ধিবলৈ।’ মৃন্ময় আৰু স্মিতাক গঢ় দিয়াৰ স্বাৰ্থতে খুৰীক মন ডাঠ কৰিবলৈ বুজনি দিলে। ৰমলা পেহীৰ উপদেশকে সাৰোগত কৰি সাৰদা খুৰী আগবাঢ়ি গ’ল। তেওঁৰ কষ্ট আৰু মাতৃ স্নেহে পিতৃৰ অভাৱক লুকুৱাই ৰাখিবলৈ সামৰ্থ হ’ল সময়ৰ গতিত।
সময়ৰ সেই গতিতে এদিন-দুদিনকৈ ডাঙৰ হৈ আহিল মৃন্ময় আৰু স্মিতা। মৃন্ময়ে চহৰৰে কলেজখনৰ পৰা সুখ্যাতিৰে ‘ৰাজনীতি বিজ্ঞান’ত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল। মৃন্ময়ে উচ্চ শিক্ষাৰ বাবে নাম লগালে বিশ্ববিদ্যালয়ত। স্মিতাই সেই বছৰতে পাছ কৰি ওলাল চৰকাৰী আবাসিক বিদ্যালয়ৰ পৰা। নিজৰ মেধাৰ বলত তাইও চিকিৎসাবিজ্ঞানত ছীট পালে। আনপিনে নিজৰ পাৰদৰ্শিতাৰ বলত অতি কম সময়তে বিশ্ববিদ্যালয়ত জনপ্ৰিয় হৈ পৰিল মৃন্ময়।
খেল, নাটক, সংগীত, কুইজ সকলোতে নিজৰ মেধাৰ পৰিচয় দিছিল সি। পিতৃৰ আদৰ্শক সন্মান জনাই এজন সৎ আৰক্ষী বিষয়া হোৱাৰ হেঁপাহ মনত পুহি ৰাখিছিল মৃন্ময়ে। সেই অৰ্থে নিজকে প্ৰস্তুত কৰিছিল। তেতিয়া সি দ্বিতীয় ষাণ্মাসিকত৷ আৰক্ষী উপ-পৰিদৰ্শকৰ বাবে হোৱা বাচনি পৰীক্ষাত বহিছিল মৃন্ময়।
কথাবোৰ ভাবি-ভাবি মুৰ পিটিকি দি থাকোঁতে কেতিয়ানো মৃন্ময়ৰ দুচকু পুনৰ জাপ খাই পৰিল গমেই পোৱা নাছিল সাৰদা খুৰীয়ে। শিশুসুলভ মৰমলগা চেহেৰাৰ পুতেক যোৱা পাঁচ বছৰ ধৰি এনেকৈ বিচনাত পৰি আছে এক নিৰ্বোধ শিশুহৈ। ইতিমধ্যে স্মিতাই চিকিৎসা বিজ্ঞানৰ স্নাতক হৈ ওলাই আহিছে। ওচৰৰে গাঁও এখনৰ সৰু চিকিৎসালয়খনতে তাই চিকিৎসা সেৱা আগবঢ়াই আছে। তাই চিকিৎসাৰ উচ্চ শিক্ষা ল’ব।
‘মন-ৰোগ বিশেষজ্ঞ’ হোৱাৰ মন তাইৰ। তাইৰ মনৰ এই কথা অৱগত কৰিছে তাইৰ মনৰ মানুহ কিশোৰক। কিশোৰ তাইৰ সহপাঠী। দুয়োৰে মনৰ কথা সিহঁতৰ ঘৰৰ মানুহবোৰৰ জ্ঞাত। এটাৰ পিচত আনটো ধুমুহাই বিধ্বস্ত কৰা সাৰদা খুৰীহঁতৰ ঘৰখনৰ সকলো ঘটনাই কিশোৰে জানে। স্মিতাই মানসিক ভাৱে ভাঙি নপৰাত কিশোৰৰ বিশেষ অৰিহণা আছে। স্মিতাই কান্দি কান্দি বৰ্ণনা দিয়া মৃন্ময়ৰ জীৱনৰ সেই দিনটোৰ ঘটনা এতিয়াও সজীৱ হৈ আছে কিশোৰৰ স্মৃতিত….!!
আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদত বাচনি হোৱাৰ খবৰ পাই উৎফল্লিত হৈছিল মৃণ্ময়। ফলাফল ঘোষণা হোৱাৰ পিছদিনাই তাৰ দেউতাকৰ মৃত্যু-বাৰ্ষিকী। আমাৰ আবাসৰে মানবদাৰ দুচকীয়া বাহনখনলৈ ঘৰলৈ গৈছিল সি। আনন্দমনেৰে মৃন্ময় আহি আছিল ঘৰ অভিমুখে। আহি থাকোঁতে সি অনুভৱ কৰিলে এক শূন্যতা৷ তেনেতে মনত পৰিল তাৰ। সিহঁতৰ অঞ্চলত সিদিনা জাৰী কৰা ‘সান্ধ্য-আইন’ৰ কথা। মনতে ভাবিলে। পুলিচে ধৰিলে সি গৌৰৱেৰে ক’ব- ‘মইও সাজু হৈ আহি আছো খাকী পোচাক পিন্ধি। নিজৰ জাতিটোক সেৱা আগবঢ়াম। আপোনালোকৰ নিচিনাই।’
সিহঁতৰ ঘৰৰ নাতিদূৰৈত এখন ডাঙৰ বজাৰ। বজাৰখন প্ৰায় জনশূন্য। ভৰ্তি হৈ আছে চৌদিশে কেৱল খাকী পোচাকধাৰী। হঠাৎ ৬-৭ জনীয়া এটি পুলিচৰ দলে মৃন্ময়ক আগুচি ধৰিলে। অতৰ্কিতে কোনো কথাৰ অৱতাৰণা নকৰাকৈ হিংসুক মূৰ্তি ধাৰণ কৰিলে খাকী পোচাকধাৰী দলটোৱে। যেন তাৰ বাবেহে খাপ পিটি ৰৈ আছিল তেওঁলোকে। মানুহ নহয় যেন বহুদিনৰ পৰা ভোকত থকা নৰখাদকৰ দল। বন্দুকৰ নলীৰে নিৰ্বিচাৰে খুচিলে তাৰ মুৰত। সিহঁতৰ ঘৰৰ কাষৰ নৰোত্তম খুৰাই দেখি আছিল সমগ্ৰ ঘটনাটো। কিন্তু সাহ কৰা নাছিল বাধা দিবলৈ। দৌৰি গৈ তেখেতে খবৰটো দিছিল সাৰদা খুৰীক। বহুত দেৰি হৈ গৈছিল তেতিয়ালৈ।
সেইদিন ধৰি মৃন্ময় মানসিকভাৱে পংগু। মানসিক ভাৰসাম্য হেৰুৱাই এক নিৰ্বোধ শিশুৰ দৰে আশ্ৰিত সাৰদা খুৰী আৰু স্মিতাৰ স্নেহ বান্ধোনত। স্মিতাই মনতে পণ লৈছে। তাই বিবাহৰ বান্ধোনত বান্ধ নাখাই। যেতিয়ালৈ তাই ককায়েকক স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব নোৱাৰে। স্নেহ-বন্ধনৰ তাইৰ এই মহৎ উদ্দেশ্যক হাঁহিমুখে মানি লৈছে কিশোৰে।
গোঁসাইঘৰৰ পৰা আহি স্মিতাইও ককায়েকৰ কাষত বহি ললে। সেই সৰু কালৰ নিচিনাই। সাৰদা খুৰীয়ে তাৰ মুৰটো পিটিকি দি আছে। শুই থকা মৃন্ময়ৰ হাতখন পিটিকি দি আছে স্মিতাই। আজি তাত নাই তাইৰ মৰম ভৰা অভিমান। আছে মাথোঁ স্মিতা আৰু সাৰদা খুৰীৰ স্নেহ-বন্ধন। মৃন্ময়ে চিলমিল টোপনিৰ জালতে কৈ আছে সাৰদা খুৰীক আৰু স্মিতাক- ‘বেছি জোৰকৈ নিদিবা ও। ফাটি যাব মুৰটো মোৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক