স্পণ্ডিলাইটিছ — ডা: ৰিতী কৌশিক

বিষ! যেন লাহে লাহে গ্ৰাস কৰিবলৈ হে উপক্ৰম হৈছে মোক এই বিষটোৱে। মটীয়া ৰঙৰ গলবান্ধনী অথবা Collar Belt ডাল যে, ডিঙিত মেৰিয়াই ল’লে হে আৰাম পাওঁ। আচলতে চলা ফুৰা কৰিবলৈ যথেষ্টখিনি সকাহ পাওঁ। নহ’লে বিষটোৱে দেখোন খামুচি ধৰে গলধনটোৰ ওচৰত।
”বিষৰ সাধাৰণতে শ্ৰেণীবদ্ধতা বা ক্লাচিফিকেছন নাথাকে। কিন্তু Dull pain নতুবা Sharp Pain বুলি আমি ভগাই ৰাখো। তোমাৰ ক্ষেত্ৰত অজানি বিষটো নিশ্চয় Sharp বিষলৈ পৰিৱৰ্তিত হৈছে।” ডাক্তৰৰ ভাষ্য এয়া।
এৰা! জীৱনৰ বিশেষ ক্লাচিফিকেছন নাথাকে। কেৱল সমাজৰ কিছুমান অলিখিত আৰু অঘোষিত উপাদান জীৱনৰ মাজত সুমুৱাই দিয়া হৈছে। যাৰ বাবে সুখী জীৱন, দুখী জীৱন, পৰিপূৰ্ণ জীৱন, আধৰুৱা জীৱন আদিৰ পাকচক্ৰত ঘূৰি ফুৰিছে একমাত্ৰ জীৱন নামৰ মৌলিক নিৰ্দিষ্ট উৎস।
অহ! মই আপোনালোকক মোৰ চিনাকিটো দিয়াই নাই নহয়। মই অজানি, অজানি শ্ৰীয়ম। মই স্বীকৃতিপ্ৰাপ্ত এগৰাকী বিশিষ্ট লেখিকা হিচাপে। এয়া, ৰূপালী প্ৰলেপত মোৰ কেশ, দুনয়ন -.5ৰ দুখন লেন্সেৰে আৰা মোৰ দৃষ্টি আৰু কেইডাল মান সৰু সৰু বলিৰেখাৰে নতুনকৈ চিনাকি হোৱা মোৰ মুখমণ্ডল আৰু এই সকলোৰে পৰিবেষ্টিত দুকুৰি দেওনা গৰকা মই। বন্ধুত্ব কলমৰ লগত চিৰযুগমীয়া, মন মোৰ অনুভৱী। প্ৰকৃতিৰ সেউজীয়া, আকাশৰ নীলা, জুৰিৰ কুলুকুলু শব্দ, মলয়া বতাহৰ মিঠা মিঠা সুবাস আৰু বৰষুণৰ কিনকিনীয়া শব্দ সিচি থ’ব খোজো জীৱনৰ চাৰিওফালে। সামাজিক দৃষ্টিত অন্তৰ্মুখী অজানি শ্ৰীয়ম, কিন্তু পখিলা, ফুল, গছ, বৰষুণৰ লগত সৰুৰে পৰা মোৰ বন্ধুত্ব। সৰুৰে পৰা অকলশৰীয়া মোৰ জীৱন, পৰিণতিত আবেগবৰ্জিত আৰু অনুভৱী মোৰ মন। মোৰ জন্ম কেৰেলাৰ শাৰী শাৰী নাৰিকলৰে পৰিবেষ্টিত এক মনোৰম পৰিবেশৰ মাজত। অসমীয়া মাতৃ আৰু কেৰেলীয়ান পিতৃৰ সম্বন্ধৰ মাজত সন্তানৰূপী মই। আচলতে মোৰ পিতৃ-মাতৃৰ মাজত আবেগৰ পৰিৱৰ্তে মোৰ মনে অনুভৱ কৰিছিল এক যান্ত্ৰিক সম্পৰ্ক, এক অবেগবিহীন সম্বন্ধ য’ত বিশেষকৈ স্থান পাইছিল প্ৰেকটিকেলিজম অথবা বাস্তৱিকতাই। এজনে চুম্বকৰ ইটো মূৰত আৰু আনজনে সিটো মূৰত অৱস্থান কৰিও কিন্তু দুয়োজনে সমাজৰ সন্মুখত সুখী-সুখী ভাৱৰ মুখা একোখন পিন্ধি ৰাখিছিল। আৰু মই পৰিৱৰ্তিত হৈছিলোঁ সন্তানৰ পৰা দায়িত্বলৈ। আহল-বহল কেৰেলীয়ান চৌহদত মোৰ শৈশৱ পাৰ হৈছিল ঘৰৰ আয়াগৰাকীৰ তত্ত্বাৱধানত। স্তিমিত পোহৰৰ কণিকাৰ লগত উমলিছিলো, চুই চাইছিলো উৰিবলৈ ধৰা ধূলিৰ কণিকা। বতাহত হালি-জালি থকা গছ-পাত সমূহৰ লগত গুনগুনাইছিলো। আলসুৱা মন মোৰ আৰু সিমানেই আলসুৱা মই। শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণত এদিন মোৰ মাৰ লগত অসমলৈ গুছি আহিছিলো। অসমলৈ গুছি অহা কাৰণ সুধিব পৰাকৈ মই মুকলি আৰু সিমান স্বাধীন নাছিলো। কেৱল বন্ধ হৈছিল মোৰ আত্মা আৰু হৃদয় কংক্ৰিটৰ কঠিনতাৰ মাজত। মোৰ কেৰেলীয়ান পিতৃক দ্বিতীয়বাৰলৈ মই দেখা নাছিলো। মোৰ পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদৰ কাৰণ আজিও অজ্ঞাত । পৰিৱৰ্তিত সময়ৰ লগে লগে পিতৃ-মাতৃৰ দায়িত্বৰূপী মইজনী ঘূৰি ফুৰিলো বৰ্ডিং আৰু হোষ্টেল। ফলত হৈ পৰিলোঁ অত্যন্ত অন্তৰ্মুখী। আচলতে মোৰ অনুভৱসমূহ সঁজাত বন্দী চৰাইটোৰ দৰে হৈ পৰিল। আবেগবোৰ কেতিয়াবা যেন সঁজা ভাঙি ওলাই আহিব, মনৰ অনুভতিবোৰে যেন প্ৰতিবাদ কৰিব, যেন সকলো ভাঙি-ছিঙি ওলাই আহিব এদিন, এনেকুৱা হৈ পৰিছিল মোৰ হৃদয়ৰ অনুভূতি। অত্যন্ত সংবেদনশীল হৈ পৰিছিলো মই। এনেকৈয়ে এদিন মনৰ ভিতৰৰ ভাববোৰ প্ৰকাশ কৰিবলৈ কলম হাতত তুলি লৈছিলোঁ। ডায়েৰিৰ পাতত আৱদ্ধ কৰি ৰাখিছিলো নিজৰ আবেগ আৰু অনুভৱক।
কণীৰ পৰা পলু, তাৰ পাছত লেটা, লেটাৰ পৰা পখিলা এটাৰ যেনেকৈ জন্ম হয় ঠিক তেনেকৈয়ে পখিলাৰ গতিশীল জীৱনচক্ৰৰ দৰে ময়ো এদিন জীৱনৰ চকৰীত গতিশীল হৈ পৰিলোঁ। নিজে সজাই লোৱা জীৱনটোত সুখ-দুখ, হাঁহি-কান্দোনৰ ৰঙ সমূহক গভীৰভাৱে আলিংগন নকৰি আগবাঢ়ি গৈছিলোঁ। ইতিমধ্যে পিতৃ-মাতৃ নামৰ দেউকা দুখনৰ পৰা মই মুকলি হৈ পৰিছিলো।
”আমাৰ ৰাজহাড়ডাল কিছুমান সৰু সৰু হাড়ৰ সমষ্টি। সৰু সৰু এই হাড়বোৰ লগ হৈ এডাল সম্পূৰ্ণ ৰাজহাড় গঠিত, আমাৰ শৰীৰৰ মূল হাড়। এই সৰু সৰু হাড়বোৰ এটা আনটোৰ ওপৰত খাপ খাই থাকে। যিয়ে ৰাজহাড়ডাল স্থিৰ আৰু পোন কৰি ৰাখে। জীৱনটোৱো ঠিক এনেকুৱাই, ৰাজহাড়ৰ দৰে। সৰু সৰু হাড়সমূহ যেন আমাৰ জীৱনৰ বিভিন্ন সম্বন্ধসমূহ, জীৱনৰ বাটত লগ পোৱা ব্যক্তিসমূহ যাৰ লগত জীৱনটো পাৰ কৰো আমি। পিতৃ-মাতৃ, ভাই-ভনী, আত্মীয় স্বজনৰ পাছত কোনো বিশেষ এজনৰে পৰিগঠিত আমাৰ জীৱন, যেনেকৈ ৰাজহাড়ডালৰ ভিতৰত সৰু বৰ হাড়সমূহ খাপ খাই থাকে।” অনুভৱী ডাক্তৰৰ ভাষ্য।
স্বাধীনচিতীয়া মনৰ গৰাকী লগতে অলপ খেয়ালী আৰু প্ৰায় নিজৰ মাজতে বিলীন থকা মই অজানি শ্ৰীয়ম ইতিমধ্যে বিশিষ্ট লেখিকাৰ শাৰীলৈ উন্নীত হৈছিলোঁ। ডায়েৰিৰ পাতত আৱদ্ধ মোৰ কল্পনাৰ ভাৱসাগৰক এটা এটা শব্দৰ মুকুতাৰে গাঁঠি উলিয়াই দিছিলোঁ পাঠকৰ আগলৈ। আগ্ৰহেৰে মোৰ কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণক আঁকোৱালি লৈছিল সকলোৱে। কিন্তু অজানি শব্দটোৱে যেনেকৈ নিৰুদ্বেগতাক বুজাই অথবা ইমান সহজ-সৰলতাক প্ৰতিনিধিত্ব কৰে যে পৃথিৱীৰ কৃত্ৰিমতা কি তাক বুজি নাপায় ঠিক তেনেদৰে ময়ো অজানিয়ে হৈ ৰৈছিলোঁ সকলোৰে পৰা। ইখনৰ পাছত সিখন গ্ৰন্থৰ মাজত ডুবি থাকোঁতে গলধনত এক নতুন বেমাৰে লগ দিছিল যাক আমি স্পণ্ডিলাইটিছ (Spondylitis) বুলি কওঁ।
মৰম, আবেগ, অনুভূতি আৰু প্ৰেমৰ পৰা অপৰিচিত অজানি শ্ৰীয়ম লাহে লাহে তীব্ৰ স্পণ্ডিলাইটিছ ৰোগৰ চিকাৰ হৈ পৰিছিলোঁ।
”অজানি জানানে প্ৰতিডাল সৰু বৰ হাড়ৰ মাজত ৰাবাৰৰ দৰে একোখন কুশ্বন বা গাডী যাক আমি “ডিস্ক” বুলি কওঁ। যি আমাৰ ৰাজহাড়ডালক বিভিন্ন কাম-কাজৰ ফলত পোৱা আঘাতৰ পৰা ৰক্ষা কৰে লগতে ৰাজহাড়ডাল ফ্লেক্সিবেল (Flexible) কৰি ৰাখে যাতে চলা-ফুৰা কৰা বা আন কাম কাজ কৰিব পাৰো। যি দৰে সম্বন্ধবোৰৰ মাজত মৰম, বিশ্বাস আৰু ভালপোৱা নামৰ এক আবেগ অনুভূতি থাকে যি এক বিশেষ বিশেষ একোজনৰ বাবে হৃদয়ৰ নিভৃত কোণত সাঁচি ৰখা হয়, নহ’লে যে এই ৰাজহাড়ডাল বেঁকা হৈ পৰিব।” সংবেদনশীল ডাক্তৰৰ ভাষাৰে বুজাইছিল মোক। মেলি দিছিলোঁ মোৰ হৃদয়ৰ দুৱাৰ। শৈশৱ আৰু কৈশোৰৰ অকলশৰীয়া একাকী জীৱনৰ পাছত যৌৱনৰ প্ৰান্তত স্মিত হাঁহিৰে সজাইছিলো নিজৰ ওঁঠৰ কোণ। প্ৰথমবাৰৰ বাবে কল্পনাৰ পৰা উলিয়াই বাস্তৱৰ তুলাচনীত নিজক বহুৱাই চাইছিলোঁ। প্ৰকৃতিৰ লগত আবেগ আদান-প্ৰদানৰ পাছত বিশেষ এজনৰ বাবে অনুভূতিৰে শিঁহৰিত কৰি তুলিছিল মোৰ অন্তৰাত্মা। অজানি যেন এক ফুলৰ নাম হৈ পৰিছিল, প্ৰেমৰ ফুলৰ। আচলতে মই প্ৰেম, ভালপোৱা, মৰমৰ ফুল হৈ ফুলিব ধৰিছিলো লাহে লাহে। ইমানদিনে অকলশৰীয়াকৈ পৰি ৰোৱা মইজনী লাহে লাহে নিজৰ অস্তিত্বৰ লগত আৰু কাৰোবাক সামৰি লৈছিলো। প্ৰকৃতিয়ে নিজক ন ৰূপত সজোৱা দেখিছিলো সৰুৰে পৰাই। কিন্তু প্ৰেমৰ আবেগেৰে সজ্জিত হোৱা অজানিজনী যে ইমান সুন্দৰ হ’ব সেয়া মোৰ পৰিসৰৰ বাহিৰত আছিল। শৈশৱ আৰু কৈশোৰত বিচাৰি নোপোৱা কিছু অনুভূতিক নিচেই কাষৰ পৰা অনুভৱ কৰিব পাৰিছিলো। এনেদৰে জীপাল জীৱনক সামৰি-সুঁতৰি আগবাঢ়ি গৈ আছিলোঁ।
পোন হৈ থাকিব বিচাৰিছিল মোৰ স্থৱিৰ জীৱনৰ গতি লগতে মোৰ ৰাজহাড়ডাল। কিন্তু হৈছিল জানো? কাৰণ স্পণ্ডিলাইটিছে ইতিমধ্যে শিপাইছিল মোৰ ৰাজহাড়ডালৰ ওপৰত।” আচলতে ৰাজহাড়ৰ মাজত থকা সৰু সৰু হাড় সমূহক সংযোজিত কৰি ৰখা কুশ্বন নতুবা ডিস্কসমূহৰ বাহিৰভাগ টান ৰিং এটাৰে গঠিত আৰু ভিতৰভাগ কোমল জিলেটিনৰ দৰে অংশৰে তৈয়াৰী। বিভিন্ন কাৰণত যেতিয়া ডিস্কৰ ভিতৰভাগত আঘাত পায় তেতিয়া ইয়াৰ বাহিৰভাগৰো ক্ষতি হয়। কোনো কোনো ক্ষেত্ৰত এই আঘাতপ্ৰাপ্ত ডিস্কসমূহ বাহিৰলৈ ওলাই আহে অথবা ইয়াৰ অৱস্থানৰ সাল সলনি হয়। অত্যন্ত অসহনীয় বিষদায়ক অৱস্থা হয় কিছুমানৰ ক্ষেত্ৰত। গতিকে সাৱধান হোৱা প্ৰয়োজন। “ডাক্তৰৰ এক সংবেদনশীল উপদেশ, মোৰ বাবে।”
এৰা, জীৱনলৈ অহা প্ৰেম নামৰ এই ডিস্কখনৰ ভিতৰত যে অভিমান, খঙ, বেদনা আদিয়ে আবৰি থাকে সেয়া হয়তো মই বুজি পোৱাত বহুত দেৰি হৈ গৈছিল। প্ৰেমৰ ন সাজ পিন্ধিলেই নহ’ব তাক পালন কৰিবলৈ যে বহিৰ্প্ৰকাশৰ প্ৰয়োজন সেই কথাৰ বিষয়ে মই অজানি হৈ ৰেছিলোঁ। অন্তৰ্মুখী স্বভাৱৰ বাবে নিজৰ মাজত অভিমানী প্ৰেমক আঁকোৱালি লোৱাৰ অনুৰাগ বিচাৰি পোৱা নাছিলোঁ। মৌন দুয়ো ওঁঠত উষ্ণ চুম্বনৰ আবেগ ঢালিব পৰা নাছিলোঁ। হয়তো ডিস্কসমূহৰ দৰে আঘাতপ্ৰাপ্ত হৈ উঠিছিল মোৰ প্ৰেম, মোৰ ইশ্বৰ। শব্দৰ মুকুতাৰে বাক্য গাঁঠনি কৰা অজানিয়ে যে প্ৰেমৰ আবেগৰ বাক্য সজাব নাজানিছিল দুই ওঁঠৰ মাজত সেয়া হয়তো বুজিব পৰা নাছিল মোৰ প্ৰেমে। মোৰ আবেগ অনুৰাগ উটি ভাঁহি ফুৰিছিল মোৰ কলমৰ চিয়াঁহীত। অনুভূতি মুকলি কৰাৰ দুৰ্বাৰ হেঁপাহ থকা সত্ত্বেও নিজক মুকলি কৰিব পৰা নাছিলোঁ। পিতৃ-মাতৃ, বন্ধু-বান্ধৱবিহীন জীৱনত যে ঈশ্বৰে মোৰ প্ৰেমৰ গীতৰ বাবে অপেক্ষা কৰি আছিল সেয়া মোৰ বোধগম্য নাছিল আৰু এদিন অভিমান বাঢ়ি গৈছিল আৰু এক প্ৰাচীৰ হৈ পৰিছিল প্ৰেমৰ দেৱতা আৰু মোৰ মাজত।
সঁচাকৈয়ে আঘাতপ্ৰাপ্ত ডিস্কসমূহে স্থান সলনি কৰাৰ দৰে মোৰ জীৱনৰ গতি সলনি হৈ পৰিছিল আৰু মই হৈ পৰিছিলো আজীৱন ৰোগী। আকৌ হাৰি গৈছিলো জীৱনৰ যাত্ৰাত। বিষদায়ক সময় আছিল মোৰ বাবে, আজীৱন বিষদায়ক।
”অজানি স্পণ্ডিলাইটিছৰ বিশেষ চিকিৎসা নাথাকে কিন্তু কিছুমান ব্যায়াম আছে আৰু লগতে ডিঙিত বান্ধি ৰাখিবলৈ ‘কলাৰ বেল্ট’ডালৰ প্ৰয়োজন নিজক বচাই ৰাখিবলৈ। এয়া সাময়িক সকাহ। নিয়মসমূহ মানি চলিলে নিশ্চয় কিছু পৰিত্ৰাণ পোৱা যাব। তোমাৰ বাবে এয়া শেষ অনুৰোধ। কিয়নো মোৰ চাকৰিৰ স্থান সলনি হৈছে, অদূৰলৈ। মোৰ নৱবিবাহিতা পত্নীৰ সৈতে। টেক কেয়াৰ অজানি।”
আৰু মই আৰম্ভ কৰিছো মটীয়া ৰঙৰ কলাৰ বেল্ট ডালৰ লগত বন্ধুত্ব। চিয়াঁহীৰে বন্দী আবেগৰ এক নতুন ৰূপ ওলাই আহিছে। নিতৌ এক নতুন অনুভূতি যাক সামৰি চলি গৈছে মোৰ কলম, সমান্তৰালভাৱে মোৰ কলাৰ বেল্টডালে সম্পূৰ্ণ সহযোগ আগবঢ়াই গৈছে। কাৰণ এয়া মোৰ ডাক্তৰৰ শেষ উপদেশ। নহয় নহয়, তেওঁক ডাক্তৰ বুলি কলে ভুল হ’ব। তেওঁ মোৰ ঈশ্বৰ পুত্ৰ, তেৱেঁইটো মোৰ প্ৰেমৰ বেদীৰ শ্ৰীকৃষ্ণ…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক