স্পিৰিট কল (প্ৰতিভূ দত্ত)

স্পিৰিট কল


প্ৰতিভূ দত্ত

মই তেতিয়া প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ৷ হোষ্টেলত সোমালো৷ মোৰ ৰুমত আছিল তিনিজন জ্যেষ্ঠ আবাসিক- দিব্যদা, পেগুদা আৰু প্ৰশান্ত দা৷ এদিন কথা নাই, বতৰা নাই তিনিওজনে মোক ক’লে- “শুনা, তুমি কাহানিও আত্মা নামাতিবা৷ সেইযে আত্মা মাতে, স্পিৰিট কল কৰে জানানে নাই?
মই ক’লো-“শুনিছো, কিন্তু কেতিয়াও মাতি পোৱা নাই৷”
“তুমি দেখাত হেন্ডছাম৷ স্পিৰিট কল কৰি দিবা আৰু আহি যাব ছোৱালীৰ আত্মা৷ ফছি যাবা৷ তাই তোমাৰ দৰে হেন্ডছাম ল’ৰাক এৰি নাযাব কিন্তু!”
প্ৰশান্ত দা-“ মানাহ হোষ্টেলত এবাৰ কি হ’ল জানানে নাজানা?”
মই লাহে কৈ মুৰটো জোকাৰিলোঁ৷
প্ৰশান্ত দা-“এবাৰ আমাৰ লগৰ ধুনীয়া ল’ৰা এটাই মাজৰাতি অকলে অকলে আত্মা মাতিলে৷ এজনী ধুনীয়া ছোৱালীৰ আত্মা আহিল হেনো৷ তাৰ পাছত তাই আমাৰ পাৰ্টনাৰক এৰি নগ’ল আৰু! তাই হেনো আমাৰ লগৰটোৰ ঘৈনীয়েক! একে লগে থকা হ’ল৷ শেষত ভুতনাথৰ পৰা তান্ত্ৰিকবাবা এজন আনিহে আত্মা খেদিব লগা গৈছিল৷”
কথা শুনি মোৰ ডিঙি শুকাই গ’ল৷
পেগু দা-“অই শুন, ড্ৰাগছ আৰু স্পিৰিট কল! জীৱনত কাহানিও ট্ৰাই নকৰিবি, বুজিলি?”
মই সেইখিনি কথা আজিলৈকে বেদবাক্যৰ দৰে মানি চলিছো৷

কিন্তু তাৰ পাছতো মোক আত্মাই পালে…………..
আমি তেতিয়া চূড়ান্ত বৰ্ষত৷ মোৰ ৰুমমেট চেতিয়া পাহোৱাল ডেকা৷ মই ভূতৰ কথা উলিয়ালে কয় –“দাদা, মই ভূতৰ বাপেক!”
অলপ অভঙো৷ মই যি কওঁ সি তাৰ ওলোটাটো কৰে৷
এদিন ৰাতি ভাত খাই মই বিচনাত বাগৰি দাঁত খুচৰি আছো৷ চেতিয়া কৰবাৰ পৰা উধাতু খাই আহি ক’লে- বলক দাদা! পদ্মনাভৰ ৰুমলৈ মাতিছে আপোনাক৷
মই তাৰ ফালে নোচোৱাকৈয়ে সুধিলো-“ পদ্মই মোক কিয় মাতিছে?”
চেতিয়া- “ দাদা, আজি এজনীক মাতিম!”
মই আচৰিতহৈ সুধিলোঁ- মানে?
চেতিয়া- স্পিৰিট কল দাদা, স্পিৰিট কল!
হোষ্টেলবোৰত ঠিক পৰীক্ষাৰ আগে আগে আৰু ৰিজাল্ট ওলোৱাৰ আগে আগে এই আত্মা মতা
কাৰবাৰটো বাঢ়ি যায়৷ পৰীক্ষা আগেয়ে মাতি পেপাৰখন জানিবলৈ যত্ন কৰা হয়, ৰিজাল্ট ওলোৱাৰ আগেয়ে মাতি পাছ-ফেল জানিবলৈ৷ সেইদিনা স্পিৰিট কলৰ উদ্দেশ্য বোধহয় কোনো প্ৰেম সম্পৰ্কীয় পৰামৰ্শ!
চেতিয়াৰ ফালে নোচোৱাকৈয়ে ক’লো-“ মই সেইবোৰলৈ নাযাওঁ আৰু তই আজি পদ্মৰ তাতে শুই থাকিবি৷ মই ৰাতি উঠি দুৱাৰ খুলিব নোৱাৰো৷”
চেতিয়া যোৱাৰ পাছত মই অকণমান সময় ‘কন্ট্ৰল ছিছটেমছ’ পঢ়িবলৈ বহিলো৷ পাছে মন বহাব পৰা নাই৷ নাকুইষ্ট প্লট, ব’ডেজ প্লট মোৰ মূৰত নুসুমোৱা হ’ল৷ বাৰে বাৰে মনটো উৰা মাৰিলে স্পিৰিট কল কৰি থকা ৰুমটোলৈ৷ ভাবিলো যাওঁ নেকি এবাৰ? মনত পৰিল পেগু দাদাৰ বেদবাক্যলৈ৷ নাই নোযোৱাই ভাল, মই ধুনীয়া ল’ৰা!
মই লাহেকৈ উঠি গৈ খিৰিকীৰ কাষ পালো গৈ৷ আমাৰ ৰুমটো হোষ্টেলটোত নতুনকৈ সজা তৃতীয় মহলাত৷ খিৰিকিখন মেলিলেই ওখ ইউকেল্পিটাছ গছবোৰৰ আগবোৰ দেখি৷ সেই গছবোৰৰ ফাঁকে ফাঁকে ৰাতিৰ আকাশখন একান্ত মনে চাই আছিলো৷

কিয় জানো মনত পৰি গ’ল কেইমাহ মান আগয়ে ঢুকুৱা আমাৰ লগৰ জোনাক নামৰ ছোৱালীজনীৰ কথা৷ হঠাতে ভাব হ’ল যেন কোনোবা মোৰ পাছ ফালে ঠিয়হৈ আছে৷ ঘুৰি চাই দেখো কোনো নাই৷ কিন্তু ৰুমটোত দেখোন এটা আচহুৱা গোন্ধ! ক’ৰ পৰা বাৰু এই ছোৱালীবোৰ ব্যৱহাৰ কৰা চেন্টৰ গোন্ধ আহিছে? মই সময় নষ্ট নকৰি বিচনাত উঠিলো৷ চেতিয়াৰ বিচনাৰফালে পিঠি দি শুবলৈ যত্ন কৰিছো৷ চকু দুটা মুদি দিলে মনলৈ বাৰে বাৰে নাকুইষ্ট-ব’ডেজ প্লট, জোনাক আৰু স্পিৰিট কল কৰি থকা ৰুমটোৰ কথা আহিবলৈ ধৰিলে৷ টোপনি কোনোমতেই নধৰা হ’ল৷
বাগৰ সলালো৷ আন্ধাৰৰ মাজতে লাগিলে যেন চেতিয়াৰ বিচনাত কোনোবা বহি আছে!
মই বেড ছুইচটো দি টিউব লাইটটো জ্বলাই দিলো৷
নাই কোনো নাই চেতিয়াৰ বিচনাত। কিন্তু মই নিশ্চিতযে চেতিয়াৰ বিচনাত কোনোবা বহি আছিল৷ উঠি গৈ চেতিয়াৰ বিচনাখন ভালকৈ চালো গৈ৷ নাই তাত কোনো বহি থকাৰ চিন-চাব নাই৷ কিন্তু নাক লাগিল এটা অচিনাকি চেন্টৰ তীব্ৰ গোন্ধ!! মই ঘামিবলৈ ধৰিলো৷ লাইটটো ননমুৱাবলৈ মোৰ সাহস নহ’ল৷ মই বিচনাটে বহি থাকিলো৷ এবাৰ ভাবিলো কাষৰ ৰুমৰ মৃগাংকক মাতো নেকি?? তেনেকৈ কিমান সময় গ’ল, কেতিয়া মোৰ টোপনি আহিল গম নাপালো৷

ৰাতিপূৱা চেতিয়াই দুৱাৰত জোৰে জোৰে টোকৰ মাৰোতেহে সাৰ পালো৷ মুখ হাঁত ধুই আহি চেতিয়াক সুধিলো – যোৱা কালি কাক মাতিছিলি?
‘দাদা যোৱাকালি আপোনালোকৰ লগৰ জোনাকযে, তেওঁ আহিছিল৷’
মোৰ চেতিয়াৰ লগত আৰু কথা পাতিবলৈ মন নগ’ল৷

দুদিনমান পাছত চেতিয়া আৰু পদ্মনাভহঁত আকৌ বহিল সিহঁতৰ অশৰীৰী সাক্ষাৎকাৰৰ বাবে৷
সেই ৰাতি মই নিজকে বুজালো – ভয়েই ভুত৷ সকলো মনৰ কথা৷ মই ১০মান বজাতে লাইট নুমুৱাই শুবলৈ যত্ন কৰিলো৷ সোনকালেই মোৰ টোপনি আহিল৷ ৰাতি কিমান দেৰি হৈছিল নাজানো৷ হঠাতে ভাব হ’ল যেন শিল এটা আহি মজিয়াত পৰিল৷ ক’ৰ পৰা আহিল? আমাৰ ৰুমটো তৃতীয় মহলাত৷ কোনে মাৰিলে শিলটো?? সকলো সাহস গোটাই আকৌ কিবা হয় নেকি চাবলৈ মই নিশব্দে বিচনাতে পৰি থাকিলো৷ অকমান পাছতে আকৌ এটা শব্দ কৰি আৰু এটা শিল মজিয়াত পৰিল৷ মই ৰৈ থাকিব নোৱাৰিলো৷ বেড ছুইচটো অন কৰিলো৷ এনে লাগিল যেন ৰুমটোৰ পৰা কোনোবা ওলাই গ’ল!

মই একে দৌৰে পদ্মনাভৰ ৰুম পালোগৈ৷ এক গোৰতে দুৱাৰখন খোল খাই গ’ল৷ সোমায়ে গম পালো স্পিৰিট কল শেষ হ’ল৷ সকলো ব্যস্ত ‘অল্ড মংক’ৰ বটল এটাৰ সৈতে৷ মই উশাহ ঘুৰাইলৈ শিল গুটি আৰু জোনাকৰ কথা ক’লো৷ ৰুমত থকা আটাইকেইজন একমত হ’ল যে জোনাক আহিব পাৰে৷ সেই নিশাও সিহঁতে জোনাককে মাতিছিল!!
মই মনে মনে বিচনাত বহি আছো, বাকীবোৰ আকৌ ‘অল্ড মংক’ৰ বটলৰ সৈতে ব্যস্ত হৈ গ’ল৷ এপাকত চেতিয়া ঠিয় হ’ল (মোৰ ফালে চাই)- “বিভুতি দা, আপুনি আজি মৃগাংক দাৰ ৰুমতে থাকক৷ মই অকলে ৰুমত থাকিম৷ চাম কোন জোনাক আহে? চিনি পোৱা নাই মই কোন হয়?? চাল্লা, ন’ বডি কেয়াৰছ চেতিয়া, চেতিয়াই কাকো কেয়াৰ নকৰে!”
মই মৃগাংকৰ ৰুমলৈ নগৈ পদ্মনাভৰ ৰুমতে শুই থাকিলো৷
পুৱা চাহ কাপ পদ্মৰ ৰুমতে খাই মই নিজৰ ৰুমৰ ফালে গ’লো৷
দুৱাৰৰ বাহিৰতে এটা পোৰা পোৰা গোন্ধ পালো৷ ভিতৰলৈ সোমাই দেখো চেতিয়া বিচনাত ফস্তি মাৰি শুই আছে৷ পোৰা গোন্ধটো ক’ৰ পৰা আহিছে বিচাৰি ইফালে সিফালে চাই দেখো মোৰ বম্বে ডায়িঙৰ টাৱেলখনত এটা মস্ত ডাঙৰ ফুটা!!!
কেনেকৈ জ্বলিল এইখন?
কেনেকৈ এই বৃত্তাকাৰ ফুটা হ’বলৈ পালে??
জোনাকে??
কিন্তু ভূতে জুইলৈ হেনো ভয় কৰে৷ ভুত খেদিবলৈকে চেতিয়াই এই কাম কৰিলে নেকি? চেতিয়াই যদি জ্বলাইছিলে তেনেহ’লে এনেকুৱা গোল গোল ফুটা কেনেকৈ কৰিলে??
মই আকৌ ঘামিবলৈ ধৰিলো৷ ৰ’ব নোৱাৰি চেতিয়া হেচুকি দিলো – অই উঠ!!
মোৰ মাতত সি সাৰ পালে৷
‘অহ্ বিভুতি দা আহিলে! এহ্ নক’ব আৰু! যোৱাকালি এক্সিডেন্ট এটা হ’ল৷’
মোৰ মুখৰ মাত নোলোৱা হ’ল৷
“ৰ’ব মই বাথৰুমৰ পৰা আহো৷ তাৰ পাছত কৈ আছো৷”
মোৰ ৰুমটোত অকলে থাকিবলৈ ভয় লাগিল৷ চেতিয়াৰ পাছে পাছে ময়ো ওলাই গ’লো৷অকমান পাছত চেতিয়া ঘূৰি অহা দেখি ময়ো সোমালোহি ৰুমত৷ খুব ভালকৈ চাইছো চেতিয়াৰ ফালে৷ কেনেবাকৈ জোনাক ইয়াৰ মাজত সোমাই থকা নাইতো?? চেতিয়া ব্যস্ত তেতিয়া গিলাছৰ চাহত ফুঁ মৰাত৷
“বুজিছে দাদা, কোনোবা আহে নেকি ৰাতি!”
“মানে??”
“মানে ৰাতি খিৰিকিৰে কোনোবা সোমোৱা যেন লাগিছিল৷”
মোৰ ক’ব মন গৈছিল,‘সেইবোৰ মই জানো৷ খিৰিকিৰে সোমোই নহয়, শিলগুটিও মাৰে৷ কাপোৰ জ্বলিল কেনেকৈ?’
মই মনে মনে থকা দেখি আকৌ ক’লে- “যোৱা ৰাতি কোনোবাই শিলো মাৰিছিল৷”
মোৰ ধৈৰ্যৰ বান্ধ খোল খাই গৈছে৷
“চেতিয়া, সেইবোৰ মই জানো৷ কাপোৰ কেনেকৈ জ্বলিল?”
“দাদা সেইটোৱে কালিৰ এক্সিডেন্ট৷”
“মানে?”
“যেতিয়া শিলটো পৰিল মই মনে মনে বিচনাত পৰি থাকিলো৷ মনতে ভাবিলো যদি ভূত আকৌ মাৰিব৷ হয়, আকৌ এটা মাৰিলে৷ মই ভূত ধৰিম বুলি ঠিৰাং কৰিলো৷ কিন্তু ভূত ধৰিবলৈ পোহৰ লাগিব৷ লাইট জ্বলাই দিলো৷ বেছি পোহৰ হৈ গ’ল৷ চিন্তা কৰিলো, ইমান পোহৰত ভূত নাহিব৷ কি কৰা যায়?”
“সেইবোৰ বাদ দে৷ কাপোৰ কেনেকৈ জ্বলিল?”- সুধিলোঁ মই।
“শুনক না! মই ভাবি পোৱা নাই লাইটটো কেনেকৈ কম কৰো৷ মাল খোৱা ব্ৰেইন৷ পাই গ’লো আইডিয়া৷ আপোনাৰ টাৱেলখনেৰে ১০০ ৱাটৰ বাল্বটো মেৰিয়াই তাক ডিম লাইট কৰি দিলো৷ মই খাপ পিটিলো ভূতলৈ৷ কিন্তু তেতিয়াই এক্সিডেন্টটো হ’ল দাদা৷ লাইটৰ হিটত টাৱেলখন জ্বলি গ’ল!
হে:হে: দাদা, ভূত দেখা নাপালো। নিচা বেছি হৈছিল নহয়!”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক