স্পেইনৰ বাৰ্চিলোনাত এভূমুকি – এক অনন‍্য অনুভৱ — ৰমণ বৈষ্ণৱ (ইটালি)

বহু আগৰে পৰাই স্পেইন দেশখনৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণে মোৰ মনটোত ক্ৰিয়া কৰি আহিছিল৷ দেশখনৰ ভৌগোলিক বিচিত্ৰতা, অভূতপূৰ্ব স্থাপত্যবিদ‍্যাৰ (আৰ্কিটেকচাৰ) লগতে ‘স্পেনিছ’ সংগীত সহ কলা-কৃষ্টিৰ সমাহাৰে দেশখনৰ এক সুকীয়া প্ৰতিছব্বি মোৰ মনত গঢ় দিছিল৷ সেয়ে মনতে হেঁপাহ এটা পুহি ৰাখিছিলোঁ যে এদিন নিশ্চয় স্পেইন ভ্ৰমণৰ মোৰ বহুদিনীয়া সপোন দিঠকত পৰিণত হ’ব৷ অৱশেষত ভাগ‍্য প্ৰসন্ন হ’ল যোৱা বছৰৰ (২০১৮) অক্টোবৰ মাহত৷ মধ‍্যবিত্ত পৰিয়ালৰ ল’ৰা হোৱা হেতুকে এয়া অৱশ্যম্ভাৱী যে এনেধৰণৰ সপোন পূৰণৰ খৰচ বহনৰ দায়িত্বও মই নিজেই মূৰ পাতি ল’ব লাগিব৷ ইটালিয়ান চৰকাৰৰ ফেল’স্বিপৰ টকাৰে সেয়া অৱশেষত সম্ভৱপৰ হ’ল যেনিবা৷

“গ’ ইউৰো” (Go Euro) নামৰ ৱেবচাইটটোত উৰাজাহাজবিলাকৰ টিকেটৰ দামবোৰ প্ৰায়ে চাই থকাটো মোৰ এক প্ৰকাৰ অভ‍্যাসেই বুলিব পাৰি৷ ভ্ৰমণ যিহেতু মোৰ চখ, ইয়াৰ প্ৰতি এক বিশেষ অনুৰাগ আছে সেইবাবে সময়-সুবিধা পালেই নতুন ঠাই, নতুন দেশ ফুৰিবলৈ ঢাপলি মেলোঁ৷ অক্টোবৰ মাহত এসপ্তাহ ইউনিভাৰ্চিটি বন্ধ পোৱা সুবাদতে ‘ফ্লাইট’ৰ অহা-যোৱা দুটা টিকেট আৰক্ষণ কৰি ল’লোঁ ’ৰাইনেয়াৰ এয়াৰলাইন্স’ত — লক্ষ‍্য‍স্থান স্পেইনৰ কেটেলনীয়া অংশৰ ৰাজধানী বাৰ্চিলোনা৷ আকাশমাৰ্গেৰে প্ৰায় দুঘণ্টাৰ বাট৷ বিশ্ব পৰ্য‍টনৰ অন‍্যতম কেন্দ্ৰস্থলী হিচাপে পৰিচিত বাৰ্চিলোনা চহৰখন ভূমধ্য সাগৰতীৰত অৱস্থিত এখন অতিকে মনোমোহা চহৰ৷ এইখিনিতে উল্লেখ কৰি থওঁ যে ইউৰোপৰ দেশসমূহৰ ভিতৰত সূচল পৰিবহণৰ অন্যতম মাধ‍্যম “ৰাইনেয়াৰ (Ryanair)” উৰাজাহাজসমূহ মই থকা ইটালিৰ মিলান চহৰৰ পৰা প্ৰায় ষাঠি কিলোমিটাৰ দুৰত অৱস্থিত “বাৰগামো (Bergamo)” বিমানকোঠৰ পৰা পৰিচালিত হয়৷ গতিকে, ইউৰোপৰ যিকোনো এখন দেশলৈ যাবলৈ হ’লে মিলানৰ পৰা বাৰগামোলৈ এঘণ্টীয়া বাছ ধৰিবলগীয়া হয়৷ ধলপুৱাতে ফ্লাইট থাকিলে আহুকালতে পৰিবলগীয়া হয়৷ মোৰ ক্ষেত্ৰত সিদিনা তেনেকুৱাই হ’ল৷ বিমানখন উৰামৰাৰ নিৰ্ধাৰিত সময় হ’ল ৰাতিপুৱা সাত বজাত৷ আনহাতে ঠাণ্ডা দিন, বেলিয়ে ভূমুকি মাৰেহে সাতটা বজাত৷ মুঠৰ ওপৰত মহা পয়মাল৷ আগদিনা সোনকালে আহাৰ গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো৷ তিনি বজাৰ এলাৰ্মটোত সাৰ পাই মূৰে-কাণে পানী অলপ ঢালি আগদিনাই ৰেদি কৰি থোৱা পোছাকযোৰ পিন্ধি বেগটো লৈ ওলাই গ’লো বাছ আস্থানৰ দিশে৷ পুৱতি নিশা জনশূণ‍্য মিলান চহৰৰ পদপথবিলাকত তেতিয়া ষ্ট্ৰীটলাইটৰ পোহৰত নিয়ৰৰ টোপালবোৰ জিলিকি উঠিছে৷ বাছ আস্থানত আগৰে পৰা ৰৈ থকা বাছখনত খিৰিকীৰ কাষৰ চিট এটাত বহি ল’লো৷ বিমানবন্দৰ অভিমুখী যাত্ৰীৰে তেতিয়া বাছখন প্ৰায় ভৰ্তি হৈছে৷ যথা সময়ত বাছখনে যাত্ৰা আৰম্ভ কৰিলে৷ কাণত ‘হেডফোন’টো লগাই ল’লোঁ৷ জুবিনৰ পুৰণি গানবোৰৰ প্লে’ লিষ্ট এখন মবাইলটোত বাজিবলৈ দি চকুকেইটা মুদি দিলো৷ চিলমিলীয়া টোপনি মাৰি থাকোঁতে কেতিয়ানো এয়াৰপ’ৰ্ট পালোহি গমেই নাপালোঁ৷ যাৱতীয় নিৰাপত্তামূলক পৰীক্ষাৰ অন্তত বাৰগামো এয়াৰপ’ৰ্টত প্ৰৱেশ কৰিলোঁ৷ ‘বৰ্ডিং পাছ’খন লৈ চিধাই নিৰ্ধাৰিত গেটখনৰ দিশে খোজ ল’লো৷ এয়াৰপ’ৰ্টটো সৰু যদিও যথেষ্ট গুৰুত্বপূৰ্ণ৷ কিয়নো ইটালিৰ বাণিজ‍্যিক ৰাজধানী মিলান চহৰখন এই এয়াৰপৰ্টৰ যোগেদিয়ে ইউৰোপৰ অন‍্যান‍্য চহৰবিলাকৰ সৈতে সংযুক্ত হয়৷ পূৰ্বনিৰ্ধাৰিত সূচীমতে প্ৰায় সাতটা বজাত বিমানখন বাৰ্চিলোনা অভিমুখে উৰা মাৰিলে৷ আকাৰত সৰু ফ্লাইটখনৰ ইমাৰজেন্সী খিৰিকীখনৰ ওচৰতে মোৰ চিটটো পালোঁ৷ মোৰ কাষতে বহা ত্ৰিশোৰ্ধৰ যেন লগা যুৱকজনৰ সৈতে চিনাকি হোৱাৰ মানসেৰে কথা বতৰা আৰম্ভ কৰিলোঁ৷ গম পালো তেওঁৰ নাম ডেনিয়েল হাৰ্নাণ্ডেজ, মেস্কিকোৰ নাগৰিক৷ ইউৰোপ ভ্ৰমণলৈ আহিছিল বন্ধুবৰ্গৰ সৈতে৷ মিলান, ভেনিচ, ফ্ল’ৰেন্স, ৰোম, ভেটিকান ঘূৰাৰ পাছত এতিয়া তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য স্থান স্পেইন৷ যথেষ্ট ফুৰ্তিবাজ ডেনিয়েলে মই ভাৰতৰ বুলি গম পোৱাত কৈ উঠিল “তোমাক দেখিবলৈ ভিয়েটনাম নতুবা ফিলিপাইনৰ যেনহে লাগে৷” মোৰ হাঁহি উঠিল, পিছে আচৰিত নহ’লো৷ কাৰণ ইয়াৰ আগতেও দুবাৰমান এনে মন্তব্য পাই থৈছো৷ মোৰ বোধেৰে ইয়াৰ কাৰণটো হ’ল ভাৰতীয় বুলি ক’লে উত্তৰ আৰু দক্ষিণ ভাৰতীয় লোকসকলৰ চেহেৰাৰ এটা অনুমান বিশ্ববাসীয়ে ইতিমধ্যে কৰিবলৈ শিকিছে৷ এই চেগতে ম’বাইলতে গুগল মেপখনত আমাৰ অসমখন দেখুৱাই ক’লো “আমাৰ ভাৰতখন বৰ বিশাল আৰু বৈচিত্ৰ্যৰে ভৰা৷” ডেনিয়েলে স্বভাৱসুলভ হাঁহিটোৰে ক’লে “চাইনা বৰ্ডাৰৰ ওচৰতে দেখোন তোমাৰ ঘৰ৷” লাহে লাহে আমাৰ আলোচনাই স্পেনিচ সংগীত, মেস্কিকোৰ সৈতে স্পেনিচ সভ‍্যতাৰ সাদৃশ্য, ডনাল্ড ট্ৰাম্প আৰু যে ক’ত কি সামৰি ল’লে৷ কথাৰ মহলা মাৰি থাকোঁতে হঠাতে পাইলটৰ ঘোষণাতহে গম পালো যে পৰৱৰ্তী পোন্ধৰ মিনিটৰ ভিতৰত বিমানখনে বাৰ্চিলোনাৰ এল প্ৰাট বিমানবন্দৰত অৱতৰণ কৰিব৷ এয়াৰ হোষ্টেজৰ ঘোষণাৰ পৰা জানিব পালো যে বাহিৰত তেতিয়া উষ্ণতা ২৫ ডিগ্ৰী চেলচিয়াচ, ফৰকাল বতৰ৷ খিৰিকীৰে বাহিৰলৈ চালো৷ বিমানখনে তেতিয়া ভূমধ‍্য সাগৰৰ সুবিশাল নীলিম জলৰাশিৰ ওপৰেদি লাহে লাহে বাৰ্চিলোনাৰ সমুদ্ৰতীৰৰ দিশে আগবাঢ়িছে৷ দূৰৈত ওখ ওখ প্লাম গছৰ সৈতে বাৰ্চিলোনাৰ পাহাৰীয়া ভূখণ্ড সুৰুযৰ কিৰণত সোণালী হৈ চকুত ধৰা দিছিল৷

যিহেতু লগত সৰু বেগ (কেবিন বেগেজ) এটাৰ বাহিৰে বেলেগ একো নিয়া নাছিলো, গতিকে ফ্লাইটৰ পৰা নামিয়েই পোনে পোনে প্ৰস্থানৰ দিশে আগবাঢ়িলো৷ এয়াৰপ’ৰ্টৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে সাগৰীয় শীতল বতাহজাকে আদৰণি জনালে৷ মই আগতীয়াকৈ হোটেল বুক কৰি থৈছিলো বাৰ্চিলোনাৰ চিটি চেণ্টাৰৰ (প‍্যেৰেলেল) ওচৰত৷ ফোনটো উলিয়াই ইণ্টাৰনেটটো অন কৰি ল’লো৷ অচিন দেশত অকলে ফুৰিবলৈ গ’লে গুগল মেপ আটাইতকৈ পৰম বন্ধু হৈ পৰে৷ চিটি চেণ্টাৰলৈ অহৰহ চলি থকা বাছ চাৰ্ভিচৰ টিকেট এটা কৰি ল’লো৷ যথা সময়ত বাছখন চিটি চেণ্টাৰৰ দিশে ৰাওনা হ’ল৷ খিৰিকীৰ পৰাই মই মবাইলতে ফটো তোলাত ব‍্যস্ত হ’লো৷ বাছৰ পৰা নামি হোটেল বিচাৰোতে প্ৰায় পোন্ধৰ মিনিটমান সময় লাগিল৷ হোটেলৰ কৰ্মচাৰীবিলাকৰ উষ্ম অভিবাদন পাই মনটো বৰ ভাল লাগিল৷ হোটেলৰ ৰূমৰ লকাৰত বেগটো থৈ চিধাই মুখ হাত ধুবলৈ বাৰ্থৰূমলৈ গ’লো৷ মুখ হাত ধুই আহি অলপ দেৰি বাগৰ দিওঁ বুলি পৰিপাটীকৈ সজাই থোৱা বিছনাখনলৈ আহি টিভিটো ‘অন’ কৰি দিলো৷ ৰাতিপুৱা একো নুখুৱাকে অহাৰ বাবে লাহেকৈ ভোক এটা লাগিব ধৰিছিল৷ পিছে আমাৰ আকৌ ভাত নাখালে পেটেই নভৰে, সেয়ে ভাবিলো প্ৰথমে ভাৰতীয় ৰেষ্টুৰেণ্ট এখন বিচৰা যাওক ইণ্টাৰনেটত, পেট পূৰাই ভাতৰ থালি এখন খাই পিছতো স্পেনিছ খাদ‍্যৰ জুঁতি ল’ব পাৰিম৷ ভাগ‍্য ভাল আছিল যে পাঞ্জাৱী ৰেষ্টুৰেণ্ট এখন আমাৰ হোটেলৰ ওচৰতে আছিল৷ হাতত যিহেতু দুদিন সময় লৈ আহিছো গতিকে সময় নষ্ট নকৰি ততাতৈয়াকৈ ৰেষ্টুৰেণ্টখনলৈ বুলি ওলালো৷ মাছ তৰকাৰীৰ সৈতে সুন্দৰকৈ ভাতসাঁজ খাই উঠি এইবাৰ বাৰ্চিলোনাৰ অলিয়ে গলিয়ে মোৰ অন্বেষণ আৰম্ভ হ’ল৷ ক’ৰবালৈ ফুৰিবলৈ গ’লে আগতীয়াকৈ ইণ্টাৰনেটৰ পৰা মূল আকৰ্ষণবিলাকৰ বিষয়ে সম‍্যক জ্ঞান গোটাই ল’লে সুবিধা হয়৷ ময়ো ট্ৰিপ এডভাইজাৰ (Trip Adviser) নামৰ ৱেবচাইটৰ পৰা লিষ্ট এখন মবাইলতে চেভ কৰি লৈছিলো৷ পিছে পৰ্যটনৰ কেন্দ্ৰবিন্দুবোৰৰ বাহিৰেও এখন চহৰৰ অলিয়ে গলিয়ে ঘূৰিলেহে আচল মজাটো পোৱা যায় বুলি মই বিশ্বাস কৰোঁ৷ ঠিক কৰিলোঁ প্ৰথমে চহৰখনৰ প্ৰায় সোঁমাজত অৱস্থিত বিশ্বখ‍্যাত “চেগ্ৰেডা ফেমিলিয়া” নামৰ সাংঘাটিক ধৰণে কাৰুকাৰ্যখচিত কেথেড্ৰেলটো চাবলৈ৷ গুগল মেপে দেখুৱালে যে খোজকাঢ়ি গ’লে প্ৰায় বিশ মিনিটৰ বাট৷ বাছ নতুবা মেট্ৰ’লৈ অপেক্ষা নকৰি সেয়ে খোজ ল’লোঁ কেথেড্ৰেল অভিমুখে৷ খোজকাঢ়িলে চহৰখনো ভালকৈ উপভোগ কৰিব পাৰি৷ অকোৱা পকোৱা সৰু গলিবোৰেদি গৈ অৱশেষত আকাশলংঘী সেই বিশালকায় কেথেড্ৰেলটোৰ সন্মুখত উপস্থিত হ’লোগৈ৷ অভূতপূৰ্ব কলাশৈলীৰে নিৰ্মিত এই কেথেড্ৰেলটোৰ ইতিহাস খুচৰি গম পালো সেইজন মহান আৰ্কিটেক্টৰ কথা যিজনে নিজৰ সম্পূৰ্ণ জীৱন এই কেথেড্ৰেলৰ নিৰ্মাণৰ কামতেই উছৰ্গা কৰিলে৷ নাম এণ্টনিঅ’ গাওদি, স্পেনিছ আৰ্কিটেকচাৰ শৈলীৰ অন‍্যতম এজন বাটকটীয়া৷ আচৰিত হ’বলগীয়া কথা এয়ে যে যোৱা ১৪৪ বছৰে নিৰ্মাণ কাৰ্য চলিয়েই আছে তথাপি শেষেই হোৱা নাই৷ ইয়াৰ পৰাই নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আচলতে কিমান বিশালকায় হ’ব পাৰে এই কেথেড্ৰেলটো৷ বিশেষজ্ঞসকলৰ মতে কেথেড্ৰেলটোৰ নিৰ্মাণ কাৰ্য ২০২৬ চনলৈ সম্পূৰ্ণ হোৱাৰ আশা আছে৷ উনবিংশ শতিকাৰ শেষৰ ফালে (১৮৮৩ চন) স্পেইনৰ সেইসময়ৰ ৰজা আলফন্স’ৰ দিনত ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়৷ যদিও প্ৰথমতে অন্য এজন আৰ্কিটেক্টৰ হাতত এই প্ৰজেক্টটো অৰ্পণ কৰা হৈছিল কিন্তু পৰৱৰ্তী বছৰটোতেই অৰ্থাৎ১৮৮৪ চনত কিছু কাৰণ বশতঃ এজন একত্ৰিছ বছৰীয়া তৰুণ যুৱকক এই দায়িত্ব ভাৰ দিয়া হয়৷ সেই যুৱকজনেই হ’ল এণ্ট’নিঅ গাওদি৷ ইউৰোপীয়ান কলা শৈলীৰ পৰা বহু পৃথক চিন্তা ভাৱনা লৈ তেওঁ নিৰ্মাণ কাৰ্যত নিমজ্জিত হ’ল৷ মৃত‍্যুৰ আগমুহূৰ্তলৈকে নিৰালস্য প্ৰচেষ্টাৰে ব্ৰতী এই মহান শিল্পী জনৰ কলা শৈলীক আজিও স্থাপত‍্য বিজ্ঞানীসকলে অতুলনীয় তথা মৌলিক বুলি গণ্য কৰে৷

কেথেড্ৰেলৰ সন্মুখত সৰু সৰু কেইখনমান বিপণী দেখিবলৈ পালো, য’ত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে কেথেড্ৰেলৰ স্মাৰক পোৱা যায়৷ কাষতে এখন সুন্দৰ বাগিছা আছে য’ত দেশী বিদেশী পৰ্যটক সকলে বিশালকায় কেথেড্ৰেলটো বেকগ্ৰাউণ্ডত ৰাখি ফটো উঠাৰ লগতে স্পেনিছ দেশীয় সুৰা আৰু খাদ্যৰ জুঁতি লোৱাত ব‍্যস্ত৷ ময়ো দুখনমান চেলফি তুলি লঘু আহাৰ কিবা অলপ খাই ট্ৰিপ এডভাইজাৰ লিষ্টখনত থকা দ্বিতীয়টো পৰ্যটন কেন্দ্ৰ অৰ্থাৎ “পাৰ্ক গুৱেল” নামৰ পাহাৰীয়া উদ‍্যানখনলৈ যাবলৈ ওলালো৷ এই উদ‍্যানখন বাৰ্চিলোনা চহৰৰ উপকণ্ঠৰ “কাৰ্মেল হিল” নামৰ পাহাৰটোৰ উত্তৰ অংশত অৱস্থিত৷ চালে চকুৰোৱা এই উদ‍্যানখনৰ নিৰ্মাণ কাৰ্য ১৯০০ চনতে আৰম্ভ কৰে “ইউচেবি গোৱেল” নামৰ ব‍্যক্তিজনে, যাৰ নামৰ আধাৰতেই পিছলৈ ইয়াক “পাৰ্ক গোৱেল” বুলি নামাকৰণ কৰা হয়৷ দৰাচলতে এয়া এক বাণিজ‍্যিক ‘হাউচিং’ প্ৰকল্প আছিল যদিও কোনো গ্ৰাহকক এই ঘৰবোৰ কিনিবলৈ গোৱেলে সৈমান কৰাব পৰা নাছিল৷ অৱশেষত যেনিবা গোৱেলৰ অনুৰোধ ৰক্ষা কৰি এণ্টনিঅ’ গাউডিয়ে নিজৰ সমস্ত জমা টকা ক্ৰয় কৰি পৰিয়ালৰ সদস‍্য সকলক লগত লৈ তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ আহে৷ লাহে লাহে গাউদিৰ হাতৰ পৰশত আৰু অধিক প্ৰাণ পাই উঠে প্ৰকল্পটোৱে৷ গাউদিৰ আচম্বিত কৰি তুলিব পৰা মৌলিক কলা শৈলীৰে পৰিবেস্তিত এই উদ‍্যানখনক ১৯৮৪ চনত ইউনেস্ক’য়ে “ৱৰ্ল্ড হেৰিটেজ চাইট” (World Heritage Site) হিচাপে ঘোষণা কৰে৷ পাহাৰীয়া অকোৱা পকোৱা ৰাস্তাবোৰেদি উঠা নমা কৰি থাকোঁতে ভাগৰেই লাগিল৷ পাহাৰটোৰ এটা অংশৰ পৰা বাৰ্চিলোনা চহৰখনৰ লগতে দূৰৈৰ ভূমধ‍্য সাগৰখনৰ নীলিম জলৰাশিৰ পলকতে মন মুহি নিয়া দৃশ্য দেখিবলৈ পোৱা যায়৷ গতিকে অলপ দেৰি ফিৰফিৰিয়া বতাহজাকৰ লগতে মনোৰম দৃশ‍্যৰাজি উপভোগ কৰিবলৈ বেঞ্চ এখনত বহি ল’লো৷ তেতিয়া প্ৰায় আবেলি হওঁ হওঁ, দূৰৈত সুৰুযৰ হেঙুলীয়া আভাই ভূমধ‍্য সাগৰৰ ঢৌবিলাকত যেন আবিৰ হে সানিছিল৷ কিমান সময় যে ভাৱত বিভোৰ হৈ থাকিলো গমকে নাপালো! এয়াৰপৰ্টৰ পৰা ওলাইয়ে আপলোড কৰা ইনষ্টাগ্ৰামৰ ফটোখনৰ নটিফিকেছনৰ শব্দতহে সম্বিত ঘূৰি আহিল৷ ভাবিলো উদ‍্যানখন চাই প্ৰায় হ’লেই, গতিকে এতিয়া বাৰ্চিলোনাৰ বিখ্যাত সাগৰতীৰলৈকে যোৱা হওক৷ উদ‍্যানখনৰ পৰা ওলাই আহি এইবাৰ বাৰ্চিলোনাৰ সমুদ্ৰতীৰলৈ যোৱা বাছত উঠিলো৷ প্ৰায় 20 মিনিট মান যাত্ৰাৰ অন্তত মই সমুদ্ৰতীৰত উপস্থিত হ’লো৷ তেতিয়া জনসমাগম অলপ কম, আচলতে গৰমৰ দিনবিলাকত দেশী বিদেশী পৰ্যটকেৰে সাগৰতীৰ ভৰি থাকে, আৰু বিভিন্ন প্ৰকাৰৰ জলক্ৰীড়াৰো পয়োভৰ ঘটে৷ প্ৰথম দৃষ্টিতে ভূমধ‍্য সাগৰৰ বিশালতা আৰু অতিকে চাফ চিকুণকৈ ৰখা শুভ্ৰ বলুকাৰাশিয়ে মোহাছন্ন কৰিলে৷ ওচৰতে স্পেনিছ ডেকা ডেকেৰী কেইগৰাকীমানে ভলীবল খেলাত ব‍্যস্ত৷ কাঠেৰে নিৰ্মিত শাৰী শাৰীকৈ থকা চকী বিলাকৰ এখনত বহি ল’লো ভলীবল খেলৰ লগতে আবেলিৰ সেই সুন্দৰ সময়কণ উপভোগ কৰিবলৈ৷ বেলি ডুবালৈকে তাতে থাকি গধূলি হোৱাৰ লগে লগে হোটেললৈ উভতিলো৷ জোনাক নিশা সাগৰৰ পাৰত বহি ভাল লাগে যদিও জেকেট পিন্ধি নাহিলো কাৰণে ঠাণ্ডা বতাহজাকে হোটেললৈ ঘূৰি আহিবলৈ বাধ্য কৰিলে৷

নিশাৰ মহানগৰীখন চোৱাৰ লগতে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে নটা মান বজাত ওলাই আহিলো৷ স্পেনিছ খাদ্যৰ জুঁতি ল’বলৈ অলপ বিচাৰ খোচাৰ কৰি “লা বাৰ্কা” নামৰ ৰেষ্টুৰেণ্টখনত সোমালো৷ অৰ্ডাৰ কৰিলোঁ “পায়েল্লা” নামৰ অতিকে জনপ্ৰিয় স্পেনিচ খাদ্যবিধ৷ পায়েল্লা মূলত: সাগৰীয় মাছ আৰু বিভিন্ন শাক পাচলিৰে পৰিৱেশিত এক প্ৰকাৰৰ পোলাও, খাবলৈ যথেষ্ট সুস্বাদু৷ ৰেষ্টুৰেণ্টত তেতিয়া গীতাৰৰ সুৰে সুৰে গায়ক এজনৰ সুললিত গীতত পৰিৱেশটো বৰ মায়াময় হৈ উঠিছিল৷ পেট পূজা কৰি উঠি লক্ষ্যবিহীনভাৱে ইফালে সিফালে আধাঘণ্টামান টহল দি হোটেললৈ বুলি খোজ ল’লো৷ দিনটোৰ খোজ কাঢ়ি ঘূৰি ফুৰাৰ ক্লান্তিত লাহেকৈ চকু জাপ খাই আহিছিল৷ সেয়ে হোটেল পাই মুখ হাত ধুই বিছনাখনক আঁকোৱালি ল’লো৷

পিছদিনা ৰাতিপুৱা সোনকালেই সাৰ পালো৷ দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয়টো তথা অন্তিমটো দিনৰ আৰম্ভণি হোটেলৰ ব্ৰেকফাষ্টেৰে কৰিলোঁ৷ সেইদিনা মোৰ প্ৰধান লক্ষ্য আছিল বিশ্বখ‍্যাত ফুটবল ক্লাৱ “এফ.চি বাৰ্চিলোনা”ৰ ষ্টেডিয়াম “নু কেম্প” আৰু গাওদিৰ অন‍্যান‍্য কীৰ্তিচিহ্ন সমূহ৷ হোটেলৰ পৰা ওলাই প্ৰথমেই বাছ ধৰিলো “নু কেম্প” ষ্টেডিয়ামলৈ৷ বাৰ্চিলোনা ফুটবল ক্লাৱৰ খেল চাই মই যথেষ্ট ভাল পাওঁ৷ তদুপৰি এই ক্লাৱটোতে বিশ্ব ফুটবলৰ সৰ্বকালৰ এজন অন্যতম শ্ৰেষ্ঠ খেলুৱৈ লিঅ’নেল মেছিয়ে যোৱা প্ৰায় ডেৰ দশক ধৰি খেলি আহিছে৷ যাৰ দুভৰিৰ যাদুত যেন সময়ো থমকি ৰয়৷ প্ৰায় তিনি ঘণ্টামান সময় ষ্টেডিয়ামৰ সংগ্ৰাহলয় আৰু খেলপথাৰৰ কাষে কাষে ঘূৰি চলাথ কৰিলোঁ৷ শিহঁৰিত হৈছিলো পেভিলিয়নৰ চকীত নিজেই বহিবলৈ পাই৷ চেগতে কেইবাখনো ফটো তুলিলোঁ৷ অৱশেষত ষ্টেডিয়ামৰ পৰা ওলাই আহি বাহিৰতে থকা দোকান এখনত কফি একাপৰ সোৱাদ লৈ পৰৱৰ্তী উল্লেখযোগ্য ঠাইবোৰ চাবলৈ ওলালো৷ এক প্ৰকাৰ ক’বলৈ গ’লে গোটেই বাৰ্চিলোনা চহৰখন এণ্টনিঅ’ গাওদিৰ অমৰ সৃষ্টিৰাজিৰে বিয়পি আছে৷ অন্যতম কেইটামান উল্লেখনীয় সৃষ্টি যেনে “কাজা মিলা”, “কাজা বাস্তিলো” ইত্যাদি ঘূৰি আবেলি প্ৰায় তিনিটা মান বজাত “লা ৰাম্বলা” নামৰ বিখ্যাত পদপথটি পালোহি৷ এই পদপথটি ইয়াৰ দুয়োকাষে থকা ঐতিহাসিক অট্টালিকাবোৰৰ লগতে সমান্তৰালকৈ থকা দীঘলীয়া প্লাম গছৰ শাৰীৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হৈ পৰিছে৷ প্ৰায় বাৰশ মিটাৰ দৈৰ্ঘ্যৰ এই পথটিয়ে “ক্ৰিচটোফাৰ মন‍্যুমেণ্টৰ” লগত বাৰ্চিলোনাৰ বিখ্যাত চিটি চেণ্টাৰ হিচাপে পৰিচিত “প্লাচা দে কেটেলনীয়া”ক সংযোগ কৰিছে৷ বাৰ্চিলোনাৰ স্মৃতিস্বৰূপে সৰু সুৰা কিবা কিবি বস্তু কেইটামান কিনি হোটেললৈ উভতিলো৷ পিছদিনা ৰাতিপুৱা সাতটা বজাত মিলানলৈ ওভতনি ফ্লাইট, গতিকে সোনকালে উঠিব লাগিব৷ সেইবাবে সেইদিনা ৰাতিৰ আহাৰ হোটেলৰ ৰূমতে কৰি সোনকালে শোৱাটো ঠিক কৰিলোঁ৷ যদিও এয়াৰপৰ্টটো মই থকা হোটেলখনৰ পৰা বৰ বেছি দূৰ নহয়, তথাপি চাৰে চাৰিটা বজাত এলাৰ্ম দি শুই গ’লো৷ এলাৰ্ম মতে সাৰ পাই গৰম পানীৰে স্নান কৰি সাজু হ’লোঁ৷ ৰাতিপুৱাবলৈ তেতিয়াও দুঘণ্টামান বাকী৷ হোটেলৰ কৰ্মচাৰী সকলক তেওঁলোকৰ সুন্দৰ অতিথি পৰায়ণ ব‍্যৱহাৰৰ বাবে অশেষ কৃতজ্ঞতা যাঁচি বাছ আস্থানলৈ ওলালোঁ৷ প্ৰায় আধা ঘণ্টামানৰ অন্তত: ছটা বজাত এয়াৰপৰ্ট পালোহি৷ নিৰ্ধাৰিত সময়মতে সাতটা বজাত ফ্লাইটখনে, মোৰ বৰ্তমানৰ বাসস্থান ইটালিৰ মিলান চহৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে৷ খিৰিকীৰে বাহিৰলৈ চালো, তেতিয়া ভূমধ‍্য সাগৰৰ বুকুত প্ৰভাতী সূৰুযৰ সেন্দূৰীয়া পৰশ পৰিস্ফূত হৈ পৰিছে৷ এই দুদিনীয়া বাৰ্চিলোনা ভ্ৰমণৰ সুন্দৰ স্মৃতিবিলাক মনত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ল৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

সুন্দৰ … ভাগ দিয়াৰ বাবে অশেষ ধন্যবাদ .. !!