স্পৰ্শ আৰু সতীত্বৰ গল্প – অপূৰ্ব কুমাৰ শইকীয়া

ইলিয়ঞ্জা!

প্ৰথমে মই নামটোৰ, তাৰ পাছত তাইৰ কোমল সৰলতাখিনিৰ, ছাল আৰি চুলিৰ চিকমিকনিৰ আৰু সৰ্বশেষত প্ৰকৃত ছোৱালীজনীৰ প্ৰেমত পৰিলোঁ। আমাৰ ওঠৰ বছৰ পাৰ হৈছে মাত্ৰ, পৃথিৱীৰ প্ৰতিটো নিউট্ৰন, পজিট্ৰন কণাৰ পৰা পৰ্বত, হিমশিলালৈ ভাল লগাৰ বয়স। তাই মোৰ সহপাঠী। চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী হলৰ শ ব্যৱচ্ছেদন কক্ষত তাইক ওচৰৰ পৰা লগ পাইছোঁ, এটা কেডেভাৰ বা শ-দেহ কাটি-কুটি চাবলৈ আঠজনীয়া গ্ৰুপ একোটা যে বনোৱা হৈছে সেইদলৰে তাই মোৰ বডী পাৰ্টনাৰ। ব্যৱচ্ছেদন কক্ষৰ বেৰত ডাঙৰ হৰফেৰে লিখা আছে কনফুচিয়াছৰ বাণী: মই শুনো আৰু পাহৰি যাওঁ, মই চাওঁ আৰু মনত ৰাখোঁ, মই কৰোঁ আৰু বুজি পাওঁ।

নৰকাচলৰ পাহাৰ বগাই কলেজলৈ যাওঁ, মেডিকেল কলেজৰ বাছত নুঠো। শিক্ষাৰ্থীৰ বাবে ইমান বিলাস ঠিক নহয়। খোজ কাঢ়ি ঘামি-জামি ৰাস্তাত বনৰীয়া ফুল দুই-এপাহ ছিঙি ওপৰলৈ উঠাত মাদকতা আছে। এই আনন্দ কেৱল অপেছাদাৰী পৰ্বতাৰোহীয়ে বুজে আৰু লয়। ইলিয়ঞ্জাহঁতৰ ছাত্ৰী নিবাসৰ পৰাও কেইজনীমান ছোৱালী পদব্ৰজে ওপৰলৈ উঠে, সিহঁতৰ ৰাস্তা বেলেগ যদিও এঠাইত আমাৰ ৰাস্তাৰে সিহঁতৰ ৰাস্তা কটা-কটি হয়। অলপ দূৰ আমি একেলগে পাহাৰ বগাওঁ।

“বাছত কিয় নাহা?” –মই তাইক সোধোঁ, মই হয়তো তাইৰ পৰা ঘুঁকটি উলিয়াবৰ চেষ্টা কৰোঁ, তাই মোক লগ পাবলৈকে খোজকাঢ়ি নাহেতো!

“আমি পাহাৰৰ মাৰ জনগোষ্ঠীৰ ছোৱালী, বাছত উঠাৰ অভ্যাসটো কম।”- ইলিয়ঞ্জা অলপ সময় টলকা মাৰি ৰ’ল, তাৰপাছত মই একো নোসোধাকৈয়ে ক’লে, “মোৰ দেউতা মাৰ ভিলেজ কাউন্সিলৰ হে’ডমেন, লাল, তথাপি খোজ কঢ়াতে আমাৰ ৰাপ।”- তাই ইংৰাজীতে কয়। মই কথিত ইংৰাজীত বেয়া, ব্যাকৰণত তীখৰ। ব্যাকৰণে মোৰ কথিত ইংৰাজী দীঘলীয়া কৰি নি থাকে।

“লাল? চ’ সংস্কৃতাইজড্ এণ্ড মেনলী! লালচ আৰ অলৱেজ এ লিডাৰ্ছ ট্ৰাইচ!”

তাই হাঁহিলে, পাহাৰতহে ডাঙৰ মানুহ, ভৈয়ামত আমি খোপনি নাপাওঁ!” তাইৰ মাতত এক বিষাদৰ সুৰ শুনিলোঁ। পাহাৰীয়া বাবেই তাই কিবা বৈষম্যৰ বলি হৈছে নেকি বাৰু তাই? হ’বও পাৰে, দুই এজন অবোধৰ মাজত থাকিবও পাৰে সেই উচ্চাত্মিকা, কিন্তু সেয়া সাধাৰণীকৰণ কৰা নাযায়। মই পুনৰ ইলিয়ঞ্জাৰ প্ৰেমত পৰিলোঁ। কথাটো এনে হৈ পৰিল যেন পৌণপুণিকভাৱে তাইৰ প্ৰেমত পৰা আৰু বগুৱা বাই উঠাই হ’ল মোৰ কাম। এয়া মোৰ চিকিৎসাবিদ্যা অধ্যয়নৰ অনুপান।

এদিন মোৰ হাতত গুল্ম-ফুল এপাহ দেখি ইলিয়ঞ্জাই ক’লে, “ফুল কিয় চিঙা? নিছিঙিলে নহয়নে?”

হয়, নিছিঙিলেও হয়, হয়তো অজানিতে গঢ় লৈ উঠা এয়া মোৰ বদঅভ্যাস আছিল। এৰিলোঁ, ফুল ছিঙিবলৈ এৰিলোঁ। তাতে তাইৰ অনুৰোধটোত মই এটা প্ৰতিকী অৰ্থ বিচাৰি পালোঁ।

উপান্তজনৰ জীৱন। ইলিয়ঞ্জা সামাজিকভাৱে, মই অৰ্থনৈতিকভাৱে। ভঁৰালৰ মাগুৰি ধান কেইমোনমান বেচি মোলৈ টকা পঠোৱা হয়। কষ্টেৰে চলোঁ। মানি অৰ্ডাৰখন আহিলে মই লাজে লাজে ডাকোৱালজনক কাষৰীয়াকৈ মাতি টকাকেইটা লওঁ। পৰিমাণত সামান্য, সহপাঠীজাকৰ ওচৰত লাজ লাগে। এদিন ডাকোৱালজনক দেখি; ‘নিপূৰ্বৰ টকা আহিছে’ বুলি লগৰ গোটেইজাক আহি মোক ঘেৰি ধৰিলেহি, “আমাক চাহ খুৱাব লাগিব কিন্তু!” — পিছে টকাৰ পৰিমাণটো দেখি এজন-দুজনকৈ সকলো আঁতৰ হ’ল। কেৱল ইলিয়ঞ্জা সকৌতুকেৰে ৰৈ আছিল মোৰ ওচৰত।

“মোক চাহ খুৱাবা?”

ব্যৱচ্ছেদন কক্ষত মৃতদেহবোৰ উলংগ হৈ ওপৰমূৱাকৈ পৰি থাকে। ‘এনবামিং’ কৰা দেহ। ফৰ্মেলিনজাতীয় কেমিকেল ডিঙিৰ তেজৰ নলীৰে, পেটৰ ফুটাৰে ভিতৰলৈ ভৰাই নেগেলাকৈ ৰখা দেহ। হলঘৰটোৰ বতাহত নাকত ধৰা এটা মিশ্ৰ গোন্ধ ডাৱৰৰ দৰে ওলমি থাকে, কিতাপ মেলি দেহৰ মাংসপেশী, সিৰা-উপসিৰা আৰু স্নায়ু চাওঁতে মৃতদেহৰ চৰ্বীবোৰ ‘কানিংহাম এনাটমী’ বোলা কিতাপখনতো পৰে। মিঠাতেল পৰা কাগজৰ ৰূপ লয় কিতাপখনৰ পৃষ্ঠাবোৰ। ঘিণ, ভয় আৰু সুকুমাৰ অনুভূতিয়ে ফৰ্মেলিন দিয়া মাংসপেশীৰ দৰে গোট মাৰে!

“ইলিয়ঞ্জা, তুমি মোৰ বডী পাৰ্টনাৰ বুলি পাহৰিলা নেকি? ক’ত ঘুৰি ফুৰিছাগৈ?”— মই তাইক মৃদুভাৱে ধমকি দিওঁ। দৰাচলতে কথাটো বেলেগ, সেইদিনা আমাৰ বডীপাৰ্ট অধ্যয়নৰ অংশ আছিল পুৰুষৰ প্ৰস্ৰাৱ আৰু জনন তন্ত্ৰ। সলাজ হাঁহি এটাৰে তাই মোক জনাই দিলে যে এই বিষয়ৰ অধ্যয়ন অন্ততঃ মোৰ লগত তাইৰ সম্ভৱ নহয়। অলপ সময়ৰ পাছত তাইক বেলেগ এটা গ্ৰুপৰ ছাত্ৰীকেইজনীৰ লগত পুৰুষৰ মৃতদেহ এটি অধ্যয়ন কৰি থকা দেখা গ’ল।

ইলিয়ঞ্জাই অসমীয়া ভাষাটো নিচেই কমকৈ জানে বাবে ময়েই উপযাচি তাইক অসমীয়া শিকোৱাৰ দ্বায়িত্বটো ল’লোঁ। তীখৰ মগজুৰ ছোৱালী, মোৰ বেছি কষ্ট নহ’ল, ব্যৱহাৰিক ভাষাটো তৎক্ষনিকভাৱেই তাই শিকিলে, পাছে ব্যাকৰণ ক’ৰবালৈ পলাল। বিশেষ্য, বিশেষণ আৰু ক্ৰিয়াপদেৰে এক বিশৃংখলাৰ সৃষ্টি কৰি তাই মোৰ ৰং চালে। নিজৰ ভাষজ্ঞান জাহিৰ কৰিবলৈকে তাই এদিন মোক পূৱাই অতি উৎসাহেৰে ক’লে, “আজি ইলিয়ঞ্জা নিপূৰ্বৰ লগত উজান বজাৰলৈ ফুৰিবলৈ যাব!”

“ৱাও, কেনে মজা ইলিয়ঞ্জা,” আনন্দৰ উচ্ছাসত মই প্ৰায় চিৎকাৰ কৰি উঠিলোঁ, “ইউ আৰ উইডাউট প্ৰনাউনছ্ এণ্ড ইট চাউণ্ডচ্ চ’ এপিলিং টু বি ফুল অব নাউনছ্!”

“ঠিকেই কৈছোঁতো, “ইলিয়ঞ্জাই সুধিলে, “প্ৰনাউনছ্ গিভ ইউ ইগ’জ…”

তাই হয়তো বুজাব খুজিছিল, শিশুৱে বিনা সৰ্বনামেৰে কথা ক’বলৈ শিকে, সেয়ে হয়তো শিশু স্বৰ্গীয়, সৰ্বনামে মানুহক সংকীৰ্ণ কৰে। তাইৰ হাঁহি উঠাবলৈকে ময়ো টপৰাই মাত লগালোঁ, “লগতে আজি নিপূৰ্বই ইলিয়ঞ্জাক হোটেলত পেটভৰাই এসাঁজ খুৱাবও!”

“কেনে মজা!” মই পুনৰ তাইক সুধিলোঁ।

তাই চকু দুটা পিৰিকিয়াই হাঁহিলে! বছেৰেকীয়া কলেজ সপ্তাহত ইলিয়ঞ্জাই চাউন নাম নাচ নাচিলে। লগত গুৱাহাটীতে থকা, বেলেগ শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ এটা দল।

মোৰ হাতত থেইলিয়া নামৰ বাঁহীটো গুঁজি দি ইলিয়ঞ্জাই ক’লে, “বজোৱা!”

“এহ একো এডালো নাজানো মই..”

“এনেয়ে কিবাকিবি বজাই থাকা, বাকী ল’ৰাকেইটাই সুৰটো মিলাই দিব…!”- তাই মোক উৎসাহেৰে ক’লে।

বেঙা আছিলোঁ, প্ৰেম প্ৰকাশত মোতকৈও হয়তো ঢোঁৰাকাউৰী এটা শ্ৰেষ্ঠ। কথাবোৰ ডিঙিলৈকে উঠি আহে, জিভা জঠৰ হয়, কাণৰ লতি ৰঙা হয়, চকুকেইটা বিষ্ফোৰিত হ’ব খোজে। ইলিয়ঞ্জাই মুখ টিপি হাঁহে।

এদিন ইলিয়ঞ্জাৰ ঘৰৰ পৰা পাৰ্চেল এটা আহিল। অভদ্ৰজনোচিত যদিও উৎসাহৰ আতিশয্যত ময়ে পাৰ্চেলটোখুলি তাইলৈ ঘৰৰ পৰানো কি পঠিয়াইছে চাব খুজিলোঁ। দেখিলেই ভাল লগা এটুকুৰা টাৱেলৰ দৰে ৰংচঙীয়া কাপোৰ, মৰমতে মই কাপোৰ টুকুৰা খামুচি ধৰিলোঁ।

“এ…, কি কৰিছা এইবোৰ, সৰ্বনাশ!”

“কিনো কৰিলোঁ?”— বেঙা এটাৰ দৰে মই তাইলৈ চালোঁ। “এইখন কাপোৰ নটং পুৱন, মতা মানুহে চুব নাপায়। আমি বুকুত পিন্ধোঁ! ইট ইজ এ ব্ৰেষ্টক্লথ ৱৰ্ণ বাই এ ভাৰ্জিন গাৰ্ল অনলি!”

“আৰ ইউ ৱান?”— হঠাতে মোৰ মুখৰ পৰা কথাটো পিছলি হামকুৰি খাই তাইৰ সন্মুখত পৰিল। কথাটো সোধাৰ পাছতহে মোৰ বোধ হ’ল— ইমান ব্যক্তিগত কথা এটা তাইক এনেকৈ সোধাটো কিমান যে অনুচিত কাম হ’ল।

ইতিমধ্যে মনেৰে বহু দূৰ আগুৱাই গৈছোঁ, দূৰত্বৰ হিচাপৰহে কোনো আনুষ্ঠানিক ঘোষণা নাই। ইলিয়ঞ্জা ঘৰৰ নুমলীয়া। তাইৰ বিয়াত দৰাৰ খৰচ বেছি, কইনাৰ মূল্য বা ‘নুজুম’ বহুত বেছি। দুখীয়া ল’ৰাই তাইৰ ফালে মু নকৰাই ভাল। প্ৰেমবিবাহক উৎসাহিত কৰা হয় সিহঁতৰ সমাজত, একগামিতাকো। তেন্তে দেৰি কৰা যায় কিয়?

আমাৰ বডীত সেইদিনা কেৱল আমি দুজন। আমাৰ ‘হাতৰ এনাটমী’ শিকাৰ দিন। স্কেলপেলডাল লৈ অভিজ্ঞ হাতেৰে ইলিয়ঞ্জাই কেভেডাৰৰ হাতটোৰ টেণ্ডনবোৰ কাটি ফাঁহ ফাঁহকৈ উলিয়ালে, লগতে সিৰা-উপসিৰা আৰু স্নায়ুবোৰো। মোৰ এইবিলাকত মন নাই, প্ৰকাশৰ ভাষা বিচাৰি অন্তৰ্জগত, বহিৰ্জগত চলাথ কৰিছোঁ। আমাৰ বডীটো হলৰ চুকৰ ফালে, বিছনাৰ উচ্চতাত কিবা ঘটিলেও কাৰো চকুত নপৰে। হঠাতে পূৰ্ণ আবেগেৰে, অৰ্ধনিমীলিত চকুৰে আৰু তাৎকালিকভাৱে মই ইলিয়ঞ্জাৰ কোমল হাতখন ধৰি থাকিলোঁ। হাতত পিন্ধা গ্ল’ভচৰ মাজেদিও যেন মই গম পালো— ইলিয়ঞ্জাৰ দেহৰ সিৰা-উপসিৰাবোৰৰ মাজেদি গৰম তেজৰ সুঁতি এটা বৈ গ’ল।

স্থবিৰ সময়, অধিবাস্তৱ, মায়াময় আৰু অসচ্ছ। তাই উচাৎ মাৰি নুঠিল। এটি সলাজ হাঁহিৰে তাই তাইৰ হাতখন কিছু সময় মোক ধৰি থাকিবলৈ দিলে আৰু এটা সময়ত মোৰ মুঠিৰ কবলৰ পৰা আলফুলে মুক্ত কৰি আঁতৰাই লৈ গ’ল। বহু কথা ক’ব খুজিও যেন তাই একো নোকোৱাকৈ এখোজ-দুখোজকৈ মোৰ পৰা আঁতৰি গ’ল।

….আৰু তাৰ পাছত সেই ইলিয়ঞ্জাজনী চিন-মোকাম নোহোৱাকৈ ক’ৰবাত হেৰাই থাকিল। কিছুদিনলৈ বহু চেষ্টা কৰিও মই তাইৰ সম্ভেদ উলিয়াব নোৱাৰি এটা সময়ত মই তাইক বিচাৰিবলৈ বাদ দিলোঁ। ছোৱালী এজনীও ইমান সহজে আৰু পৰিকল্পিতভাৱে নোহোৱা হৈ যাব পাৰে?

আজি ত্ৰিশ বছৰৰ পাছত ইলিয়ঞ্জাক লগ পাইছোঁ। হাফলঙৰ সদৌ উত্তৰ-পূৱ ভাৰত চিকিৎসক সন্মিলনলৈ তাই ইম্ফলৰ পৰা প্ৰতিনিধি হৈ আহিছে। ময়ো গৈছো গুৱাহাটীৰ পৰা। এটি সুন্দৰ, সৰল দেহৰ ধ্বংসাৱশেষ (সময় বেমাৰ নে মন?), মুখখন এতিয়াও মনৰ পৰ্যটনৰ স্থান হ’ব পৰাকৈ একক আৰু প্ৰোজ্জ্বল। মোক দেখি তাই আবেগত চঞ্চল হৈ পৰিল, —“বাহ, নিপূৰ্ব এতিয়াও তুমি সুন্দৰ হৈ আছা। ব্লেছিংছ অব বিইং এ মেন! তোমালোকৰ দেহবোৰ এতিয়া নাৰী হৰম’নে বেছিকৈ হে সুন্দৰ কৰিবলৈ লৈছে। উই ক্ৰছড্ আৱাৰ প্ৰাইম, লং বেক!”

“বাৰু বাদ দিয়া এিবোৰ কথা…তোমাৰ ওচৰত বহু অপৰাধবোধেৰে জীয়াই আছো মই, তুমি মোৰ দোষৰ বাবে এতিয়ালৈ ক্ষমা কৰিলানে? মই সঁচাকৈয়ে দুঃখিত— মই সেইদিনা ব্যৱচ্ছেদন কক্ষত তেনে আচৰণ কৰিব নালাগিছিল।”

“কি যে কোৱা…” ইলিয়ঞ্জা হাঁহিত ফাটি পৰিব খুজিলে, “সেই মধুৰ আৰু অনন্য অনুভৱৰ ৰোমন্থনেৰেইতো মই জীয়াই আছোঁ। তোমাক মইহে ধন্যবাদ জনাব লাগে।”

“তেন্তে কিয় তুমি…?”

“অ, সেই কথা? মাৰ কেন্সাৰ হৈছিল, মই ওচৰত থকাটো বিচাৰিছিল, ইম্ফলৰ ৰিজ’নেল মেডিকেল কলেজতো মই ইণ্টাৰভিউ দি থৈছিলোঁ, তুমি মোৰ হাতখনত আকূলভাৱে ধৰাৰ দিনাই মই ইম্ফলত মেডিকেলৰ ছিট পোৱা কথাটো গম পাইছিলোঁ। তাতে মই এজন মোৰ দীক্ষিত প্ৰেমিককো এৰি গৈছিলোঁ। হাফলঙৰ প্ৰশাসনিক বিষয়া আছিল তেওঁ। তুমি যে মোক এটা মোক্ষম প্ৰশ্ন কৰিছিলা, তেতিয়া তোমাক তাৰ উত্তৰ দিয়া নহ’ল, এতিয়াই দিওঁ বাৰু, হয়, মই কুমাৰী নাছিলোঁ তেতিয়া, তথাপি মই তোমাৰ প্ৰেমত পৰিছিলোঁ— এটি বাইনাৰী হাৰ্ট, এটি বিভংগ কলিজাৰ শোকগাঁথা! এটা সময়ত মোৰ বোধ হ’ল ইয়াত থাকিলে তোমাক এৰি জীয়াই থকাটো মোৰ বাবে আৰু সম্ভৱ নহ’বগৈ। তোমাক বেয়া পাবলৈ মই কেৱল এটি সুযোগৰ অপেক্ষাত আছিলোঁ। তোমাৰ পৰা আঁতৰি অহাৰ শক্তিকণ গোটাবলৈ মোক এটি অজুহাতৰ প্ৰয়োজন হৈছিল।…তোমাৰ গাত একো দোষ নাই! তোমাক আজীৱন এক অপৰাধবোধত ভোগোৱাটো মোৰ উদ্দেশ্য নাছিল। আচলতে ইমান দিনে তুমি মোৰ লগত আছিলাই…!”

মোৰ দেখোন চকুদুটা সেমেকিছে, চকুকেইটাক সভ্যতাই কৈছে নাকান্দিবা। চিকিৎসা বিজ্ঞানত আৱেগৰ কোনো স্থান নাই!

“তোমাৰ এটা অনুৰোধ কৰোঁ, ৰাখিবা?”— ইলিয়ঞ্জাই ক’লে, “এইখন চেমিনাৰ শেষ নোহোৱালৈ আন্ধাৰৰ মাজতে মোৰ হাতখন খামুচি ধৰি থাকিবা? প্লিজ…! মোৰ পাছৰচোৱা জীৱনৰ বাবে ৰৈ যোৱাকৈ তোমাৰ এই স্পৰ্শ লাগে মোক,… দিবা?”

***

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ritunjoyraag
1 year ago

ধুনু

ritunjoyraag
1 year ago

Val lagil