স্পৰ্শ – গীতা দত্ত

এটা শব্দত যেন আবদ্ধ হাজাৰটা অনুভূতি । যিমান পাছলৈ উভতি চোৱা যায় , এটা স্পৰ্শ মনত পৰে তাইৰ । এখন সোতোৰা পৰা ছাল ,আইতাকৰ । সোতোৰ-মোতোৰ হলেও উমাল আছিল । আৰু সেইখন বুকুত মুখ গুজি টোপনি যোৱাৰ মাদকতা আজিও নাই । কোনো সংকোচ নোহোৱাকৈ কুঁচি-মুচি সোমাই থকা মনত পৰে তাইৰ । বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰে তেনে কোনো স্পৰ্শ মাকৰ । নপৰে দেখোন মনত । ইমান মৰমলগা মুখখন মাকৰ । কিয় জানো মনত নপৰে মাকে এবাৰ সাৱটি ধৰা ? কিমান যে প্ৰয়োজন আছিল ,হয়তো এবাৰ সাৱটি ধৰাহেঁতেন , এবাৰ কপালত হাত বুলাই দিয়াহেঁতেন তাই পাহৰিব পাৰিলেহেঁতেন কত আঘাত । নাই , মনত নপৰেচোন !! হয়তো ,মাককহে প্ৰয়োজন হৈছিল এক স্পৰ্শৰ । হয়তো ,মাককহে প্ৰয়োজন হৈছিল তাইৰ বুকুৰ উম !!
আৰু ,সেই আইতা .. শেষবাৰৰ বাবে হয়তো তাইক চাবলৈ হেঁপাহ কৰিছিলে বহুত । আৰু তেতিয়া তাইৰ বুকুত অন্য এখন মুখৰ বিচৰণ ।
অন্য এক স্পৰ্শ । হয়তো সেই প্ৰথম ভালপোৱা । এখন হাতত তিনিটা  আঙুৰ দি ইখন হাতেৰে মুঠি বন্ধ কৰি থেংকিউ বুলি কোৱা সেই দুই ছেকেণ্ড সময় । আগন্তুক দিনৰ , বলিয়া নিশাৰ অভিসাৰেও জিনিব নোৱাৰা সেই দুই চেকেণ্ডৰ অনুভূতি .. a magical touch !!
আৰু কিছু গল্প । তাইৰ অদ্ভুত মগজুত ব্লুপ্ৰিন্ট এৰি যোৱা সেই গল্পবোৰ । কোনো স্পৰ্শ নকৰাকৈ কৰা সেই গভীৰ স্পৰ্শবোৰ .. ঠিক সি ছিঙি অনা শেৱালিৰ থোপাৰ দৰেই । সেই অস্পৰ্শবোৰ আজিও জীৱন্ত তাইৰ মনৰ কেনভাচত । তাই মোহাৰি দিবলৈ কোনো দিনেই চেষ্টা নকৰিলে । কৰিবনো কিয় ?

এখন ৰূপালী পৰ্দা যেন জীৱন । One character comes ,the other leaves the stage. Touches, which were toxic . বিছাৰ   দৰে ডকা কিছু  স্পৰ্শ !! আৰু   সেই ঘিণলগা স্পৰ্শক মৰমৰ প্ৰলেপ দিয়া আন  কিছু অপ্ৰাসংগিক গল্প ।
” Oh! A kiss is still a kiss in Casablanca
But a kiss is not a kiss without your sigh..”
কেতিয়াবা , সঁচাই হাঁহিবলৈ মন গৈছে নে চিঞঁৰি কান্দিবলৈ মন গৈছে ,তাই বুজি নাপায় । সেই গোলঞ্চ ফুলজোপা আজিও ফুলি আছে .. ফুলবোৰ ৰাস্তাত সিঁচৰিত । আৰু ,সেই শব্দকেইটা “মই থাকিম সদায় তোমাৰ লগত ” আৰু ,সেই স্পৰ্শ.. বকুল ফুলিছিল ,আৰু অকালতে সৰিছিল । বকুলৰ সেই সুবাস আজিও কঢ়িয়াই ফুৰিছে কোনোবা এটা কোণত ।
এটা স্পৰ্শৰ বাবেনো ইমান হাহাকাৰ নে ? তাই প্ৰশ্ন কৰে নিজক । কিয় ,কিয় !! সেই সৰু ছোৱালীজনী হৈ যাব মন যায় তাইৰ । কিমান নিৰাপদ আছিল তাই ! ৰাতি সপোনত ভূত দেখিলেও ভয় নাই ।স্পৰ্শ বুলিলে হাজাৰ হাজাৰ স্পৰ্শ । অভাৱ নাই ।
সেই স্পৰ্শ নকৰা স্পৰ্শৰ অভাৱ । হাতৰ মুঠিত আঙুৰ গুজি দিয়া স্পৰ্শ ক’ত ?আৰু ৰাতি কুঁচি মুচি এখন ভৰি কাৰোবাৰ গাত উঠাই শোৱাৰ সেই  অনুভৱ .. সেই নিৰাপত্তা ক’ত ?  এই ৰাতি বেয়া সপোন এটাই ভয় খোৱালেও  .. কি যে  অদ্ভুত  কথাবোৰ ভাবি থাকে অ !! ঘড়ীৰ কাঁটাদাল নিৰন্তৰ পেৰেড কৰি যায় । ৰাতি গভীৰৰ পৰা গভীৰতালৈ । আৰু তাই বিচাৰি ফুৰে এক স্পৰ্শ । তাই তাইৰ কাষলৈ টানি আনে অকণমানিজনীক । তাইক সাৱটি ধৰে । আৰু ,হঠাৎ ,তাইৰ মনত পৰে তাইৰ এখন আলফুল মুখ .. তাইৰ মাকৰ সেই আজলী মুখ ..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক