স্বগতোক্তি- দেৱজ্যোতি শইকীয়া

কিমান দূৰত
ক’ত থৈ আহিলোঁ
শুই থাকিব জনা ৰাতিবোৰ

ক’ত থৈ আহিলোঁ
জোনাকী পৰুৱাবোৰ
(যি বোৰ তৰা আছিল পথাৰৰ)
আন্ধাৰতো য’ত
কলিজাৰ বিশ্বাস আছিল
সেই মানুহবোৰ ক’ত?

চকুত যেতিয়া কেৱল সপোন থাকে
সেই চকুবোৰ ক’ত

সকলো হেৰোৱাৰ পাছতো
আমি যি হেৰুওৱা নাছিলোঁ
সেই হেৰাব পৰা সময়বোৰ ক’ত

জঁপিয়াই উঠা বাহু,
মাজ ৰাতিৰ কলিজা গচকা গান,
পথাৰৰ পিয়াহ ভঙা
বৰষুণজাক
আৰু শূন্যতো হাত মেলি পূৰ্ণ হোৱা
শত সহস্ৰ হাতবোৰ

বতাহতে সেউজীয়া হোৱা উশাহবোৰ ক’ত?

আমি ভ্ৰমণ কৰোঁ পাহাৰ,
নদীৰ পাৰ,
চাবলৈ যাওঁ সাগৰ
অনেক সেউজীয়া বিচাৰি
এদিনৰ বাবে বেদুইন হওঁ

অথচ আমাৰ বুকুতো এখন নদী আছে,
নদী গৈ পোৱা সাগৰখন আছে হাজাৰখন বুকুত,
পাহাৰৰ দৰে ওখ মন এটাৰ সৈতে
অনেক সেউজীয়া আমাৰ আঙুলিতে আছে৷

সেউজীয়া আমাকো দিয়ক,
বুটলিবলৈ আহিব অনেক হাত
আৰু বিনিময় কৰিব
হাতত থৈ হাত
সেউজীয়া সেউজীয়া

সকলো হেৰুওৱাৰ পাছতো সপোন এটা সকলোৰে আছে
হেৰোৱাবোৰো সেয়ে আমাতে আছে

বি: দ্ৰ: কেতেকী গোন্ধোৱা ৰাতি কথাবোৰৰ কথা ভাবিব বা বিচাৰিব
আমি সকলোৱে জানো
অভ্যাস যে৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 months ago

Looking forward to reading more. Great blog article. Thanks Again. Fantastic. Kendre Weylin Leffen

3 months ago

Fastidious answers in return of this difficulty with solid arguments and explaining the whole thing regarding that. Bamby Feliks Johnstone

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক