স্বগতোক্তি – মলিন মজুমদাৰ

আজি যি কথা ক’বলৈ ওলাইছোঁ, তাক মোৰ স্বগতোক্তি বুলি ধৰি ল’ব পাৰে৷ এই যে কেতিয়াবা ক’ৰবাৰ পৰা আপুনি অকলে ঘৰলৈ আহি থাকোঁতে ৰাতি হয় আৰু সেই এন্ধাৰ ৰাতি জয়াল ছন পৰা বাৰীখন অকলে পাৰ হ’বলৈ লৈ ভয়তে গাৰ কঁপনি উঠে, আৰু সেই ভয় গুচাবলৈ আপুনি প্ৰায় নিজৰ অজানিতেই ডাঙৰ ডাঙৰকৈ, কিন্তু অস্পষ্টকৈ গান জুৰে, মোৰ এই লেখাও প্ৰায় তেনেকুৱাই৷ আপোনাৰ সেই গান যেনেকৈ কোনোবাই শুনিলেও কি গাইছে স্পষ্টকৈ বুজি নাপায় বা সেই গান গোৱাটো যেনেকৈ কাকো শুনোৱাৰ উদ্দেশ্য নহয়, বৰঞ্চ আপোনাৰ এন্ধাৰলৈ থকা ভয় গুচোৱাহে আচল উদ্দেশ্য, মোৰ এই লেখাও আচলতে তেনেকুৱাই৷ পাৰ্থক্য মাথো এটাই যে আপুনি গান গায় আৰু মই লিখিছোঁ‌৷ অৰ্থাৎ, আপুনি নিজৰ বাবেই তেনেকুৱা সময়ত গান গায় আৰু মই নিজৰ বাবেই, মোৰ ভয় গুচাবৰ বাবেই লিখিছোঁ৷ কথাটো বুজাত নিশ্চয় অসুবিধা হৈছে৷ ৰ’ব তেন্তে পৰিষ্কাৰ কৰিয়েই কওঁ৷

মই আচলতে এজন মস্ত ভয়াতুৰ মানুহ৷ জন্মাবধি এখুজি দুখুজিকৈ যিমানেই জীৱনটোত প্ৰবেশ কৰি আহিছোঁ, সিমানেই মৃত্যুৰ সমীপলৈ গতি কৰিছো৷ এই উপলব্ধিও মানুহৰ ভয়ৰ কাৰণ৷ তদুপৰি আছে বিভিন্ন ৰূপত লোকভয় আৰু ৰাজভয়৷ লোকে কয় যে ৰাতিপুৱা শুই উঠিয়েই যদি আমি ভাবো যে আজিয়েই মোৰ মৃত্যু হ’ব পৰে, তেন্তে আমাৰ অন্তৰৰ অসৎ প্ৰবৃত্তি হেনো কিছু সংযত হয়৷ পিছে এইবোৰ হ’ল তত্ত্বকথা আৰু মোৰ নিচিনা মুঢ়মতিয়ে তত্ত্বকথা কোৱা নিষেধ৷ আচলতে যিকোনো তত্ত্বকথালৈকে মোৰ বৰ ভয়, বুজিও নাপাও৷ কাজেই ভয়ৰ বিষয়ে তত্ত্বকথাৰ মাজলৈ টানি আপোনালোকক বিৰক্তি দিব বিচৰা নাই মই, বিশ্বাস কৰক৷ অধিক পৰিষ্কাৰকৈ ক’বলৈ হ’লে ভিন্ ভিন্ ৰূপত যি ভয়ৰ পীড়া মই অনুভৱ কৰি আহিছোঁ, জীৱনৰ বিভিন্ন স্তৰত ভয়ে মোক যি যন্ত্ৰণা দি আহিছে, প্ৰতি মুহূৰ্ততে যে সেই পীড়াৰ পৰা মুক্ত হ’বলৈ মন ব্যাকুল হৈ থাকে, সেই কথাবোৰহে ক’ব খুজিছোঁ‌৷
এই যে ভয়ৰ কথা ক’ম বুলি ওলাইছোঁ, আপোনালোকে ভাবিব পাৰে যে যদি ভয়ৰ বিষয়ে তত্ত্বকথা পুংখানুপুংখভাবে আলোচনা কৰিবই নোৱাৰোঁ, ব্যক্তিগত ভয় – যন্ত্ৰণাটো সকলোৰে প্ৰায় একেধৰণৰেই, ইয়াতনো কি লিখিবলগীয়া বা ক’বলগীয়া কথা আছে! যেনে এই যে সৰুতে নেওতা মুখস্থ কৰি নিব নোৱাৰিলে পোৱা শিক্ষকৰ বেতৰ ভয়, পৰীক্ষা বেয়া হ’লে কম নম্বৰ পোৱাৰ বা ফেইল কৰাৰ আৰু তাৰ লগতেই ঘৰৰ মানুহৰ গালি শপনি বা মাৰ-কিলৰ ভয়, চাকৰি কৰা সকলৰ নিজৰ হেমাহিৰ বাবে সময়মতে কাম নকৰা বাবে বা জানি – নাজানি কৰা ভুলৰ বাবে পাবলগীয়া শাস্তিৰ ভয়, আপোনজনৰ বেমাৰ হ’লে পোৱা মৃত্যুৰ ভয় আদি৷ মানিছোঁ, এইবিলাক ভয়ৰ যন্ত্ৰণা মোৰ নিচিনাকৈ আপোনালোকেও পাই আহিছে আৰু কিছুমান ভয় আমাৰ আমৃত্যু সংগী৷ পিছে আন কিছুমান ভয়েহে মোক বিষম যন্ত্ৰণা দিব ধৰিছে আৰু সেই যন্ত্ৰণাই সম্প্ৰতি মোক খিংখিঙিয়া আৰু একপ্ৰকাৰ অপ্ৰকৃতিস্থ কৰি তুলিছে৷ উপায় নাপাই যি ঘনিষ্ঠ দুই এজনক এই বিষয়ে সুধিছোঁ সিহঁতেও চোন এইবোৰ বেবেৰিবাং, অদৰকাৰী, অনৰ্থক চিন্তা বুলি উৰুৱাই দি মোকহে গালি বৰষিলে আৰু এনেকৈ বেছি চিন্তা কৰি থাকিলে মানসিক চিকিৎসকৰ ওচৰলৈ লৈ যাব বুলিও ক’লে৷ নিৰুপায়ত পৰিছোঁ‌ বুইছেনে৷ সেয়ে ভাবিলোঁ, আপোনালোকক সমজুৱাকৈ ইয়াৰে মাথো দুটামান ভয়ৰ কথা কৈ চাওঁ, কিজানিবা কিবা উপচাৰ পাওৱেই, নতুবা মোৰ নিচিনা তেনেকুৱা অহেতুক ভয় পোৱা কোনোবা লগেই পাওঁ, তেতিয়া অন্ততঃ বুজিব পাৰিম যে মই অপ্ৰকৃতিস্থ হোৱা নাই৷
দুদিন আগৰ কথা৷ ফেচবুকত পঢ়িবলৈ পালোঁ, ভাল অসমীয়া চিনেমা এখন মুক্তি পাইছে৷ আগ্ৰহী দৰ্শক এগৰাকীয়ে সপৰিয়ালে চিনেমাখন চাবলৈ টিকট লওঁতে কাউণ্টাৰৰ মানুহজনক সৰু ল’ৰা-ছোৱালীহালে ভালদৰে দেখিবলৈ পোৱাকৈ ভাল চিট দিবলৈ ক’লে৷ কি উত্তৰ দিলে জানেনে? “চিন্তা নাই বাইদেউ, য’তে ইচ্ছা ত’তে বহিব পাৰিব৷ “ তাৰমানে দৰ্শকৰ সংখ্যা ইমানেই কম৷ গমি চাইছেনে কথাষাৰ বাৰু? পাণ – পানীয়ত নিতৌ শ টকাকৈ খৰচ কৰা, অনৰ্থক আড্ডা মাৰি সময় কটোৱা, ব্লেকত চাৰি – পাঁচগুণ দাম দি মচলাযুক্ত হিন্দী-ইংৰাজী চিনেমা চোৱা অসমীয়া ডেকা – ডেকেৰীৰ, বিলাসী ৰেষ্টুৰেণ্টত হাজাৰটকীয়া বিল পৰিশোধ কৰি সপৰিয়ালে চাহৰ যুতি লোৱা মানুহবোৰৰ অসমীয়া চিনেমাখন চাবলৈ আগ্ৰহ হ’বনে? প্ৰযোজকৰ খৰচ উভতি আহিবনে? আৰু এখন ভাল চিনেমা নিৰ্মাণ কৰিবলৈ তেখেতসকলক উদগনি যোগাব পাৰিমনে আমি? এই ভয়টোৱেই কালিৰ পৰা মনত খুন্দিয়াই আছে বুইছেনে? সময় আছে, চিনেমাখন ভাল হোৱা বুলি গম পাইছোঁ‌ যিহেতু চাব ৰাইজে লাহে ধীৰে, এই ভাব লৈয়েই এজনক ফোন কৰি সুধিলোঁ, “তইতো খুব চিনেমা চাৱ, এইখন চালিনে বা চাবিনে? “ তাৰ উত্তৰ শুনি বুইছেনে, ভয়টো আৰু জোৰকৈ খোপনি পুতি বহি ল’লে মোৰ মনত, নাজানো কেতিয়া নিস্তাৰ পাওঁ, পাওঁ‌কি নাপাওঁ৷
এই যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ সময়খিনি, বৰ ভয়ত কটাও বুইছেনে! নাচাওঁ‌ নাচাওঁকৈও চাওঁ বাতৰি কাকতখন, টেলিভিচনটো৷ নাই, প্ৰথম দহটা-বিশটা স্থান পোৱাসকলৰ খবৰলৈ আগ্ৰহেৰে নহয়, আপোনালোকে বেয়া বুলিলেও উপায় নাই, মোৰ মনটো সেই ক’ৰবাত কোনোবা অকৃতকাৰ্য বা আশানুৰূপ ফল নোপোৱা ছাত্ৰ-ছাত্ৰী আপোনঘাতী হ’ল নেকি তাকেহে জানিবলৈ উদ্বাউল হৈ থাকে৷ বৰ ভয় লাগে বুইছেনে, প্ৰতিবছৰে সেই সময়খিনিত ভয়টো বৰ বেছি হয়৷ আৰু সেই ভয় নিৰাময় নোহোৱাৰ ভয়টো? বুজা নাই চাগৈ? এই যে দেশখন স্বাধীন হোৱাৰ অতবছৰ পাছতো মেধা, ৰুচি আৰু পাৰদৰ্শিতা অনুসাৰে সকলো ছাত্ৰ – ছাত্ৰীকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰাকৈ এটা সু-সংহত শিক্ষানীতি নহ’লগৈ, শিক্ষাৰ লগত জীৱিকা আৰু কৰ্মসংস্থানৰ ব্যৱস্থা জড়িত কৰি কোনো নীতি-নিৰ্দেশনা নহ’লগৈ, সেই ভয়টোৰ কথা কৈছোঁ‌৷
যোৱা সপ্তাহৰ কথা৷ এই যে জনস্বাস্থ্য বিভাগৰ বিভাগীয় আবাসিক অঞ্চললৈ সোমাৱা তিনি-আলিটোত মিউনিচিপালিটিৰ ডাষ্টবিনটো আছে, সিদিনা চৰকাৰী নিৰ্দেশত কৰা চাফাই অভিযানত ডাষ্টবিনটোৰ বাহিৰত পৰি থকা সকলো জাবৰ-জোথৰ চাফা কৰা হৈছিল৷ মাইকযোগে ঘোষণা কৰা হৈছিল, প্ৰচাৰ-পত্ৰ বিলোৱা হৈছিল, বাতৰিকাকতত জাননী দিয়া হৈছিল যাতে ডাষ্টবিনৰ ভিতৰতহে সকলোৱে জাবৰ পেলায়৷ সিদিনা সেইপিনে যাওঁতে দেখিলোঁ ডাষ্টবিনটোৰ আকৌ সেই আগৰ অৱস্থা, মানে ভিতৰতকৈ বাহিৰতহে বেছি জাবৰ৷ ভয় লাগিল বুইছে, বৰ ভয় লাগিল৷ নালাগিবনো কিয় কওকচোন, আপুনি যেতিয়া গম পাব যে সিদিনা চাফা কৰোঁতে ডাষ্টবিনটোৰ ওচৰ-পাজৰৰ মানুহকেইজনেই আগভাগ লৈছিল আৰু এতিয়া তাত তেনেকৈ জাবৰ পেলোৱা মানুহবোৰতো তেখেতসকলেই৷ অৱস্থাটো আন ঠাইতো চাগৈ ব্যতিক্ৰম নহয় আৰু এই যে আমাৰ চৰিত্ৰটো, মানে নিজৰ পদূলিৰ জাবৰ কাষৰ ঘৰৰ পদূলিত নিশা মনে মনে দলিয়াই থৈ অহাৰ লেখিয়া, কথাটো মনত যি ভয় হৈ সোমাল, যিমানেই জুকিয়াই চাইছোঁ‌ সি বেছি গভীৰলৈকেহে সোমাই গৈছে৷
কৈছোৱেই মই বৰ ভয়াতুৰ প্ৰাণী৷ ভয় যে কি ৰূপ ধৰি কোন সময়ত মোৰ মনত কুৰুকি কুৰুকি সোমাইহি তাৰ লেখ নাই৷ লিখি বা কৈ শেষ কৰিব নোৱাৰি৷ বেছিকৈ লোখিলে আপোনালোকেও আমনি পাব৷ দুটামান ভয়ৰ কথা জনালোঁ, তাৰ পৰাই মোৰ ভয়ৰ কাৰ্য-কাৰণ বা প্ৰকৃতি সম্পৰ্কে অনুমান হৈছেই চাগৈ! হৈছে যদি এনেকুৱা শ – হাজাৰ ভয়ে মোক কেনেকৈ কাবু কৰি ৰাখিছে বুজি পাইছেই চাগৈ৷ পাৰিলে কিবা উপচাৰৰ দিহা জনাবচোন৷ আপোনালোকৰো কোনোবাই এনেকুৱা ভয়ত আক্ৰান্ত নেকি বাৰু? ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments