স্বঘোষিত গল্প ( দেৱাংগ পল্লৱ শইকীয়া )

(১)

গাড়ী চুৰিত অভিযুক্ত বিধায়কে আধাৰশিলা স্থাপন কৰা ৰাজহুৱা নামঘৰভাগতেই ৰাইজে মেল পাতি নামঘৰৰ চৌহদৰ নাৰিকল চুৰি কৰাৰ গুৰুতৰ অপৰাধত মাতিয়াক এঘৰীয়া কৰিলে।
: মাতিয়া তোৰ কিবা ক’ব লগা আছে ??
: ঈশ্বৰসকল!! চোৰক ভোট দি আমাৰ সমষ্টিৰ ৰজা পাতিলে আপোনাসৱে আৰু এই অধমক মাটিত পৰি থকা পানী নোহোৱা নাৰিকল দুটা নিওঁতেই এই গুৰু শাস্তি!! ক’বলগীয়া ইমানেই!

মাতিয়াক অকল এঘৰীয়া কৰাই নহয় পৰাচিত কৰিবলৈও আদেশ দিয়া হ’ল।

(২)
: আচলতে অন্ধবিশ্বাসেই দুনিয়াখন খালে বুইছে !! সৰু কথা এটাকে ধৰকচোন – কিবা এটা কথা কৈ আছে আৰু হেন সময়তেই জেঠীয়ে মাতিলেই কথাটোৰ জোৰ বাঢ়িল…!

এনেতে কাষৰ বেৰত জেঠীয়ে টিক্ টিকালে।

: সইত সইত সইত!! সত্য বচন।

(৩)
ৰং খেলিবলৈ অহা ল’ৰা-ছোৱালীৰ জাকটোৱে ঘৰৰ সকলোকে ৰং দি গ’ল। ভয়তে দুৱাৰ মাৰি সোমোৱাবোৰক দুৱাৰ খুলি খুলি ৰং সানিলে।

চোতালতে ৰৈ থকা মানুহজনীক কোনেও ৰং নাসানিলে। নুসুধিলেও।

মানুহজনীয়ে আকৌ এবাৰ অনুভৱ কৰিলে। মানুহটোৱে যাওঁতে ৰংবোৰো লৈ গ’ল। বগা সাজ পিন্ধা মানুহৰ বাবে ৰং নিষিদ্ধ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments