স্বজাতি (-চন্দ্ৰমা কলিতা)

স্বজাতি


চন্দ্ৰমা কলিতা

 

এতিয়া ছাঁ হৈয়ে লুকাই ফুৰোঁ উচন মৰিশালিত
নাজানো আমাৰ খোজবোৰ কাৰ অনুকৰণত আগবাঢ়িছিল
নাজানো আমি শুদ্ধ-অশুদ্ধৰ তুলাচনীত কাৰ ত্যাগেৰে ঈশ্বৰক আঁকিছিলোঁ
সকলোবোৰেইতো এতিয়া ৰক্তাভ কাঁচৰ টুকুৰাত
অবাটে যোৱা বাটৰ দিনলিপি

যাৰ হাতত ধৰি খোজ দিছিলোঁ
যাৰ প্রশ্রয়ত আন্ধাৰ বুটলি জোনাক ছটিওৱাৰ সপোন দেখিছিলোঁ
সেই আকাশ এতিয়া হেঙুলীয়া হ’ল
লক্ষ্য প্রাপ্তিৰ বাটত নিগৰা তেজক ভয় নকৰিবা বুলি কোৱা কলিজাবোৰ
লাহেকৈ বৰফ হ’ল

যাৰ কথা শিলৰ ৰেখা আছিল
তেওঁৰ আদর্শ অৱশেষত ছাঁই হ’ল
ভঙা পতাৰ খেলত কোনোবা ৰজা হ’ল
স্বদেশ উদ্ধাৰৰ তেজাল সপোনবোৰো
বিলাসৰ টোপনিত হেৰাই গ’ল

ৰুদ্ধ দুৱাৰৰ সিপাৰে এতিয়া এৰি অহা পৃথিৱী
চিনাকী সুবাসৰ ৰিণিৰিণি সুকুমল সোঁৱৰণি
কাৰ অহংকাৰী খোজৰ গচকত জানো মোহাৰ খাই যাওঁ
সৰাপাতৰ বুলনিত হালধীয়া এটি পদাতিক।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক