স্বদেশ-বিদেশ, আই-বোপাই ইত্যাদি… : সিদ্ধাৰ্থ বৰকটকী

স্বদেশ-বিদেশ, আই-বোপাই ইত্যাদি…


সিদ্ধাৰ্থ বৰকটকী

 

কিছুদিন আগেয়ে আঢ্যৱন্ত সন্তানে নগাঁৱত এৰি থৈ যোৱা দুলীয়াজানৰ এগৰাকী বৃদ্ধা মাতৃৰ কাতৰ চাৱনিয়ে হিয়া ভেদী নিয়াত তলৰ কথাখিনি এনেয়ে লিখি থৈছিলো; এতিয়া একে ধৰণৰ বিষয় এটাৰ ওপৰত যথেষ্ট আলোচনা-বিলোচনা হৈ থকা দেখি সেইখিনিকে অলপ সালসলনি কৰি ৰাইজলৈ আগবঢ়োৱাৰ মন মেলিছোঁ।

ল’ৰা বিদেশলৈ গ’ল, ডাঙৰ চাকৰি পাই গজগজীয়া হ’ল, নিজৰ দেশৰ কথাতো বাদেই, মাক-দেউতাককো পাহৰিলে – প্রবাসত থকা প্রত্যেক নদাই-ভদাইৰ সাধাৰণ সংজ্ঞা অৰ্থাৎ typical characterization। একেবাৰে মিছাও নহয়। এনে মানুহ দেখিছোঁ (অসমীয়া নহয় পিছে) যি আমেৰিকাত ছমাহ থাকিয়েই ভাৰতৰ নাম শুনিলেই নাক কোঁচাই, ঘৰলৈ ফোন কৰি খবৰ লয় মাহেকত এবাৰ, তাকো নকৰিলে নহয় কাৰণেহে! কিন্তু তাৰ বিপৰীতে ডঃ দিলীপ দত্ত চাৰৰ দৰে মানুহো আছে যি যোৱা অর্ধশতক কাল ধৰি বিদেশত থাকিও নিজৰ দেশ, নিজৰ মানুহৰ উন্নতিৰ বাবে অহোপুৰুষার্থ কৰি আহিছে। আনৰ কথা বাদ, আমাৰ বিশ্ববিদ্যালয়ৰ ৮০ শতাংশৰ অধিক ভাৰতীয় ছাত্র-ছাত্রী তথা গৱেষক-কর্মচাৰীয়ে Association for India’s Development (AID) ৰ সদস্য হিচাবে দেশৰ-দহৰ উন্নতিৰ হকে ব্যক্তিগত স্বার্থৰ উৰ্দ্ধত থাকি কাম কৰি আছে। কেৱল মোৰখনতেই নহয়, আমেৰিকাৰ প্রায় প্রত্যেকখন বিশ্ববিদ্যালয়তেই ইয়াৰ শাখা আছে। কাৰোবাৰ ইচ্ছা থাকিলে এই লিংকটো চাব পাৰে – http://aidindia.org/main/content/blogcategory/216/335/ ।

পিতৃ-মাতৃৰ প্রতি সন্তানৰ মনোভাৱৰ পৰা প্রৱাসীৰ স্বদেশপ্রেমলৈ বিষয়বস্তুৱে জাঁপ মৰাৰ কাৰণ দুটা– প্রথমেই, মানৱী-জীৱনত এই দুয়োটা অনুভূতিৰ প্রভাৱবিলাক materialistically intangible – এই অনুভূতিবোৰ নাথাকিলেও মানুহৰ বৈষয়িক জীৱনযাত্রাত বিশেষ কোনো প্রভাৱ নপৰে। দ্বিতীয়তে, মানুহে বিদেশলৈ গ’লেহে যে আপোন দেশ আৰু আপোন জনক পাহৰি যায় এনে নহয়। দুলীয়াজানৰ সেই হতভগীয়া বৃদ্ধাগৰাকীৰচোন সতি-সন্ততি আটাইবোৰ কাষতে আছিল। নেতাৰ গাদীত বহি চিপৰাং মাৰি থকা কেইজনৰ জানো দেশতেই জন্ম, দেশতেই কর্ম নহয়?

আচলতে মূল সমস্যা হ’ল মূল্যবোধৰ অভাৱ তথা বিসঙ্গতিপূর্ণ পৰিপ্রেক্ষিত (Distorted perspective)। দেশতে থাকক বা বিদেশতে থাকক, এচাম মানুহ এই ব্যাধিত আক্রান্ত। আৰু আমাৰ বর্তমানৰ সমাজ ব্যৱস্থাটো এনে ধৰণৰ যে বেছিভাগৰে ক্ষেত্রত কেৰোণে ধৰে একেবাৰে গুৰিতেই, অর্থাৎ শৈশৱ তথা কৈশোৰ কালতেই। কথাটো এনেকুৱা – উন্নয়নশীল দেশবিলাকত প্রায় সকলো পিতৃ-মাতৃৰে (বিশেষকৈ মধ্যবিত্ত সকলৰ) সপোনবোৰ একেধৰণৰ – ‘মোৰ ল’ৰা-ছোৱালী ডাঙৰহৈ ‘ভাল কিবা এটা’ কৰক যাতে সিহঁতে আর্থিকভাৱে মোতকৈ অধিক স্বাচ্ছন্দ্যৰ এক জীৱন যাপন কৰিব পাৰে’। শিক্ষানুষ্ঠানবিলাকৰ পৰাও সেই একেধৰণৰ ফলাফলেই আশা কৰা যায়; যেনে ‘স্কুলখনৰ পৰা মেত্রিকত কেইটাই ষ্টাৰ মাৰ্ক পালে?’ অথবা ‘কলেজখনৰ কেম্পাচ প্লেচমেন্ট কেনেকুৱা?’ ইত্যাদি। শিশু এটিয়ে দুচকু মেলি ধৰণিখনৰ উমান ভালদৰে ল’বলৈ নৌপাওঁতেই তাৰবাবে এক ভৱিষ্যত পৰিকল্পনা প্রস্তুত কৰি দিয়া হয় – “তোৰ জীৱনৰ লক্ষ্য হ’ল ডাঙৰ মানুহ হোৱা। তাকে হ’বলৈ প্রথমে তই শিক্ষিত হ’ব লাগিব। কেৱল শিক্ষা ল’লেই নহ’ব, তোৰ লগৰবোৰতকৈ পৰীক্ষাত ভাল কৰিব লাগিব। পৰীক্ষাত ভাল কৰিবলৈ তই দিনে-ৰাতিয়ে একান্তমনে পঢ়িব লাগিব। যিবোৰ কথা বা কামে তোক পৰীক্ষা ভাল কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় নকৰে সেইবোৰ কাম তই বাদ দি চলিব লাগিব।” ভাল কথা; শিক্ষিত হৈ ডাঙৰ মানুহ হোৱাৰ লক্ষ্য থকা উচিত; পিছে কেণা লাগে সেই শেষৰ কথাষাৰৰ পৰা। ছাত্র এজনে কেতিয়াবা মাকক ঘৰ সৰা-মোঁচাত বা আখল ঘৰত সহায় কৰি দিলে পৰীক্ষা ভাল হোৱাত সহায় নহয়, কিন্তু মাতৃৰ শ্রমৰ মর্য্যদা বুজাত সহায় নিশ্চয় হয়। মইনা পাৰিজাতৰ সদস্য হৈ বাটত গছপুলি এজোপা ৰুলে পৰীক্ষাত প্রথম হোৱাত সহায় নহয়, কিন্তু সামাজিক আৰু পাৰিপাৰ্শ্বিক সচেতনতা লাভত সহায় নিশ্চয় হয়। মূল কথা এয়েযে ‘ডাঙৰ মানুহ’ হ’বৰ বাবে যিখিনি কৰিব লাগে, ‘ভাল মানুহ’ হ’বলৈ তাতকৈ অলপ বেছি কিবাকিবি কৰিব লাগে। পিছে সেই ‘বেছি কিবাকিবি’ বোৰে বৈষয়িক লক্ষ্য পূৰণত বিশেষ অৰিহণা নোযোগায়; আৰু তথাকথিত লক্ষ্য পূৰণৰ স্বার্থত ব্যক্তিগত উৎকৰ্ষ সাধনৰ সেই পথসমূহ এৰাই চলি ভোগ-বিলাসৰ নিগনি-দৌৰত নামিবলৈ প্রত্যেকটি শিশুক প্রত্যক্ষ বা পৰোক্ষভাৱে প্রস্তুত কৰা হয়। সেই সন্তুলনহীন মানসিক প্রস্তুতিৰে প্রতিফলন ঘটে শিশুটিৰ পিছৰ জীৱনত। সৌভাগ্যৱান কেইজনে নিজৰ বিৱেকৰ চিঞৰ শুনা পায়, বাকীখিনিৰ চিন্তাধাৰা এনেকুৱা হৈ ৰয়- ৰূগীয়া মাতৃৰ আলপৈচান ধৰি সময় আৰু পইচা খৰচ কৰি থাকিলে ব্যৱসায়ৰ উন্নতি নহয়, গতিকে মাকক ক’ৰবাত এৰি থৈ আহিব লাগে। দেশৰ উন্নতিৰ কথা ভাৱি থাকিলেতো চাকৰিত পদোন্নতি নহয়, গতিকে নভবাই ভাল!

মোৰ বিচাৰত এই সমস্যাৰ একমাত্র সমাধান হৈছে অভিভাৱকৰ সচেতনতা আৰূ মূল্যবোধ-ভিত্তিক শিক্ষা (value-based education). মহৎ লোকৰ জীৱনীৰ দুটা পাঠ পঢ়ুৱাই শিশুক মূ্ল্যবোধ শিকাব নোৱাৰি, ইয়াৰ বাবে প্রয়োজন অভিভাৱক আৰূ শিক্ষাগুৰূৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ। জীৱনটোযে কেৱল লক্ষ্যপ্রাপ্তিৰ মাৰাথন নহয়, এইকথা অগ্রজসকলে অনুজ চামক সময় থাকোঁতেই উপলব্ধি কৰাব পাৰিব লাগিব। শিশুক প্রতিযোগিতাত নামিবলৈ আগুৱাই দিব লাগিব; কিন্তু সেই প্রতিযোগিতা হ’ব লাগিব সৰ্বাঙ্গীণ উৎকৰ্ষ সাধনৰ সুস্থ প্রতিযোগিতা, আনক চলে বলে কৌশলে হৰুৱাই আগবাঢ়ি যোৱাৰ স্বাৰ্থান্বেষী দৌৰ নহয়। কথাবোৰ কোৱা সহজ, কৰি দেখুওৱাটো টান– পিছে অসম্ভৱ নিশ্চয় নহয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক