স্বনামধন্যা মামণি ৰয়ছম গোস্বামী বাইদেউলৈ শ্ৰদ্ধাঞ্জলি (অঞ্জনা তামুলী )

স্বনামধন্যা মামণি  ৰয়ছম গোস্বামী বাইদেউৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি

অঞ্জনা তামুলী

যি গৰাকী মহীয়সী নাৰীৰ বাক্যবাণত থকা-সৰকা হৈ মই জীৱনত পাতল ৰঙৰ বাদেও ডাঠ ৰঙৰ সাজ পৰিধান কৰিবলৈ বাধ্য হৈছিলোঁ সেইগৰাকী নাৰী স্বনামধন্যা মামণি ৰয়ছম গোস্বামী বাইদেউৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।

বাইদেউ-তুমি ইমান পাতল ৰঙৰ কাপোৰ কিয় পিন্ধা ?

মই- মই যে মিঠা বৰণৰ সেয়ে মোৰ মাহীয়ে সদায় পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ দিছে আৰু সেয়ে মই পাতল গুলপীয়া, পাতল হালধীয়া আৰু বগা সাজ বেছি পৰিধান কৰোঁ ।

বাইদেউ- তুমি জীৱনটো দেখাই নাই, যদি জীৱনটো ৰঙীন ভাৱে চাবলৈ শিকা তেতিয়া তোমাৰ মনটোৰ লগতে সাজ-পাৰো ৰঙীন হ‘ব লাগিব । জীৱন মানেই ৰঙ-বিৰঙেৰে ভৰি থকা কিছুমান ফুল আৰু পখিলাৰ কাহিনী । ফুল আৰু পখিলা কেতিয়াও মাত্ৰ দুটামান পাতল ৰঙতে সীমাবদ্ধ হ‘ব নোৱাৰে অৰ্থাৎ প্ৰকৃতিয়ে নিদিয়ে । তোমাকো প্ৰকৃতিয়ে এই বিচিত্ৰ পৃথিৱীখনলৈ পঠিয়াইছে ইয়াৰ নানা ৰঙৰ সোৱাদ ল‘বলৈ । যদি তুমি সেউজীয়া পথাৰ ভাল পোৱা তেন্তে এযোৰ সেউজীয়া কাপোৰ পিন্ধি নিজকে আইনাৰ মুখত চাবা আৰু কি দেখা মোক ক‘বা ।

মই- নিশ্চয় বাইদেউ । কিন্তু মোক যে দেখিবলৈ সেউজীয়া ৰঙে বৰ বেয়া লাগিব ।

বাইদেউ- তুমি প্ৰেম, ভালপোৱা এইবোৰ জানো বুজি নোপোৱা ? যদি পোৱা তেন্তে তুমি ৰঙীন সাজ পৰিধান কৰিবা । ৰঙা ৰঙ প্ৰেমৰ প্ৰতীক বুলি মই বিশ্বাস কৰোঁ । আৰু এই যে মানুহে কয় ক‘লা কাপোৰ নিপিন্ধিবা অমঙ্গল হয় , এইবোৰ কথা কেতিয়াও বিশ্বাস নকৰিবা । সদায় ৰঙীন সাজ পিন্ধিবা মন ভাল লাগিব । নতুন ডাঠ ৰঙৰ এযোৰ সাজে সদায় সৃষ্টিৰ বাবে তোমাক অনুপ্ৰেৰণা যোগাব, মন প্ৰফুল্লিত কৰিব । তোমাৰ এখন নিকা অন্তৰ আছে সেই নিকা অন্তৰখনক তুমি মানুহৰ কৌটিকলীয়া অন্ধবিশ্বাসৰ মাজলৈ ঠেলি নিদিবা । তোমাৰ সুপ্ত প্ৰতিভাক তুমি জাগ্ৰত কৰিবলৈ তোমাৰ পাতল ৰঙৰ কাপোৰৰ মাজত সোমাইথকা উদীপ্ত মনটোক বাহিৰলৈ উলিয়াই আনা । কোৱা আনিবানে ? কোৱা ৰঙীন সাজ পিন্ধিবানে ?

মই – নিশ্চয় বাইদেউ।
সেয়া আছিল ১৯৯৫ চনৰ কোনোবা এটা শীতৰ পুৱাৰ কথা । তাৰ পিছত মই যেতিয়া বাইদেউক লগ ধৰিবলৈ গৈছিলোঁ এযোৰ মেৰুণ ৰঙৰ চুৰিডাৰ পিন্ধি গৈছিলোঁ । বাইদেৱে মোক দেখি দুহাতমেলি সাবটি ধৰিছিল । বহু কথাই আমি পাতিছিলোঁ বাইদেউৰ ঘৰত । লাহে লাহে আমাৰ ঘনিষ্ঠতা বাঢ়িছিল । বাইদেৱে সাধাৰণতে পানবজাৰত থকা বৈশ্য চিল্ক এম্পৰিয়ামত কাপোৰ কিনিছিল । তাৰ তলতে আমৰ অফিচ হোৱাত যেতিয়াই কাপোৰ কিনিবলৈ আহিছিল তেতিয়াই মোক ওপৰলৈ মাতি নিছিল আৰু প্ৰায়ে দুয়ো পচন্দ কৰাৰ পিছত কাপোৰ কিনিছিল । শেষ বাৰৰ বাবে বাইদেউৰ কাপোৰ কিনাত সহযোগ কৰিছিলোঁ ২০১০ চনৰ আগষ্ট মাহৰ কোনোবা এটা আবেলি । সেইদিনা আমি দুয়ো এযোৰ বেঙুনীয়া কাপোৰ  পচন্দ কৰিছিলোঁ । কাপোৰ জোৰ কিনি যাবলৈ লোৱাৰ সময়ত কিনকিনিয়া বৰষুণ এজাক দিছিল । বাইদেৱে সেইদিনা ৰঙা চেলোৱাৰ কামিজ পিন্ধি আহিছিল । কাপোৰযোৰ নতুন আছিল বাবে তিয়াবলৈ ইচ্ছা কৰা নাছিল । উপায় নাপায় দুয়ো কাপোৰ চাই চাই প্ৰায় ৪৫ মিনিটমান সময় অতিবাহিত কৰিছিলোঁ । তেতিয়া বাইদেৱে এটা মৃদু হাঁহি মাৰি কৈছিল – যিসময়ত মই ৰঙীন সাজেৰে সাজিব লাগিছিল তেতিয়া মই জীৱনৰ অৰ্থ বিচাৰি হাঁহাঁকাৰ কৰি ফুৰিছিলোঁ আৰু যেতিয়া বুজি পালো তেতিয়া জীৱনৰ বিয়লি বেলাৰ কাষ চাপিলোঁ । তোমালোকে জীৱনটোক উপভোগ কৰিবলৈ শিকা । ন‘হলে এই জীৱন একেবাৰে বৃথা ।

আজিও মই বৈশ্য চিল্ক এম্পৰিয়ামৰ মেনাদাক লগ পালে বাইদেউৰ কথা আলোচনা কৰোঁ । আজি কিয় আমি সদায়ে বাইদেউক সোঁৱৰণ কৰি আহিছোঁ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments