স্বপ্নহীনতা – উৎপলা কৌৰ

এনেকুৱা ৰাতিবোৰত তাইৰ টোপনি নাহে, কাৰণ এনেকুৱা ৰাতিবোৰত তাই অতীতত ঘুৰ্মূটিয়াই ফুৰে।  আহিলেও, বহু দেৰিকৈ আহে, আৰু সোনকালে সাৰ পায়। টোপনিৰ সময়কণতো যেন জাগি থাকে তাই। প্ৰথম চৰাইটোৱে মতাৰ আগতেই তাই উঠি আহে পাটীৰ পৰা। নিত্য-কৰ্ম কৰি আজৰি হোৱালৈকে গাঁওখন সাৰ পায়হে!

“অ মা চা, নদীত ইমান পানী”
তাইৰ চিন্তাত যতি পেলাই মুনুকণে কোৱা কথাষাৰত তাই নদীৰ ফালে চালে। ফেনে ফুটুকাৰে বাঢ়ি অহা বাৰিষাৰ বৰলুইত।যোৱাবাৰ আহোঁতে জেঠৰ খৰত শুষ্ক শুভ্ৰ বালিচৰৰ মাজত যেন আকাশখন ভাঙি টুকুৰা-টুকৰ হৈ পৰি আছিল। এতিয়া মেটেকাই জাবৰে, শুকান-কেঁচা বাদ নপৰাকৈ গছ-গছনি বুকুত লৈ সংহাৰ মুৰ্তি ধৰি আগবাঢ়িছে নৈখন। এৰা! আজি চাৰিবছৰে এই নৈখন তাইৰ তেনেই আপোন যেন হৈ পৰিছে। কেতিয়াবা শীৰ্ণকায় হৈ অথবা কেতিয়াবা দুৰ্দান্ত, ক্ৰোধিত হৈ থকা নৈখনৰ সকলো অৱস্থা প্ৰত্যক্ষ কৰিছে তাই। ঠিক যেনেকৈ নৈখনে তাইক প্ৰত্যক্ষ কৰিছে যোৱা চাৰিবছৰে।
অহাযোৱা কৰা ৰাস্তাটোৰ কাষতেই পুৰণি, ঐতিহ্যমণ্ডিত স্কুলখনৰ খেলপথাৰখন।ইংৰাজীৰ এল আকৃতিৰ পথচোৱা। পথচোৱাৰ শেষত যে  যে এনেকুৱা এখন নিষ্ঠুৰ পৃথিৱীৰ অস্তিত্ব আছে গম পোৱা নাযায় মূল পথৰ পৰা চালে। মুনুকণে এই খেলপথাৰখন পোৱাৰ লগে লগে তাইৰ হাতখন এৰি দিয়ে আৰু চিনাকি অভ্যস্ত খোজেৰে বাট বোলে। ঠাইডোখৰ তাৰ তেনেই চিনাকি হৈ পৰিছে। যদিও সিহঁতে অহাৰ দিনবোৰত প্ৰায়েই খেলপথাৰখনত বিভিন্ন ল’ন মেলা বা আন কিবাকিবি অনুষ্ঠান হৈ থাকে, তথাপি সি ভাল পাই এইডোখৰ ঠাইলৈ আহিবলৈ, তাই বেয়া পায়। আশা লৈ অহা আৰু নিৰাশ হৈ উভটি যোৱা, এই কাৰবাৰটো একদম ভাল নালাগে তাইৰ। ইয়ালৈ অহা মানে যেন মনত ঢাকি ৰখা পুৰণা ঘাঁডোখৰ খুচৰি দিয়া! কেতিয়াও কল্পনা নকৰা এটা পৰিস্থিতি। তাইৰ বাবে লিখি থৈছিলনে নেদেখজনে?

ক’ত যে কেনেকৈ পাক খালে জীৱনটো। এতিয়া না আগুৱাব পাৰে, না পিছুৱাব।

বিয়াৰ বছৰদিন নুঘুৰোঁতেই মুনুকণে ভুমুকি মৰা তাইৰ অাৰু যোগেনৰ সংসাৰখনত আপোনমনে বিভোৰ হৈ থাকোঁতে যে তাই গমেই পোৱা নাছিল মানুহজন কেতিয়াৰ পৰা তাইৰ হৈ নাথাকিল। সৰু সৰু পৰিবৰ্তনবোৰ চকুত পৰিছিল। কিন্তু তাইৰ মনত থকা অগাধ বিশ্বাসে সেয়া সঁচা বুলি মানি ল’ব দিয়া নাছিল তাইক। মুনুকণে প্ৰথম বহিব পৰা দিনটো, প্ৰথম “মা” বুলি কোৱাৰ দিনটো যোগেনৰ লগত উদযাপন কৰিম বুলি ৰৈ থকা ৰাতিকেইটা তাই অকলে কটাইছিল। আৰু সেই ৰাতিবোৰৰ পূৱা দেখিছিল যোগেনে মন্দিৰাৰ ঘৰত। তাই নাজানিছিলনে? জানিছিল। লাহে লাহে সকলো গম পাইছিল। কিন্তু চকু মুদি থাকিলেই কি দিন-ৰাতিৰ দৰে কথাবোৰ আওকান কাৰিব পাৰি? পদে-পদে উপলব্ধি কৰা কথাটোও অইনে কওঁতে মিছা বুলি নিজৰ মনক সান্ত্বনা দিছিল। এদিন অতীষ্ঠ হৈ সুধি দিছিল তাই!

“মানুহে কিয় এনেকৈ কয়?” সেইটো ক্ষণলৈহে বাট চাই আছিল যেন সি। যাৰ পৃথিৱীখন কেৱল মুনুকণ আৰু তাৰ তাতেই শেষ সেইজনী মিনু , তাৰ বাবে নিজৰ পৰিয়াল এৰি অহা মিনু!! কি হ’ল তাতে? “সেইটো তাৰ জীৱন। সি যি কৰে নিজৰ মতে কৰিব”.!! পিছদিনাই তাই মুনুকণক বুকুত সাৱটি নিজৰ ওপজা ভেটি গৰকিছিল। সৰু চাকৰি কৰা, আকাল-ভঁৰাল নথকা ককায়েকৰ সংসাৰ! কোনোদিন সিহঁতক বোজা বুলি ভবা নাই।
কি কৰিলে ককায়েকৰ ঋণ সুজিব পাৰিব তাই ভাবি নাপায়।

: শুনছোন
:আমাৰ চাৰৰ বাইদেউ যে, ডাঙৰ উকীল..চাৰে তোৰ কথাবোৰ পাতিছে বাইদেউৰ লগত।
: কি কথা?
: সি ব্যৱসায় কৰে.. তই আৰু মুনুকনে তাৰ পৰা খৰচ বিচাৰিব পাৰ বোলে
:দিব জানো?
: কিয় নিদিব?

এদিন সঁচাকৈ তাই উকিলৰ ওচৰ পালেগৈ। লগত ককায়েক।
:শুনা..সি কি কৰে?
:ব্যৱসায়
:এহ মজ্জা! পইছা দিয়ে নে নাই তোমাক আৰু বাচ্ছাটোক?
: নিদিয়ে
:তাৰ “বাৰ” বজাই দিম মই..কিয় নিদিয়ে?
: সি বেলেগ এজনী ছোৱালীক ভাল পাই
: তোমাক নাপায়?
:……..
:দেখিছা কিমান বদমাচ.. ভাল পাই বিয়া কৰোৱা ছোৱালীটোক ভাল নাপায়..। এইবোৰ মতাক…!
তুমি চিন্তা নকৰিবা। তাৰ “বাৰ” বজাই দিম মই। তোমাৰ আৰু বাচ্ছাৰ খৰচ দিবই লাগিব সি.. ধেমালি পাইছে নেকি কিবা?

মুনুকণৰ অসুখ হ’লে ককায়েকক ঔষধ কিনিবলৈ দিবলৈ মন নোযোৱা মাহৰ শেষৰ দিনকেইটিলৈ মনত পৰিল তাইৰ। তাৰ প্ৰেমত পৰি তাই সিমান পঢ়া-শুনাও নকৰিলে নিজে কিবা এটা কৰি খাবলৈ।
উকীল বাইদেউৰ কথা শুনি তাইৰ এনে লাগিছিল যেন উশাহ ল’ব নোৱাৰাকৈ ডুব গৈ থকা অৱস্থাত পৰা তাইক কোনোবাই খেৰ-কুটা এডালহে আগবঢ়াই দিলে তাইক। ককায়েকৰ ওপৰত বোজা নোহোৱাকৈ জীয়াই থকাও কম কথানে ? তাৰ ওপৰতে ভৰষা কৰি তাই গুছি গৈছিল তাৰ লগত। উভটি আহোঁতে তাৰেই সন্তান কোলাত লৈ আহিছিল। এতিয়া বৌৱেকক ঘৰুৱা কাম কৰি দিলেও ককায়েকৰ ওপৰৰ পৰা দুটা পেটৰ বোজা তাই আঁতৰাব নোৱাৰে। চাৰিজনীয়া ককায়েকৰ পৰিয়ালটোত তাইৰ ঘৰুৱা কামত সহায়ৰ প্ৰয়োজনো নাই। ককায়েকৰ সীমিত উপাৰ্জনৰ সংসাৰখনত থাকি ককায়েকৰ সন্তানদুটিৰ মুখৰ পৰা কাঢ়ি আনি নিজৰ ল’ৰাৰ মুখত গুজি দিয়াৰ দৰে লাগে তাইৰ। অপৰাধবোধ হয়।

আদালতৰ মজিয়াত খোজ দিয়াৰ দিনাখন ৰাতি তাইৰ টোপনি অহা নাছিল। মানুহৰ যে কিমান ধৰণৰ সমস্যা থাকে জীৱনত সেয়া পাৰিবাৰিক আদালতৰ মজিয়া নগচালৈকে তাই কল্পনাও কৰিব পৰা নাছিল।  কোনোবাই পঁচপন বছৰত দ্বিতীয় বিবাহ কৰাৰ কাৰণে প্ৰথমা পত্নীয়ে বিচ্ছেদৰ বাবে আবেদন কৰিছে, কোনোবাই জীয়েকক জোঁৱায়েকৰ লগত যাবলৈ নিদিয়ে বাবে জোঁৱায়েকে গোচৰ তৰিছে, কাৰোবাৰ বায়েকে ভনীয়েকৰ কেঁচুৱাটোক খুউব মৰম কৰে কাৰণে কেঁচুৱা আৰু মাকক কেঁচুৱাৰ দেউতাকৰ লগলৈ যাবলৈ নিদিয়ে আৰু সেইবাবে দেউতাকে পিতৃত্বৰ অধিকাৰ বিচাৰি আবেদন কৰিছে, কাৰোবাৰ পত্নী পতিৰ লগত নাথাকে, পতিয়ে গোচৰ তৰিছে পত্নীধৰ্ম পালন কৰিবলৈ বাধ্য কৰিবলৈ, কোনোবা মাকৰ বুকুৰ পৰা সন্তান কাঢ়ি নি সতীয়া মাকৰ লগত থাকবলৈ বাধ্য কৰিছে নিজৰ পিতৃয়ে, সেই মাতৃৰ হাহাকাৰ, কান্দোনৰ ৰোল চৰিছে আদালতৰ মজিয়াত। কলেজীয়া প্ৰেমৰ আবেগত কোৰ্ট মেৰেজ কৰা ডেকা গাভৰুয়ে একেলগে হাঁহি হাঁহি সোমায় বিচ্ছেদ বিচাৰি। চোতালত বান্ধি দিয়া টিঙৰ চালিখনৰ তলত বহি নিজৰ নাম মতালৈ ৰৈ থাকে মানুহবোৰ। বহি থাকোঁতে বেলেগ বেলেগ কাহিনীবোৰে বিনিময় ঘটে, আদালতৰ মজিয়া গছকা কাহিনী। লগত অহা এমা-ডিমাবোৰে খেলি থাকে। মুখবোৰ নিষ্পাপ সিহঁতৰ। কলৈ আহিছে তাকেই গম নাপায়।  “এল” টাইপ আসাম টাইপৰ ঘৰটোৰ বাৰান্দাত এচাম ক’লা-বগা যান্ত্ৰিক মানুহ, আন এচাম আকৌ চকুত অকণ সকাহ,  আশা, ভীতি লৈ ফুৰা মানুহ!

গোচৰ দিয়াৰ চাৰিমাহলৈকে যোগেনে আদালতত ভূমুকি মৰা নাছিল। তাৰ উকীলজনে আহি সময় লৈছিল।
চতুৰ্থ মাহত পৰা তাৰিখটোত আহি সি জমা দিয়া কাগজখন উকীল বাইদেৱে বুজাই দিয়াত তাইৰ সৰ্-সৰকৈ চকুপানী বৈছিল। সেয়া তাইৰ আবেদনখনৰ উত্তৰ, কিয় সি পত্নী-পুত্ৰৰ লগত নাথাকে। কিয় পুত্ৰস্নেহৰ পৰা বঞ্চিত কৰি ৰখা হৈছে তাক সেয়া বৰ্ণনা কৰিছে তাত।

……তাইৰ চৰিত্ৰ বেয়া। যোগেন ঘৰত নথকা অৱস্থাত তাই পৰপুৰুষৰ লগত হলিগলি। প্ৰাক্তন প্ৰেমিকৰ লগত প্ৰণয়!.. কেঁচুৱাক কৰা অৱহেলা! তাকে বাধা দিওঁতে স্বামীগৃহ ত্যাগ কৰিছে। বুকুত শিল থৈ নিজ সন্তানক ঘুৰাই ল’ব বিছাৰিও সি লোৱা নাই ইমান দিনে, কাৰণ এনে বয়সত দেউতাকতকৈ মাকৰ বহু প্ৰয়োজন। তাতোকৈ গোকাট মিছা কথা মাতিছে, সি বোলে মাহেকে পষেকে পুতেকলৈ পইছা পঠিয়ায়েই থাকে। মিনুয়ে মিছা মাতি আদালতত গোচৰ দি কিয় তাক মানসিক নিৰ্যাতন দিলে সি বুজি পোৱা নাই। গোচৰটো দি তাক সমাজত তাৰ স্থান অৱনমিত কৰাত সি মৰ্মাহত আদি..!

 

: এইবোৰ লিখেই অ’, নতুন কথা নহয়! সি কি ক’ব নহলে?……. এইবোৰ গিৰিয়েকবোৰৰ ‘কমন বাহানা’!

উকীল বাইদেউৰ একো কথাই তাইক প্ৰবোধ দিব পৰা নাছিল। তাই গোচৰ তৰিলেও সদায় মনত আশা এটা লৈ ফুৰিছিল কোনোবা দিনা যোগেনৰ সিহঁতলৈ মনত পৰিব, ঘূৰি আহি মুনুকণক কোলাত ল’ব, তাইক ক্ষমা খুজি নিজৰ ঘৰলৈ ঘূৰাই নিব। সেইদিনটোলৈ ৰওঁতে ৰওঁতে মুনুকণে দুবছৰ স্কুল গৈ “ক খ..” গোটেইখন লিখিব পৰা হ’লগৈ।
সেই আশা মনত পুহি থাকি থাকি আজি-কালি বুজি উঠিছে তাই- তাই ভবাতকৈ পৃথিৱীখন, মানুহবোৰ বহুত বেলেগ। তাই যিটো কথাত হিয়া ঢাকুৰি কান্দে, কাৰোবাৰ বাবে সেইবোৰ একো কথাই নহয়। যোগেনৰ আশাত দিন ৰাতি নীৰৱে অপেক্ষা কৰি থকা মনটো আচলতে বৰ দুৰ্বল, তাৰ সন্তানৰ মাক হিচাপে অথবা তাৰ প্ৰেমিকা হিচাপে। তাক যে তাই হেৰুৱালে, সেইটো তাই এতিয়াও বিশ্বাস কৰিব পৰা নাই। আনকি সি যে ইমান নিৰ্দয় ভাবে মিছা কথাবোৰ লিখিলে সেইখিনিও মাজে মাজে বিশ্বাস নহয়। কথাবোৰ পাহৰি আকৌ তাৰ লগতে সংসাৰ কৰা আশাটোৱে পোখা মেলিব খোজে। সেই পোখাটো মুচৰি ধ্বংশ কৰি থৈ যায় যোগেনে পাছৰটো তাৰিখত আদালতত।

কাঠগৰা নাই। ইমান দিনে তাই দেখি আহিছিল টিভিয়ে চিনেমাই কাঠ-গড়াত উঠাই লৈ জেৰা কৰা। নাথাকিলেও সিফালৰ উকীলে জেৰা কৰিব বুলি গম পোৱাৰ পাছত তাইৰ বুকুৱে ধান বানিছিল। নিজৰ বুকুৰ ঢপঢপনি শুনি শুনিয়েই তাই উত্তৰ দিছিল।

:আপুনি হাজবেণ্ডৰ লগত কিয় নাথাকে?
:তেওঁৰ বেলেগৰ লগত সম্পৰ্ক আছিল
:আছিল মানে? আজিকালি নাই?
:মন্দিৰা বোলা গৰাকীৰ লগত নাই.. মানে আজিকালি তেওঁ অইন এগৰাকী বিধবা মানুহৰ লগত থাকে।

গোচৰটো দিয়াৰ পাছতেই গম পাইছিল আজিকালি সি বিধবা হৈ মাকৰ ঘৰলৈ ঘুৰি অহা জেউতিৰ লগত থাকেগৈ মাজে মাজে।

:যি সুধিছো সেইটো হয় বা নহয়ত উত্তৰ দি যাব
:অনুজ কোন?
:মোৰ দাদাৰ বন্ধু
:আপুনি স্বামীৰ ঘৰত থাকোঁতে তেওঁ আহিছিল নে আপোনাক লগ ধৰিবলৈ?
:মানে?
:কি মানে আৰু? আপুনি স্বামীৰ ঘৰত থাকোতে তেওঁ আহিছিল নে আপোনাক লগ ধৰিবলৈ
:আহিছিল.. দাদাই মোৰ ল’ৰাটোলৈ কাপোৰ দি পঠাইছিল পূজাত

নিজৰ ককায়েকতকৈ কোনোদিনে বেলেগ বুলি নাভাবা অনুজদা। এদিনেই সোমাইছিল তাইৰ ঘৰত, যোগেন ক’ৰবালৈ ওলাই গৈছিল। অনুজদা যাবৰ সময়তে যোগেন আহি ওলাইছিল।

:যি সুধিছো সেইটো হয় বা নহয়ত উত্তৰ দি যাব..
:..
: আপোনাৰ দাদাৰ বন্ধুজন আহোঁতে আপোনাৰ স্বামী যোগেন বৰুৱা ঘৰত আছিলনে নাই?
: নাই নাছিল। আচলতে মই গম নাপাওঁ অনুজদা আহিব বুলি..
: বাইদেউ, যি সুধিছোঁ তাকেই কওঁকনা..
:
আন এদিন উকীল বাইদেউৱে সোধা প্ৰশ্নত যোগেনেও অতি বিচক্ষণতা আৰু আত্মবিশ্বাসেৰে মিছা মাতি সি তাইৰ আবেদনৰ উত্তৰত লিখা কথাবোৰ কৈ গ’ল। বিচাৰকে টুকি গ’ল সিহঁতৰ ফাইলটোত থকা কাগজবোৰত।

:”ইয়ৰ অনাৰ, মোৰ মক্কেলৰ ওপৰত লগোৱা মিছা অভিযোগ গোচৰকাৰীয়ে নিজেই খণ্ডন কৰিছে। আচলতে মন্দিৰা বুলি মানুহগৰাকীৰ অস্তিত্বই নাই। পেটিচ্যনত লিখিছে এটা, কৈছে আন এটা। মোৰ ক্লাইন্টক মিছাই অপৰাধী সজাই মানসিক নিৰ্যাতন দিয়া হৈছে। …আচলতে গোচৰকাৰী নিজেই চৰিত্ৰহীনা। নিজ মুখেৰে স্বীকাৰ কৰিছে “হাজবেণ্ডৰ” অনুপস্থিতিত অইন পুৰুষ তেওঁক লগ ধৰিবলৈ আহে বুলি!”

উকীল বাইদেউৰ কথা শুনি কন্দনামুৱা হৈছিল তাই বাহিৰত।

: তুমি কথা ক’ব নাজানা
:”বাইদেউ!” দোষী দোষী ভাৱ তাইৰ!
:দাদাৰ বন্ধুজন অহাৰ কথা “ডিনাই” কৰিব লাগিছিল। তোমাৰহে ‘এক্সট্ৰা মেৰিটেল এফেয়াৰ’ আছে বুলি কৈছিল সিহঁতে। কথাটো ‘এডমিট’ কৰি লোৱাৰ দৰে হ’ল। হ’ব তুমি যোৱা। দেখা যাওঁক জাজ্ বাইদেৱে কি কৰে।”

 

বিনিদ্ৰ নিশাবোৰৰ অন্তত, চৰাই-চিৰিকতিয়ে সাৰ পোৱাৰ আগতেই তাই উঠি আহি সাজু হৈ সময়তকৈ আগতে আদালতত ৰৈ থকা দিনবোৰ এদিন শেষ হ’ল। প্ৰতিটো “পিছৰ” তাৰিখত যোগেনৰ বেমাৰ হৈ আদালতত হাজিৰ হ’ব নোৱাৰা দিনবোৰৰো অন্ত পৰিল।
আজি তাইৰ গোচৰটোৰ ৰায় দিব। ভগবানক ধিয়াই আজি ওলাইছে তাই। লগত মুনুকণ। আজিৰ পৰা তাইৰ জীৱন সলনি হ’ব, অন্যায়ৰ বিচাৰ হ’ব। ৰাতিপূৱাৰে পৰা ৰৈ আছে তাই টিনৰ চালিখনৰ তলত। “অৰ্ডাৰ”বোৰ দেৰিকৈ দিয়ে বোলে। তাই গধুলিলৈকে ৰখিব লাগিবও পাৰে। “হ’ব, তাই ৰ’ব।” মুনুকণৰ কাৰণে তাই সকলো কথাতে গোটেই জীৱন পৰ্যন্ত অপেক্ষা কৰিব পাৰে।

তিনি বাজিল..
“অ মাই, ভোক লাগিছে, ব’লনা”
“যাম ৰ’হ বাবা”
.ৰাতিপুৱা সাত বজাতে ভাত খাই অহা মুনুকণক বাহিৰত থকা চাহৰ দোকানৰ পৰা কেক এটা কিনি খুৱাইছিল দুপৰীয়া। ভোক লগাত সি আকৌ আমনি কৰিবলৈ ধৰিলে।
.

“অ মা, মোৰ টোপনি ধৰিছে, ব’লনা”

“যাম ৰ’হ বাবা” । সময়বোৰ গৈ আছে।

শীতকাল। নৈৰ পাৰৰ ফেৰফেৰীয়া বতাহজাকে হাড়লৈকে কঁপাই দিছে। গোটেই আগবেলাটো ৰ’দত মানুহৰ মাজে মাজে দৌৰি ফুৰা মুনুকণ দুপৰীয়াৰ পাছত মানুহ পাতল হোৱাত আহি তাইৰ বুকুত সোমাইছেহি। সুৰ্যটো একটীয়া হোৱাৰ পাছত শীত আৰু এক তীব্ৰ অনামী ভয়ে তাইক শাণি ধৰিছে।

উপসংহাৰ:

ঘৰলৈ বুলি বাছত উঠিবলৈ যাওঁতে তাই অনুভৱ কৰিলে তাইৰ গতিৰ বিপৰীত ফালে পৃথিৱীখন তীব্ৰ বেগেৰে আতৰি গৈছে। শূন্যতাৰ ফালে আগুৱাই গৈ আছে তাই। চৰিত্ৰহীন তাই। চৰিত্ৰহীন পত্নীয়ে খোৰাকি নাপায়। চৰিত্ৰহীন মাকৰ লগত সন্তানৰ ভবিষ্যতো নিৰাপদ নহয়। “অপ’জিত পাৰ্টীৰ” উপাৰ্জনো আগৰ দৰে নহয়। গিৰিয়েকৰ অইন দ্বায়িত্বও আছে। কোনোদিন ঘৰ গচকি নোপোৱা বিধবা বায়েকৰ খোৰাকিৰ দ্বায়িত্ব। সেয়ে তাই বিচৰা পৰিমাণৰ পাঁচভাগৰ এভাগো মুনুকণৰ কাৰণে নাপালে। আজি তাই ককায়েক-বৌয়েকৰ চকুত কেনেকৈ চকু থ’ব?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments