স্বপ্নিল হৃদয়ৰ গান -মল্লিকা শৰ্মা বৰদলৈ

“পৰজনমৰ শুভলগনত যদিহে আমাৰ হয় দেখা” …

: মনে মনে থাকাচোন, আৰু বেলেগ গান নাজানাই নেকি?
গানটো আওৰাব লৈছিলোঁহে, তাই বিৰক্ত হৈ যিটোহে ধমকি মাৰিলে বন্ধ কৰিবলৈ বাধ্য৷ কিয় জানো এই গীতটো বাৰে বাৰে গাই থাকিবলৈ মন যায় মোৰ৷ মই জানো তাই মোৰ গীত শুনি খুব ভালপায়৷ কেবল এই গীতটোৰ ক্ষেত্ৰত হে এনেকুৱাখন কৰে৷ হ’ব, আৰু কাজিয়া লগাতকৈ এনেই গীটাৰখন বজাই থাকিলোঁ..
ৰাগিণী আৰু মোৰ চিনাকি দুবছৰৰ পৰা৷ তাইক গানৰ ক্লাছলৈ আহোঁতেই লগ পাইছিলোঁ৷ একেটা ক্লাবতে তাই নাচ শিকাই, মই গান শিকাওঁ৷ সদায়ে দেখা-দেখি হয় যদিও এদিন মিটিং এখনত একেলগে বহোতেহে চিনাকি হৈছিলোঁ আমি৷ দেখিবলৈ খুব ধুনীয়া নহয় যদিও কিবা এটা আছে চকুত, যিটোত মই আকৰ্ষিত হৈছিলোঁ৷ তাইৰ আৰু মোৰ মাজত খুব সোনকালেই বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল৷ তাই মোৰ লগত সকলো কথা আলোচনা কৰে৷ ময়ো ভবা কথাবোৰ তাইক নজনোৱালৈকে শান্তি নাপাওঁ৷ ক্লাছৰ পৰা একেলগেই ওলাই যাওঁ৷ গোটেই ৰাস্তাটো একেলগে খোজ কাঢ়োঁ৷ যদিও মোৰ বাইক আছে, তায়ো বাছত যোৱাৰ সুবিধা আছে, তথাপি তাইৰ লগত এই অকাৰণতে খোজ কঢ়াটো কিবা অভ্যাস যেন হৈ পৰিল৷ ছোৱালীজনী শান্ত কিন্তু খংটোও কম নহয়৷ কেতিয়াবা সৰু কথাতেই কিবা যেন দমাই ৰখা খং এটাই উক দিয়ে তাইৰ৷ এদিন মই তাইৰ ঘৰলৈ যাম বুলি কওঁতে ক’লে
: সদায় লগ পাই থাকাই, কিবা ক’ব থাকিলে ইয়াতেই ক’বা, কিহৰ বাবে বিনা কাৰণত ঘৰলৈ যাবলগীয়া হ’ল?
শপত খাই ক’লোঁ সেইদিনা, তাইৰ ঘৰলৈ আৰু মৰিলেও নাযাওঁ৷ বেছি কৰে কিবা৷ তেতিয়া অৱশ্যে তাইৰ বিষয়ে বিশেষ একো নাজানিছিলোঁ৷
বাৰু যি নহওক ছোৱালীজনীৰ অন্তৰখন ভাল৷ মানুহৰ দুখবোৰ বুজে৷ কেতিয়াবা কাৰোবাৰ বাবে চকুও সেমেকি উঠে৷ বৰ মৰম লাগে তেতিয়া তাইলৈ৷ ব্যক্তিগত বিদ্যালয় এখনত শিক্ষকতা কৰে ৰাগিণীয়ে৷ তাতে পোৱা নিজৰ সামান্য পৰিমাণৰ দৰমহাৰ পৰা কেতিয়াবা অনাথ আশ্ৰমৰ শিশুবোৰৰ কাৰণে কিবাকিবি লৈ যায়৷ তাইৰ সিহঁতৰ লগত কটোৱা সময়খিনিত চকু-মুখ যেনেকৈ হাঁহিৰে উজ্জ্বল হৈ পৰে, আন কোনো সময়তে সেই হাঁহি নেদেখোঁ৷ অন্তৰত ইমান দুখ লুকুৱাই ৰখাৰ পিছতো ইমান নিস্বাৰ্থ মনটো৷ তাইৰ সন্মুখত নিজকে বৰ সৰু সৰু লাগে ভাবিলে৷
ৰাগিণীৰ কথা ভাবি নিজক পাহৰি থাকোঁতেই ফোনটো বাজিল, ৰাগিণীৰেই ফোন৷
: হেল্ল’, আপুনি এতিয়া আহিবনে?
সিফালৰ পৰা ৰাগিণীৰ ভায়েকে মোক সুধিলে, তাইৰ নম্বৰটো যে ভায়েকে ব্যৱহাৰ কৰি আছে পাহৰিয়েই যাওঁ ..
: আধা ঘণ্টাৰ ভিতৰতে পামগৈ। – কৈয়ে মই ফোনটো কাটি দিলোঁ৷ লৰালৰিকৈ যাবলৈ সাজু হৈ, বাইক ষ্টাৰ্ট দিলোঁ৷ ৰাগিণীৰ কথাবোৰ মনত দোলা দি থাকিল৷
ৰাগিণীৰ বয়স চাগে দহ নে এঘাৰ আছিল, তেতিয়াই তাই মাকক হেৰুৱাইছিল৷ ঘৰখনত তেতিয়া কেবল দেউতাক আৰু তাই৷ দেউতাক একপ্ৰকাৰ ভাগি পৰিছিল, সেই ঘটনাৰ পিছত৷ সংগীহীন জীৱন সহজ নহয় বাবেই সম্পৰ্কীয় মানুহবোৰে দ্বিতীয় বিবাহৰ কথা ক’লেও ৰাগিণীৰ কথা ভাবিয়েই দেউতাকে মত দিয়া নাছিল৷ সকলো কথা বুজা হোৱা সৰু ছোৱালীজনীয়ে বুজিছিল দেউতাকৰ নিসংগতাৰ কথা৷ বাৰে বাৰে নতুন মাক এগৰাকী আনিবলৈ অনুৰোধ কৰিছিল দেউতাকক৷ দেউতাকে তাইক বুজাইছিল, নতুন মাক অনাতো কিয় সহজ নহয়৷ দেউতাকক আচৰিত কৰি তাই হেনো কৈছিল, “চিন্তা নকৰিবা দেউতা, মোৰ নতুন মাই মোক মৰম কৰিব, ময়ো মৰম কৰিম।” তাইৰ আব্দাৰতে অৱশেষত দেউতাকে মত দিবলগীয়া হৈছিলগৈ৷ ঘৰলৈ ৰাগিণীৰ নতুন মাক আহিল৷ সঁচাকৈয়ে তাইৰ কোমল মনৰ প্ৰাৰ্থনা ভগৱানে শুনিছিল চাগে’৷ মাকে তাইক প্ৰথমৰপৰাই নিজৰ সন্তানৰ দৰে মৰম কৰিব লৈছিল৷ নতুন মাকক কেতিয়াৰপৰা নো তাই ‘মা’ বোলা আৰম্ভ কৰিলে তাইৰ নিজৰেই মনত নপৰে৷
সকলোবোৰ সুন্দৰকৈ চলি আছিল৷ এবছৰ পিছতে ৰাগিণীৰ ভায়েকো আহিল পৰিয়াললৈ৷ তাইৰ আনন্দৰ সীমা নাই৷ কিমান যে মৰম কৰে ভায়েকক৷ মাকৰ ওচৰত যেন তাই কৃতজ্ঞ৷ এবছৰ দুবছৰ কৈ সময়বোৰ পাৰ হৈ গৈ থাকিল৷ ভায়েক ডাঙৰ হৈ আহিল৷ ৰাগিণী চকুতলগা গাভৰুজনী হ’ল৷ কিন্তু সুখবোৰ যে ক্ষণস্থায়ী৷ সুন্দৰকৈ চলি থকা সংসাৰখনৰ হঠাৎ কথাবোৰ সলনি হৈ গ’ল৷ সেইদিনা, ৰাতিপুৱা সুস্থ হৈ থকা দেউতাকজনৰ অফিচলৈ গৈ গাটো বেয়া লাগিল৷ অফিচত থকা অৱস্থাতে ঢলি পৰিল তেওঁ, “হাৰ্টএটেক”..৷ চিকিৎসালয়লৈ নিয়া হ’ল যদিও মানুহজন আৰু উভতি নাহিল৷ ৰাগিণী কোনোবাখিনিত অকলশৰীয়া যেন হৈ পৰিল৷
দেউতাকৰ মৃত্যুৰ পিছত সিহঁতৰ ঘৰলৈ মহাক আৰু মাহীয়েক মানে মাকৰ ভনীয়েক আৰু ভনীজোঁৱায়েক সঘনাই আহিবলৈ ল’লে৷ ৰাগিণীয়ে লক্ষ্য কৰিছিল, প্ৰতিদিনেই তেওঁলোক যোৱাৰ পিছত মাক যেন গহীন হৈ পৰে৷ ৰাগিণীৰ কথাবোৰত গুৰুত্ব নিদিয়ে৷ মাকে যদিও তাইক বেয়াকৈ একো নকৈছিল, তথাপি ক’ৰবাত কিবা অলপ সলনি হ’ব ধৰিছিল লাহে লাহে৷ তাৰ মাজতে ঘটিছিল সেই ঘটনাটো, যিটোৱে তাইৰ জীৱন সলনি কৰি পেলাইছিল৷
ৰাগিণীৰ সেইদিনা গাটো ভাল নাছিল বাবে নাচ শিকাবলৈ যোৱা নাছিল৷ মাকে ভায়েকক লৈ গৈছিল টিউচনলৈ৷ তাই সন্ধিয়া অকলে আছিল ঘৰত৷ তেনে সময়তে মহাকৰ ভায়েকজন আহিছিল ফুৰিবলৈ৷ তাই অলপ অশান্তি পাইছিল, তথাপি সৌজন্যৰ খাতিৰতেই ভিতৰলৈ মাতি দুই এটা কথাৰ অন্তত চাহ বনাবলৈ পাকঘৰলৈ গৈছিল৷ হঠাৎ তাইৰ কঁকালটো কোনোবাই পিছফালৰ পৰা খামোচ মাৰি ধৰা যেন পাই, উভতি চাই দেখিছিল তাৰ হিংস্ৰ চাৱনিটো৷ হাতখন এৰুৱাই আঁতৰি যাব খোজোঁতে তাইৰ কাপোৰত টানি ধৰিছিল সি৷ সম্ভাব্য বিপদৰ উমান পাই, উতলি থকা চাহৰ চচপেনটোকেই তাৰ গালৈ দলিয়াই দি বাহিৰলৈ দৌৰিছিল তাই৷ সি কি কৰিছিল তাই নাজানে, মাথোঁ গেঙনিৰ দৰে শব্দ এটা কাণত পৰিছিল৷ তাই ভাবিছিল মাকহঁত আহিলে ঠিক হ’ব সকলোবোৰ৷ তাক তাৰ ব্যৱহাৰৰ উচিত শাস্তি দিব৷ কিন্তু কথাবোৰ হোৱা নাছিল তেনেকুৱা৷ মাকহঁত অহাৰ অলপ পিছতে মহাক আৰু মাহীয়েক আহি ওলাইছিল৷ কোনেও তাইৰ কথাখিনি শুনিব খোজা নাছিল৷ তাৰ চিঞৰৰ ওচৰত তাইৰ মাত তল পৰিছিল৷ তৰ্ক-বিতৰ্কৰ অন্তত মাক আৰু মাহীয়েকে কৈছিল,
: নিজে সুযোগ নিদিলে কোনেও ইমান কাষ চাপিবলৈ সাহস নকৰে।
সেই এষাৰ কথাতেই স্তব্ধ হৈ ৰৈ গৈছিল ৰাগিণী৷ কাকো একো বুজোৱা নাছিল আৰু৷ কান্দিবলৈ ইচ্ছা নাছিল৷ কোনোমতে সেই ৰাতিটো দুৱাৰ বন্ধ কৰি সোমাই থাকিল, পিছদিনা পুৱাই নিজৰ অতি মৰমৰ বস্তুকেইপদমান সামৰি লৈ আঁতৰি আহিল ঘৰৰ পৰা৷ বন্ধুৰ সহায়ত এখন প্ৰাইভেট হোষ্টেল বিচাৰি, তাৰ পৰাই চাকৰি আৰু নাচ শিকোৱা কামটো কৰি নিজৰ খৰচ উলিয়াই থাকিল তাই৷ কোনেও তাইক বিচাৰি নাহিল৷ ভায়েকে অৱশ্যে তাইৰ খবৰ লৈ থাকিল৷ সি হেনো তাইক এই কথাখিনিৰ কাৰণে কেতিয়াও ভুল বুজা নাই৷ তাৰ পিছতহে তাইৰ লগত মোৰ চিনাকি৷ এইখিনি কথা এদিন মন খুলি তায়েই কৈছিল মোক৷ কাকো বিশ্বাস নকৰা ছোৱালীজনীয়ে হয়তো মোক বিশ্বাস কৰিছিল৷ সেইদিনাৰে পৰা ৰাগিণীৰ প্ৰতি মোৰ অন্তৰত সন্মান আৰু বাঢ়িল৷ চাওঁতে চাওঁতে কেতিয়ানো তাইৰ প্ৰেমত পৰিলোঁ মই গমেই নাপালোঁ৷ সেইদিনা ক’ম বুলি ভাবোঁতেই ৰাগিণীৰ গাটো বেয়া লাগিল বাবে তাইক ঘৰত থৈ গুচি আহিলোঁ৷
অতীতৰ স’তে বিচৰণ কৰি কেতিয়ানো লক্ষ্যস্থান পালোহি ধৰিবই নোৱাৰিলোঁ৷ বাইকখন ভালকৈ থৈ, এইকেইদিন চিনাকি হৈ পৰা বাটটোৰে খোজ দিলোঁ৷ ‘আই চি ইউ’ৰ বাহিৰত চেন্দেল খোলাৰ কথা ক’ব নালাগে এতিয়া কোনেও৷ এপ্ৰনখন পিন্ধি মই ৰুমটোত সোমালোঁ৷ ৰাগিণীৰ ভায়েক বাহিৰতে ৰৈ আছিল৷ মই ভিতৰলৈ সোমাই আহিলোঁ৷ এয়া বিছনাত শান্ত হৈ শুই আছে তাই, মোৰ ৰাগিণী৷ সেইদিনা গাটো বেয়া লগা বুলি কোৱাৰ পিছত তাইক ৰুমত থৈ উভতি আহিলোঁ৷ মাজৰাতি হোষ্টেলৰ পৰা ছোৱালী এজনীয়ে ফোন কৰিলে৷ ৰাগিণীৰ মূৰটো ঘূৰোৱা বুলি কৈ বাগৰি পৰিছিল হেনো৷ মই ঢপলিয়াই গ’লোঁ৷ অচেতন অৱস্থাতেই আমি তাইক চিকিৎসালয়লৈ লৈ আহিলোঁ৷ চিকিৎসকে বহুত কিবাকিবি কৈছে৷ ৰাগিণীৰ হেনো মনৰ ৰোগ৷ অত্যন্ত মানসিক চাপ আৰু বুকুত কঢ়িয়াই ফুৰা গধুৰ বোজাৰ ফলত হোৱা, হতাশাগ্ৰস্ত, অকলশৰীয়া যেন লগা মানসিক স্থিতি৷ কি হৈছে, কি হোৱা নাই সেইবোৰ মই নাজানো৷ মই মুঠতে জানো ৰাগিণী সুস্থ হৈ উঠিব৷ ৰাগিণীৰ হাতখন আলফুলে হাতত লৈ কাষতে বহিছোঁ, কিজানিবা তাই মোৰ হৃদয়ৰ শব্দ শুনেই৷ কিমান যে নিসংগ তাই৷ আজি আশা কৰিছোঁ সেই একেটা গান হৃদয়ত বাৰে বাৰে বাজি উঠক, তাই শুনক আৰু মোক কওক, মনে মনে থাকাচোন, পৰজনম নহয়, এই জনমতেই আমি দুয়ো দুয়োৰে …৷
অজানিতেই হাতখন জোৰকৈ খামুচি ধৰি তাই নুশুনাকৈয়ে কৈ গৈছোঁ..
: মই তোমাক এই নিসংগতাৰ পৰা আঁতৰাই লৈ যাম৷ কেতিয়াও আৰু অকলশৰীয়া হ’ব নিদিওঁ৷ জানানে, বহুত বহুত ভালপাওঁ তোমাক ..৷
কথাখিনি কওঁতে চকুপানীখিনি নিগৰি আহি তাইৰ গালতে পৰিল৷ মচি দিব খোজোতেই চকু মেলি চালে তাই৷ যেন অত দেৰি সাৰেই আছিল৷ কি কৰিছোঁ মনে মনে চাই আছিল৷ হাতবাউল দি মোক কাষলৈ মাতিলে তাই৷ কাষলৈ, বহুত কাষলৈ চাপি গ’লোঁ৷ তাইৰ উশাহবোৰ স্পষ্টকৈ শুনিছোঁ৷ অৱশ যদিও, স্পষ্ট সুৰত ক’লে তাই,
: পাগল! পৰজনমৰ নহয়৷ বেলেগ গীত এটা শুনোৱাচোন জীৱনৰ, হেঁপাহৰ, প্ৰাপ্তিৰ গীত…
ৰাগিণীৰ চকুত চকু থ’লোঁ৷ একো নোকোৱাকৈয়ে যেন এইমাত্ৰ বহুত কিবা কৈ গ’ল মোক৷ স্পষ্টকৈ দেখিছোঁ, তাইৰ দুচকুত এতিয়া তিৰবিৰ এজাক সপোন ….৷ ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
PRANKRISHNA Bhuyan
3 years ago

ভাললাগিল পঢ়ি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক