স্বপ্নৰ দেশলৈ – হৃদয় কুমাৰ ডেকা

অফিচৰ পৰা আহি সীমান্তই দুৱাৰখন খুলি কোঠাত সোমাল৷ হাতৰ বেগটো বিছনাত দলিয়াই দিলে৷ চোলাৰ বুটাম দুটামান খুলি আৰামী চকীখনত ব’হি দিলে৷ ভাগৰে হেঁচা মাৰি ধৰিছে সীমান্তক৷ বাসবী তেতিয়ালৈ আহি পোৱা নাই৷ অনিচ্ছা স্বত্তেও সি ঘড়ীটোলৈ চালে, চাৰে আঠ বাজিল৷ আৰু প্ৰায় এক ঘণ্টা, ( মনতে ভাবিলে সি)৷ তাৰ পাছত চকুহাল মুদি শুই দিলে৷
মুহুৰ্ততে সি তাৰ আপোন ঘৰখনলৈ উভতি গ’ল৷ কিমান সুখৰ, কিমান সুন্দৰ আছিল সিহঁতৰ ঘৰখন৷ মাক -দেউতাকে কৰা মৰমৰ ধেমালিবোৰ, ভায়েক হঁতৰ লগত কৰা সৰু সৰু কাজিয়াবোৰ, সন্ধিয়া সকলোৱে একেলগে বহি চাহত শোহা মাৰি কৰা আড্ডাৰ সময় বোৰ৷ সকলো বোৰ এটা এটাকৈ তাৰ চকুৰ আগত ভাঁহি আহিব ধৰিলে৷ কিমান সৰল, কিমান সুখৰ আছিল সিহঁতৰ ঘৰখন৷ টকাৰ অভাৱ আছিল যদিও, মৰম আৰু সময়ৰ অভাৱ নাছিল সিহঁতৰ৷ দেউতাকৰ সৰু চাকৰিটোৰে সিহঁতৰ সৰু পৰিয়ালটো জোৰা টাপলি মাৰি সুন্দৰভাৱে চলি আছিল৷
“মানুহৰ অভাৱৰ অন্ত নাই কিন্তুু সুখ লভিব জানিলে থকা খিনিৰেই সুখী হ’ব পাৰি৷” – দেউতাকে এইটো কথা প্ৰায়ে শুনাইছিল তাক৷

পঢ়া শুনাৰ অন্তত, সময়ৰ সোঁতত খাপ খাবলৈ সি চাকৰি বিচাৰি চহৰলৈ আহিছিল৷ চৰকাৰী চাকৰি নাপালে যদিও, কোম্পানীৰ চাকৰি এটাত যোগদান কৰিলে৷ দৰমহা ভালেই, মাত্ৰ কামৰ সময় বেছি, আঠ ঘণ্টা কাম কৰিব লাগে৷ কেতিয়াবা বেছিকৈ পলম হয়৷ এইদৰেই ব্যস্ততাৰে পাৰ হৈ থাকিল দিনবোৰ৷
চহৰ খনলৈ অহাৰ পিছত কেইমাহমান পিছতেই বাসবীৰ সৈতে তাৰ চিনাকি হৈছিল৷ কলেজত পঢ়ি আছিল বাসবী৷ লাহে লাহে দুয়োৰে মাজত আত্মীয়তা বাঢ়ি যায়৷ দুয়ো দুয়োকে ভাল পাবলৈ আৰম্ভ কৰে৷ কষ্টৰ মাজতো কিছু ভাল লগা সময় পাৰ হয় সীমান্তৰ৷ এদিন সকলোৰে সন্মতিত দুয়োৰে বিয়া হৈ যায়৷

দিন গৈ থাকিল, সময় বোৰ পাৰ হৈ গৈ থাকিল৷ সীমান্ত কামলৈ যোৱাৰ পিছত বাসবী অকলশৰীয়া হৈ পৰে৷ তাইৰ আমনি লাগিবলৈ ললে, দুকোঠলীয়া ভাড়া ঘৰটোত কিমান সোমাই থাকিব এইদৰে, অকলে অকলে৷ এদিন তাই সীমান্তক প্ৰস্তাৱ দিলে, তায়ো কাম কৰিব, যিহেতু তাইৰো যোগ্যতা আছে কাম কৰাৰ৷
সীমান্তই মানা নকৰিলে, সি বুজি পায়, বাসবী দক্ষ, গতিকে কাম কৰক, তাইৰ সময় খিনিও ব্যস্ততাৰে পাৰ হব৷
খুব সোনকালেই তাই চাকৰি এটা যোগাৰ কৰি ললে৷ প্ৰথমতে ভালেই লাগিল দুয়োৰে৷
লাহে লাহে দুয়োৰে আমনি লাগিবলৈ ললে৷ দুয়ো ৰাতিপুৱা ওলাই যায়, কোন কেতিয়া আহি পায়, ঠিকনা নাই৷ যিহেতু আনৰ তলতীয়া কাম৷    যিজনে প্ৰথমতে আহি পায়, খোৱা বোৱাৰ যোগাৰ কৰি, নিজৰ খিনি খায় শুই যায়৷ সম্পূৰ্ণ যান্ত্ৰিক জীৱন৷ ঠিক ঘড়ীৰ কাঁটাৰ দৰে ঘূৰি আছে সিহঁত দুয়ো, কেন্দ্ৰ বিন্দু একেটাই কিন্তুু কোনো কাকো মাত দিবৰ সময় নাই, ওচৰেৰে পাৰ হৈ যোৱাৰ পাছতো, মাথোঁ ঘূৰি আছে৷
সীমান্তই কেতিয়াও কামনা কৰা নাছিল এনেকুৱা এটা ব্যস্ত জীৱনৰ৷ টকাৰ প্ৰতিও তাৰ কোনো বিশেষ লালসা নাছিল৷ মাত্ৰ জীয়াই থাকিবৰ জোখাৰে হলেই হ’ল৷ এতিয়া সিহঁতৰ টকা হৈছে, কিন্তুু অভাৱ হৈছে সময়ৰ৷ সিহঁতৰ হাতত সময় নাই, এষাৰি মৰমৰ মাত দিবলৈ, অকণমান ভালপোৱাৰ আদান-প্ৰদান কৰিবলৈ৷ ইমান ব্যস্ত, যান্ত্ৰিক জীৱন, নাক কোচ খাই যায় সীমান্তৰ৷
সীমান্তৰ আমনি লাগিছে৷ সি উভতি যাব বিছাৰিছে, দেউতাকৰ দৰে সৰু সংসাৰ এখনলৈ, য’ত অভাৱ থাকিলেও সুখ থাকে৷ কামৰ ব্যস্ততাৰ অন্তত ঘৰলৈ আহিলে বাসবীয়ে একাপ চাহ দিব, ঠিক মাকে তাৰ দেউতাকক দিয়াৰ দৰে৷ সি আকৌ উভতি যাব বিচাৰে সন্ধিয়াৰ চাহ কাপ মাক দেউতাকৰ স’তে একেলগে খাবলে৷ গধূলিৰ ভাত সাজ খাওঁতে বহুত কথা পাতিবলে৷ সি উভতি যাব বিচাৰে আকৌ এবাৰ তাৰ পুৰণি ঘৰখনলৈ, পুৰণি গাওঁখনলৈ৷
সীমান্তই আজি বাসবীৰ সৈতে কথা পাতিব, উভতি গাঁৱলৈ যোৱাৰ কথা৷ কিমান দিন যে হ’ল সি তাইৰ সৈতে ভালকৈ কথা নপতা৷ সি আজি কথা পাতিব, বহুত কথা, দুয়োৰে বুকুত ঠাহ খাই থকা মৰমকো খুচৰি উলিয়াব জোঙাল নখেৰে৷ কিমান মৰম আছিল সিহঁতৰ মাজত৷ সি সুখী হ’ব এতিয়া, ধনী হৈ আমুৱাইছে তাক৷
ঠিক চাৰে ন বজাত বাসবী আহিল, দুখে ভাগৰে জুৰুলা হৈ৷ দুৱাৰখন খুলি ভিতৰলৈ সোমাই, লাইটো জ্বলাই দিলে৷ সীমান্ত চকীখনত ব’হি আছে৷

বাসবী:  কি হ’ল, তুমিও এতিয়াহে আহিলা নি কি?

বাসবীৰ মাতত সীমান্ত উচপ খাই উঠিল , সি ভাৱনাত বিভোৰ হৈ আছিল৷

সীমান্ত: নাই, পলম হ’ল আহি পোৱা৷

বাসবী: পিছে, কাপোৰ খোলাই নাই, তেনেকৈ আন্ধাৰত বহি আছা৷

সীমান্ত: ভাগৰ লাগিছে অ৷

বাসবী: মোৰো বহুত ভাগৰ লাগিছে, একো খাবৰো মন নাই৷ (বাসবী বিছনাখনত বহি পৰিল )

সীমান্ত: মই এটা কথা ভাবিছো বাসবী৷ আমি গাঁৱলৈ উভতি যাওঁ ব’লা৷ তাত আমাৰ সকলো আছে, আৰু ইয়াত নথকা বহুত বস্তুৱেই পাম তাত৷

বাসবী: তুমি মোৰ মনৰ কথাই কৈছা সীমান্ত৷ ময়ো কথাটো বহুদিনৰ পৰাই ভাবি আছো৷ কি বিছাৰি কি পাইছো আমি৷ টকাৰ অভাৱ পূৰাবলৈ গৈ সময় আৰু মৰমৰ ইমান অভাৱত পৰিলোঁ আমি৷ মনত পেলোৱাচোন, আমি কিমান দিন একেলগে বহি একাপ চাহ এসাজ ভাত খাব পোৱা নাই৷ অথচ আমি এটা ঘৰতে পতি পত্নী হিচাপে আছো ৷ ইমান যান্ত্ৰিকতা ময়ো বিচৰা নাছিলোঁ সীমান্ত, কিন্তুু কেনেকৈ ইমান যান্ত্ৰিক হৈ পৰিলোঁ, গমেই নাপালো৷

সীমান্ত: পিছে এয়াই শেষ সিদ্ধান্ত৷ আমি গাঁৱলৈ উভতি যাম৷ তাতেই সৰুকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম৷ মা-দেউতাও আছে, ঘৰটোও আছে৷ অহা সপ্তাহৰ ভিতৰতেই যোৱাৰ সিদ্ধান্ত লৈছো৷

বাসবী:ঠিক আছে বাৰু, মই কাইলৈ চাকৰিটো এৰি দিম৷ টকা পইচাই আমোৱাইছে মোক৷ তোমাৰ মৰমহে লাগে মোক৷ ( বাসবীয়ে সীমান্তৰ ওচৰত বহি, তাৰ কোলাত মূৰটো পেলাই দিলে৷ )

সীমান্ত:ময়ো কাইলৈ চাকৰি এৰিম৷ ঘৰত খবৰটো জনাম৷ (সি তাইৰ মূৰত হাত বুলাই বহি থাকিল৷ )

সীমান্ত: ব’লা এতিয়া৷ কিবা এটা ৰান্ধি খাব লাগিব, বহুত ভোক লাগিছে৷ উঠা, কাপোৰ সলোৱা৷

দুয়ো আনন্দ মনেৰে খোৱাৰ জোগাৰ কৰাত ব্যস্ত হৈ গ’ল৷ ঘৰলৈ উভতি যোৱাৰ আনন্দত সকলো দুখ ভাগৰ দূৰতে বিদূৰ হ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments