স্বপ্ন (দেৱব্ৰত গগৈ)

 

 

ল’ৰাটো শকত ৰঙা-বগা আছিল, শকত হোৱাৰ বাবেই দেখিবলৈ চাপৰ আছিল। আমি অঘাইটংমখাই “বগা-দমৰা” নাম দিছিলো তাক। হাইস্কুলৰ তলৰ ক্লাচৰ পৰা একেলগে পঢ়িছিলো তাৰ লগত। আমি “এ” চেকচনত আছিলো সি “বি” চেকচনৰ আছিল। পঢ়া শুনাত ঠিকেই আছিল।

নব্বৈৰ দশকৰ সেই বিভীষিকাময় দিনবোৰতে সি এদিন নোহোৱা হৈ গ’ল। আমিবোৰ আচৰিত হৈ গৈছিলোঁ কাৰণ হাতত অস্ত্ৰ লৈ দেশ উদ্ধাৰ কৰিবলৈ গাঁৱৰ ল’ৰাবোৰহে যায়, আমি টাউনত থকা কেইটাই পঢ়িবহে লাগে। সি টাউনৰ মাজ-মজিয়াত বাস কৰা ল’ৰাটো কেলেই গুচি গ’ল হাবিলৈ ? দেশ উদ্ধাৰ কৰিবলৈ? কেইদিনমান খুব চৰ্চা চলিল তাক লৈ, সি নিৰুদ্দেশ হোৱাটোক লৈ। কিছুমানে ক’লে সি কাচিন লৈ গ’ল, কিছুমানে ক’লে চৰাইপুংলৈ আৰু কিছুমানে ক’লে বাংলাদেশলৈ। যলৈকে নাযাওক সি আমাৰ মাজৰ পৰা গুচি গ’ল। কান্ধত পেলাই লোৱা কাপোৰৰ বেগটো, হাতত ক’লা ছাতিটো, ভৰিৰ হাৱাই ছেণ্ডেলযোৰৰ পৰা ওলোৱা চিটিকনিৰে তাৰ পিঠি আৰু কলাফুলত বোকাৰে বছা ফুলবোৰ। তাৰ কথা মনত পৰিলেই মোৰ আজিও সেই দৃশ্যটো মনত পৰে লগতে মনত পৰে এদিন সি নাথ ছাৰৰ ভয়ত ভুলকৈ আমাৰ চেকচনত যে সোমাইছিল!

হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল, কলেজ, মেজৰ ক্লাচ, চিনেমা, পাণদোকানৰ আড্ডা এইবোৰৰ ভিৰত সি আমাৰ মাজৰ পৰা লাহে লাহে আঁতৰি গ’ল। বাটত কেতিয়াবা ককায়েকক দেখো, সিও যেন পাহৰি পেলাইছে তাক।

তেনেকুৱাতে এদিন পেপাৰত শিৰোনাম এটা পালো “ …….নেতৃত্বত পঞ্চাশজনীয়া দুৰ্ধষ উগ্ৰপন্থীৰ দলৰ সীমান্তত প্ৰৱেশ, আৰক্ষীৰ নিদ্ৰাহৰণ ….” তেনেকুৱা শিৰোনাম তেতিয়ালৈ অসমবাসীৰ বাবে সহজ হৈ পৰিছিল। গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে তাৰ বহুবছৰ আগতেই “সমীৰণ বৰুৱা আহি আছে” লিখি পেলাইছিল, সেয়ে এইটো শিৰোনামে লৈ অনা নাছিল অসমবাসীৰ বাবে কোনো উত্তেজনা। সীমান্তত সোমোৱা সেই পঞ্চাশজনৰ আধাখিনি হয় গুলি খাই মৰিব নহয় আত্মসৰ্মপণ কৰিব। যেন এক গতানুগতিকতা। আমিও আশা কৰিবলৈ ধৰিলোঁ, সি কেতিয়া মুকলিকৈ ঘুৰিব তাৰ চিনাকি টাউনখনত? তাৰ হাতত চৰকাৰে ৰাখিবলৈ অনুমতি দিয়া মাৰণাস্ত্ৰ থাকিব পাৰে, থাকক কোনো আপত্তি নাই, আত্মসৰ্মপণৰ এমাহ নৌ হওঁতেই তাৰ পুৰণা অসম আৰ্হিৰ ঘৰটোৰ সন্মুখত এগালমান বালি ইটাৰ দ’ম বান্ধিলেও বান্ধক, আড্ডা মাৰিবলৈ আহিলে পুৰণা ৰেঞ্জাৰখনত নাহি চঞ্চল জীপছিখনত আহিলেও আহক, মাত্ৰ সি আহ্ক। আমি সকলোৱে তাকে কামনা কৰিলোঁ। বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত তাৰ গুলীবিদ্ধ নিথৰ দেহাটো আমি চাবলৈ নিবিচাৰিলোঁ। কিন্ত সি নাহিল। আশংকা কৰাৰ দৰে তাৰ নিথৰ দেহটোৰ ফটোও নেদেখিলোঁ। সি পুনৰ নোহোৱা হৈ গ’ল।

আমিবোৰো ইতিমধ্যে ওলাই আহিছিলোঁ। জীৱনটো গঢ়িবলৈ, কিবা এটা কৰিবলৈ। মহানগৰীৰ বুকুত থকোতেই পুনৰ বাতৰিৰ এটা শিৰোনাম দেখিলোঁ। সি হেনো আকৌ আহিছে। এইবাৰো আগতে কৰা আশাখিনিকেই কৰিলো। কিন্ত নাই সি আকৌ গুচি গ’ল।

“ টাউনৰ ল’ৰাই এইবোৰ নকৰে নহয়! টাউনৰ ল’ৰাই পঢ়া শুনা কৰিব লাগে, ভাল মানুহ হ’ব লাগে, এইবোৰ কাম গাঁৱৰ নপঢ়া নুশুনাবোৰেহে কৰিব লাগে ” – সামাজিক কামত আগৰণুৱা কলেজৰ ছাৰ এজনে কৈছিল কথাষাৰ। হয়টো সচাঁ কথাই কৈছিল, গাঁৱৰ ল’ৰাবোৰে জন্ম পাইয়েই দেশ উদ্ধাৰ কৰা কামটোৰ ঠিকা পাই। সেয়ে পঢ়া-শুনা নকৰি হাবিলৈ গুচি যায়, দেশখন আৰু সমাজখন উদ্ধাৰিবলৈ। আমিবোৰ যাওঁ কলেজলৈ, জীৱনটো উদ্ধাৰিবলৈ। সি কিন্ত টাউনৰেই আছিল। তথাপিও গুচি গৈছিল সি। বিপ্লৱক শেতেলীত পোৱা বস্তু বুলি টাউনৰ আন ধুৰন্ধৰ কিছুমানো নোযোৱা নহয়, গৈছিল, কিন্ত পাঞ্জাব আৰু মাৰাঠী ৰেজিমেণ্টৰ বিৰাট চেহেৰাৰ ভাৰতীয় সেনাবোৰক দেখাৰ লগে লগেই তলফালেদি সৰুপানী চুই পিছদিনাখন মুলসুঁতিলৈ গুচি আহিছিল সিহঁত। বিপ্লবক পিছে লগতে লৈ আনিছিল, এগালমান খমখমীয়া নোটৰ ৰুপত আৰু পাছলৈ ছালফা নামৰ অৱতাৰ লৈছিল।

কিন্ত সি যেন অলপ বেলেগ আছিল। সি গৈ থকা ৰাস্তাবোৰ ভুল আছিল নে নাই সেয়া হয়তো আন এক বিৰ্তক, কিন্ত তাৰ লগত গভ্ট স্কুলৰ কাষৰ তেতেলী বেচা দোকানখনৰ মুখত থিয় হৈ আকৌ এবাৰ তেতেলী খাবলৈ খুব মন যায়। নাজানো খাবলৈ পাম নে নাই।

সিদিনা সাংবাদিক বন্ধুক সুধিলো– “ তাৰ খৱৰ কিবা পাৱ নেকি ?”
“সি মৰিল নহয়”?
“সঁচা নে?”
“চিওৰ নহয়, কাৰণ ঘৰলৈ ডেডবডি অহা নাই”।

যুদ্ধত নিৰুদ্দেশ হোৱা দুৰ্ভগীয়া সৈনিকৰ পত্নীয়ে হেনো বহু বছৰলৈকে শিৰৰ সেন্দুৰ নোমোচে, কাৰণ তেওঁৰ বুকুত থাকে অযুত আশা, হয়তো এদিন সেই সৈনিকজন ঘুৰি আহিব।

ঠিক তেনে আশাৰেই বাতৰি কাকতৰ শিৰোনামবোৰ চাও, সি হেৰাই যোৱাৰ দুই দশকৰ পাছতো।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments