স্বপ্ৰতিকৃতি (চামচুল হক)

মই যিটো পাহাৰত থাকোঁ তাৰ বাট সুগম নহয় বাবে
বহুতে মোক চিনি নাপায়
অনেকৰ মাজতো অকলশৰীয়া
নিৰ্জনতাৰ মাজতো মানুহৰ চিয়ঁৰ শুনো বাবে
বহুতে মোক বুজি নাপায়
এনেকি মোক চেলেকি যোৱা
নীলা জুই আৰু পানীৰ জিভাকো
নেদেখে আনে
মই দখল কৰা সেউজীয়া মাটিডোখৰ
মই পিন্ধা চছমাৰ লেন্সখন
খোৱা মেজখন
কলমটো
খুব কম সংখ্যক মানুহৰ লগতহে মিলে

মাৰোঁ বুলি ঢৌটোতে খৰটো মাৰি
ভটিয়াই যাব নোৱাৰোঁ
বন্ধ ঘৰত মূৰ গুঁজি থাকিব নোৱাৰোঁ বাবে
বহুত মানুহে মোক ভুল বুজে

তৰাবছা আকাশখনে মোক মাতিলে
লুণীয়া সাগৰখনে মোক আপ্লুত কৰিলে
নকওক কিয় পেংগুইন বুলি আনে
মোৰ ক’বলগীয়া নাথাকে ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments