স্বর্গ-নৰকৰ দ্বাৰত অসমীয়া নাগৰিক : দিলীপ কুমাৰ বৰা

স্বর্গ-নৰকৰ দ্বাৰত অসমীয়া নাগৰিক

দিলীপ কুমাৰ বৰা

 

বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত সকলো মানুহে পৰলোকৰ এখন দ্বাৰ পাৰ হৈহে স্বর্গ বা নৰকলৈ গতি কৰিব পাৰে। সেই দ্বাৰখনত চিত্রগুপ্তৰ নেতৃত্বত নৰকৰ একছত্রী সম্রাট যম আৰু স্বর্গৰ ৰজা ইন্দ্রৰ বছা বছা প্রতিনিধি মজুত থাকে। চিত্রগুপ্তই মানুহে পৃথিৱীত কৰা পাপ-পুণ্যৰ খতিয়ান সন্নিবিষ্ট প্রকাণ্ড বহীখন লৈ দুই গোটৰ প্রতিনিধিৰ সৈতে বহি থাকে। মৃত্যুৰ পিছত অৱধাৰিতভাৱে মানুহজান সেই দ্বাৰত আহি হাজিৰ হয়। চিত্রগুপ্তই মানুহজনৰ পঞ্জীয়ন নম্বৰ চাই বহীখনত লিপিবদ্ধ পৃথিৱীত তেওঁ কৰা পাপ-পুণ্যৰ মুল্যায়ন কৰে আৰু তেওঁ স্বর্গৰ নিবাসী হ’ব নে নৰকৰ হ’ব, এই জটিল প্রশ্নটোৰ অতি দক্ষতাৰে অংক কৰি সমিধান উলিয়াই ইন্দ্র বা যমৰ প্রতিনিধিৰ হাতত অর্পণ কৰে। লগতে নৰকলৈ গমনৰত মানুহজনৰ শাস্তিৰ ধৰণ আৰু পৰিমাণ নির্ণয় কৰি যমলৈ বুলি এটা টোকা লিখি পঠিয়ায়। তেওঁ প্রস্তুত কৰা টোকা অনুযায়ী কোনো কোনো লোকক কিছুদিন নৰক যন্ত্রণা ভুগিবলৈ দি স্বর্গলৈ যাব দিয়া হয় (যুধিষ্ঠিৰৰ নৰক দর্শন প্রণিধানযোগ্য)। আন আন লোকসকলক পৃথিৱীত সংঘটিত কৰা পাপবোৰ সুঁৱৰি ৰৌ ৰৌ নৰকত লেলাট ভূঞ্জিবলৈ এৰি দিয়া হয়। এওঁলোকক ক্ষমা বা দয়া কৰাৰ কোনো দফা যমৰাজৰ সংবিধানত নাই ।

স্বর্গ-নৰকলৈ যোৱা দ্বাৰত থিয় দি আন সকলো লোকে এটা কথা প্রত্যক্ষ কৰি আচৰিত হয়, অসমৰ পৰা অহা সাধাৰণ লোক বুলি গম পালে চিত্ৰগুপ্তই বহী মেলি চোৱা দূৰৰে কথা, বৰং নিজে উঠি আহি আথে-বেথে পিঠিত চপৰিয়াই স্বর্গৰ প্রতিনিধিৰ হাতত অর্পণ কৰে, লগতে সঁকিয়াই দিয়ে এই নৱাগত অতিথিক স্বর্গত যেন ভালদৰে আল-পৈচান ধৰে। স্বর্গৰ প্রতিনিধিসকলে বোকোচাত তুলি তেওঁক স্বর্গলৈ লৈ যায়। অসমৰ সেই লোকজনৰ দুচকুৱেদি বেদনামিশ্রিত আনন্দাশ্রু বৈ যায়।

পৰলোকৰ এই দ্বাৰত এনে বৈষম্যমূলক আচৰণ দেখি নৰকত বাস কৰা লোকসকল ক্ষুব্ধ হ’ল। তেওঁলোক একত্রিত হৈ ন্যায়ৰ দণ্ডধাৰী যমৰাজৰ কাষলৈ গ’ল আৰু চিত্রগুপ্তৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিলে। চিত্রগুপ্ত আৰু অসমৰ সাধাৰণ মানুহৰ বিৰুদ্ধে তেওঁলোকৰ বিষোদগাৰ শুনি ন্যায়মূর্তি যমৰাজ গৰজি উঠিল, “তহঁতৰ মৰসাহতো কম নহয়, যমৰ অন্যায় দেখুৱাবলৈ তহঁত কোন? এইখন তহঁতৰ অন্যায়ত পীড়িত সাধাৰণ নাগৰিকে ন্যায় বিচাৰি হাবাথুৰি খোৱা মুলুক বুলি ভাবিছ নেকি? এইখন যমৰাজ্য, ইয়াত সকলো ন্যায় হয়। তহঁতে অসমৰ এই নিমাখিত প্রাণী কেইটাৰ বিৰুদ্ধে লাগিছ, চিত্রগুপ্তই পক্ষপাতিত্ব কৰিছে বুলি অভিযোগ আনিছ, মোৰ ন্যায়ৰ ইমেজ লাঘৱ কৰিবলৈ চেষ্টা কৰিছ, মোক জবাবদিহি কৰিবলৈ আহ, তহঁত পাপীবোৰক ষ্পষ্টীকৰণ দিয়াৰ মোৰ কোনো প্রয়োজন নাই, কিন্তু তথাপি মই তহঁতৰ মনৰ শংকা দূৰ কৰিবলৈকে দিছো, মন দি শুন।“ এইবুলি কৈ তেওঁ চিত্রগুপ্তক বহীখন লৈ আহিবলৈ নির্দেশ দিলে। বহীখনৰ পাতবোৰ লুটিয়াই এবাৰ চকু ফুৰাই যমে ক’লে, “অসমৰ এই সাধাৰণ মানুহখিনিৰ দুর্দশাৰ কাহিনীবোৰ শুনিলে তহঁত পাপীকেইটাৰো চকুপানী ওলাব, যদিও মই জানো হৃদয় নামৰ যি অমূল্য সম্পদ এপদ তহঁতক সৃষ্টি কৰোঁতে দি পঠিওৱা হৈছিল, তহঁতে তাক মুঠেই ব্যৱহাৰ নকৰিলি, কৰা হ’লে তহঁত ইয়ালৈ অহাৰ প্রয়োজনেই নহ’লহেঁতেন। এফালে স্বর্গৰ দেৱ-দেৱী সকলৰ কামেই নোহোৱা হৈছে আৰু আমাৰ ইয়াত পাপীসংখ্যাৰ বিষ্ফোৰণ হ’ব ধৰিছে, আমি তহঁতৰ বাবেই গেবাৰি খাতি মৰিবলগীয়া হৈছে। অসমৰ পৰা অহা কেইটাৰ মুখলৈ ভালকৈ চাচোন, তহঁতৰ ফুলা লুচিৰ দৰে মুখৰ বিপৰীতে সিহঁতৰ মুখেই নাই বুলিব পাৰি, নিস্তেজ, শেতা, ৰং বিহীন সেইবোৰ মুখেইনে? ইহঁতৰ দুর্দশাৰ কথা কৈ শেষ কৰিব নোৱাৰি, ইহঁত আকণ্ঠ দুর্নীতিৰ দ্বাৰা পিষ্ট, বিদেশীয়ে ইহঁতৰ মুখৰ ভাত কাঢ়ি খায়, ইহঁতেই পাতি দিয়া অভিভাৱক ইহঁতৰ চৰকাৰে বিদেশীৰ হৈহে ওকালতি কৰে, ইহঁতক মানৱ দৰদী হ’বলৈ উপদেশ দিয়ে; ইহঁত যাতে নিশকতীয়া হৈ একো চিন্তা কৰিব নোৱাৰাকৈ মানসিকভাৱেও ৰুগ্ন হৈ পৰে, তাৰ বাবে অলিয়ে গলিয়ে মদৰ বেহা পাতি দিয়া হৈছে, পিছত মদৰ পৰা উপার্জন হোৱা পুঁজিৰে ইহঁতৰ চিকিৎসাৰ বাবদ কোটি কোটি টকা খৰচ কৰাৰ ভেকো-ভাওঁনা ৰচা হৈছে, ইহঁতৰ আয়ুস আমি যিমান দি পঠিয়াওঁ, ততোকৈ বহু আগতে ইহঁত আহি ইয়াত হাজিৰ হয়। ইহঁতৰ কোনো স্বাধীনতা নাই, যেতিয়াই তেতিয়াই ইহঁতৰ মাত-কথা, চলন-ফুৰণ বন্ধ হৈ যায়, ‘অসম বন্ধ’, অঞ্চল ভিত্তিক বন্ধক সংস্কৃতি বুলি আঁকোৱালি ল’বলৈ ইহঁতক বাধ্য কৰা হৈছে, সেয়েহে ইহঁতে বন্ধক দুষ্কৃতি বোলাৰ সাহস কৰিব নোৱাৰে, স্বাধীনতা দিৱসৰ দিনা ইহঁতৰ নিজকে বেছিকৈহে পৰাধীন পৰাধীন লাগে। সন্ত্রাসবাদী আৰু মেলেটেৰীৰ যুঁজত ইহঁত বিৰিণা মৰাদি মৰে, বানপানীয়ে ইহঁতক নাকনি-কাকনি কৰে, চাওঁতা কোনো নাই, চৰকাৰে বাতৰি কাকতত বৃহৎ অংকৰ বিজ্ঞাপন দি ‘আপুনি বানপানীৰ বাবে প্রস্তুত নে?’ বুলি দুনাই তেওঁলোকক প্রশ্ন কৰি নিজৰ অকর্মণ্যতা ঢকাৰ প্রয়াস কৰে। বছৰৰ বাৰটা মাহত তেৰটা চান্দা ইহঁতে দিবই লাগিব, ন’হলে ইহঁতৰ পিঠি গুৰুলা-গুৰুল হ’ব, বাকী গুণ্ডাকৰৰ কথা নকলোৱেইবা! ইহঁতৰ শিক্ষা-দীক্ষাৰ ক্ষেত্রখনৰ অৱস্থাও তথৈবচ, নহলেনো মেট্রিকৰ দৰে গুৰুত্বপূর্ণ পৰীক্ষাৰ বহী গৰুৱে খাব পাৰেনে? বস্তুৰ দাম ইহঁতৰ অসম মুলুকত বেপাৰীয়ে খেয়াল-খুচিমতে বঢ়া-টুটা কৰিব পাৰে, মূল্য বৃদ্ধিৰ ৰাম-টাঙোন ডালেৰে ইহঁতক মৰিয়াই মৰিয়াই মূৰ ভাঙি দিলেও ইহঁতে সহি থাকিবই লাগিব, মুখেৰে টু বুলি শব্দ কৰিব নোৱাৰিব। জাত-পাত, কু-সংস্কাৰেৰে ইহঁত বিধ্বস্ত। গেলা গৰমত ইহঁতৰ ঘৰৰ বিজুলী যোগান স্তব্ধ হৈ যায়, ৰাস্তা-ঘাটত বাৰিষা হাল বাব পৰা অৱস্থা হয়। ইহঁতৰ লগত থাকিলে একো উন্নতি নহ’ব বুলি জানি ইহঁতৰ ছয় ভনীয়েও ইহঁতক ত্যাগ কৰিছে। ইহঁতে অসম মুলুকত লাভ কৰা যন্ত্রণাৰ কথা কৈ শেষ কৰিব নোৱাৰি। আন কথাত ক’বলৈ হ’লে ইহঁতে তাত যিমান শাস্তি ভুগি আহিছে, নৰকত ইহঁতে কৰা পাপৰ শাস্তি দিবলৈ একোৱেই বাকী নেথাকে। ইহঁতৰ বেছিভাগেই আকৌ কোনো পাপ নকৰাকৈয়ে নৰকৰ যন্ত্রণা কি বুজি আহিছে। সেইখন আমি সৃষ্টি কৰা নৰকতকৈয়ো মানুহে সৃষ্টি কৰা ভয়ংকৰ নৰক।“

এইদৰে ভালেমান সময় অসমৰ পৰা স্বর্গলৈ যোৱা মানুহৰ সপক্ষে কথা কৈ যম কিছুপৰ মৌন হৈ ৰ’ল। তাৰ পিছত তেওঁক বেৰি ধৰা দুৰ্দান্ত পাপীবোৰৰ মুখবোৰ এবাৰ চাই ল’লে, পৃথিৱীত কোনোদিনে চকুপানী টুকি নোপোৱা, বৰং বহু লোকৰ অন্তহীন লোতকৰ কাৰক এই পাপীবোৰৰ খৰাং দুচকুৱেদি দুগাল তিয়াই চকুলো বৈ আহিব ধৰিছে। যম কিন্তু আচৰিত নহ’ল। যমে পুনৰ ক’বলৈ ধৰিলে, “এতিয়া তহঁতেই ক, এবাৰ যমৰ যন্ত্রণা ভূগি অহা সকলক দুনাই এই যন্ত্রণা দিয়াতো মই যমৰ পক্ষে, যাৰ ন্যায়ৰ কথা সুঁৱৰি দেৱতায়ো শপত খায়, উচিত বিচাৰ হ’বনে?” যম পুনঃ ৰ’ল, নৰকত তেতিয়া মৰিশালীৰ নীৰৱতা বিৰাজমান। এই নীৰৱতা বাংময় কৰি যমৰ উদ্দাক্ত কণ্ঠ ভাঁহি আহিল, “মই যম, মই অন্যায়ৰ যম, ন্যায়ৰ পালক, তহঁতে যাতে মোক দুনাই দূষিব নোৱাৰ, তাৰ বাবে তহঁতক এটা শেষ সুযোগ দিম, তহঁতে নৰকৰ শাস্তি ভোগাৰ পৰিৱর্তে তহঁতক মাত্র এবছৰৰ বাবে অসমলৈ পঠাই দিওঁ, এবছৰ পূৰ হ’লেই তহঁতক স্বর্গলৈ লৈ অহা হ’ব, তহঁত মান্তিনে ?’

প্রতিবাদকাৰী পাপীসকল ততালিকে যমৰ পদযুগলত দীঘল দি পৰিল, ‘আমাক ক্ষমা কৰক, আমাৰ ভুল হৈছিল, আমাৰ পাপৰ যি শাস্তি দিয়ে নৰকতে দিয়ক, আমাক দয়া কৰক।’ তেওঁলোকৰ এজনো অসমলৈ যাবলৈ মান্তি নহ’ল!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments