স্বাধীনতালৈ এখন চিঠি (মনোহৰ দত্ত)

তাৰিখ : ১৫ আগষ্ট ২০১১
শ্ৰদ্ধাৰ স্বাধীনতা,
সেৱা গ্ৰহণ কৰিবা৷
তোমাৰ বিষয়ে জানিব পৰা হোৱাৰ পিছত, আমাৰ চহৰৰ গৰ্ডণ স্কুল পথাৰতেই তোমাৰ সৈতে উমলিছিলোঁ৷
‘জন গণ মন অধিনায়ক জয়হে…’ গীতটিৰ লগে লগে মুখৰ হৈ উঠা আকাশ আৰু আকাশত উৰিবলৈ ধৰা পতাকালৈ চাই চাই কিযে এক নিৰ্মল আনন্দ পাইছিলো, তাক বুজাবলৈ মোৰ ভাষা আজিও সিমান চহকী নহয়৷ এনেকৈয়ে শৈশৱতে বিনা-ভাড়াৰ ৰে’লত উঠি, টিকটবিহীন চিনেমা চাই, গধুলি পৰত ওচৰৰে চক্ৰ-বিষয়াৰ কাৰ্যালয়ত, জন-সংযোগ বিভাগে দেখুওৱা ছায়াবাজি (তথ্য-চিত্ৰ, দেশপ্ৰেম মূলক কথাছবি) চাই, ঘৰলৈ যেতিয়া উভতিছিলো, মাৰ গালি খাইছিলো যদিও, পিতাৰ কথাই ৰক্ষা কৰিছিল৷
এনেকৈয়ে চিনাকি হৈছিলোঁ স্বাধীনতা তোমাৰ সৈতে, তুমি অনা আনন্দৰ সৈতে৷ পিছে সময়ৰ সোঁতত সলনি হ’ল তোমাৰ সেই প্ৰাঞ্জল ছবি৷ ক’ৰবাত যেন কেনা লাগিল৷ কিয় এনে হ’ল বাৰু? এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন, আমাৰ সমুখত৷
আজি আকৌ তুমি আহিছা৷ আজি তোমাৰ জন্মদিন, তোমাৰ দেশৰ মানুহৰ বাবে স্বাধীনতা দিৱস৷ বিগত ৬৪ টা বছৰ পাৰ কৰি ৬৫তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা এই ঐতিহাসিক মুহুৰ্তত অনুভৱ হয়, ভাৰতবৰ্ষৰ মানুহে আজিও যেন প্ৰকৃত স্বাধীনতাৰ বাবে অপেক্ষা কৰি আছে৷ কিয়নো, এতিয়াও তোমাৰ দেশৰ মানুহৰ উপাৰ্জনৰ বাটটো নিশ্চিত হৈ নুঠিল৷ শিক্ষিত নৱ প্ৰজন্মই এতিয়াও এটা চাকৰিৰ কাৰণে বা এটা ভাল ব্যৱসায় কৰিবলৈ মূল ধনৰ অভাৱত বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰি থাকিয়েই পাৰ কৰিব লাগে, জীৱনৰ মধুৰতম সময়৷ কৃষকৰ খেতি পথাৰত এতিয়ালৈ হৈ নুঠিল সুষম জলসিঞ্চনৰ ব্যৱস্থা৷ জীৱিকাৰ অভাৱত এখন সংসাৰ পতাৰ কথা সময়ত চিন্তা কৰিবলৈ আজিও নৱ-প্ৰজন্মৰ বাবে নাই কোনো নিশ্চিতি৷ অথচ, আনপিনে তিনি কুৰি মহলীয়া অট্টালিকাও নিৰ্মিত হ’ব ধৰিছে তোমাৰেই দেশত৷ এনে প্ৰেক্ষাপটত সমাজৰ পৰা এই বৈষম্য কেনেকৈ আঁতৰাব পাৰি তাৰেই বাট বিচাৰি তোমালৈ এই চিঠি বিনম্ৰতাৰে লিখিলোঁ৷
তোমালৈ যাচিলোঁ হেজাৰ প্ৰণাম৷
ইতি
বিনীত
তোমাৰ দেশৰ এজন নিঃকিন নাগৰিক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক