স্বাধীনতাৰ আঁৰত…. (অনামিকা বৰুৱা)

ধৰেনে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া
এইয়ে মোৰ জন্মভূমি বুলি মনে মনে
এবাৰো যি কোৱা নাইকিয়া…..

এই দেশ মোৰ দেশ| আপোন দেশত আপোন মানুহৰ মাজত দুবেলা দুসাঁজ সুখৰ ভাত, এষাৰ মৰমৰ মাত, এপলক শান্তিৰ নিদ্ৰা কাৰ কাম্য নহয়! অথচ আজি নিজৰ দেশতেই আমি নিজৰ অস্তিত্বক লৈ বিপদাপন্ন হৈছোঁ| বহিৰাগত বিদেশীয়ে আহি এদিন আমাৰ সৰলতা উদাৰতাৰ সুযোগ লৈ খাবলৈ বিচাৰিলে| খাবলৈ পায় বহিবলৈ খুজিলে| আৰু কালক্ৰমত গোঁজেই গজালি হৈ চুকতে থাকি বুকুতে কামোৰ মাৰিলে| আজি বিদেশী সমস্যা কেৱল সামাজিক সমস্যা নহয়, ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰতো এক বিৰূপ সমস্যা হৈ দেখাদিছে| 

বাল গংগাধৰ তিলকে কৈছিল-”স্বাধীনতা মোৰ জন্মস্বত্ত্ব”| কিন্তু এই স্বাধীনতাই যেতিয়া খৰ্ব হয়? মূৰ তুলি জীয়াই থকাৰ অধিকাৰ যেতিয়া বিঘ্নিত হয়? আপোন মাতৃৰ শালীনতা যেতিয়া লুন্ঠিত হয়? তেতিয়াই চাগে বিপ্লৱৰ সূত্ৰপাত হয়| এনেকৈয়ে পদে পদে ভাৰত চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ অসমক মাহী আইৰ চকুৰে চোৱা কাৰ্যৰ প্ৰতিবাদ কৰিবলৈকে এদিন স্বাধীনতাপ্ৰেমী এচাম যুৱকৰহেঁপাহত ৰংঘৰৰ বাকৰিত সৃষ্টি হৈছিল সংযুক্ত মুক্তি বাহিনী, অসম নামৰ সশস্ত্ৰ সংগ্ৰামী বিপ্লৱী গোটটোৰ| আদিতে নৈতিক আদৰ্শ আৰু নিকা ভাবমূৰ্তিৰে অসমীয়াৰ হিয়াৰ কাষ চপা গোটটো ক্ৰমাৎ শক্তিশালী হৈ উঠিছিল| সাংগঠনিক ক্ষমতা বঢ়াৰ লগে লগে গোটটোৰ শক্তি আৰু দৃঢ়তাত চৰকাৰ সন্দিহান হৈ উঠিল| মালিক গোষ্ঠী-বণিক গোষ্ঠীৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰা গোটটো অসম তথা ভাৰত চৰকাৰৰ মূৰৰ কামোৰণি হৈ উঠিল| এসময়ত বণিক গোষ্ঠীৰ স্বাৰ্থতে ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰীভাবে নিষিদ্ধ ঘোষণা কৰা হ’ল আলফা ওৰফে সংযুক্ত মুক্তিবাহিনী, অসমক| সশস্ত্ৰ সংগ্ৰাম দমন কৰাৰ নামত আৰম্ভ হ’ল অপাৰেচন বজৰং| ১৯৯০চন তেতিয়া| অগ্নিগৰ্ভা অসম| বিপ্লৱ দমন কৰিবলৈ বিপ্লৱীক ধৰিবলৈ অসমৰ বুকুত মেলি দিয়া হ’ল ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ সেনাবাহিনীৰ নামত ভেৰোণীয়া গুণ্ডাৰদল| ক’ত জীয়ৰী-বোৱাৰীয়ে মৰ্যদা হেৰুৱালে, ক’ত মাতৃৰ বুকু শুদা হ’ল, ক’ত উঠিঅহা তৰুণৰ প্ৰাণ কাঢ়ি নিলে তাৰ সঠিক লেখ আজিও পাবলৈ নাই| বিপ্লৱীক মষিমূৰ কৰাৰ নামত সেনাবাহিনীয়ে ক’ত নিৰপৰাধী যুৱকক নিৰ্মমভাবে মৃত্যুৰ মুখলৈ ঠেলিদিলে তাৰ হিচাপ চাগে চৰকাৰী পৰিসংখ্যাটো পাবলৈ নাই| তেনে এক জীৱন্ত কৰুণ দুৰ্ঘটনাৰ সাক্ষী আছিলো মই|

আলফাৰ ২৮ নং বেটেলিয়নৰ মূল ঘাটি উজনি অসমৰ তিনিচুকীয়া| ডিব্ৰুগড় আৰু শিৱসাগৰতো অত্যন্ত সক্ৰিয় এই বেটেলিয়ন| তিনিচুকীয়া জিলাৰ লক্ষীপথাৰত আলফাৰ গণকবৰ উদ্ধাৰ হোৱাৰ পাছত পুলিচ আৰু সেনাবাহিনীয়ে খুব সন্তৰ্পনে ৰচনা কৰিছিল বচা বচা যুৱক সকলক হত্যা কৰাৰব্লু-প্ৰিণ্ট| নিৰীহ জনগণৰ মাজত ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰিবলৈ আৰু আলফাৰ মেৰুদণ্ডত আঘাট কৰিবলৈকে পৰিকল্পনা কৰিছিল ভুৱা সংঘৰ্ষত নিৰীহ যুৱকক আলফা সজাই মৃত্যুদণ্ড দিয়াৰ| সেই সময়ত তিনিচুকীয়া জিলাত ”আছু”(AASU)ৰ স্থিতি শক্তিশালী আছিল| গতিকে সেনাই পোনতে ”আছু”ৰ বিষয়ববীয়া সকলকে লক্ষ কৰি লৈছিল| মোৰ ককাইদেউ আছিল তিনিচুকীয়া জিলাৰ ”আছু”ৰ উপ-সভাপতি| তালাপ আৰক্ষী চকীৰ চিনাকী পুলিচ বিষয়া এজনে তাক মাতি নি কৈছিল সি যেন অকলে কলৈকো নাযায় আৰু নিশা ভুলতো যেন ঘৰৰ বাহিৰত নাথাকে| পৰিস্থিতি ক্ৰমাৎ বেয়ালৈ অহাত সিয়ো মনে মনে ভয় খাবলৈ আৰম্ভ কৰিছিল| ৰাতি ৰাতি ভয়তে শুব নোৱাৰি আমি সকলো বহি থাকোঁ| তাতে আমাৰ ঘৰত শ্ৰদ্ধেয় পৰাগ কুমাৰ দাসৰ ছাংলট্‌ ফেন্‌লাখন আছিল| লগতে আছিল আলফাৰ দুখনমান আলোচনী| আগতে ককাইদেৱে সেইবোৰ দেখুৱাই গৰ্ব কৰিছিল| কিন্তু দিনে দিনে চাৰিওদিশে পৰিস্থিতি উতপ্ত হৈ পৰাত সি নিজে কান্দি কান্দি আলোচনীকেইখন পুৰি পেলাইছিল| ছাংলট্‌ ফেন্‌লাখন মই দুলিয়াজানত থকা বাইদেউৰ ঘৰলৈ দি পঠিয়াইছিলো|

নিশা গভীৰ হৈ আহিলেই ৰাষ্টাৰে যোৱা সেনাবাহিনীৰ গুৰুপ-গাৰাপ বুটৰ শব্দ শুনি ভাব হয় এই যেন ককাইদেউক ধৰি লৈ যাব| উশাহ লব নোৱাৰি ভয়ত তাপ মাৰোঁ| এনেকুৱাতে এদিন শুনিলো প্ৰদীপ দত্ত, প্ৰবীণ সোণোৱাল, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ, অখিল সোণোৱালক সেনাই ধৰিনিছে আলফা বুলি| দেৱজিত্‌ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোণোৱালক মই ব্যক্তিগতভাবে চিনি নাপাইছিলো, কিন্তু প্ৰদীপ দত্ত আৰু প্ৰবীণ সোণোৱালক খুব ভালকৈয়ে জানিছিলো| আমি তালাপত ভৰি দিয়াৰ পাছৰ পৰাই (মই তেতিয়া ষষ্ঠশ্ৰেণীত পঢ়িছিলো) প্ৰদীপ দাহঁতৰ ঘৰখন সেইটো অঞ্চলত সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা আছিল বুলি জানিব পাৰিছিলো| প্ৰদীপ দাহঁত চাৰিজন ককাই ভাই আৰু এজনী ভনীয়েক| আটাইতকৈ ডাঙৰ দীপক দাই গান গায়, প্ৰদীপ দাই গিটাৰ বজায়, প্ৰণৱ দাই মেণ্ডোলিন বজায় আৰু মণি দাই তবলা বজায়| চাৰিও ককায়েকক লৈ ববিয়ে গান গায়| কিমান দিন প্ৰদীপ দাহঁতৰ ঘৰলৈ গৈ গানৰ ৰিহাৰ্চেল কৰিছোঁ, নাটক-নৃত্যনাটিকা-সংগীতালেখ্য অনুশীলন কৰিছোঁ| বৰমাই কৰি দিয়া চাহ খাইছোঁ, অনুশীলনত ভুল কৰি বৰ্তাৰ গালি খাইছোঁ| ৰাতি ৰাতি প্ৰদীপ দাহঁতে উলিওৱা সুৰ-বাহিনীত মেগেলা, বৰধাদুম, সৰুধাদুম, বৰপথাৰ আদি ভিতৰুৱা গাঁৱলৈ গৈ অনুষ্ঠানত গীত-নৃত্য পৰিবেশন কৰিছোঁ| এদিনলৈকেও শুনা নাছিলো প্ৰদীপদাহঁত  কোনোবা বিপ্লৱ অথবা বিল্পৱীৰ লগত জড়িত বুলি| অৱশ্যে ইয়াৰ মানে এইটো নহয় যে তেওঁলোকে নিজৰ ঠাইখনক নিজৰ দেশখনক ভাল নাপায়| বৰং অসম আৰু অসমৰ ঐতিহ্যৰ কথা দীপক দা বা বৰ্তাৰ মুখত প্ৰায়ে শুনো আমাৰ অনুশীলনৰ বিৰতিৰ পৰত| প্ৰবীণ সোণোৱাল আছিল ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী| সেই ষষ্ঠ শ্ৰেণীৰ পৰাই পাইছোঁ তেওঁক ছাত্ৰ সন্থাই আয়োজন কৰা সমূহ কাৰ্যক্ৰমত| ৰাভা দিৱস, জ্যোতি দিৱস, বিহুৰ সন্মিলন আদি প্ৰায়বোৰ ৰাজহুৱা অনুষ্ঠানতে প্ৰবীণ সোণোৱালক পাইছিলো| আমাৰ মাজত তেওঁ প্ৰবীণ গুণ্ডা নামেৰে প্ৰচলিত আছিল| ওখ-পাখ স্বাস্থ্যৱান প্ৰবীণ সোণোৱালৰ কথা বতৰাবোৰ অলপ ৰুক্ষ আছিল কাৰণে আমি তেওঁক খুব ভয় কৰিছিলো কিন্তু তেওঁ কাম-কাজত খুব নিকা আছিল| আৰু কালৈকো ভয় নকৰিছিল| বাকী ভিনিদেউৰ মুখত শুনা মতে ভবেন মৰাণ তেনেই সহজ সৰল আৰু দুখীয়া আছিল| মাজে মাজে অইলত বাঁহ আদি যোগান ধৰি অলপ টকা পইচা উপাৰ্জন কৰিছিল| ককাইদেউৰ মুখত শুনা মতে দেৱজিৎ বিশ্বাস শান্ত-শিষ্ট ল’ৰা আছিল| অখিল সোণোৱালো নিমাখিত প্ৰাণী আছিল| ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে জানিছিল তেওঁলোক পাঁচজনৰ এজনো আলফা নাছিল অথবা আলফাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ যোগসূত্ৰ নাছিল| যিদিনা প্ৰদীপ দাক ধৰি লৈ গৈছিল সেইদিনাৰ পৰা সাতদিনমান আগতে মাত্ৰতেওঁৰ বিয়া হৈ গৈছিল| দেৱজিৎ বিশ্বাসৰ ডায়েৰীয়া হৈ আছিল| গোটেই দিনটো একোখাব নোৱাৰি লঘোণে থকা অসুখীয়া দেহাতে তেওঁক ধৰি লৈ গৈছিল| একে নিশাতে তেওঁলোক পাঁচজনক ধৰি লৈ গৈছিল| পাছদিনা তালাপ-ডাঙৰী সমগ্ৰ অঞ্চলতে হুলস্থূল লাগি গৈছিল| প্ৰথম প্ৰথম তেওঁলোকক তাৰেই সামৰিক চাউনীত ৰাখিছিল যদিও সমূহ ৰাইজৰ হেঁচাৰ ভয়ত নিশাতেই তেওঁলোকক কোনোৱা অজ্ঞাত ঠাইলৈ লৈ যায়| ইফালে ককাইদেৱে ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ লগত আলোচনা কৰি গুৱাহাটীৰ কৰ্মকৰ্তাসলকৰ লগতো যোগাযোগ কৰি আদালতৰ দ্বাৰস্থ হৈ তেওঁলোকক মুকলি কৰি অনাৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল| আবেলি সি গুৱাহাটীলৈ যাব, ৰাতিপুৱাতে মোক কৈগৈছে-”চিন্তা নাই| প্ৰদীপ দাহঁতৰ একো নহয়| আজিয়েই গৈ অৰ্ডাৰ লৈ আহিম| ভনীতই মোৰ কাপোৰ-কানি কেইটা ধুই পাৰ যদি ইস্ত্ৰি কৰি দিবি মই পটক্‌কৈ বজাৰৰপৰা টিকটটো কনফাৰ্ম কৰি আহোঁ|” সি গৈ চাগে বজাৰ নাপালেগৈ| ওচৰৰ ভায়ে আহি ক’লে- ”জয়া বাইদেউ এজনো নাই| গোটেই পাঁজনকে মাৰি পেলালে|” স্তব্ধ হৈ গলোমই| আশংকাত চিঞৰি দিলো- ”কি কৈছ এইবোৰ? এইমাত্ৰ ককাইদেৱে কৈ গৈছে তেওঁলোকৰ বেইল হৈ গৈছে বুলি|” আধা ঘণ্টামানৰ পিছত ককাইদেউ ঘৰলৈ ঘূৰি আহিল| আহিয়েই মাটিত বাগৰি বাগৰি কান্দিছে মই তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰিলো বুলি| কান্দি কান্দি লেবেজান দি এসময়ত সি অস্থিৰ হৈ আকৌ ওলাই গ’ল| ইতিমধ্যে বৃহত্তৰ ডাঙৰী অঞ্চলৰ ৰাইজ হিলদল ভাঙি ওলাই আহিছে| সকলোৱে যেন মৃত্যুক জিনি ওলাই আহিছে|

ডুমডুমা থানাৰ পৰা মৃতদেহকেইটা আহি ডাঙৰী পালেহি| লোকে লোকাৰণ্য সমগ্ৰ অঞ্চল| অঘোষিতভাবেই ৰাজহুৱাকৈ চিতা সজালে তেওঁলোক পাঁচজনৰ বাবে ডাঙৰী নদীৰ পাৰতেই| কান্দোতে কান্দোতে চকু মুখ উখহি গৈছে সকলোৰে| মোৰ লগৰ হাফিজা পাগলী হৈ গৈছে| তাই প্ৰবীণ সোণোৱালক ভাল পাইছিল বুলি পাছত গম পাইছিলো| ককাইদেউৰ মুখত শুনিছিলো সেনাই কিমান যাতনা দি মাৰিছিল তেওঁলোকক| নখবোৰ উভালি পেলাইছিল| সমগ্ৰ দেহাতে চিগাৰেটেৰে পুৰিদিয়া দাগ| প্ৰদীপ দা আৰু প্ৰবীণ দা ওখ-পাখ আছিল কাৰণে মৰিয়াই মৰিয়াই হাত-ভৰিৰ হাড়বোৰ হেনো ভাঙি দিছিল| ৰাইজৰ ৰোষত পৰাৰ ভয়ত পষ্টমৰ্টেম কৰিছিল যদিও পষ্টমৰ্টেম কৰাৰ পাছত চিলাই বোৰো ভালকৈ নামাৰিলে| গাড়ীৰ পৰা নমাওতে মৃতদেহকেইটা যেন দুটুকুৰা হৈ ছিগিহে যাব তেনে লাগিছিল| আৰু বৰ্ণাব নোৱাৰো| আজিও বুকু বিষায় এই কথাবোৰ মনত পৰিলে| আপোনালোক কোনোবা যদি ডাঙৰী অঞ্চললৈ আহে ডাঙৰী নৈৰ দলং পাৰ হোৱাৰ পাছতেই এওঁলোক পাঁচজনৰ শ্বহীদ বেদীত এবাৰ মূৰদোঁৱাই যাব| বাটৰ কাষতেই সজা আছে তেওঁলোকৰ স্মৃতিস্তম্ভ| সেনাৰ বৰ্বৰতাৰ সাক্ষী এই স্মৃতিস্তম্ভ|

পাছত ককাইদেৱে কৈছিল তেওঁলোকে যেতিয়া আদালতৰ পৰা এওঁলোকৰ বাবে বেইল অৰ্ডাৰ পাইছিল তেতিয়ালৈ সেনাই এওঁলোকক শাৰীৰিকভাবে ইমান অত্যাচাৰ কৰিছিল যে সুস্থ অৱস্থাত উভতাই দিব নোৱাৰিব বুলিয়েই এওঁলোকক নিৰ্মমভাবে মাৰি পেলাইছিল| মোৰ চি.আৰ.পি.ফ.ত চাকৰি কৰা ভতিজাটোৰ মুখত এতিয়াও শুনো সেনা-পুলিচৰ এনে ভুৱা সংঘৰ্ষত নিৰীহ যুৱকক আলফা সজাই মৃত্যুদণ্ড দিয়াৰ কথা|

(দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিলোঁ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments