স্বাধীনতাৰ এশ-বছৰত ভৰি দিয়া এখন দেশৰ কথাৰে — ( টাইৱানৰ চিঠি — ২ ) মনোজ মন কলিতা

 

খাদ্যসামগ্ৰীৰ চৰা দাম আৰু সু-পৰিকল্পিত চহৰেৰে পূৰ্ণ টাইৱান ৷ মোৰ বাসস্থান হৈছে টাইপেই চহৰ, টাইৱানৰ ৰাজধানী চহৰ ৷ বহু কম জনবসতিপূৰ্ণ টাইপেই চহৰ ৷ টাইৱানৰ আন-আন চহৰৰ তুলনাত টাইপেই চহৰৰ দৈনন্দিন জীৱন-ধাৰণৰ ব্যয় কিছু বেছি ৷ ইয়াৰ প্ৰধান কাৰণ  আগৰ সংখ্যাত উল্লেখ কৰাৰ দৰে উত্‍পাদনৰ নিম্ন হাৰ ৷ কৃষিৰ ক্ষেত্ৰত কিছু পিছ পৰি থাকিলেও ইয়াৰ লোকসকল যথেষ্ট কৰ্মপতু ৷ ইয়াৰ শিক্ষা ব্যৱস্থা উন্নত ৷ ল’ৰা ছোৱালীয়ে নিজৰ পচন্দ অনুসৰি পঢ়াৰ সম্পূৰ্ণ সুবিধা আছে ৷ আমাৰ দেশতকৈ কিছু পৃথক এইখন দেশৰ শিক্ষাপ্ৰণালী ৷ “কিন্দাৰগাৰ্টেন”, “জুনিয়ৰ হাইস্কুল” আৰু “চিনিয়ৰ হাইস্কুল” ইত্যাদি ভাগত বিভক্ত ইয়াৰ শিক্ষা ৷ “চিনিয়ৰ হাই” ৰ পাছতেই একোজন ছাত্ৰই  নিজৰ পচন্দৰ শিক্ষাৰ দিশ নিৰ্বাচন কৰিব পাৰে এটা উমৈহতীয়া পৰীক্ষাত অৱতীৰ্ণ হৈ ৷ অধিক নম্বৰ পোৱাজনে চিকিত্‍সা বা অভিযান্ত্ৰীক দিশ নিৰ্বাচন কৰিব পাৰে ৷ আন সকলে স্নাতক পৰ্য্যায়ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে ৷ স্নাতক পৰ্য্যায়ত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান বিভাগতেই নাম অন্তৰ্ভুক্ত কৰা দেখা যায় ৷ কলাশাখাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সীমিত ৷ কিন্তু টাইৱানৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান সমস্যা হিচাবে মূৰ তুলি উঠিছে ছাত্ৰ-ছত্ৰীসকলৰ ইংৰাজী ভাষাৰ প্ৰতি থকা অনিহা ৷ বুজন সংক্ষক শিক্ষাৰ্থীৰ ইংৰাজী ভাষাত ভালদৰে আয়ত্ত নাই ৷ কিছুমানৰ অৱস্থা পুতৌলগা ধৰণৰ, ইংৰাজীত কথা ক’বলগীয়া পৰিস্থিতি আহিলে সেই স্থান পৰিত্যাগ কৰে ৷ নিজৰ ভাষাটোৰ প্ৰতি মৰম-চেনেহ সকলোৰে আছে, কিন্তু সময়ৰ সৈতে ফেৰ মাৰিবলৈ ইংৰাজী ভাষাত কিছু আয়ত্ত থকাতো অতিকৈ প্ৰয়োজনীয় ৷ সেই কথা সকলোৱে অনুভৱ কৰে কিন্তু কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ হেলা ৷ ইংৰাজীত থকা বাক্য চীনা ভাষালৈ অনুবাদ কৰিবলৈও একোটা যন্ত্ৰ পোৱা যায় ৷ প্ৰায়বোৰৰে হাতত সেই যন্ত্ৰ দেখিবলৈ পালো ৷ মনতে ভাব হ’ল “সৰুতে ইংৰাজীৰ ছাৰৰ পূৰ্ণহতীয়া চৰ কেইটাৰ বাবে এতিয়া অন্তত ইংৰাজীত দুই এষাৰ কথা ক’ব পাৰো” ৷ কিন্তু টাইৱানত শিক্ষা ব্যৱস্থাৰ আন এটা উল্লেখনীয় দিশ হ’ল বিষয়বস্তুৰ নতুনত্ব আৰু নতুন কথা জনাৰ আগ্ৰহ ৷ আমাৰ দেশত পুৰণা শিক্ষা ব্যৱস্থা একোটা সংশোধন কৰাৰ নামত কিমান বাৰ ৰুদ্ধদ্বাৰ বৈঠক অনুস্থিত হয় সেয়া দেখি মনত বিতৃষ্ণা উপজে ৷ কিন্তু ইয়াত গতানুগতিক শিক্ষাৰ উপৰিও সমসাময়িক শিক্ষা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়, যাতে একোজন ছাত্ৰ তথা ছাত্ৰীয়ে সময়ৰ সৈতে ফেৰ মাৰিব পাৰে ৷ আমাৰ অসমতো এনে শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰয়োজন বুলি ম‍ই ভাবো ৷ কোনো কোনো শিক্ষানুষ্ঠানত এনে শিক্ষাব্যৱস্থা আছে, কিন্তু সেয়া এতিয়াও ফলপ্ৰসু হৈ উঠা নাই ৷ কেৱল মাথো নম্বৰ পাবলৈহে আমি পঢ়িছো ৷ পৰীক্ষাত সৰহ নম্বৰ পালেই যে এজন ছাত্ৰ বা ছাত্ৰী সফল হৈ উঠিব সেইয়া নহয়, এনে মনোভাৱে মুখস্থ বিদ্যাৰ প্ৰতি আকৃষ্ট কৰি তোলে প্ৰায়বোৰক, আৰু ই এক সৰ্বনাশী ভৱিষ্যতৰ আহ্বান ৷ টাইৱানত আৰু এটা যুগাত্মক দিশ হ’ল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ খৰছ নিজেই উলিয়াই লোৱা ৷ দিনৰ দিনতো মেতমৰা পঢ়াৰ বোজা লৈও সপ্তাহত ঘণ্টা হিচাবত “পাৰ্ট-টাইম” কাম কৰি নিজৰ জেপ খৰছ উলিয়াই লয় ৷ বহু দেশতেই প্ৰচলিত এই আদৰ্শ আমাৰ অসমত ভালদৰে গা কৰি উঠিবলৈ এতিয়াও বহুপৰ, ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ বৰ্ধিত জনসংখ্যা তথা নিবনুৱা সমস্যা ৷

টাইৱানলৈ অহাৰ বহু দিন পাছলৈ ম‍ই ইয়াৰ শিক্ষা ব্যৱস্থাৰ সৈতে  নিজকে খাপ খুৱাবলৈ বহুত কষ্ট কৰিব লগীয়া হৈছিল ৷ ম‍ই গৱেষণা কৰি থকা বিশ্ববিদ্যালয়খন আচলতে এখন চিকিত্‍সা বিশ্ববিদ্যালয় ৷  কিন্তু ইয়াত বিভিন্ন ধৰণৰ শিক্ষাব্যৱস্থা আছে ৷ স্নাতকোত্তৰ আৰু গৱেষণাৰ পৰ্য্যায়ৰ পৰা আদি কৰি অভিযান্ত্ৰীক তথা চিকিত্‍সা বিজ্ঞান বিষয়ক পাঠ্যক্ৰমো আছে ৷ স্নাতক পৰ্য্যায়ত নামভৰ্তি কৰা সকলে একোজনকৈ শিক্ষক নিৰ্বাচন কৰা আৰু তেওঁৰ অধীনত দুবছৰ গৱেষণা কৰাতো বাধ্যতামূলক ৷ ইয়াত পঢ়াৰ কোনো নিৰ্ধাৰিত সময় নাথাকে ৷ ৰাতিপুৱা ক্লাছসমূহ আৰম্ভ হয় ৮ বজাৰ পৰা , আৰু দিনটোৰ অন্তিম ক্লাছসমূহ আৰম্ভ হয় সন্ধিয়া সাত মান বজাৰ পৰা আৰু অন্ত পৰে নিশা ৯ মান বজাত ৷ কিন্তু ইয়াৰ অৰ্থ এইতো নহয় যে পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ কেৱল এটাৰ পাছত আনতো ক্লাছ অনুষ্ঠিত হৈ থাকে ৷ এদিনত সৰ্বাধিক দুটা বা তিনিটা ক্লাছ থাকে একোজন ছাত্ৰৰ ৷ আনসময়ত তেওঁলোকে পুথিভঁৰাললৈ গৈ পঢ়ে, নতুবা নিজ নিজ গৱেষণাগাৰত ব্যস্ত থাকে ৷ আজৰি সময়ত এওঁলোকে খেলিবলৈ খুব ভাল পায় ৷ দিনতোৰ বিভিন্ন সময়ত খেলপথাৰসমূহৰ ব্যস্ততা উল্লেখনীয় ৷ খেলা-ধূলা কৰি থকা বাবে ইয়াৰ লোকসকলৰ মাজত মেদবহুলতাৰ সমস্যা দেখা পোৱা নাযায় ৷ টাইৱানত সপ্তাহৰ অন্তিম দুটাদিন প্ৰায় সকলো কাৰ্য্যালয় তথা চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ কাম-কাজ স্থগিত ৰখা হয় ৷ সপ্তাহৰ এই দুটা দিনত ইয়াৰ জনসাধাৰণে প্ৰাণভৰি  উপভোগ কৰে, কোনোৱে নৈ পাৰলৈ সপৰিয়ালে গৈ নাচ-গান উপভোগ কৰে, কোনোৱে আকৌ নিজেই একোটা বাদ্যযন্ত্ৰ হাতত লৈ কোনোবা নৈৰ পাৰত বা পাৰ্কত গৈ গীত পৰিবেশন কৰি আন দহজনক আপ্লুত কৰে ৷ নিৰাপত্তাৰ দিশৰ পৰা ইয়াত নাৰীসকলৰ বাবে ভয়ৰ কোনো কাৰণ নাই, ইয়াত অপৰাধৰ সংখ্যা তেনেই ক’ম ৷ এইখন দেশত যিবোৰ গুৰুতৰ অপৰাধ, সেইবোৰ আমাৰ দেশৰ দৈনিক হাই-কাজিয়া ৷ এবাৰ এজন বন্ধুৱে মোক কৈছিল যে তেওঁৰ বান্ধৱী এগৰাকী অকলে ভাৰত ভ্ৰমণলৈ গৈছে আৰু সেইবাবে তেওঁ চিন্তিত ,  কাৰণ ভাৰতত মহিলাৰ নিৰাপত্তা নাই ৷ কথাষাৰ মিছাও নহয়, কিন্তু সেই কথাষাৰ শুনি লাজো পালো আৰু মনটো বেয়াও লাগি গ’ল ৷ আমাৰ দেশখন যিমানেই উন্নতিৰ দিশত আগবাঢ়িছে সিমানেই অপৰাধ প্ৰৱণতা বাঢ়ি গৈ আছে ৷ সৌ সিদিনা বাতৰিত দেখিলো পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে পত্নীক হত্যা কৰিছে ৷ এইটো এটা নতুন ঘটনা নহয়, কিন্তু সাত-সাগৰ তেৰ নৈৰ ইপাৰে ৰৈ জন্মভূমীৰ এনে খবৰ পালে সঁচাকৈ বুকুখনৰ কোনোবাখিনিত খোঁচ মাৰি ধৰে ৷ আমিবোৰ বাৰু মানুহ হ’ব নোৱাৰিম নেকি কেতিয়াও !  মোৰ বন্ধুজনে কোৱা কথাবোৰ মিছা নাছিল, আমি সকলোৱে সেই কথা মৰ্মে মৰ্মে বুজি পাওঁ , কিন্তু এই অপৰাধীসকলো আমাৰ মাজৰেই এজন ৷ এদিনতে এজন অপৰাধীৰ জন্ম হয়, কিন্তু তেওঁক অপৰাধী সজাবলৈ বলি থকা বতাহজাক বহুদিনৰ ৷ আমাৰ শিক্ষা ব্যৱস্থা, ন-পুৰনি বহু নীতি-নিয়ম , চাৰি দুৱাৰৰ মাজত থাকিবলৈ  বিচৰা মানসিকতা, অন্ধবিশ্বাস ইত্যাদি হৈছে এজন লোকক অপৰাধী সজোৱাৰ কাৰক ৷ এইবোৰৰ যদি আমূল পৰিৱৰ্তন নহয় তেন্তে আগন্তুক সময়ত আমি মাথো হৈ ৰ’ম কংক্ৰীতৰ দালানত থকা কাপোৰ পিন্ধিব জনা এজাক অমানুহৰ দল ৷ নিজৰ কৃষ্টি-সংষ্কৃতি পাহৰি পশ্চিমীয়া সমাজ এখন গঢ়িবলৈ আমি যে আগবাঢ়িছো সেয়া স্পষ্ট ৷ টাইৱানৰ লোকসকলৰ মাজতো আমেৰিকাপ্ৰিতীৰ এক মানসিকতা গঢ় লৈ উঠা দেখা যায় ; কিন্তু আজিৰ টাইৱান আজিৰ ভাৰততকৈ বহুগুনে পৰিকল্পিত আৰু সুৰক্ষিত, ইয়াত অন্ততঃ  এগৰাকী নাৰী নিশা ১০-১১ বজাতো নিজ কৰ্মথলীৰ পৰা নিৰাপদে ঘৰলৈ উভতিব পাৰে, কৰ্মস্থলীত কোন নাৰী , কোন পুৰুষ ইয়াৰ বাচ বিচাৰ হৈ নাথাকে, কোনটো কাম সৰু কোনটো কাম মহান ইয়াৰ বিচাৰ কোনেও নকৰে ৷ এইবোৰ হৈছে  এখন প্ৰগতিশীল দেশৰ পৰিচয় ৷ কিন্তু আমিও হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, আমাৰ মাজত প্ৰতিভা আছে , সুযোগ আছে ৷ টাইৱান স্বাধীন হোৱাৰ  ১০০ বছৰ হ’ল, কিন্তু ই অতীজৰে পৰা একেদৰেই নাছিল, বহু ক’লা অতীতৰ মাজেৰে পাৰ হৈ নিজকে সংশোধন কৰি কৰি আজিৰ স্থিতিত উপনীত হৈছে ৷ যদি সকলোৱে পাৰে নিজক সংশোধন কৰি আগুৱাই যাবলৈ তেন্তে আমিনো কিহত পিছ পৰি আছো ! আশা কৰো যিবোৰ দিশত আমি পিছ পৰি আছো সেইবোৰ দিশ শুধৰাই আমিও এক নতুন ধাৰাৰ সূচনা কৰিব পাৰিম আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন নিকা আৰু সুস্থিৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰৱৰ্তন কৰিব পাৰিম ৷

( আলোকচিত্ৰ লেখকৰ  নিজা )

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক