স্বাধীনতাৰ গান (মানৱেন্দ্ৰ কুমাৰ শৰ্মা)

ধুমুহাই এফালৰ পৰা সৱ ঢাঁহি-মুহি নিয়াৰ পিছতে মুষলধাৰে বৰষুণ আহিল৷ সেই বৰষুণৰ মাজেৰে পাহাৰৰ এঢলীয়া বাটেৰে মহন্তই খুপি খুপি খোজ দিলে৷ বৰষুণে বাটটো আৰু পিচল কৰি তুলিছে৷ মানুহজনে এবাৰ কৰুণ দৃষ্টিৰে সমুখলৈ চালে৷ সময় হোৱা নাছিল যদিও আপদীয়া বতৰে সমুখ অন্ধকাৰ কৰি পেলাইছে৷
মহন্ত স্থিতপ্ৰজ্ঞ মানুহ৷ বাহিৰৰ পৰা তেখেতক সকলোৱে অহংকাৰী বুলি ভাবে যদিও ওচৰৰ বোৰেহে জানে আচলতে তেখেতৰ অন্তৰখন যে খুবেই কোমল৷ মানুহজনে অযথা হৈ হাল্লা ভাল নাপায়৷ সেয়ে চহৰৰ এচুকৰ নিৰ্জন টিলাটোতে তেখেতৰ ’তপোবন’ সাজিছিল৷
মানুহজন খুব পৰিপাটিও৷ হাত মেলিলেই বিচৰা বস্তুটো হাতত পৰে৷ কাৰেণ্ট নাই যদিও আজিও প্ৰয়োজনীয় বস্তু কেইপদ সহজতে বিচাৰি পালে৷
তেখেতে কেণ্ডিল এডাল জ্বলালে৷ সেই পোহৰত পত্নী আৰু কন্যাৰ মুখ দুখনো পোহৰ হৈ উঠিল৷ মহন্তই দুয়োকে কিবা ক’ব খুজিলে৷
তেনেতেই হুৰুমূৰকৈ কোনোবা দুজন সোমাই আহিল৷ মহন্ত অলপ আচৰিত হ’ল৷ এনেয়ো ইয়ালৈ মানুহৰ আহ-যাহ কম৷
তেখেতে চকু তুলি চালে৷ দুয়োকে আগতে দেখা মনত নপৰে৷ সিহঁতৰ জোতাৰ তলৰ মাটি আৰু কাপোৰৰ পৰা বৈ পৰা বৰষুণৰ পানীয়ে মজিয়াখন বিশ্ৰী কৰি পেলালে৷
দুয়োজনে কঁকালৰ খোঁচনিত লুকুৱাব খুজা আগ্নেয়াস্ত্ৰ মহন্তৰ চকুত পৰিল৷ পিছে সেইবোৰ দেখিও মহন্ত বিচলিত নহ’ল৷ কিন্তু সঁচা, পত্নী আৰু কন্যাৰে সৈতে এই পৰিবেশত তেখেতে কাকোৱেই বিচৰা নাছিল৷
বাহিৰত কেইজনমানৰ খোজৰ গপ্‌গপনি শুনা গ’ল৷ অচিনাকি দুয়োজন উচ্‌পিচাই উঠিল৷ খোঁচনিৰ আগ্নেয়াস্ত্ৰ সিহঁতৰ হাতত উঠিল৷
“ছাৰ, ছাৰ! “
মহন্তই পত্নী আৰু কন্যাৰ মুখলৈ চালে৷ তাৰ পিছত চালে সিহঁত দুজনৰ ফালে৷ দুয়োৰে উদ্ধিগ্নতা স্পষ্ট হৈ উঠিছে৷
“ছাৰ, ছাৰ? “, বাহিৰৰ পৰা মহন্তক কোনোবাই মাতি আছে৷ মাতটোতে চহৰৰ পুলিচ অফিচাৰজন বুলি মহন্ত নিশ্চিত হ’ল৷
তেখেত উঠিল৷ সিহঁতৰ সৈতে পত্নী আৰু কন্যাক এনেদৰে এৰি যাবলৈ মন নাছিল যদিও তেখেত উপায়হীন হৈ পৰিল৷
“ছাৰ, আজিৰ ঘটনাৰ মূল অভিযুক্ত দুজন আমাৰ হাতত প্ৰায় ধৰা পৰিছেই৷ ম্যানমাৰৰ পৰা কেইজন মান এই উদ্দেশ্যে নামি অহাৰ খবৰ অৱশ্যে আমাৰ চোৰাংচোৱাৰ তথ্যটো আছিল৷ পিছে আমি সাজু হোৱাৰ আগতে এই চহৰতে প্ৰথম অঘটনটো ঘটিল৷ কি কৰিব ছাৰ, আমি কিবা কৰাৰ সময়েই নাপালোঁ৷ কিন্তু ইমানৰ পিছত আমিও সুদাই নেৰোঁ৷ সিহঁত পলাব পৰা সকলোবোৰ পথতেই চোকা নজৰ ৰখা হৈছে৷ আমি পোৱা খবৰমতে আন্ধাৰৰ সুযোগ লৈ সিহঁতে এই বাটেই আহিছে৷ অলপ সাবধানে থাকিব ছাৰ৷ “
পুলিচ অহা বাটে উভতিল, মহন্ত ঘৰৰ ভিতৰ সোমাল৷
তেখেতে শলিতাডাল চাকিগছাত দি মিঠাতেলৰ বটলটো হাতত ল’লে৷
সিহঁত ভিতৰৰ পৰা ওলাই আহিল৷ পুলিচ অহা সময়ত দুয়ো ভিতৰৰ কোঠালিত সোমাইছিল৷ সিহঁতৰ তেনে বীৰত্ব দেখি সেই পৰিবেশতো মহন্তৰ মুখেৰে ঈষৎ হাঁহি নিগৰিল৷
“শুনা“, মহন্তই পাৰ্যমানে ধীৰে-সুস্থিৰে ক’লে, “ আজিৰ এই পলায়নৰ স্বৰূপতে তোমালোকৰ আচল বীৰত্বৰ পৰিচয় ওলাল৷ নিজকে কি বুলি ভাবা তোমালোকে? নিজৰ বুলি কোৱা মানুহবোৰৰ এই অৱস্থা কৰি কি সুখ পোৱা? কিহৰ বাবে এইবোৰ কৰি আছা? নিজকে সুধি চোৱা; নিজৰ বিবেক বন্ধকত থৈ এনেদৰে কাৰোবাৰ হাতৰ ইচাৰাত পুতলাৰ দৰে নাচি-বাগি নিজৰ কবৰ খন্দাৰ বাহিৰে আৰু বেলেগ কি কৰিছা? “
চকুদুটা মচি তেখেতে আৰু ক’লে, “ পুলিচ আহিছিল তোমালোককেই বিচাৰি৷ কিন্তু কি হ’ব? দুদিন পিছত সততে নৈতিকতাৰ, সমাজ সংস্কাৰৰ পাঠ আওৰোৱা কোনোবা দুজনমানেই আগবাঢ়ি নাহিবনে তোমালোকক ফুলৰ মালা পিন্ধাবলৈ? বীৰৰ মৰ্যাদা দিবলৈ?
কিন্তু তোমালকৰ মতে বীৰত্বৰ চানেকি এই অঘটন বোৰে যিবোৰ পৰিয়ালৰ বন্তি চিৰদিনলৈ নুমালে সেইবোৰৰ অভিশাপ কি অথলে যাব? নাযায়, কেতিয়াও অথলে নাযায়৷ ভগৱান আছে এইবোৰৰ সুবিচাৰ কৰিবলৈ৷ দুদিন পলম হোৱা যেনহে লাগে, কিন্তু ভগৱানে সদায় সুবিচাৰ কৰে৷ আচলতে আজিৰ এই ঘটনাই তোমালোকৰ পতনৰ বাটহে নিশ্চিত কৰিলে৷ তোমালোকৰ জীৱন ঘড়ীৰ বিপৰীত ঘূৰ্ণন সেই মুহূৰ্তৰ পৰাই আৰম্ভ হ’ল৷ “
মহন্তই বটলটোৰ পৰা মিঠাতেল অলপ চাকিগছাত ঢালিলে আৰু আজি বজাৰত হোৱা বোমা বিষ্ফোৰণত নিহত পত্নী আৰু কন্যাৰ ফটোৰ সমুখত সেই বন্তি জ্বলাই কান্দোনত ভাগি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক