স্বাধীনতাৰ পৰা দাসত্বলৈ সেই জীৱনটো: টুৱেলভ ইয়েৰছ এ শ্লেভ (দেৱ প্ৰতীম হাজৰিকা)

স্বাধীনতাৰ পৰা দাসত্বলৈ সেই জীৱনটো: টুৱেলভ ইয়েৰছ এ শ্লেভ

১৮৪১ চন, লাহে লাহে পৃথিৱীৰ পৰা দাসত্ব প্ৰথা লোপ পাবলৈ ধৰিছে। কৃষ্ণাংগ ব্যক্তিসকলে স্বাধীন জীৱনৰ সোৱাদ লভিবলৈআৰম্ভ কৰিছে। কিন্তু আমেৰিকাৰ কিছুমান অঞ্চলত তেতিয়াও বিৰাজমান দাসত্ব প্ৰথা।

ছ’ল’মন নৰ্থাপ, আমেৰিকাৰ নিউয়ৰ্কৰ বাসিন্দা এজন স্বাধীন কৃষ্ণাংগ। ভায়’লিন বজোৱাত পাৰ্গত। সেইয়াই তেওঁৰ জীৱিকা। পত্নী আৰু দুটি সন্তানৰ সৈতে এক সুখী পৰিয়াল। পৰিয়ালৰ বাবে যিকোনো কষ্ট কৰিবলৈ তেওঁ সাজু।

এদিন দুজন মানুহ তেওঁৰ ওচৰলৈ আহে দুসপ্তাহ ভায়’লিন বজোৱাৰ এটি ভাল দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লৈ। পৰিয়ালক লৈ বহুতো সপোন দেখা ছ’ল’মনে এই প্ৰস্তাৱ মানি লৈছিল আৰু উপস্থিত হৈছিল ৱাশ্বিংটন চহৰ। কিন্তু তেওঁ নাজানিছিল তেওঁ ইতিমধ্যে এটা ষড়যন্ত্ৰৰ দলদলত লাহে লাহে সোমাই পৰিছিল বুলি। আচলতে সেই দুজন লোক আছিল কৃষ্ণাংগ লোকক বেচি খোৱা দালাল। এই ষড়যন্ত্ৰৰ বলি হৈ ছ’ল’মনে জীৱনৰ আন এটা অধ্যায় দাসত্ব জীৱনলৈ গতি কৰিছিল।

জীৱনৰ এই অধ্যায়ত তেওঁৰ নাম প্লেট্, পৰিচয় জৰ্জিয়াৰ পৰা পলায়ন কৰা এটা দাস।

লিখা-পঢ়া জনা ছ’ল’মন এতিয়া এজন নিৰক্ষৰ দাস। প্লেটক কিনিছিল দয়ালু তথা উদাৰ স্বভাৱৰ উইলিয়াম ফৰ্ডে, মানে ফৰ্ড এতিয়া প্লেটৰ মালিক  অতি কম দিনৰ ভিতৰতে প্লেট্ মালিকৰ প্ৰিয় ভাজন হৈ পৰিছিল। কিন্তু এই কথা ভাল পোৱা নাছিল উইলিয়াম ফৰ্ডৰে এজন শ্বেতকায় বিষয়াই। এদিন প্লেট আৰু এই বিষয়াজনৰ মাজত হোৱা কাজিয়াৰ পৰিপ্ৰেক্ষিতত প্লেট্ স্থানান্তৰিত হৈ যাবলগীয়া হয় আন এজন মালিকৰ অধীনলৈ। নাম আছিল এডৱিন এপছ্। তেওঁ আছিল উইলিয়াম ফৰ্ডৰ সম্পূৰ্ণ বিপৰীত স্বভাৱৰ, কঠোৰ আৰু নিৰ্দয়। অহাৰ আগতে প্লেটে ফৰ্ডক কৈছিল তেওঁ এজন স্বাধীন ব্যক্তি, কিন্তু ফৰ্ডে এই ক্ষেত্ৰত তেওঁক সহায় কৰিবলৈ অপাৰগ।

লাহে লাহে দাসত্ব জীৱনৰ সৈতে অভ্যস্ত হৈ পৰিছিল। তাতেই তেওঁ লগ পাইছিল এজনী কৃষ্ণাংগী দাসী পেটছীক যি সততেই মালিক এপছৰ কামনাৰ বলি হৈছিল। এই কথাৰ বাবে এপছৰ পত্নীয়ে পেটছীৰ ওপৰত চলাইছিল নানা ধৰণৰ অত্যাচাৰ। দাসত্ব জীৱনৰ এই ৰূপ দেখি লাহে লাহে তেওঁ আচল চিনাকি পাহৰিবলৈ ধৰিছিল। কপাহ খেতিৰ মালিক এপছৰ অত্যাচাৰ নিৰৱে সহি গৈছিল প্লেট, পেটছীৰ লগতে আন আন কৃষ্ণাংগ দাস সকলে।

তেনেতে এদিন প্লেট্ ওৰফে ছ’ল’মনে লগ পাই কানাডিয়ান শ্ৰমিক বেছক। যাৰ এই দাসত্ব প্ৰথাৰ প্ৰতি ধাৰণা আছিল সম্পূৰ্ণ বিপৰীত। প্লেটে নিজৰ আচল পৰিচয় তেওঁৰ আগত দাঙি ধৰি তেওঁৰ সহায় বিচাৰিলে। প্লেটে বেছক এখন চিঠি ছ’ল’মনৰ পুৰণা বন্ধুবৰ্গলৈ পঠিয়াই দিবলৈ খাটনি কৰিলে। যদিও তেনে কৰিবলৈ যাওঁতে বেছৰ নিজৰ জীৱনৰ সংশয় আছিল, তথাপি এটা মুক্ত জীৱন কটোৱা তথা দাস প্ৰথাৰ বিৰোধীতা কৰা বেছে চিঠিখন প্ৰেৰণ কৰি ছ’ল’মনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে।

এদিন কাম কৰি থাকোঁতে ছ’ল’মনৰ ওচৰলৈ এজন মানুহ আহিল। তেওঁ আছিল ছ’ল’মনৰ চিনাকি এজন লোক। তেওঁ আহিছিল প্লেটৰ বাৰ বছৰীয়া সেই দাসত্ব জীৱনৰ পৰা উলিয়াই ছ’ল’মনক স্বাধীন জীৱনলৈ ঘূৰাই আনিবলৈ।

মূল চৰিত্ৰ ছ’ল’মনৰ ভূমিকাত অভিনয় কৰা ছুয়েটাল এজিয়ফ’ৰে সাৱলীল অভিনয়ে ছ’ল’মনক জীৱন্ত কৰি তুলিছে, অভিনয়ত সুন্দৰভাৱে প্ৰকাশ পাইছে দুখ তথা খং। এজন সংগীতজ্ঞৰ পৰা দাস লৈ হোৱা জীৱনৰ এই পৰিৱৰ্তন সুন্দৰভাৱে ফুটাই তুলিছে অভিনয়েৰে। মাইকেল ফেছবেণ্ডাৰক দেখা গৈছে এজন নিৰ্দয় মালিকৰ ৰূপত। এজন নিৰ্দয় মালিক, এজনী কৃষ্ণাংগী দাসীৰ প্ৰতি আসক্ত কামুক তথা অসফল স্বামীজনক তেওঁ অতি সুন্দৰভাৱে ফুটাই তুলিছে নিজৰ অভিনয়েৰে। পেটছীৰ ভূমিকাত অভিনয় কৰিছে আফ্ৰিকীয় লুপাইটা নায়ংগাই। দিনে পাঁচশতকৈ অধিক পাউণ্ড কপাহ বুটলিও তাই নাপাইছিল নিজৰ শৰীৰ চিকুণাবলৈ এটি চাবোনৰ টুকুৰা। এই চাবোনৰ বাবেই তাই শাস্তি পোৱা দৃশ্যটো চালে আপুনি নিশ্চয় নিজৰ অশ্ৰুক বাধা দিব নোৱাৰিব। সুন্দৰ অভিনয়েৰে অভিনেত্ৰী গৰাকীয়ে পেটছীৰ কষ্টকৰ জীৱনক অতি সুন্দৰভাৱে ফুটাই তুলিছে।

ইয়াৰোপৰি কথাছবিখনত অভিনয় কৰিছে ব্ৰেড পিট, বেনেডিক্ট কামবাৰবেটছ, পৌল ডান’ আদি বহুতো প্ৰখ্যাত অভিনেতাই।

নিৰ্দেশক হিচাপে ষ্টিভ মেককুইনৰ এইখন তৃতীয় কথাছবি। কথাছবিখনত বহুতো নৃশংসতাৰ দৃশ্য আছে, যি আপোনাৰ মনক যথেষ্ট কষ্ট দিয়াৰ লগতে শৰীৰ কঁপাই তুলিব পাৰে। যেনে: ছ’লমনক ডিঙিত বান্ধি গছত ওলোমাই থোৱা সেই দৃশ্য, পেটছীক সম্পূৰ্ণ উলংগ কৰি চাবুকেৰে পিঠিয়াত কোবোৱা দৃশ্য, এগৰাকী মাতৃক নিজ সন্তানৰ পৰা বিচ্ছেদৰ দৃশ্য। এইবিলাক
দৃশ্য দেখিলে দাসত্ব জীৱনৰ ভয়াৱহতাৰ কথা আপোনাৰ মনলৈ আহিব, ভাবিব মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰেনে? এক কথাত কথাছবিখনে আমেৰিকান বুৰঞ্জীৰ এক ক’লা অধ্যায় আমাৰ আগত দাঙি ধৰিছে।

ছ’ল’মন নৰ্থাপৰ ১৮৫৩ চনৰ গ্ৰন্থ “টুৱেলভ ইয়েৰছ এ স্লেভ”ৰ আধাৰত নিৰ্মিত কথাছবিখনে আঁজুৰি আনিছে ২০১৩ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ কথাছবিৰ পুৰস্কাৰৰ লগতে ২০১৩ চনৰ গল্ডেন গ্লৱ-ড্ৰামাৰ শ্ৰেষ্ঠ কথাছবিৰ পুৰস্কাৰ। লগতে পেটছীৰ ভূমিকাত সুন্দৰ অভিনয় কৰা লুপাইটা নায়ংগাই লাভ কৰিছে অস্কাৰৰ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ পুৰস্কাৰ।

এক স্বাধীন জীৱনৰ পৰা দাসত্ব জীৱন, সঁচাকৈয়ে সপোনতো ভাবিবলৈ মন নোযোৱা এক কথা, যি কিন্তু ঘটিছিল ছ’ল’মন নৰ্থাপৰ জীৱনত। যি হাত ভায়’লিন বজোৱাত পাৰ্গত আছিল, সেই হাতত ভায়’লিনৰ সলনি আহিছিল কুঠাৰ, কোৰ আদি দাসত্ব জীৱনৰ সঁজুলিসমূহ। সুদীৰ্ঘ বাৰ বছৰকাল দাস হিচাপে থাকিও তেওঁ মনোবল হেৰুওৱা নাছিল। আশা তেওঁ এৰা নাছিল। আৰু এদিন তেওঁ আশাৰ ফল পাইছিল। বাৰ বছৰীয়া এই নিৰ্বাসনৰ অন্ত পৰিছিল।

কথাছবিখনে দাসত্ব জীৱনৰ নৃশংসতাৰ লগত আমাক পৰিচিত কৰাইছে। মেককুইনে প্ৰতিটো দৃশ্যত আৱেগ অনুভূতি ঢালি চৰিত্ৰবোৰ জীৱন্ত কৰি তুলিছে। কথাছবিখন চাই থাকোঁতে আপোনাৰ মনটো মিশ্ৰিত আৱেগেৰে ভৰি পৰিব, কাৰণ ই আপোনাক মাজে মাজে কৰি তুলিব খঙাল, মাজে মাজে কৰি তুলিব আচৰিত, মাজে মাজে আপোনাৰ নিজৰ ওপৰতে লাজ লাগিব আৰু শেষত আপুনি হৈ পৰিব অভিভূত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক