স্বাধীনতাৰ ভিন্ন সংলাপ -মেঘালী দিহিঙীয়া

ক্ৰাঁচ্ চ্ চ্…

কোনোমতেহে কুকুৰটো মোৰ গাড়ীৰ চকাৰ তলত নোসোমোৱাকৈ ৰ’ল৷ বেচেৰা কুকুৰটোৰ গাত দোষ নাই, সি ছাইদ হৈ দিছিলেই, প্ৰচণ্ড বেগেৰে আহি থকা বাইক দুখনৰ ৰেহৰূপ দেখিহে ময়েই ৰাস্তাৰ যথেষ্ট কাষলৈ নি ব্ৰেক মাৰিবলগা হ’ল৷ আৰু দুহাতমান আগলৈ ষ্ট্ৰীট লাইটটোৱেই আছিল, ৰক্ষা কোনোমতে! বুকুখন ঢপঢপাই উঠিল, আজিৰ দিনটোতনো এইখন কিহৰ অঘটনৰ ভয় দেখুৱাইছে বিধাতাই!

“চাল্লা… এইসোপা… মৰ যা… মাৰ বাপেৰহঁতে আজাদী দিছে, যা এনজয় কৰ… হেপ্পী আজাদী… চাল্লা, অধঃপাতে যোৱাহঁত…“

খংটোৱে মূৰত ধৰিলেগৈ টিঙিচকৈ৷ আটাইকেইটা হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী ফাৰ্ষ্ট /ছেকেণ্ড চেমিষ্টাৰৰ ষ্টুডেণ্টচ্ হ’ব, চেহেৰাই কয় সিহঁতৰ৷ দুখন বাইকত মুঠ ছটা ল’ৰা৷ বাইকো মানে সেই পিছফালে চকা দাংখোৱা খন৷ ৮০ ৰ ঘৰত স্পীড, মূৰত হেলমেট নাই৷ মুখত উকি আৰু লগতে অবাইচ মাত দুষাৰমান৷ যিটো বেগত অকোৱা পকোৱাকৈ উৰি গৈছে, ক’ৰবাত খুন্দা নামাৰিলেও দ গাঁত এটাত চকা পৰিলে বা জোৰকৈ ব্ৰেক মাৰিলে যে ছিটিকি নপৰিব তাত কোনো সন্দেহ নাই৷ আজি ৰাস্তাটো মুকলি পাই ইহঁতৰ অতপালি আৰু বাঢ়িছে৷ ল’ৰাহঁতকনো কম কি, মাক বাপেকবোৰো জানো কম! মেট্ৰিক পাছ নকৰোঁতেই ল’ৰাহঁতৰ হাতত লাখটকীয়া বাইকৰ ছাবি গতাই দিছে৷ ধনৰ বাহাদুৰি সবৰে৷ এইসোপা ক’ৰবাত খুন্দা খাই হাত ভৰি ভাগিলেও আজিকালি দুখ লগাতকৈ খং টোহে উঠি আহে দেখোন৷ একো ক’বলৈও যাব নোৱাৰি, নিজৰ আটকীয়া সন্মানকণ হানি হোৱাৰ বাদে আন একো লাভ নহয়গৈ৷ কাকো একো ক’বই নোৱাৰি আজিকালি, সকলোতে কেৱল “আমাৰ মৰ্জি, আমাৰ কথা“৷ স্বাধীনতাৰ জয়গান সকলোৰে মুখে মুখে৷ মাক বাপেকে দিয়া স্বাধীনতা, সময়ে দিয়া স্বাধীনতা, শিক্ষা আৰু আধুনিকতাই দিয়া স্বাধীনতা, কাৰোবাক আকৌ ডাছ কেপিটেলৰ অতিমাত্ৰা জ্ঞানে আনি দিয়া স্বাধীনতা৷

ধুৰ… স্বাধীনতা!

গীয়েৰত হাত দি গাড়ীখন অলপ বেক কৰি আকৌ আগুৱালো৷ লক্ষ্য অম্বৰৰ এপাৰ্টমেণ্ট৷ ছেঃ, তিনি বাজিবৰেই হ’ল চোন৷ ইহঁতকেইটা আহি পালেই চাগে৷ আজিও বিদিশাই সেই একেটা ডায়লগকে দিব, “গেধা, তোৰ আহিম বোলা সময়তকৈ সদায় আধাঘণ্টা লেট্ হ’বই আৰু ন?“

অফিচত পুৱাই পতাকা উত্তোলনৰ লগতে স্বাধীনতা দিৱসৰ আন কাৰ্যসূচী খিনি কৰি সোনকালেই ঘৰ সোমাইছিলোহি৷ ভাবিছিলো পাছবেলাটো আজি ফ্ৰী থাকিম যেতিয়া ঘৰতে অলপ কাম হ’ব৷ যোৱা দুসপ্তাহ ধৰি ৰুণুমীৰ আপত্তি, “চিলাই মেচিনটো কিবা এটা বেয়া হৈ আছে, মাজে মাজে খট্ কৈ শব্দ এটা কৰি ৰৈ যায়, চাই দিব লাগে।“ অফিচৰ পৰা ওলাই বজাৰ সমাৰ কৰি ঘৰ সোমাওঁতে সন্ধিয়া লাগে, ভাগৰৰ অজুহাত দেখুৱাই থাকি যায় সদায়ে৷ আজি সেয়াও হ’ব, টিভিও চোৱা হ’ব অলপ আৰু পত্নীক ফৰমাইচ দি স্পেচিয়েল স্নেকচ্/ডেজাৰ্ট দুটামানো আদায় কৰিব পৰা হ’ব৷ আগফালৰ অশোক আৰু সেজ কেইজোপা বৰ বাঢ়ি গৈছে, সন্ধিয়াৰ আগে আগে সেয়াও কলম দিব লাগিব৷
পিছে ঘৰ সোমাইছোহে, পত্নীৰ ফৰমাইচ, “হেৰা আজি গুণগুণ আৰু মই ধৰিত্ৰীৰ ঘৰলৈ যাম আবেলিকৈ৷ তুমি প্লিজ ড্ৰপ কৰি দিয়ানা আমাক৷ কৃষ্ণাও আহিব, ডেৰবছৰৰ মূৰত অসম আহিছে তাই, কালিলৈ আকৌ ৰিটাৰ্ণ হ’ব গুজৰাট৷ কিমানদিন যে তাইক লগ পোৱা নাই, আজি গুণৰ স্কুলো নাই, গৈ আহো এপাক৷ তুমিও ওলোৱা নহ’লে, কৃষ্ণাৰ ফেমিলীক পালে ভাল পাবা৷ “

এই পত্নীৰ সখীয়েকহঁতৰ ঘৰত ফুৰিবলৈ যোৱাৰ দৰে কামোৰ কাম মোৰ বাবে আৰু আন একো নাই৷ ৰুণুমীয়েও জানে সেয়া, তথাপি কিয় জানো সদায় লগ ধৰি থাকে৷ কি বাহানা বনাওঁ বুলি ভাবি থাকোতেই বিদিশাৰ ফোন আহিল, “ঐ, ড্ৰাই দে’ স্পেচিয়েল প্ৰগ্ৰেম, আহি যা৷ ইহঁত দুটাকো মাতি দিওঁ, অলকেশ আৰু ৰাতুলক৷ অম্বৰে তোৰ কাৰণে স্পেচিয়েল পৰ্ক ড্ৰাই ফ্ৰাই বনাই আছে, আহি যা দুই বজাত পোৱাকৈ৷“

হাততে সৰগ ঢুকি পোৱাৰ দৰে লাগিল৷ পত্নীয়েও আপত্তি নকৰিলে, সখীয়েকহঁতক লগ পোৱাৰ ফূৰ্তিত ক’ব নোৱাৰা হৈ আছে তায়ো৷ কথা হ’ল, মই দুই বজাত মাক জীয়েকক ধৰিত্ৰীৰ ঘৰত ড্ৰপ কৰি অম্বৰৰ তালৈ যাম, আকৌ ঘূৰোতে ৬ মান বজাত সোমাই লৈ আহিম৷

“আহিলি গেধা…“
অম্বৰৰ ৰুমলৈ উঠা চিৰিত ভৰি দিওঁতেই বিদিশাই চিঞৰিলে৷ কৃত্ৰিম খঙেৰে বিদিশালৈ চালোঁ, তাইৰ মুখত সেই পুৰণি দুষ্টালি ভৰা হাঁহিটো৷ এতিয়াও মোক এইটো নামেৰে মাতিবলৈ নেৰিলে তাই, ৰাষ্টাই ঘাটে বজাৰে সমাৰে য’তেই দেখে তাতেই চিঞৰে, “ঐ গেধা…“ দুদিনমান খং উঠিছিল, লাজো লাগে বাটে ঘাটে৷ পিছে তাইক কৈ কৈ শুধৰাব নোৱাৰিলো, বাদ দিলো এতিয়া, অভ্যাস হৈ গৈছে মোৰো৷

বিদিশা আৰু মই হাইস্কুললৈকে একেলগে পঢ়িছিলোঁ৷ বিদিশাৰ দেউতাক আৰু আমাৰ দেউতাৰ একে ডিপাৰ্টমেণ্টৰ চাকৰি, সিহঁতৰ কোৱাৰ্টাৰ আৰু আমাৰ কোৱাৰ্টাৰ প্ৰায় লগালাগি আছিল৷ স্কুল, টিউচন, ফাংচন, কলনিৰ বাৰ্থডে পাৰ্টি এইবোৰ সকলোতে আমি দুটা একেলগে যাওঁ৷ ক্লাছত তাই সদায় ফাৰ্ষ্ট হয়, মই ছেকেণ্ড৷ ৰিজাল্ট ওলোৱাৰ দিনা তাই মোক হাঁহি হাঁহি কয়, “গেধা, এইবাৰো মোক পাছ পেলাব নোৱাৰিলি৷ যিদিনা তই মোতকৈ বেছি নম্বৰ পাবি সেইদিনাই তোক গেধা বুলি মাতিবলৈ এৰিম৷ “ মোৰ খং উঠে, কিন্তু হাজাৰ চেষ্টা কৰিও হাইস্কুল শেষ হোৱালৈকে তাইক ৰিজাল্টত পাছ পেলাব নোৱাৰিলোঁ৷ মেট্ৰিকতো তাই মোতকৈ চাৰিনম্বৰ বেছি পালে৷ সেইটো কথাৰ বাবে পিছে মোৰ বৰকৈ বেয়া লাগি নাথাকে, ঘৰৰে ছোৱালী তাই, মই পোৱা আৰু তাই পোৱা একেই কথা৷
মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ পাছতে দেউতাৰ ট্ৰান্সফাৰৰ অৰ্ডাৰ আহিল৷ আমি গুৱাহাটীলৈ আহিলো, মই কটনত এডমিচন ললোঁ৷ বিদিশাহঁতৰ ঘৰখনৰ লগত সংযোগ প্ৰায় হেৰাই যোৱাৰ দৰেই হ’ল, তেতিয়া ম’বাইল ফোনৰ ব্যৱস্থা নাছিল৷ দেউতাহঁতে অফিচৰ ফোনত অলপদিন যোগাযোগ ৰাখিছিল হবলা, পাছলৈ সেয়াও নোহোৱা হ’লগৈ৷ ব্যস্ত জীৱন৷ সেই বিদিশাকে আকৌ হঠাতে লগ পালোঁ ছয় বছৰৰ মূৰত ইউনিভাৰ্ছিটি কেম্পাছত৷ মই তেতিয়া এইচি ৰ পৰা ওলাই তেজপুৰ বিশ্ববিদ্যালয়ত এম টেক কৰিবলৈ গৈছোঁ৷ বিদিশাই এম এত নাম লগাইছে৷ হঠাৎ এদিন কেম্পাছত মুখামুখি হ’লোঁ, আনন্দৰ সীমা নাই আমাৰ৷ তেতিয়াও তাইৰ মুখত সেই একেটা চিঞৰ, “ঐ গেধা…“

:“মেট্ৰিকত লেটাৰ পাই ফিতাহি মাৰি হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত নাম লগাইছিলো৷ ফাৰ্ষ্ট ইয়েৰতে ফিজিক্সত ফেইল মাৰিলোঁ৷ বায়’লজী আৰু মেথচ্ ত বিলউ ফ’ৰটি৷ কেমেষ্ট্ৰীয়ে কোনোমতে নাকটো ৰখালে যেনিবা৷ একেচাতে ঘূৰি আহি আকৌ আৰ্টচত নাম লগাই ললোহি৷ মই ভাই শ্বেইক্সপীয়েৰ, ৱৰ্ডছৱৰ্থ, ফ্ৰয়েড এইবোৰৰে মানুহ৷
তইতো ইঞ্জিনিয়াৰ বনি গলি৷ ঐ মই কিন্তু তোক এতিয়াও গেধা বুলিয়েই মাতিম দেই৷ তোৰ মোৰ এতিয়া চাবজেক্ট বেলেগ, গতিকে কিহৰ কম্পিটিচন!
শুনিছনে গেধা…“

কিনো কম আৰু এই পাগলীজনীক! ! তাৰপাছৰ পৰা আৰু যোগাযোগ হেৰোৱা নাই৷ আমাৰ চাকৰিও হ’ল একে চহৰতে৷ মোৰ বিয়া, বিবাহ বাৰ্ষিকী, গুণগুণৰ জন্মৰ পৰা প্ৰতিটো বাৰ্থডে, ঘৰৰ সত্যনাৰায়ণ পূজা, অসুখ বিসুখ বিপদ আপদকে ধৰি প্ৰতিটো অনুষ্ঠান বা অন্য দৰকাৰৰ সময়ত বিদিশা আমাৰ ঘৰত উপস্থিত থাকে৷ ৰুণুমীৰ বিদিশাবা আৰু গুণগুণৰ বিদিআমৈ আমাৰ ঘৰৰ সদস্যৰ দৰেই এতিয়া৷

:বহ৷ পানী খাবি নেকি?

:দে৷ ইহঁতকেইটা অহাই নাই নে?
:অলকেশ আহিব নোৱাৰে, বিপি আকৌ বাঢ়িছে বোলে এইকেইদিন৷ ড্ৰাই দে’ৰ চান্সতে অলপ কমিলেও কমক বুলিছে৷ ৰাতুলৰ ঘৰত আলহী, নতুনকৈ বিয়া হোৱা খুলশালীয়েক আহিছে, এৰি আহিব নোৱাৰে৷ আজি অকল আমি তিনিটাই৷
:ধুৰ… ই অম্বৰ ক’ত?

:কিটচেনত৷ ব’ল তালৈকে৷ ডাইনিং টেবুলত বহি কথাও পাতিম, খোৱাও চলি থাকিব৷

বিদিশাই দিয়া পানী গিলাচ কোটকোটকৈ গিলি কিটচেনৰ ফালে গ’লোঁ৷ অম্বৰ ব্যস্ত পৰ্ক ফ্ৰাই কৰাত৷ বিধে বিধে ৰন্ধাত সি পাকৈত৷

:ঐ, কি বনাইছ?

:আজি পৰ্ক স্পেচিয়েল৷ ৰোষ্টেড পৰ্ক উইথ টমেট’ এণ্ড ঘ’ষ্ট চিলিজ্, বইলদ পৰ্ক উইথ বেম্বো শ্বুট এণ্ড পৰ্ক ড্ৰাই ফ্ৰাই৷

:দীঘে পথালিয়ে পৰ্ক সোপা খুৱাই মাৰিব খুজিছ নেকি?

:হ’ব দে লগুণডাল খুলি থবি তই৷
কৃত্ৰিম খঙেৰে বিদিশালৈ চালোঁ৷ তাইৰ মুখত হাঁহি৷

মই বৰকৈ নিয়ম মনাবিধৰ মানুহ নহয়৷ আমাৰ ঘৰত এইবিলাক নচলে, ব্ৰাহ্মণ নিয়ম অনুযায়ী সকলো কাজ কৰ্ম কৰা হয়৷ ঘৰৰ ভিতৰত যিমান পাৰি ময়ো নিয়মখিনি মানি চলিবলৈকে চেষ্টা কৰোঁ৷ কিন্তু বাহিৰত কেতিয়াবা বন্ধুবৰ্গৰ লগত অলপ ইফাল সিফাল হয়৷ অৱশ্যেই য’তে ততে বা যাৰে তাৰে লগত নহয়, বা নিজৰ যুক্তিখিনি আন কাৰোবাৰ ওপৰত জাপি দিবলৈকো নিবিচাৰো৷ যি যেনেকৈ য’ত সুবিধা পায় সেইমতে চলি থাকিব লাগে, সমাজ বা সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ নপৰাকৈ৷

প্ৰায়ে আমি পাঁচটা ইয়াত লগ হওঁ৷ আমি মানে বিদিশা, মই, অলকেশ, ৰাতুল আৰু অম্বৰ৷ পৰ্ক আৰু বিয়েৰেৰে সাপ্তাহিক পাৰ্টি এটা কৰিবলৈ অম্বৰৰ ঘৰৰ নিচিনা সুবিধাজনক জেগা আৰু বেলেগ নোলাব৷ বিয়া বাৰু নপতা মানুহ, একো ঝামেলা নাই৷ চাৰিটা কোঠাৰ এপাৰ্টমেণ্ট টোত অকলে থাকে, নিজে কৰি লয় সকলো৷ মাজে মাজে বিদিশা আহে, দুদিনমান থাকি যায়৷ বন্ধৰ দিনকেইটাত তাইক অম্বৰৰ ঘৰতেই পোৱা যায়৷ কি জানো মানুহ এইকেইটা, বিয়াখন পাতি লবলৈ ক’লেও এনেকৈ হাঁহে যেন নক’ব লগীয়া কথা এটাহে ক’লোঁ৷ মাজে মাজে মই বিদিশাক সুধো, “আৰু কিমান দিন?“ তাই হাঁহে- “চাওঁচোন, আৰু কিমান দিনলৈ চলি থাকে!“ উত্তৰ নাপাওঁ৷ কেতিয়াবা খং উঠে, কেতিয়াবা আকৌ বিৰাট মৰম লাগি যায় দুয়োটালৈকে৷ সাংঘাতিক বুজাবুজি আছে ইহঁত দুটাৰ মাজত৷
:তহঁতে আৰম্ভ কৰ৷ মোৰ আৰু অলপ বাকী আছে, বনাই শেষ কৰি লওঁ৷ এটা অকলেই শেষ কৰিলো অলপ আগেয়ে, তয়ো ইমান দেৰি কৰিছ অহাত৷ – পৰ্ক ড্ৰাই ফ্ৰাইৰ প্লেটখন আগবঢ়াই দিলে অম্বৰে৷ বিদিশাই ইতিমধ্যে ফ্ৰীজৰপৰা বিয়েৰৰ বটল এটা উলিয়াই গ্লাছত বাকিছেই৷

:চিয়েৰ্চ..

:চিয়েৰ্চ… ড্ৰাই দে’ স্পেচিয়েল৷

:ধুৰ…
: কি ধুৰ? মই কালি সন্ধিয়াতে ইয়ালৈ আহোতে এইকেইটা উঠাই আনিলো বুলিহে৷ নহ’লে ক’ত খাবলৈ পালেহেঁতেন৷ ইউ শ্ব্যুড বি থেংকফুল টু মি৷

:হয় দে, তই নোহোৱা হ’লে যে কি গতি হ’লহেঁতেন আমাৰ! নহয়, অম্বৰ??

:খিক খিক… হয় হয়৷

চকু ঘোপা কৰি বিদিশাই আমালৈ চালে৷

:আৎচা, কচোন স্বাধীনতা দিৱসৰ খবৰ৷

:কি খবৰ লাগে তোক? বাটে ঘাটে স্বাধীনতাৰ পয়োভৰ৷ কেজিৰ দৰত বিক্ৰী হৈছে স্বাধীনতা, আৰু আমাৰ এচামে চিঞৰিয়েই থাকে, “ক’ত? স্বাধীনতা ক’ত?“

:হাঃ হাঃ… পতাকা উঠালিনে নাই? অফিচত প্ৰগ্ৰেম হ’লনে?

:হ’ল৷ পুৱা ৬.৩০ বজাতে গৈছোঁ৷ ৭ বজাত পতাকা উত্তোলন, তাৰপাছত বাকী প্ৰগ্ৰেম৷ আগবেলাটো কটালো অফিচতে, এঘাৰ মান বজাত আহিছোঁ৷

:অঁ… ঐ, এই যে নগাঁও, মৰিগাঁও এইবিলাক জেগাত পানী কমাই নাই ন? ফেচবুকত ফটো দুখনমান দেখিলো ফ্লেগ হ’ষ্টিঙৰ৷ কোনোবা স্কুলৰ ফটো, তলত পানী বাবে টিনপাতৰ ওপৰত উঠি পতাকা উত্তোলন কৰিছে, দুজনমানে এবুকু পানীত, নাৱত উঠি কৰা এখনো দেখিলোঁ৷ মানিব লাগিব কিন্তু, ইমান বানপানীৰ মাজতো স্বাধীনতা উদযাপন… এ গ্ৰেণ্ড চেল্যুট টু দেম

:পানী আজি অলপ কমিছে বুলি শুনিছোঁ৷ কোনোবা কোনোবা ঠাইত আছেই৷ ফটো দুখনমান ময়ো দেখিছো, এখন মৰিগাঁৱৰ, এখন ধুবুৰীৰ হেনো৷ সঁচাকৈ, এইবোৰ দেশপ্ৰেম নে কি মই নাজানো, কিন্তু মানুহবোৰৰ মনৰ উৎসাহ মানিব লাগিব৷ ইমান প্ৰতিকূল অৱস্থাটো দৃঢ়তা হেৰুওৱা নাই৷ দে’ এক্সুৱেলি ডিজাৰ্ভ এ গ্ৰেণ্ড চেল্যুট৷

:পিছে তাতে আকৌ আমাৰ চৰকাৰবিৰোধী এচামে ৰাজনৈতিক চক্ৰান্ত দেখিব, ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতি উপহাস দেখিব, বিজ্ঞাপনৰ নমুনা দেখিব… আৰু কত কি নেদেখিব ঠিক নাই৷ ইন ফেক্ট, দে অলৰেডী হেভ মেড ছাচ্ ইছ্যুজ্৷ আই এম চাৰপ্ৰাইজদ, কোনোবাই আকৌ তাতকৈও এখোপ ওপৰত উঠি গৈ সাম্প্ৰদায়িক প্ৰশ্নও টানি আনিছে৷ কোনোবা এখন নে দুখন ফটোত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ দুজনমান দেখা পালোঁ৷ হাউ কেন দে? … জাষ্ট শ্বে’ম অন ইট্! আমি দেখোন সৰু সৰু কথাবোৰ তেনেকৈয়ে গ্ৰহণ কৰি লওঁ, এজ ইট ইজ… এই স্বঘোষিত ব্যতিক্ৰমী সংস্কাৰকামী সকলে কিয় নোৱাৰে? চিম্পল কথাবোৰ জটিলতাৰ আওঁতালৈ লৈ যোৱাটো এওঁলোকৰ অভ্যাস হৈ পৰিছে, দিনকদিনে অসহিষ্ণু হৈ পৰিছে মানুহবোৰ৷

:চা বিদিশা, অলপ আগতে তই স্বাধীনতাৰ খবৰ সুধিলি৷ স্বাধীনতা এয়াই৷ যাৰ যেনেকৈ যি মন গৈছে কৰিছে, যিটো শুদ্ধ বুলি ভাবিছে সেইমতে চলিছে, কেতিয়াবা হয়তো আনকো সেই নীতি বিলোৱাৰ প্ৰয়াস কৰিছে… এইবিলাক হৈছে নিজ নিজ স্বাধীনতাৰ কিছু উদাহৰণ৷ এই যে কলি স্কুলকেইখনৰ কথা, ইমান পানীৰ মাজতো থিয় দি পতাকাখনলৈ চাই কপালত হাত দি জয় হিন্দ কোৱা শিক্ষককেইজন, এবুকু পানীত ডুব গৈ জন গণ মন গোৱা কণমানি কেইটা বা স্থানীয় মানুহখিনি… ইহঁত কোনো কাৰো বাধ্য নহয়৷ সেইকেইখন বানবিধ্বস্ত ঠাই, তাত স্বাধীনতা দিৱস উদযাপনৰ বাবে কঠোৰ চৰকাৰী নিৰ্দেশনা দিয়া হোৱা নাই নিশ্চয়৷ মানুহখিনিয়ে যি কৰিছে নিজ ইচ্ছাৰে কৰিছে, সততাৰে কৰিছে, এক স্বয়ংক্ৰিয় কৰ্তব্যবোধৰ নজিৰ দেখুৱাইছে… তেওঁলোকৰ বাবে স্বাধীনতাৰ মূল্য সেইখিনিতে৷ ইয়াত কোনো চৰকাৰৰ কথা আহিব নোৱাৰে, কোনো দুৰ্যোগৰ প্ৰসংগ নাথাকে, কোনো ৰাজনৈতিক উপহাস অথবা বিজ্ঞাপন, সাম্প্ৰদায়িকতা একোৰে কথা ইয়াত জড়িত নহয়৷ মানুহখিনিয়ে সেয়া কৰিছে এটা অভ্যাস কিম্বা প্ৰচলিত পৰম্পৰাৰ হেতু, নতুবা এক দায়বদ্ধতাৰ হেতু… এইটো তেনেই স্পষ্ট আৰু সহজ কথা৷ স্বাৰ্থৰপৰা আঁতৰি আহি দেশৰ সন্মানাৰ্থে কিবা এটা কৰিছে, তাৰমানে তেওঁলোকক সন্মান জনোৱাটো আমাৰ দায়িত্বৰ ভিতৰত পৰে, দেটচ্ অল৷ বাকী, চৰকাৰে তেওঁলোকক দিব পৰা নাই, সুৰক্ষা দিব পৰা নাই, অৱক’ৰ্ছ এয়া চৰকাৰৰ ব্যৰ্থতা আৰু দুখৰ লগতে লজ্জাৰ বিষয়৷ কিন্তু এইবোৰ কথা আনটো প্ৰসংগৰ সৈতে জড়িত নহয়৷ আজিকালি মানুহবোৰক বিতৰ্ক কৰিবলৈ এটা চান্স লাগে মাত্ৰ, আৰু ছচিয়েল মিডিয়াৰ বিতৰ্ক… হাউ ফানী! !

:বাপ্পা ঐ, অম্বৰ চোৱা… ই পংকজে আজিকালি ৰাজনৈতিক সামাজিক সকলো টপিকতে কি তামাম লেকচাৰ দিব পৰা হ’ল!

:হাঃ হাঃ বিদিশা, শুনিছো৷ তাৰ গাত ৰুণুমীৰ প্ৰভাৱ পৰিছে আচলতে, তাই আজিকালি মহিলা সমিতিৰ মিটিং বোৰত খুব যায় বুলি শুনিছিলো সিদিনা৷ বেটাক শিকাই বুজাই লৈছে চাগে… হাঃ হাঃ হাঃ

:ধুৰ… মহিলা সমিতিৰ মিটিং আৰু ৰুণুমী! কিবা কিট্টি পাৰ্টি এটেণ্ড কৰিবলৈ গৈছিল দুদিনমান, কামোৰ পালে হেনো৷ অকল গহনা কাপোৰৰ এডভাৰটাইজ দেখি আমুৱালে বোলে৷ ৰুণুমীকতো জানই, কি হোজা মানুহ তাই৷ ৰেষ্টোৰেণ্টত গৈ কাটাচামুচ লব নাজানো বুলি হাতেৰে চাউমিন খাই অহা মানুহ হে৷

:হয় কিন্তু, ৰুণুমী বৰ ভাল ছোৱালী৷ তোৰ নিচিনা অলগৰ্ধ টোৱে যে তাইৰ নিচিনা গুণী ছোৱালী এজনী পালি, ইউ মাষ্ট বি থেংকফুল টু গড৷ খুড়া খুড়ী হঁতকো কিমানবাৰ পাইছো, এটা কমপ্লেইন পোৱা নাই ৰুণুমীক লৈ৷ দে আৰ টু হেপ্পী উইথ হাৰ৷ ইউ অল আৰ ছ’ লাকী, হোৱাট এ হেপ্পী ফেমিলী! ! গড ব্লেছ…

আৰু এগৰাকী আমাৰ মা, দিনৰাত কলনীৰ তিৰিসোপাৰ আগত বোৱাৰীয়েকৰ বদনাম গাই হুচ নাপায়৷

:হাঃ হাঃ তহঁতৰ খুড়ী,আৰু বোৱাৰীৰ বদনাম? পল্লৱীৰ লগত আকৌ কি লাগিল খুড়ীৰ?

:নকবি আৰু, শাহু বোৱাৰীৰ দেইলি কাজিয়া নুগুচে৷ এজনীও কম নহয়, এনে লাওপাত কচুপাত মুখ৷ ৰণ বেছি হ’লেগৈ বাবু ওলাই যায় লগৰ কোনোবা এটাৰ ঘৰত যাওঁ বুলি, বিকিয়ে দেউতাৰ লাইব্ৰেৰী ৰুমত সোমাই গৈ কম্পিউটাৰত গেম খেলাত লাগেগৈ নহ’লে কিবা কাহিনী ক’বলৈ আব্দাৰ লগায় ককাকক আৰু মই ফুল ভলিউমত জগজিৎ সিং লগাই বেলকনিত বহি চিগাৰেট টানো৷ আমাৰ মাও জানো কম, বোৱাৰীয়েকৰ খুঁত খুচৰি ফুৰিব সকলো কথাতে৷ নতুন কিবা কাপোৰ এসাজ পিন্ধা দেখিলেও বকিব, পাৰ্লাৰৰ পৰা আহিলেও বকিব চুলিখিনি কিয় কাটিলি বুলি, পাকঘৰৰ খুঁত টো উলিয়ায়েই থাকে অনবৰতে৷ শান্তি নাই মুঠতে৷ পিছে দিনটো কাজিয়া কৰি ৰাতিলৈ আকো দুয়োজনীয়ে একেখন চোফাতে বহি চাচ বহু চিৰিয়েল সোপা চাই থাকিবগৈ, মেগী অকণো নাখায় ইজনীয়ে সিজনীক এৰি৷ মই কৈয়েই থাকো, তহঁত দুয়োজনীৰে একো অৰ্থই নাই৷

:হাঃ হাঃ… লাগক দে, এইবোৰ কাজিয়া পেচালে মৰম হে বঢায়৷ পল্লবীও সৰু হৈ আছে, হায়াৰ ছেকেণ্ডাৰী পঢ়োতেই পলুৱাই আনিছিল দেখোন ভায়েৰে৷ মেচিঅ’ৰিটি আহিব লাহে ধীৰে, খুড়ীও বৰ খিংখিঙীয়া মানুহ, অলপ এৰা ধৰাৰ মাজেৰে চলিলেই চব ঠিক হৈ যাব৷
বাই দ্যা ৱে, এইবোৰো একো একোটা স্বাধীনতাৰেই সমল দেচোন, নে কি কৱ অম্বৰ… হাঃ হাঃ

:খিক খিক… পংকজ, বিদিৰ হেনো এইবোৰ দেখি শুনিয়েই বিয়াৰ বাবে আমুৱালে৷ বুঢ়ী হৈ ছাল সোতোৰা নপৰালৈকে তাই মোৰ লগত ষ্টে টুগেদাৰ কৰিব, মন গ’লেই হনিমুনত যাব, কিন্তু বিয়া নহয়৷ কোনোবাদিনা কিবা খং উঠিব অফিচৰ ছেক্ৰেটৰীজনীকে বিয়া পাতি লৈ আহিম আকৌ, বৌম চালিয়া চিএছ এজনী জইন কৰিছে বে অফিচত নতুনকৈ… খিক৷

:আৰে আন না বে, কোনে নানিব কৈছে তোক? আন বে তোৰ সুহাগ ৰাতৰ বেড পৰ্যন্ত মই ডেক’ৰেট কৰি দিম, পিছে তিনিমাহো তিষ্ঠিব নোৱাৰি উলটি আহিলে কিন্তু এক্সেপ্ত কৰিবলৈ নাই, তোক লৈ মস্ত লাম্বা ফেমিনিষ্ট আৰ্টিকল লিখি পাবলিছ কৰি দিম নিউজপেপাৰত৷

দিয়া, ভোট জলকীয়া দি বনোৱা টো হ’লনে নাই? দুপিচমান দিয়া আমাক, পংকজৰ প্লেট অথনিয়েই চাফা হ’ল৷ ড্ৰাই ফ্ৰাই ক’ত থলা?

বিদিশাৰ খং উঠিলে নাকৰ পাহিকেইটা ফুলি যায়, ডাঙৰ ডাঙৰ চকুকেইটা টেলেকা হৈ ওলাই আহো যেন কৰে, জপৰা চুলিখিনি দুয়োখন হাতেৰে জোৰকৈ মোহাৰি দি আৰু অলপ জপৰা কৰি লয়৷ এইটো অৱস্থাত তাইক চাই বিৰাট আমোদ লাগে৷ অম্বৰেও তাইৰ এইটো ৰূপ চাবলৈকে দিনে এবাৰ হ’লেও তাইক জোকাবলৈ নেৰে৷ সকলোতকৈ জমনি কথাটো হ’ল অম্বৰ আৰু বিদিশাৰ মাজত ধেমালিতে হ’লেও যদি কিবা এটা লাগে, শেহত গৈ ফেমিনিজমৰ কথা ওলাবই৷
:নিছো ৰবা৷ এইটো তই আগত টেষ্ট কৰা নাই চাগে পংকজ, চ্চাল লাগে খাই চা৷ তামাম জ্বলা কিন্তু৷ মাংসকেইটুকুৰা শলাত পুৰি লৈ আকৌ বনাইছো পোৰা বিলাহী আৰু ভোট জলকীয়াৰ লগত৷ আৰে, এটা শেষ হৈছে হে নেকি ইমানদেৰি? ধেই… বিদি, আৰু এটা আনা, মোলৈও বাকা৷
মাংস এপিচ খাই চালোঁ৷ বাহ্… সঁচাকৈয়ে বৰ ভাল লাগিছে৷ জ্বলা সাংঘাতিক হৈছে, তথাপি, আমাৰ ভোট জলকীয়াৰ সোৱাদৰ কথাই বেলেগ৷ তাতে অম্বৰৰ হাতৰ পৰ্ক৷ ঘৰত নচলে যদিও বহুত ৰেষ্টোৰেণ্ট, বন্ধুবৰ্গৰ ঘৰত পৰ্ক খাইছো কিন্তু অম্বৰে বনোৱা পৰ্কৰ সোৱাদ আন ক’তো পোৱা নাই৷

:কি চলি আছে? আজিৰ টপিক মানে স্বাধীনতা নেকি? – বিয়েৰৰ গিলাচ টোত পৰম আহ্লাদেৰে সোহা এটা মাৰি অম্বৰে সুধিলে৷

:য়েছ… স্বাধীনতা৷ চা পংকজ, তই যে কৈ আছ স্বাধীনতাৰ কথা, এতিয়া মই কম৷ এই যে স্বাধীনতা বোলা বস্তুটো, মোৰ বাবেও ইয়াৰ কম গুৰুত্ব নাই কিন্তু৷ এই যে মই মন গ’লেই অম্বৰৰ ঘৰত আহি দুই তিনিনিশা কটাই যাওঁ, বছৰৰ দুই তিনিবাৰ হনিমুন ট্ৰিপত যাওঁ, অথচ আমাৰ মাজত কোনো নিৰ্দিষ্ট সামাজিক স্বীকৃতিপ্ৰাপ্ত সম্পৰ্ক এটা নাই এতিয়ালৈকে৷ আমি দুয়ো দুয়োৰে বাবে মুক্ত… জীৱন উপভোগ কৰাত আন বহুততকৈ আমি সুখী আৰু সুস্থিৰ৷ সমাজৰ বহুতো প্ৰচলিত নীতি নিয়ম আমি নামানো, নিজস্ব কিছুমান যুক্তি আৰু দৰ্শনেৰে আমি পৰস্পৰে পৰস্পৰক গ্ৰহণ কৰিছোঁ৷ অথচ আমি আমাৰ চিন্তা দৰ্শন সমাজৰ ওপৰত জাপি দিবলৈ নাযাওঁ, জনাসকলে আমাক যদি পাৰে তেনেকৈয়ে গ্ৰহণ কৰক৷ কোনোবাই যদি কৰিব নোৱাৰে তাতো আমাৰ একো আপত্তি নাই, সকলোৰে যুক্তি চিন্তাৰ প্ৰতি সন্মান আছে৷ আৰু কোনোৱে যদি আমাৰ বিষয়ে নাজানেও তেন্তে তেওঁলোকক আমাৰ অগতানুগতিকতাৰ বিষয়ে চিঞৰি চিঞৰি জনাই ফুৰাটোও অযুক্তিকৰ কথা বুলিয়েই ভাবোঁ৷ এইবোৰো স্বাধীনতাৰে একো একোটা উদাহৰণ।

: চা বিদিশা, অম্বৰ… দুয়োটাকে কৈছোঁ৷ তহঁত দুয়োটা মোৰ প্ৰাণৰ বন্ধু, তহঁতৰ দৰ্শনক মই সদায় শ্ৰদ্ধা কৰি আহিছোঁ৷ তথাপি কম, বিয়াখন পাতি ল দুয়োটাই, থাকই যেতিয়া একেলগে, বিয়া পতাত আপত্তি কি? এতিয়া সপ্তাহত দুই তিনিদিন একেলগে থাক, তেতিয়া সদায় একেলগে থাকিবি৷ কিছুমান পৰিৱেশত ইচ্ছা থাকিলেও তহঁতৰ সম্পৰ্কটোৰ কথা স্বীকাৰ কৰিব নোৱাৰ বা নোখোজ, সম্ভাৱ্য পৰিস্থিতিৰ কথা ভাবি৷ বিয়াই অন্ততঃ এনেবিলাক প্ৰকিকূলতাৰ পৰা আঁতৰত ৰাখে৷

:শুন পংকজ, বিয়া বোলা সম্পৰ্কটোৰ ওপৰত মোৰ বিশ্বাস নাই বুলি নকওঁ৷ আচলতে কোনোবাখিনিত হয়তো নিজৰ ওপৰতে নাই, কিম্বা স্থিৰতাৰ অভাৱ… এনেকৈ ভাবিব পাৰ৷ নয়নৰ লগত সাতবছৰ ধৰি মানসিক সকলো সম্পৰ্ক ৰখাৰ পাছতো বিয়াৰ তাৰিখলৈ মাত্ৰ এমাহ থাকোতে আমাৰ ব্ৰেক আপ হৈছিল৷ সাতবছৰে সম্পূৰ্ণ দৃঢ়তাৰে লৈছো বুলি ভবা সিদ্ধান্তটোৰ শেষত আমাৰ দুয়োৰে সম্পৰ্কটোৰ ওপৰত বিশ্বাস হেৰাই গৈছিল৷ নয়ন আৰু মই দুয়ো স্বীকাৰ কৰিছিলো, হয়তো কোনোবাখিনিত মোৰ পত্নী হ’বৰ বাবে পৰ্যাপ্ত প্ৰস্তুতি অথবা যোগ্যতাৰ অভাৱ ঘটিছিল সেইখিনি সময়ত৷ এণ্ড আই এম ভেৰি মাচ্ থেংকফুল টু হিম, যে সি মোৰ থিংকিঙৰ প্ৰতি সন্মান ৰাখি মোক সেই সম্পৰ্কটোৰ পৰা মুক্ত কৰি দিলে৷ নহ’লে হয়তো মই আজিৰ এই মইজনী হৈ নাথাকিলহেঁতেন, হেৰাই গ’লোঁ হেঁতেন ক’ৰবাত কাহানিবাই৷ এণ্ড ইউ ন’ ৱেল, নয়ন আৰু মোৰ মাজত এতিয়াও ভাল বন্ধুত্বৰ সম্পৰ্ক আছে৷ লভিতা ইজ এ পাৰফেক্ট ৱাইফ ফৰ হিম, আই লাভ এণ্ড ৰেচপেক্ট হাৰ, ছি ইজ টু লয়েল৷ দে আৰ মেড ফৰ ইচ্ আদাৰ৷
এইবোৰো জানো কোনোবাখিনিত স্বাধীনতাৰ সৈতে জড়িত কথাই নহয়?

চে’ম থিং কেন বি চেইড ইন কেছ অৱ অম্বৰ৷ অম্বৰৰ পত্নীয়ে ডিভোৰ্চ বিচাৰিলে, ছি কমপ্লেইনদ দেট হি ৱজ টু বিজি ইন হিজ প্ৰফেচনেল লাইফ, হেড ন’ টাইম ফৰ হিজ ৱাইফ অৰ ফেমিলী৷ পৰিধিৰ ঠাইত তাই শুদ্ধ আছিল, অম্বৰেও হয়তো সেই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰিব৷ তাত আপত্তি কৰিবলগীয়া একো নাই, অম্বৰ আৰু পৰিধিৰ ডিভোৰ্চ হৈ যোৱা আজি চাৰিবছৰ হৈ গ’ল, এণ্ড ইউ ন’ পৰিধিৰ এতিয়া কমলজিত দাৰ সৈতে সুখৰ সংসাৰ৷ লাষ্ট য়েৰ দে আৰ ব্লেছদ উইথ এ কিউট বেবী, ফেচবুকত ফটো দেখিছিলো সিদিনা, হাউ কিউট দ্যা বেবী ইজ!
সকলো নিজৰ নিজৰ ঠাইত শুদ্ধ থাকে পংকজ, তই সময়ৰ বাদে কাকো দোষাৰোপ কৰিব নোৱাৰ৷ তই আজি ভুল বুলি ভবা অতীতৰ কোনোবা সিদ্ধান্ত এটা হয়তো সেই বিশেষ সময়খিনিত সবাতোকৈ পাৰফেক্ট আছিল৷ নাথিং কেন বি জাজদ্ ছ’ ইজিলি, এভ্ৰিৱান হেজ দ্যা ৰাইট টু লাইফ, লিবাৰ্টী এণ্ড চিকিউৰিটি অৱ পাৰচন৷

:য়াহ্… আই ন’ কমলজিত দা৷ হি ৱজ টু বেটচ্ চিনিয়ৰ দেন আছ ইন এইচি৷ হি ইজ এ পাৰচন হেভিং এ গ্ৰেট পাৰচনেলিটি, আই হেভ এ গ্ৰেট ৰেচপেক্ট ফৰ হিম ইন মাই হাৰ্ট৷

অম্বৰৰ ফালে চালোঁ, অৰ্ধনিমিলিত চকুৰে বিদিশা আৰু মোৰ কথাবোৰ শুনি গৈছে৷ মাজে মাজে বিয়েৰৰ বটলৰপৰা গিলাচত বাকি গৈছে আৰু পৰ্কৰ টুকুৰাত কামোৰ দি ভোট জলকীয়াৰ জ্বালাত জিভা উলিয়াই দি সেহাইছে৷ এনে লাগিছে যেন বিদিশাই কৈ থকা কথাবোৰত তাৰ হাঁ না একোৱেই ক’বলগা নাই, অথবা তাৰ মুখৰ কথাবোৰকে বিদিশাই কৈ আছে।

:ৰচোন, বিয়াৰ কথা ওলাওঁতেই আৰু এটা কথা মনত পৰিল, কৈ থওঁ৷ সিদিনা যে গৈছিলো তহঁতৰ ঘৰলৈ, গুণগুণে মোক কি ক’লে জান?

:কি?

:তোৰ ৰুণুমীয়েও মোক বিয়াৰ কথাই কৈ কামোৰ দি আছিল৷ গুণগুণে হঠাতে সুধিলে, “বিদিআমৈ তোমাৰ অম্বৰ তাৱৈৰ লগত বিয়া হ’ব নেকি? তোমালোকৰ কাষ্ট মিলেনে? “

:হোৱাট? গুণে এনেকৈ কৈছে?

:অঁ, মইতো শ্বকড্৷ ৰুণুমীও অবাক লাগিল৷ তাৰপাছত হে কৈছে, সিহঁতৰ কোনোবা ক্লাছমেটৰ পেহীয়েক হেনো কোনোবা ল’ কাষ্টৰ ল’ৰাৰ সৈতে ঘৰৰ অমতত বিয়া হ’ল৷ এতিয়া ঘৰৰ লগত সম্পৰ্ক নাই, পেহীয়েকে ভতিজাকক কোলাত লৈ মাকৰ দৰে ডাঙৰ কৰা, মাজে মাজে স্কুল ছুটীৰ সময়ত আহি লগ কৰি থৈ যায়হি, চকলেট চিপচ্ কিবাকিবি লৈ আহি৷ স্কুলভানৰ ড্ৰাইভাৰ জন আৰু বাকী ল’ৰা ছোৱালী খিনিক হেনো কাবৌ কোকালি কৰি কৈ থৈছে কথাটো সিহঁতৰ ঘৰত নজনাবলৈ, নহ’লে চেনেহৰ ভতিজাকক লগ পোৱাৰ মুদা মৰিব৷

গুণগুণে এইবোৰ কাষ্ট চাষ্ট চিনি নাপায়, তাইৰ ফ্ৰেইণ্ড জনীয়ে যি কোৱা শুনিছে তাকেই কৈছেহি আমাৰ আগত৷ তাইৰ ভয়, অম্বৰ তাৱৈ যদি ল’ কাষ্টৰ হয় তেন্তে তায়ো কিজানি বিয়াৰ পিছত বিদিআমৈক লগ কৰিব নোৱাৰিব, কি হ’ব তেতিয়া!

:অহ্… বৰ ডাঙৰ কথা দেখোন৷ ৰুণুমীয়ে কিয় বা কোৱা নাই মোৰ! এইবিলাক বৰ বেয়া কথা, সৰু ল’ৰা ছোৱালীৰ মনত সোমাবলৈ দিব নোৱাৰি, গুণৰ মূৰৰপৰা এই কাষ্টৰ ভূতটো উলিয়াব লাগিব৷

:ৰুণুমীয়ে পাহৰি আছে চাগে ক’বলৈ, যিহে ব্যস্ত তায়ো৷

:এইবোৰেই কথা৷ আমি নিজকে স্বাধীন বুলি বা আন এচামে গণতন্ত্ৰ ৰাজতন্ত্ৰৰ কথা আনি আমি স্বাধীনতাপিয়াসী বুলি টেঁটুফালি ফুৰিলে কি হ’ব, আমি নিজৰ মনবোৰকে স্বাধীন কৰিব পৰাকৈ নাই৷ নিজৰ ল’ৰা ছোৱালীহঁতক স্বাধীনতাজনিত শংকাৰ পৰা মুক্ত কৰিব পৰা নাই৷ নিজৰ মনবোৰৰেই সংস্কাৰ কৰিব নোৱাৰিলোঁ অতদিনে, কি ঘাণ্টা দেশৰ জাতিৰ মূল্যবোধৰ সংস্কাৰ কৰিমগৈ! ধুৰ… ঐ আন আৰু এটা, এইটোও শেষ৷

:“সিদিনা বাইদেউহঁতৰ তাত ঘটনা এটা ঘটি গ’ল হেনো“ – চাৰিনম্বৰৰ বটলটো খুলিবলৈ লৈ অম্বৰে কৈ গ’ল, “কোনোবা এটাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ, গাঁৱৰ কোনোবা বিধৱা এজনীৰ সৈতে৷ ঘৈণীয়েকে নিজে কণ্ট্ৰল কৰিব নোৱাৰি গাঁৱৰ মহিলা গোটক খবৰ দিলে৷ তিৰিমখাই ওলাই আহি লম্পট মতাটোকো লপাথপা দিলে, বিধৱাজনীকো চুলি তুলি কাটি ছাঁই সানি থৈ আহিল৷ গিৰিয়েকক মাৰ সোধোৱা দেখি আকৌ এইফালে পতিব্ৰতা নাৰীৰ দৰদ উথলি উঠিল, নতুনকৈ বিলাপ জুৰিলে বোলে তাইৰ গিৰিয়েকটো একেবাৰে সাধুহেন, যতমানে দোষ এই নষ্ট চৰিত্ৰৰ বিধৱা তিৰিটোৰ৷ এতিয়া গাঁৱৰ মানুহসোপাই লগ লাগি মানুহজনীক এঘৰীয়া কৰি থৈছে, মানুহজনীয়ে কোনোবা হোটেল এখনত বাচন ধোৱাৰ কাম কৰেগৈ, ছোৱালী এজনী পঢুৱাইছে কিবাকৈ গাঁৱৰ এলপি স্কুলত, ডাঙৰ ল’ৰাটো মোমায়েকৰ ঘৰত পঠাই দিলে৷ বাকী মতা মাইকী হালৰ এতিয়া সুখৰ সংসাৰ, নতুনকৈ খুঁটা পুতিছে সিদিনা, পকীঘৰ উঠাব৷ বাইদেউৰ ঘৰত নিমন্ত্ৰণ দিবলৈ আহিছিল মানুহজনী৷
এতিয়া কথা হ’ল এই গোটেই ঘটনাটোত যদি মই স্বাধীনতাৰ প্ৰসংগ টো টানি আনো, কোনখিনিত কেনেকৈ বহুৱাব পৰা যাব সেই লৈ মোৰ অলপ কনফিউজন আছে৷ গাঁৱৰ মহিলাগোটে বাৰু নাৰীবাদৰ মস্ত মস্ত শ্লোগান দি দি মানুহহালৰ ভাগিব ধৰা সংসাৰখন জোৰা লগাই দিলে, আই এপ্ৰিচিয়েট৷ কিন্তু সেই বিধৱাজনীৰ কথাটো কেনেকৈ চিন্তা কৰিব পাৰি? মাইনী মহন্তৰ গল্প এটাত এবাৰ পঢ়িছিলো, সংলাপ টো ঠিক মনলৈ অহা নাই৷ জীৱনত অকলে থকাটো বৰ কঠিন নহয়, কিন্তু এবাৰ সংগত থকাৰ পাছত হঠাতে অকলে খোজ লোৱাটো বৰ কঠিন, বৰ কষ্টকৰ… ঠিক এনেধৰণৰ কিবা এটাই আছিল৷ মই কোৱা নাই যে সংসাৰ থকা বিবাহিত পুৰুষ এজনৰ সৈতে সম্পৰ্ক ৰখাটো বিধৱা মহিলাগৰাকীৰ ভুল নাছিল৷ বাট এভ্ৰিবডী হেজ দ্যা ৰাইট টু বি ইন এ ৰিলেচনশ্বিপ, এণ্ড চেক্স ইজ আনাদাৰ এচেনচিয়েল নীড, ন’বডী কেন ডিনাই ইট৷ মোৰ আপত্তি টো হৈছে প্ৰতিবাৰ এনে মহিলাবোৰ কিয় সমাজৰ চূড়ান্ত অৱজ্ঞাৰ বলি হয়? কিয় নাৰীবাদৰ নামত সংস্কাৰ সাধন কৰিবলৈ যোৱা এচামৰ চকুত এইবিলাক কথা ধৰা নিদিয়ে? ডিজগাষ্টিং…

:একজেক্টলি… পংকজ, অম্বৰ, ডু ইউ ৰিমেম্বাৰ মনালী?

:তোৰ ইউনিভাৰ্ছিটিৰ ৰাইটাৰ বান্ধৱীজনী নে? মাজে মাজে গল্প পঢ়ো তাইৰ, মজা লিখে৷ আজিকালি পঢ়া মেলাবোৰো কমিছে নহয় মোৰো৷

:য়েছ… ছি ইজ এ ব’ল্ড ৰাইটাৰ৷ সিদিনা কি হ’ল শুন… তাইৰ ডিভোৰ্চ হৈ গৈছে বুলিতো জানই৷ বৰ সাহসী ছোৱালী তাই৷ আমি ডিগ্ৰীৰপৰা একেলগে পঢ়িছো, হেন্দিকত থাকোতে মোৰ ৰুমমেট আছিল তাই৷ কি ঠাণ্ডা ছোৱালী আছিল, ভাত খাবলৈ যাওঁতেও ঘৰত নহ’লে বয়ফ্ৰেণ্ডক সুধিহে যাব৷ অকলে ক’তো ওলাই নাযায়, কোনোবাই টানকৈ ক’লেও মুখৰ মাত এটা নোলায়, চকুপানী টুকিব অকল৷ আৰু সেইজনী মনালী যে আজি ইমান সাহসী নাৰী, ভাবিবলৈকে টান লাগে৷ জীৱনত বহুত ঝটকা পাইছে তাই, ৰাফ হৈ গৈছে আজিকালি, বাট আই ৰেচপেক্ট হাৰ এণ্ড হাৰ অপিনিয়নচ্৷ তাইৰ স্পষ্টবাদীতাই মোক মুগ্ধ কৰে, লেখনিত স্পষ্ট হৈ পৰে সেয়া৷

:হ’ল কি তাইৰ, সেইটো ক৷ আমাৰ ৰুণুমীয়েও বৰ ভালপায় তাইক, তোৰ লগত গৈছিল হেনো এদিন তাইৰ কিবা প্ৰগ্ৰেম এটাত৷

:অঁ ময়েই লৈ গৈছিলো৷ হওঁতে তেনেকৈ একো নাই, এই অম্বৰে ফেমিনিজমৰ কথা উলিয়ালে বাবে মনত পৰিল৷ মনালী কিবা এনজিঅ এটাৰ সৈতেও জড়িত৷ কোনোবা প্ৰয়াসী দত্ত বোলা এজনী আছে, তায়ো ভাল লিখে, মই মেগাজিনত প্ৰয়াসী দত্তৰ সাংঘাতিক ভাল গল্প আৰু প্ৰবন্ধ দুটামান পঢ়িছো৷ কিন্তু ছোৱালীজনী অলপ কমিউনিষ্ট যেন লাগে, আঁতৰি থাকো সেয়ে৷ মস্ত ডাঙৰ ফেমিনিষ্টো হেনো, আমাৰ মনালীও অলপ দূৰতে থাকে৷
মই আগতে ভাবিছিলো লাইফত কিবা ঝেং হোৱা ঝটকা পোৱা, যেনে ধৰ টৰ্চাৰদ, ডিভোৰ্চী ইত্যাদি নাৰীবোৰৰ ফেমিনিজমৰ ধাৰণাটো অলপ বেছি উগ্ৰ৷ কিন্তু মনালীক পোৱাৰ পাছৰপৰা সেই ধাৰণা সলনি হ’ল৷ আচলতে ফেমিনিজম বোলা বস্তুটো ময়ো বিৰাট ৰেচপেক্ট কৰো, কিন্তু কোনোবাখিনিত এই উগ্ৰবাদী ফেমিনিজম টোৰ সৈতে কমিউনিজমৰ সংগতি থকা যেন লাগে৷ তদুপৰি আজিকালি ফেমিনিষ্ট হ’ব পৰাটো যেন কিবা এটা ফেশ্বন, আচলতে নাৰীবাদ কি বস্তু ভালকৈ নজনাকৈয়ে বা বুজিব নোখোজাকৈয়ে বহুতে নাৰীবাদী চেলাই ফুৰে আমাৰ অসমত৷ এয়া নহয় যে তেওঁলোকৰ জ্ঞান বা চেতনা কম, কিন্তু কোনোবাখিনিত উগ্ৰতা আৰু অভাৰৰিয়েকচনৰ মাত্ৰা টো বেছি যেন লাগি যায়, বিশেষকৈ আমাৰ অসমত৷ আধাচেলোৱামখাৰ কথাটো নকৱেঁই বাৰু… অসমত নাৰীবাদ বুলিলে বেছিভাগৰে মনত মাত্ৰ পুৰুষতন্ত্ৰৰ বিৰোধিতা, সমঅধিকাৰ, বিভেদ এইকেইটা বস্তুহে জানে৷ নাৰীবাদ মানেই যেন পুৰুষৰ অস্তিত্ব নিষিদ্ধ কিবা এক নতুন সুঁতি, বহুতে এনেকুৱা ৰিয়েক্ট কৰে৷ মূৰকত হয়গৈ কি, পুৰুষৰ লগত অহিনকুল সম্বন্ধ বহুতৰে৷ যেন পুৰুষতান্ত্ৰিক ব্যৱস্থাটোক সম্পূৰ্ণ নিষ্ক্ৰিয় কৰি নিজক উচ্চাসনত কৰাটোৱেই ফেমিনিজমৰ একমাত্ৰ উদ্দেশ্য৷ তাৰ বাদে, নাৰীবাদ সম্বন্ধে যিখিনি পঢ়িছো বা জানিছো, নাৰীবাদ কেৱল নাৰী সম্বন্ধীয় কিবা ইজম নহয়… বহুত পঢ়িবলৈ, জানিবলৈ বাকী আছে, যিমানে পঢ়িছো সিমানে ৰেচপেক্ট বাঢ়ি গৈছে৷

ঐ… পেগ এটা বাক না! অকলে অকলে খাই আছ তহঁত দুটাই৷

:ঐ তোৰ নিচা ধৰিছে যেন লাগিছে, ইমান লেকচাৰ দিছ যে৷ শুই থাক যা, মনালীৰ কথা ক’বলৈ লৈ ক’ৰ নাৰীবাদৰ ভাষণ দি আছগৈ৷

:ধুৰ… বিয়েৰত নিচা হয় নেকি? তাকো তিনিটা মানুহৰ মাজত পাঁচটা শেষ হোৱাই নাই৷ আৰু দে না… অম্বৰ প্লিজ… খাওঁ হাঁ… ড্ৰাই ডে স্পেচিয়েল… উম্মাহ… ডাৰ্লিং… ইউ মিন দ্যা স্কাই… এণ্ড উই মিন দ্যা ৱৰ্ল্ড… লাভ ইউ… উম্মাহ…

:হ’ব হ’ব… সোণজনী, যিমান পাৰা খোৱা৷ কিন্তু যোৱাবাৰৰ দৰে বেডৰুমত বমি কৰিলে মই চাফা কৰিব নোৱাৰো, কৈ থলোঁ৷

:ঐ অম্বৰ, এইজনীক শুৱাই থ যা… হজম কৰিব নোৱাৰে লেকচাৰ দিব আহে… বতিয়াবই যেন লাগিছে এতিয়া, বেছিপৰ নাই৷

:আব্বে চুপ না… একো নিচা লগা নাই মোৰ৷ তহঁতেই খাইছ, মই অকলে এটা বটলো খোৱা নাই কিজানি৷ শুন না… মনালীৰ কথা টো..

:কৈ যা…
: প্ৰয়াসী দত্তৰ বয়ফ্ৰেণ্ড হবলা, নে কোনোবা ক্ল’জ ফ্ৰেইণ্ড জানো… অৰিন্দম মেধি বুলি এটা আছে৷ সিও ভাল লিখে, যোৱাবছৰ কিতাপ এখনো ওলাই গৈছে৷ সাংঘাতিক লিখিছে বে… ফেন হৈ গৈছোঁ গল্প পঢ়ি, বিদ্যা৷

সেই অৰিন্দম মেধিৰ লগতে মনালীৰ ভাল ৰিলেচন এটা আছে, মানে আছিল৷ ককায়েক ভনীয়েক৷ দিহা পৰামৰ্শৰ পৰা আদি কৰি আড্ডা আলোচনালৈকে৷ মনালীয়ে এনেই নিজৰ পাৰচনেল লাইফৰ কথা যাৰ তাৰ আগত গাই নুফুৰে, অদৰকাৰী বুলিয়েই ভাবে এইবোৰ, ইনফেক্ট তাই নিজেই পাহৰি গৈছে অতীতৰ কথা৷ ক্ল’জ প্ৰায়খিনিয়ে জানে, তাৰ মাজত অৰিন্দম মেধিও এজন৷ কথা হ’ল, প্ৰয়াসীৰ লগত মনালীৰ আগৰেপৰাই বৰ ভাল এটা সম্পৰ্ক নাই, বেয়াও নহয় সেইবুলি, মত নিমিলে বাবে আঁতৰি থাকে আৰু দুয়ো দুয়োৰে পৰা…সিমানেই৷ এই কমিউনিষ্ট ফেমিনিষ্ট বিলাকৰ সৈতে ডিল কৰিবলৈ অলপ দিগদাৰ পাওঁ ময়ো৷
সেই দুই বন্ধু মানে আমাৰ দত্ত আৰু মেধি লগ লাগি হেনো অ’ত তত মনালীৰ বদনাম গাই ফুৰিছে৷ বদনামো মানে একেবাৰে চাৰিত্ৰিক কথা লৈ, লগতে তাইৰ অতীতৰ কিছু কথা ৰহণ সানি৷ নতুনকৈ ভাল সম্পৰ্ক এটা হৈছে মনালীৰ, এই যে আমাৰ পঞ্চানন বৰুৱা, অম্বৰৰ কলিগ, তেওঁৰ সৈতে৷ সম্পৰ্ক মানে বেলেগ নহয়, দে আৰ জাষ্ট গুড ফ্ৰেইণ্ডচ্৷ সেয়াও হেনো চৰ্চাত আনিছে ৰাইজে৷ পঞ্চানন দাৰ সৈতে এফেয়াৰৰ হট নিউজ, ইটোৰ লগত সিটো আঁজুৰি ৰং চং লগাই ৰাইজক বিলাই ফুৰিছে

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

গল্পটো পঢ়ি মনৰ দাপোনত নিজকে চোৱাৰ নিচিনা লাগিল … আপ্লুত হলো

Anonymous
3 years ago

বৰ ভাল লাগিল

3 years ago

দীঘলকৈ চেল্যুট এটা দিলো। বৰ ভাল লাগিল।

গৌতম
2 years ago

ভাল লিখিছা।ভাল লাগিল।

Anonymous
2 years ago

খুবেই ল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক