স্বাধীনতাৰ শ্ল’গান: অৰণ্য বৰুৱা

এধানি মান আকাশ এখনৰ তলত  আমি ৰৈ আছিলোঁ

কি আচৰিত কোনো দিনে আমাৰ দেখা সাক্ষাত হোৱা নাছিল

কোনো ৰাতি আমি চোঙ সলাই পিন্ধা নাছিলোঁ বিশ্বাসঘাটকতাৰ পোছাক

অথচ ওঁঠত একেবোৰ ৰেখা লৈ

আমি জ্বলাই আছিলোঁ বেলিটোক

চকুত একেবোৰ দূৰত্ব লৈ

আমি শুহি আছিলোঁ স্বীকাৰোক্তি আৰু

বিদ্ৰোহৰ শ্ৰতলিপি

 

ভৈয়াম আৰু পাহাৰৰ মাজত তেতিয়াও বাজি আছিল চিফুং

টুকুৰা টুকুৰ শ্লগানবোৰ পাৰ হৈ

আমি য’ত উপস্থিত হৈছিলোঁগৈ

তাত নাছিল কোনো পহৰা

কোনো বেৰিকেড

কোনো অনুশীলনৰ স্তাৱক

 

এধানিমান আকাশখন তেতিয়াও আমাৰ কান্ধত ওলমি আছিল

বহু আগতেই আমি বুজি উঠিছিলোঁ

এজনে আনজনক বাদ দি

খোজবোৰ সমুখলৈ নিব নোৱাৰি

স্বাধীনতাৰ শেষ পদ্যটো অকলে আওৰাব নোৱাৰি

___________________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments