স্বাধীনতা, অধিকাৰ আৰু সাম্প্ৰতিক সময় (অঞ্জল বৰা)

ভাৰতবৰ্ষৰ ইতিহাসত ১৯৪৭ চনৰ ১৫ আগষ্ট ভাৰতীয় জাতীয় সংগ্ৰামৰ এটা সোণালী দিন৷  ১৬১৭ চন মানতে মোগল সম্ৰাট জাহাঙ্গীৰৰ অনুমতি সাপেক্ষে বৃটিচ ইষ্ট-ইণ্ডিয়া কোম্পানি ভাৰতত  প্ৰৱেশ কৰি বেহা-বেপাৰৰ কাৰণে সুবিধা লাভ কৰে৷ ফলত গোঁজেই গজালি হৈ এটা সময়ত পৰাক্ৰমী মোগল সাম্ৰাজ্যক যুদ্ধত হেৰুৱাই ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে৷ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ ধ্বজা উৰুৱাই যি ভাৰতীয়ই নিজকে স্বতন্ত্ৰ নাগৰিক হিচাপে চিনাকি দি আহিছিল৷ সেই ভাৰতবৰ্ষই ইংৰাজৰ শাসনৰ তলত নিজৰ জন্মগত স্বাধীনতা, অধিকাৰ হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধিব লগা হৈছিল৷ কিন্তু বহু বছৰৰ সংগ্ৰাম আৰু বহু ব্যক্তিৰ ত্যাগ, কষ্ট আৰু আত্মবলীদানৰ পৰিণতিত ভাৰতে বৃটিচৰ শাসন উফৰাই নিজৰ হেৰুৱা মৰ্যদা ঘুৰাই আনিছিল৷ তাৰপিছত ভাৰতত ইংৰাজ চৰকাৰৰ আৰ্হিৰে পশ্চিমীয়া ধৰণেৰে গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা হ’ল৷ সংবিধান সৃষ্টি কৰা হ’ল৷ জনসাধাৰণেই দেশৰ শাসক হিচাপে জনসাধাৰণৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি ৰাজ্যই ৰাজ্যই চৰকাৰ গঠন কৰা হ’ল৷ সাংসদৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণৰ অভাৱ-অভিযোগ,  প্ৰয়োজন,  সমস্যা আদি আলোচনা কৰাৰ ব্যৱস্থা কৰা হ’ল৷ মুঠৰ ওপৰত স্বাধীনতাই ভাৰতীয় মানুহৰ সুখ-সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিলে আৰু বৃটিচৰ শাসন কালৰ দুখ-কষ্ট,  অত্যাচাৰ পাহৰি স্বাধীনতাৰ আনন্দত নিমজ্জিত হ’ল৷

এতিয়া এইয়া এক ইতিহাস মাত্ৰ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে গণতান্ত্ৰিক শাসন প্ৰক্ৰিয়া  একেই থাকিল কিন্তু সমাজত অনেক নতুন নতুন সমস্যাই দেখা দিলে৷ এদিন বৃটিচৰ শাসনত মুক্তিৰ সপোন দেখা নাগৰিকে ভাবিবলৈ বাধ্য হ’ল “বৃটিচৰ শাসন ইয়াতকৈ যেন বহু ভাল আছিল”৷ কলাগুৰু বিষ্ণু ৰাভাই চিঞৰি উঠা “এই আজাদী ঝুঠা হ্যায়” বাক্যশাৰী যেন এতিয়া তপত হুমুনিয়াহৰ দৰে প্ৰতিজন নিষ্পেষিত মানুহৰ বুকুত বাজি থাকে৷ জ্বৰে এৰিলেও কৰ্পতিয়ে নেৰাৰ দৰে বৃটিচ গ’ল যদিও বৃটিচৰ স্বৈৰাচাৰিতা দেশৰ নেতাসকলৰ গাত যেন থাকি গ’ল৷ প্ৰতিবছৰে ১৫ আগষ্টৰ বিশেষ দিনটোত জাক-জমকতাৰে স্বাধীনতাৰ স্মৃতি সজীব কৰি ৰখা হয়৷ প্ৰত্যেক বছৰে স্বাধীনতা সংগ্ৰামত আত্ম আহুতি দিয়া সেই মহান ব্যক্তি কেইজনক স্মৰণ কৰিবলৈকে নানা আলোক-সজ্জাৰে স্বাধীনতা দিৱস পালন কৰা হয়৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেই আলোক-সজ্জাৰ পোহৰৰ পৰা বহু আঁতৰত থাকি যায় নিষ্পেসিত মানুহৰ বুকুৰ হুমুনিয়াহ৷ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বৰ্তমান জনসাধাৰণৰ কাৰণে প্ৰচলিত প্ৰত্যেকটো নিয়ম,  কাৰ্য্য,  অধিকাৰৰ ক্ষেত্ৰত আমাৰ মনত এটাই প্ৰশ্ন উদ্বেগ হয়- এই সকলোবিলাকে আমাক প্ৰকৃত স্বাধীনতা দিব পাৰিছেনে?  এখন সাধাৰণ সমাজত আমি জীয়াই থাকিবৰ কাৰণে প্ৰতি মুহুৰ্ততে আমি স্বাধীনতাৰ ওচৰত আত্ম-সমৰ্পন কৰি অহা নাইনে?  যি স্বাধীনতাই এদিন মানুহক ব্যক্তি-স্বাধীনতা,  বাক-স্বাধীনতা,  মৌলিক অধিকাৰৰ মাজেৰে জীয়াই থকাৰ সপোন দেখুৱাইছিল সেই সকলোবোৰ আজি ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত মাথো আৱদ্ধ হৈ ৰ’ল৷

পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱটোৱেই হ’ল স্বাধীনতা৷ ই মানুহৰ জন্মগত অধিকাৰ৷ ই কাৰো ওপৰত জাপি দিয়া অধিকাৰ নহয়৷ এই কথা মহাত্মা গান্ধীয়ে ভালদৰে অনুভৱ কৰিছিল৷ সেয়ে নিস্বাৰ্থভাৱে ভাৰতীয় মানুহৰ মুক্তিৰ সপোন দেখিছিল৷ হিন্দু-মুছলমানৰ একতাৰ মাজেৰে,  জাতি-ধৰ্ম নিৰ্বিশেষে তেওঁ ভাৰতীয় সভ্যতাক জীয়াই ৰাখিব বিচাৰিছিল৷ সত্য,  অহিংসাৰ পথেৰে,  কৰ্মৰ সাধনাৰে তেওঁ ভাৰতীয়ৰ মুক্তি কামনা কৰিছিল৷ অহিংসাৰ পথেৰেই তেওঁ দেশবাসীৰ মনত জাতীয়তাবাদী ভাৱ জাগ্ৰত কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল৷ কিন্তু যি অহিংসা নীতিৰ আধাৰত ভাৰতে স্বাধীনতা লাভ কৰিলে সেই অহিংসাই এতিয়া হিংসাৰ ভয়ত পেপুৱা লাগিল৷ ক’ত আছে এতিয়া মহাত্মাৰ নীতি-আদৰ্শ?  মুৰত গান্ধী টুপি পিন্ধি, গাত খদ্দৰৰ চোলা পিন্ধি এতিয়া প্ৰায় সংখ্যক নেতাৰ মুখাপিন্ধা অভিনয়৷ এতিয়া হত্যাকাৰীৰ মুৰত গান্ধী টুপি,  অপৰাধীৰ গাত খদ্দৰৰ হাত কটা চোলা৷ হত্যাকাৰী,  ধৰ্ষণকাৰী এতিয়া গণতান্ত্ৰিক চৰকাৰৰ মন্ত্ৰী বা বিধায়ক৷ এয়াই এতিয়া স্বাধীনতাৰ 64  বছৰীয়া ইতিহাসৰ নিৰ্মম সাক্ষী৷ স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় “জাতীয়তাবাদ” এতিয়া “ব্যক্তিস্বাৰ্থৰ” মোহত আৱদ্ধ৷ ডাঙৰ ডাঙৰ উদ্যোগপতি, মন্ত্ৰী, বিষযা, দালাৰৰ পৰ্বত সম ব্যক্তিগত সম্পত্তিৰ বৃদ্ধিয়েই দেশৰ উন্নতিৰ পূৰ্ণ পৰিচয় নহয়৷ দেশৰ বৃহত সংখ্যক গ্ৰামাঞ্চলৰ উন্নতিৰ খতিয়ান ল’লেই দেশখনৰ সামগ্ৰিক উন্নতিৰ পৰিচয় পোৱা যাব৷

অসমৰ প্ৰেক্ষাপটলৈ চালে দেখা যায় যে,  ভাৰতৰ অন্যান্য অঞ্চলসমূহ বৃটিচৰ শাসনৰ তললৈ যোৱাৰ সময়তো অসম আছিল এখন স্বাধীন ৰাষ্ট্ৰ৷ ওঠৰ শতিকাৰ শেষৰ ফাললৈ হোৱা আহোম ৰাজপৰিয়ালৰ গৃহকন্দল আৰু মোৱামৰীয়া বিদ্ৰোহ,  মানৰ আক্ৰমণ আদিয়েই অসমলৈ বৃটিচৰ প্ৰৱেশৰ পথ সুগম কৰে৷ ১৯২৬ চনৰ ইয়াণ্ডাবু সন্ধিয়েই ইয়াৰ আৰম্ভণি যদিও বৃটিচ শাসন দৰাচলতে অসমত আৰম্ভ হয় ১৮৩৮ চনৰ পৰাহে৷ সেয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগে লগে অসমতো ইয়াৰ প্ৰভাৱ পৰিল৷ অসমৰ স্বাধীনতা সংগ্ৰামিসকলে কেৱল অসমৰ স্বাধীনতাৰ বাবে ইংৰাজৰ বিপক্ষে আন্দোলন নকৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে ভাৰতৰ লগত মিলাই দিলে৷ যি অসমত ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ ৫৫ শতাংশ চাহ উৎপন্ন হয়,  তেল,  প্ৰাকৃতিক গেছ,  ২৩ খন ৰাষ্ট্ৰীয় উদ্যান আৰু অসংখ্য বনস্পতি, কাঠ আদিৰে ভৰি আছে সেই অসমৰ স্বাধীনতাও ১৯৪৭ চনৰ পিছত ভাৰতৰ লগত চামিল হৈ পৰিল৷ সেয়ে আজি আমিও গৌৰবেৰে নিজকে ভাৰতীয় বুলি পৰিচয় দি সন্তুষ্টি লাভ কৰোঁ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত ভাৰতৰ অংগ ৰাজ্য হৈও অসম যেন ভাৰতৰ অৱহেলা আৰু বঞ্চনাৰ সাক্ষী হৈ ৰ’ল৷ স্বাধীনতাৰ আনন্দ অসমে লাভ কৰিলে৷ গণতান্ত্ৰিক অধিকাৰেৰে শাসন যন্ত্ৰ পৰিচালিত হ’ল৷ কিন্তু নিজৰ ভূ-গৰ্ভত অসংখ্য সম্পদৰ অধিকাৰী হৈও অসমে আজি অন্যান্য ৰাজ্যৰ তুলনাত নিজকে আগুৱাই নিব পৰা নাই৷ কেন্দ্ৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ ফলশ্ৰুতিত আলফাৰ দৰে জাতীয় সংগঠনৰ জন্ম হ’ল৷ এয়া এক অন্য বিষয়৷ কিন্তু তাৰ ফল ভুগিছে আজি সাধাৰণ জনসাধাৰণে৷ অসমত সৈন্য বাহিনীৰ অত্যাচাৰ,  উৎপীড়ন চলিল৷ যি অত্যাচাৰ প্ৰাক-স্বাধীনতা কালৰ বৃটিচ সৈন্যৰ অত্যাচাৰতকৈ কোনো গুণে কম নাছিল৷ চৰকাৰৰ প্ৰৰোচনাত গুপ্তহত্যাৰ ক’লা অধ্যায়েৰে স্বাধীন নাগৰিকক হত্যা কৰা হ’ল৷ প্ৰতিপল শংকা,  ভয় বুকুত বান্ধি আজি অসমৰ প্ৰতিজন মানুহ জীয়াই আছে৷ এফালে উগ্ৰপন্থিৰ ভয়-ভাবুকি আৰু আনফালে চৰকাৰী নিৰাপত্তাৰ নামত পুলিচৰ অত্যাচাৰ৷ এতিয়া যেন শান্তিৰে, স্বাধীন চিন্তাৰে জীয়াই থকাটো সাধাৰণ মানুহৰ বাবে এটা সপোন হৈ পৰিছে৷ বাস্তৱ ক্ষেত্ৰত এয়াই স্বাধীনতানে?  ক’ত গ’ল আজি স্বাধীনতাৰ অধিকাৰ?  প্ৰতিপল যেন অসমত এতিয়া মানৱ অধিকাৰ ভঙ্গৰ ন-ন কাহিনী ৰচিত হ’ব লাগিছে৷  এতিয়া ভাৰতবৰ্ষ স্বাধীন,  সকলো জাতিয়েই স্বাধীন কিন্তু প্ৰতিজন প্ৰতাৰিত,  নিষ্পেষিত মানুহেই হাহাকাৰ কৰে অকণমান স্বাধীনতাৰ বাবে৷

আজি ২৬ বছৰীয়া স্বাধীনতা আন্দোলন উদযাপন কৰাৰ মুহুত্বত অসমত মাথো দেখা গৈছে অৰাজক শাসনতন্ত্ৰৰ নিদাৰুণ কাহিনী৷ চৰকাৰৰ হাতত উন্নতিৰ অনেক খতিয়ান আছে৷ ৰাইজেও দেখিছে৷ তাৰ পিছতো যেন চাৰিওফালে অভাৱ, অনাটন আৰু বঞ্চিত মানুহৰ হাহাকাৰ৷ শান্তি সমদল,  মৌন সমদল,   লাষ্টগে’টত ধৰ্ণা-বিক্ষোভ,  গণতান্ত্ৰিক অধিকাৰেৰে কৰা বাদ-প্ৰতিবাদ সকলোকে এতিয়া পুলিচৰ লাঠিৰে মষিমূৰ কৰা হৈছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰা হৈছে৷ বাতৰি কাকত জ্বলাই দিয়া হৈছে৷ কোনো ব্যক্তিয়ে যদি চৰকাৰৰ বিপক্ষে,  অপশাসনৰ বিৰুদ্ধে মাত মাতিছে তেন্তে তেওঁক বৃটিচৰ দৰেই হত্যা কৰা হৈছে বা অনাহকত জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ মানুহে ভোটাধিকাৰ পাইছে কিন্তু প্ৰশ্ন হয় পাৰিছেনে নিজৰ বিবেকেৰে সঠিক নিৰ্বাচন কৰিব?  অৰ্থ,  লালসা,  ভয়-ভাবুকিৰে মানুহৰ স্বাধীনতাক কিনিবলৈ চেষ্টা কৰা হৈছে৷ আনপিনে দিনে দিনে অপৰাধীৰ সংখ্যা বাঢ়িছে৷ বিনা বিচাৰেৰে অপৰাধীক মুক্তভাৱে ফুৰিবলৈ সুবিধা দিছে৷ ক্ষমতাৰ লালসাত জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে৷ মুঠৰ ওপৰত সাম্প্ৰতিক সময়ত যেন দেশৰ জনসাধাৰণ অন্য এক পৰাধীনতাৰ শিকলিৰ মাজত বন্দী হৈছে৷ এই পৰাধীনতাৰ শিকলি কোনো বিদেশী ৰাষ্ট্ৰৰ নহয়৷ নিজেই নিজৰ অধিকাৰেৰে নিৰ্বাচন কৰি পঠিওৱা এচাম নেতা-মন্ত্ৰী-বিধায়কেৰে গঠিত এক গণতান্ত্ৰিক ব্যৱস্থাৰ শিকলি৷ য’ত জনসাধাৰণৰ অধিকাৰ কেৱল ভোট দিয়াৰ মাজতে সীমাবদ্ধ৷

আজি স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰাকক্ষণত এইবোৰ কথাৰ প্ৰাসঙ্গিকতা উলাই কৰিব নোৱাৰি৷ কিন্তু উদযাপনৰ ৰঙচঙীয়া পোহৰ,  ক্ষন্তেকীয়া আনন্দ আৰু দেশৰ নেতাসকলৰ ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত এই সকলো দোষ-কালিমা লুকাই পৰিব৷ ভাষা-ভাষী, জাতি-ধৰ্মৰ মাজৰ বিভেদ একেই থাকিব, গ্ৰামাঞ্চলৰ সাধাৰণ মানুহৰ দুখবোৰ জুপুৰিৰ মাজৰ আন্ধাৰতে লুকাই থাকিব, বানপানী আৰু খৰাং বতৰে সৃষ্টি কৰা কৃষকৰ শুকান মুখৰ বেদনা বেদনা হৈ ৰ’ব৷ মাথো মিছা সাফল্যৰ হাঁহিৰে আকৌ এবাৰ ভাৰতবাসীয়ে সেই হাজাৰ-হাজাৰ শ্বহীদৰ ত্যাগ,  আত্মবলিদানৰ স্মৃতি ৰোমন্থন কৰিব৷ গান্ধীৰ অহিংসা, ত্যাগ আৰু পঞ্চায়তী ৰাজৰ সপোনৰ বুকুচাত উঠি, দেশৰ নেতাসকলে কোনোবা আমোলাই শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি লিখি দিয়া ভাষণ দিল্লীৰ ৰাজপথত পাঠ কৰিব৷ অসমৰ আকাশো শান্তি-সম্প্ৰীতিৰ তিৰঙ্গ পতাকাই ভৰি পৰিব৷ ১৫ আগষ্ট এটা দিন,  বাস্তৱতাক আওকান কৰি সেই দিনটো হৈ পৰিব মাথো স্মৃতি ৰোমন্থনেৰে এক দীঘলীয়া সফলতাৰ লিখিত প্ৰতিবেদন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক